অসমৰ প্ৰাকৃতিক সম্পদ | Lesson 11 | একাদশ অধ্যায় | Class 6 Social Science Assam Jatiya Bidyalay | Class 6 Social Science Question And Answer | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ


পাঠ ১১

অসমৰ প্ৰাকৃতিক সম্পদ

.

১। চমু উত্তৰ লিখা।

(ক) প্রাকৃতিক বস্তু কাক বােলে?

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰক প্ৰাকৃতিক বস্তু বোলে।


(খ) কেতিয়া বস্তু এটাক সম্পদৰ শাৰীত ধৰা হয়?

উত্তৰঃ যেতিয়া এটা বস্তুৱে মানুহৰ প্ৰয়োজন পূৰ কৰিব পাৰে, তেতিয়া বস্তুটোক সম্পদৰ শাৰীত ধৰা হয়।


(গ) অভয়াৰণ্য মানে কি?

উত্তৰঃ যি অৰণ্য় অঞ্চলত বিবিধ বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি, কীত-পতংগ, মাছ-কাছ আদিয়ে নিৰ্ভয়ে আনন্দমনে বিচৰণ কৰিব পাৰে তাকে অভয়াৰণ্য় বোলে।


(ঘ) ৰাষ্ট্ৰীয় উদ্যান বুলিলে কি বুজা?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যি বনাঞ্চলত বন্য়প্ৰানীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে ৰখা হয় তাকে ৰাষ্ট্ৰীয় উদ্য়ান বোলে।


(ঙ) খনিজ সম্পদ বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ ভূ-গৰ্ভত থকা খনিবোৰৰ পৰা যিবোৰ সম্পদ পোৱা যায় তাকে খনিজ সম্পদ বোলে।


২। চমু টোকা লিখা।

(ক) ভূমি সম্পদঃ পলসুৱা মাটিত প্ৰচুৰ পৰিমাণে ধান, মৰাপাট, ঘেঁহু, মাহ আদি শস্যৰ খেতি কৰা হয়। অসমত বিভিন্ন প্ৰকাৰৰ মাটি দেখিবলৈ পোৱা যায়। নৈৰ পাৰৰ মাটি বালিচঁহীয়া, এই মাটিৰপৰা কিছু দূৰলৈ পলসুৱা বা সাৰুৱা মাটি দেখিবলৈ পোৱা যায়। অসমৰ, বিশেষকৈ উজনি অসমৰ বেছিভাগ মাটি এঢলীয়া আৰু আম্লিক হোৱা বাবে চাহখেতিৰ উপযোগী। সেইবাবে এই অঞ্চলৰ ঠায়ে ঠায়ে চাহ বাগান গঢ় লৈ উঠিছে।


(খ) বনজ সম্পদঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হ’ল চাৰিশ আঠত্রিশ হাজাৰ বৰ্গ কিল'মিটাৰ। এই ৰাজ্যৰ মুঠ মাটিকালিৰ শতকৰা ২৬.২ ভাগ বনাঞ্চল। হাবি-বনৰ পৰা পোৱা সম্পদবোৰকে বনজ সম্পদ বোলে। অসমৰ বনাঞ্চলত পাব পৰা মূল্যবান গছ-গছনিৰ ভিতৰত শাল, চেগুন, বনচোম, গমাৰি, তিতাচপা, নাহৰ, শিমলু, শিলিখা উল্লেখযোগ্য। বিভিন্ন প্রজাতিৰ বাঁহ-বেত, ঘাঁহ-বন আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ ঔষধি উদ্ভিদেৰে অসম অতীজৰেপৰা সমৃদ্ধ।


(গ) জলজ সম্পদঃ পানী এবিধ প্রাকৃতিক সম্পদ। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুই প্রধান নদীৰ অসংখ্য উপনদী আছে। ইয়াৰ উপৰিও এই ৰাজ্যত বিল, খাল, পুখুৰী আৰু অন্যান্য জলাশয় আছে। এই খাল, বিল আৰু জলাশয়বোৰত নানাবিধ মাছ, কাছ ইত্যাদি থকাৰ উপৰিও নানা প্রকাৰৰ ঔষধি উদ্ভিদ পোৱা যায়। পানীৰ পৰা আহৰণ কৰিব পৰা সম্পদবোৰকে জলজ সম্পদ বোলে। পানীৰপৰা আহৰণ কৰা সম্পদবোৰকে জলজ সম্পদ বোলে। মাছ-কাছ, শামুক, জলজ উদ্ভিদ আদিবোৰ জলজ সম্পদৰ উদাহৰণ। অসমৰ জল পৰিবহন ব্যৱস্থা অতীজৰে পৰা উল্লেখযোগ্য অৱদান হিচাপে পৰিগণিত হৈ আহিছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপৰিও সৰু সৰু অন্যান্য নদীসমূহত ফেৰী, জাহাজ আৰু নাৱেৰে ব্যৱসায়-বাণিজ্য চলাই থকা হৈছে। এই জল পৰিবহন ব্যৱস্থাৰে যোগাযোগ আৰু যাতায়াত ব্যৱস্থাও সূচল কৰি তোলা হৈছে। অসমৰ নৈ সমূহত থকা যথেষ্ট পৰিমাণৰ পানী জলসিঞ্চন প্ৰক্ৰিয়াৰে খেতি-পথাৰত দিয়াৰ ব্যৱস্থা কৰিব পৰা যায়। ইয়াৰ উপৰিও অসমৰ খৰস্রোতা নদীত বান্ধ দি জলবিদ্যুৎ উৎপাদন কৰিব পাৰি। অসমৰ জলক্ষেত্ৰসমূহ পৰিবেশ সংৰক্ষণতো যথেষ্ট সহায়ক হৈছে।


৩। অসমৰ তেল শােধনাগাৰ থকা ঠাইকেইখনৰ নাম লিখা। 

উত্তৰঃ অসমৰ তেল শােধনাগাৰ থকা ঠাইকেইখনৰ নাম হৈছে - তিনিচুকীয়া, কামৰূপ, বঙাইগাওঁ আৰু গোলাঘাট জিলা।


৪। চাৰিখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।

উত্তৰঃ চাৰিখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান, মানাহ ৰাষ্ট্ৰীয় উদ্য়ান, নামেৰী ৰাষ্ট্ৰীয় উদ্য়ান আৰু ডিব্ৰু-চৈখোয়া ৰাষ্ট্ৰীয় উদ্য়ান।


৫। অসমত প্রথমে ঘােষণা কৰা ৰাষ্ট্ৰীয় উদ্যান কোনখন? কোন চনত এইখন ঘােষণা কৰা হৈছিল?

উত্তৰঃ কাজিৰঙা হৈছে অসমত প্রথমে ঘােষণা কৰা ৰাষ্ট্ৰীয় উদ্যান। ১৯৭৪ চনত এইখন ঘােষণা কৰা হৈছিল।


- Hiru Moni Bora