Lesson 11

প্ৰাণী

◻️ প্ৰশ্নাৱলী

১丨 (ক) কোনবোৰ জীৱ প্ৰাণী ?

উত্তৰঃ যিবোৰ জীৱই চলা- ফুৰা কৰিব পাৰে, সেইবোৰক প্ৰাণী বোলে ।

  (খ) কোনবোৰ প্ৰাণীক জন্তু বোলে ? 

উত্তৰঃ বাঘ, ভালুক, শিয়াল, কুকুৰ, গৰু আদি ডাঙৰ প্ৰাণীবোৰক জন্তু বোলে ।


   (গ) প্ৰাণীয়ে ক'ৰপৰা আহাৰ গোটাই লয় ? 

উত্তৰঃ প্ৰাণীয়ে উদ্ভিদ আৰু আন জীৱৰ পৰাও আহাৰ গোটাই লয় ।


 (ক) প্ৰাণীয়ে কেনেদৰে চলা-ফুৰা কৰে ?

উত্তৰঃ যিবোৰ প্ৰাণীৰ ঠেং থাকে সেইবোৰে খোজ কাঢ়ে,পখিলা, জিঞা আৰু চৰাই বোৰে পাখি আৰু ডেউকাৰ সহায়ত উৰে ,পানীত থকা জীৱ বোৰে ফিছাৰ সহায়ত সাঁতুৰে, শামুক,সাপ আদিবোৰে বগাই বা চুঁচৰি চলা-ফুৰা কৰে ।


  (খ) পানীত থকা প্ৰাণীয়ে  কেনেদৰে চলা-ফুৰা কৰে ?

উত্তৰঃ পানীত থকা প্ৰাণীয়ে ফিছাৰ সহায়ত চলা-ফুৰা কৰে ।


  (গ) চৰাই আৰু পখিলাই কেনেদৰে  চলা-ফুৰা কৰে ?

উত্তৰঃ চৰাইয়ে ডেউকাৰ সহায়ত উৰে আৰু পখিলাই পাখিৰ সহায়ত উৰে ।

丨 কোন ধৰণৰ প্ৰাণী ক'ত থাকে ?
উত্তৰঃ
বনৰীয়া আৰু ঘৰচীয়া জন্তুবাৰ মাটিত থাকে, চৰাই, বাদুলিৰ দৰে প্ৰানীবোৰ গছত বাহ সাজি থাকে । মাছ, ঘঁৰিয়াল আদিবোৰ পানীত থাকে । ভেকুলী ,বেং আদিবোৰ মাটি আৰু পানী উভয়ে থাকে । মানুহে নিজে ঘৰ সাজি থাকে ।


丨 মানুহৰ শৰীৰৰ বাহিৰত থকা চাৰিবিধ আৰু ভিতৰত থকা          চাৰিবিধ অংগৰ নাম লিখা ।

উত্তৰঃ  মানুহৰ শৰীৰৰ বাহিৰত থকা চাৰিবিধ অংগ হ'ল- চকু, নাক, কাণ,হাত, ভৰি ।

       মানুহৰ শৰীৰৰ ভিতৰত থকা চাৰিবিধ অংগ হ'ল- হাঁওফাঁও, কলিজা, যকৃৎ, বৃক্ক ।   


丨 (ক) প্ৰাণীয়ে উশাহ কিয় লয় ?

উত্তৰঃআহাৰত শক্তি থাকে ,সেই শক্তি পাবলৈ প্ৰাণীয়ে উশাহ লয় ।


    (খ) হাঁওফাঁওৰ কাম কি ?

উত্তৰঃহাঁওফাঁওে বায়ুৰ পৰা অক্সিজেন শুহি লয় ।


   (গ) আহাৰৰপৰা  শক্তি কিহে মুকলি কৰে ? 

উত্তৰঃ অক্সিজেনে আহাৰৰ পৰা শক্তি মুকলি কৰি দিয়ে ।


  (ঘ) মাছে কেনেকৈ  অক্সিজেন শুহি লয় ? 

উত্তৰঃ মাছৰ কাণত ফুল থাকে সেই ফুলৰ সহায়ত পানীত  মিহলি হৈ থকা অক্সিজেন শুহি লয় ।


   (ঙ) প্ৰাণীয়ে নিশাহত কি গেছ এৰি দিয়ে ? 

উত্তৰঃ প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই- অক্সাইড গেছ এৰি দিয়ে ।


   (চ) প্ৰাণীয়ে কাৰ্বন ডাই-অক্সাইড গেছ কিয় এৰি দিয়ে ?

উত্তৰঃ অক্সিজেনে আহাৰত থকা শক্তি মুকলি কৰি দিয়ে ,লগতে শৰীৰত এবিধ গেছ ওলায় । গেছ বিধৰ নাম কাৰ্বন ডাই- অক্সাইড । এইবিধ গেছ প্ৰাণীৰ বাবে অপকাৰী সেইবাবে প্ৰাণীয়ে কাৰ্বন ডাই- অক্সাইড এৰি দিয়ে ।


丨 (ক) কোনবোৰ প্ৰাণীক মাংসভোজী বোলে ? 

উত্তৰঃ মাংস খোৱা প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বোলে ।


 (খ) কোনবোৰ প্ৰাণীক তৃণভোজী বোলে ?

উত্তৰঃ গছ- বন খাই জীয়াই থকা প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বালে ।


   (গ) প্ৰাণীয়ে গা গঠন কৰা বস্তুবোৰ ক'ৰ পৰা পায় ?

উত্তৰঃ আহাৰ আৰু পানীৰ পৰা গা গঠন কৰা বস্তু পায় ।


   (ঘ) প্ৰাণীয়ে শক্তি ক'ৰ পৰা পায় ? 

উত্তৰঃ পানী আৰু আহাৰৰ পৰা প্ৰাণীয়ে শক্তি পায় ।


কৰবী কাকতি 


Post ID : DABP005926