অসমৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ অনুষ্ঠানসমূহ | Lesson 12 | দ্বাদশ অধ্যায় | Class 6 Social Science solution Assam Jatiya Bidyalay | Class 6 Social Science Answer | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ 


পাঠ ১২

অসমৰ স্থানীয় স্বায়ত্ব শাসন ব্য়ৱস্থাৰ অনুষ্ঠানসমূহ



১। একোটাকৈ বাক্যত উত্তৰ লিখা।

(ক) আমাৰ দেশৰ শাসন ব্যৱস্থাত কেইখন চৰকাৰ থকাৰ ব্যৱস্থা আছে?

উত্তৰঃ আমাৰ দেশৰ শাসন ব্য়ৱস্থাত দুখন চৰকাৰ থকাৰ ব্য়ৱস্থা  আছে।


(খ) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ এটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰঃ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ এটা অনুষ্ঠানৰ নাম হৈছে 一 গাওঁ পঞ্চায়ত।


(গ) কোনখন আইন অনুসৰি অসমৰ গাঁও অঞ্চলৰ স্বায়ত্ত শাসন ব্যৱস্থাৰ স্তৰসমূহ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ কৰা হয়?

উত্তৰঃ ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন অনুসৰি অসমৰ গাঁও অঞ্চলৰ স্বায়ত্ত শাসন ব্যৱস্থাৰ স্তৰসমূহ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ কৰা হয়।


(ঘ) নগৰ সমিতি এখনৰ কাৰ্যকাল কিমান বছৰ?

উত্তৰঃ নগৰ সমিতি এখনৰ কাৰ্যকাল ৫ বছৰ।


২। খালী ঠাই পূৰ কৰাঃ

(ক) আঞ্চলিক পঞ্চায়ত গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ মাজৰ পৰ্য্যায়ৰ অনুষ্ঠান।

(খ) জিলা পৰিষদৰ সমষ্টি একোটাত ৪০ হাজাৰতকৈ কম জনসংখ্যা থাকিব নােৱাৰিব।

(গ) অসমৰ নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাটো প্ৰধানকৈ তিনি টা ভাগত ভাগ কৰা হৈছে।

(ঘ) কোনাে এখন নগৰৰ জনসংখ্যা ১০ হাজাৰতকৈ অধিক হলে তাত পৌৰসভা এখন গঠন কৰা হয়।

(ঙ) পৌৰ নিগম গঠন কৰিবলৈ কোনাে এখন নগৰৰ জনসংখ্যা ১ লাখ তকৈ অধিক হ’ব লাগিব


৩। যথাযথ উত্তৰ দিয়া।

(ক) জিলা পৰিষদ এখনৰ কাম-কাজ সম্পাদন কৰিবলৈ প্রয়ােজন হােৱা টকা-পইচা কি কি উৎসৰ পৰা সংগ্রহ কৰে?

উত্তৰঃ জিলা পৰিষদ এখনৰ কাম-কাজ সম্পাদন কৰিবলৈ প্রয়ােজন হােৱা টকা-পইচা সংগ্রহ কৰা উৎস হৈছে 一

i. ৰাজ্য়িক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা অনুদান।

ii. ভূমি ৰাজহ, কৰ, বজাৰ মাচুল।

iii. বিভিন্ন জৰিমনা আদি।


(খ) গাঁও অঞ্চলৰ স্থানীয় প্রশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা।

উত্তৰঃ গাঁও অঞ্চলৰ স্থানীয় প্রশাসনৰ অনুষ্ঠানসমূহৰ নাম হৈছে 一

i. গাওঁ পঞ্চায়ত,

ii. আঞ্চলিক পঞ্চায়ত আৰু

iii. জিলা পৰিষদ।


(গ) নগৰ অঞ্চলৰ স্থানীয় প্রশাসনৰ অনুষ্ঠানসমূহৰ নাম লিখা।

উত্তৰঃ নগৰ অঞ্চলৰ স্থানীয় প্রশাসনৰ অনুষ্ঠানসমূহৰ নাম হৈছে 一

i. নগৰ সমিতি

ii. পৌৰ সভা আৰু

iii. পৌৰসমিতি।


(ঘ) পৌৰসভাৰ গঠন সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ কোনো এখন নগৰৰ জনসংখ্য়া ১০ হাজাৰতকৈ অধিক হ'লে তাত পৌৰসভা এখন গঠন কৰা হয়। পৌৰ সভা এখন ১০ ৰ পৰা ৩০ জন সদস্য়ৰে গঠন কৰা হয়। সদস্য়সকলক কমিছনাৰ বুলি কোৱা হয় আৰু মুৰব্বীক পৌৰপতি বোলে। পৌৰসভাৰ কাৰ্যকাল।


(ঙ) কোন তিনি ধৰণৰ সদস্যক লৈ আঞ্চলিক পঞ্চায়ত গঠন কৰা হয় লিখা।

উত্তৰঃ আঞ্চলিক পঞ্চায়ত তিনি ধৰণৰ সদস্যক লৈ গঠন কৰা হয়, সেইকেইটা হ'ল 一

i. আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাওঁ পঞ্চায়তৰ পৰা পোনপটীয়াভাৱে নিৰ্বাচিত হৈ অহা এজন সদস্য় বা সদস্য়া।

ii. আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাওঁ পঞ্চায়তৰ নিৰ্বাচিত হৈ অহা সভাপতি বা সভানেত্ৰীসকল।

iii. আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাটো প্ৰতিনিধিত্ব কৰা ৰাজ্য়িক বিধানসভা আৰু লোকসভাৰ সদস্য়/সদস্য়াসকল।


৪। আঞ্চলিক পঞ্চায়তৰ যি কোনাে চাৰিটা কাৰ্য্য লিখা।

উত্তৰঃ আঞ্চলিক পঞ্চায়তৰ যি কোনাে চাৰিটা কাৰ্য্য হৈছে 一 

i. বছৰেকীয়া আঁচনি আৰু বাজেট প্ৰস্তুতকৰণ।

ii. কৃষি সম্প্ৰসাৰণ।

iii. ভূমি উন্নতিকৰণ তথা সংৰক্ষণ।

iv. ক্ষুদ্ৰ জলসিঞ্চন।


৫। জিলা পৰিষদৰ গঠন সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ জিলা পৰিষদ এখন তলত উল্লেখ কৰা তিনি ধৰণৰ সদস্যৰ দ্বাৰা গঠন কৰা হয়।

i. চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া জিলাখনৰ সমষ্টিসমূহৰ পৰা পোনপটীয়াকৈ নিৰ্বাচিত হৈ অহা একোজন সদস্য/সদস্যা ( প্রতিটো সমষ্টিতে ৪০ হাজাৰতকৈ কম জনসংখ্যা হ’ব নোৱাৰিব )।

ii. জিলাখনত থকা প্ৰতিখন আঞ্চলিক পঞ্চায়তৰ সভাপতি।

iii. জিলাখনক প্রতিনিধিত্ব কৰা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ সদস্যসকল। জিলা পৰিষদ এখন গঠন হোৱাৰ পাছত জিলা পৰিষদ সমষ্টিৰ পৰা পোনপটীয়াকৈ নির্বাচিত হৈ অহা সদস্যসকলৰ মাজৰ পৰা এগৰাকী সভাপতি আৰু এগৰাকী উপসভাপতি নির্বাচন কৰা হয়।


৬। অসমৰ নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্রশাসন অনুষ্ঠানসমূহৰ কাৰ্য্যাৱলী উল্লেখ কৰা।

উত্তৰঃ অসমৰ নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্রশাসন অনুষ্ঠানসমূহৰ কাৰ্য্যাৱলী এনে ধৰণৰ 一 

i. ৰাস্তা-ঘাট নির্মাণ, সংৰক্ষণ আৰু নামকৰণ।

ii. নলা-নর্দমা, দলং, ৰাজহুৱা শৌচাগাৰ-প্ৰস্ৰাৱগাৰ আদিৰ নির্মাণ।

iii. সংক্রামক ৰোগৰ প্ৰতিষেধক ব্যৱস্থা গ্রহণ।

iv. জনসাধাৰণক উপযুক্ত খোৱা পানীৰ যোগান।

v. ৰাজহুৱা উদ্যান, খেলপথাৰ, পুথিভঁৰাল আদি স্থাপন আৰু সংৰক্ষণ।

vi. ৰাস্তা-ঘাট আদিত বিজুলী-চাকিৰ যোগান।

vii. নগৰ পৰিষ্কাৰ কৰি ৰখা।

viii. হাট-বজাৰ স্থাপন আৰু সংৰক্ষণ।

ix. মানুহৰ জন্ম-মৃত্যুৰ হিচাপ ৰখা।

x. মাতৃ মংগল আৰু শিশু কল্যাণ ব্যৱস্থা।

xi. মৰিশালী, কৱৰখানা আদি নিৰ্মাণ আৰু সংৰক্ষণ।


৭। অসমৰ গাঁও অঞ্চলৰ স্থানীয় প্রশাসনৰ মাজৰ পৰ্য্যায়ৰ অনুষ্ঠানটোৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আঞ্চলিক পঞ্চায়ত হৈছে অসমৰ গাঁও অঞ্চলৰ স্থানীয় প্রশাসনৰ মাজৰ পৰ্য্যায়ৰ অনুষ্ঠান। আঞ্চলিক পঞ্চায়ত এখনত কেইবাখনো গাওঁ পঞ্চায়ত এলেকা অন্তৰ্ভুক্ত হৈ থাকিব পাৰে।আঞ্চলিক পঞ্চায়তৰ গঠন আঞ্চলিক পঞ্চায়ত এখন তিনি ধৰণৰ সদস্যৰ দ্বাৰা গঠিত হয়। সেইসমূহ হ'ল 一 

i. আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা পোনপটীয়াভাৱে নির্বাচিত হৈ অহা এজন সদস্য বা সদস্যা।

ii. আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাত থকা প্ৰতিখন গাঁও পঞ্চায়তৰ নিৰ্বাচিত হৈ অহা সভাপতি বা সভানেত্রীসকল।

iii.আঞ্চলিক পঞ্চায়ত এখনৰ অন্তৰ্ভুক্ত এলেকাটো প্রতিনিধিত্ব কৰা ৰাজ্যিক বিধানসভা আৰু লোকসভাৰ সদস্য/সদস্যাসকল। আঞ্চলিক পঞ্চায়ত এখনৰ সদস্যসকলৰ মাজৰ পৰা এগৰাকী সভাপতি বা সভানেত্রী আৰু এগৰাকী উপসভাপতি বা উপসভানেত্রী নির্বাচন কৰা হয়।


- Hiru Moni Bora