জনসংখ্যা আৰু অসম | Lesson 10 | Class 6 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ১০

জনসংখ্যা আৰু অসম


১। একোটাকৈ বাক্যত উত্তৰ লিখা।

(ক) জনসংখ্যা বুলিলে কি বুজা?

উত্তৰঃ কোনো এক নিৰ্দিষ্ট সময়ত কোনো এখন ঠাইত থকা মানুহৰমুঠ সংখ্য়াকে জনসংখ্য়া বোলে।


(খ) প্ৰব্ৰজন মানে কি?

উত্তৰঃ মানুহে এঠাইৰ পৰা আন ঠাইলৈ বাসস্থান সলনি কৰাকে প্ৰবজন বোলে।


(গ) লােকপিয়ল কাক বােলে?

উত্তৰঃ মানুহৰ ঘৰে ঘৰে গৈ এখন দেশৰ জনসংখ্য়া গণনা কৰা ব্য়ৱস্থাটোকে লোকপিয়ল বোলা হয়।


(ঘ) ভাৰতবৰ্ষত কিমান বছৰৰ মূৰে মূৰে লােকপিয়ল কৰা হয়?

উত্তৰঃ ভাৰতবৰ্ষত দহ বছৰৰ মূৰে মূৰে লােকপিয়ল কৰা হয়।


(ঙ) ২০১১ চনৰ লােকপিয়ল মতে অসমৰ কোনখন জিলা অধিক জনবসতিপূর্ণ?

উত্তৰঃ ২০১১ চনৰ লােকপিয়ল মতে অসমৰ নগাওঁ জিলা অধিক জনবসতিপূর্ণ।


(চ) ২০১১ চনৰ লােকপিয়ল মতে অসমৰ কোনখন জিলাত জনসংখ্যা ঘনত্ব আটাইতকৈ অধিক?

উত্তৰঃ ২০১১ চনৰ লােকপিয়ল মতে অসমৰ কামৰূপ জিলাত জনসংখ্যা ঘনত্ব আটাইতকৈ অধিক।


(ছ) অসমৰ কোনখন জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ অধিক?

উত্তৰঃ অসমৰ কামৰূপ (মহানগৰ) জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ অধিক।


(জ) অসমৰ কোনখন জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ কম?

উত্তৰঃ অসমৰ ধুবুৰী জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ কম।


২। তলত দিয়া প্রশ্নসমূহৰ যথাযথ উত্তৰ লিখা।

(ক) জনসংখ্যা হ্রাস পােৱাৰ কাৰণ লিখা।

উত্তৰঃ জনসংখ্য়া হ্ৰাস পোৱাৰ কাৰণ হৈছে - হঠাৎ কোনো এটা অঞ্চলত সৃষ্টি হোৱা ভূমিকম্পবা আন প্ৰাকৃতিক দুৰ্যোগ বা মহামাৰী আদি।


(খ) বহিঃপ্রব্রজন আৰু আন্তঃপ্রব্রজন কাক বােলে?

উত্তৰঃ যি ঠাইৰ পৰা মানুহ আন ঠাইলৈ যায় সেই ঠাইত হোৱা প্ৰবজনক বহিঃপ্ৰবজন বোলে।

    আৰু যি ঠাইলৈ আন ঠাইৰ পৰা মানুহ আহে সেই ঠাইত হোৱা প্ৰবজনক আন্তঃপ্ৰবজন বোলে।


(গ) জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা?

উত্তৰঃ ঠাই অনুযায়ী জনসংখ্য়াৰ কম-বেছি হোৱা কথাটোকে জনসংখ্য়াৰ প্ৰবজন বোলা হয়।


(ঘ) জনসংখ্যা ঘনত্ব মানে কি ? জনসংখ্যা ঘনত্ব কেনেদৰে উলিওৱা হয়?

উত্তৰঃ প্ৰতিবৰ্গ কিলোমিটাৰত বাস কৰা মানুহৰ সংখ্য়াক জনসংখ্য়াৰ ঘনত্ব বোলা হয়।


(ঙ) অসমলৈ প্ৰধানকৈ ক'ৰ ক'ৰ পৰা প্ৰব্ৰজনকাৰী আহে?

উত্তৰঃ অসমলৈ ভাৰতৰ আন আন ৰাজ্য়ৰ লগতে নেপাল, বাংলাদেশ আদি বিদেশী ৰাষ্ট্ৰৰ পৰা প্ৰবজনকাৰী আহে।


(৩) কোনাে অঞ্চলত জনসংখ্যা ঘন আৰু কোনাে অঞ্চলত পাতল হােৱাৰ কাৰণসমূহ কি কি?

উত্তৰঃ গাওঁ অঞ্চলতকৈ নগৰত জনসংখ্য়া ঘন হয়। তেনেদৰে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত জনবসতি ঘন হয়। যিবোৰ অঞ্চলত জীৱন-ধাৰণ প্ৰণালী সহজ, যাতায়ত আৰু যোগাযোগৰ ভাল ব্য়ৱস্থা আছে, শিক্ষা আৰু স্বাস্থ্য় সেৱা ভাল, ব্য়ৱসায়-বাণিজ্য়ৰ সুবিধা বেছি, শিল্প-উদ্য়োগ আদি আছে তেনেবোৰ অঞ্চলত জনসংখ্য়া ঘন হয়। আনহাতে, যিবোৰ অঞ্চলত জীৱন-ধাৰণ প্ৰণালী কষ্টকৰ, তথা ওপৰত উল্লেখ কৰা সুবিধাসমূহ নাই তেনেবোৰ ঠাইত জনসংখ্য়া পাতল।


(৪) অসমত দ্রুতগতিত জনসংখ্যা বৃদ্ধি পােৱাৰ কাৰণসমূহ লিখা।

উত্তৰঃ অসমত দ্রুতগতিত জনসংখ্যা বৃদ্ধি পােৱাৰ কাৰণসমূহ হৈছ -

- জন্ম আৰু মৃত্য়ুৰ হাৰৰ পাৰ্থক্য়ঃ বিজ্ঞানৰ উন্নতিৰ লগে লগে জনস্বাস্থ্য়ৰো উন্নতি ঘটিছে। বহুতো মাৰাত্মক ৰোগৰ ঔষধ উলাইছে।মহামাৰী নিয়ন্ত্ৰণ হৈছে। ফলত মৃত্য়ুৰ হাৰ কমিছে। আনহাতে জন্ৰ হাৰৰ বিশেষ পৰিবৰ্তন ঘটা নাই। সেয়েহে জনসংখ্য়া বৃদ্ধি পাইছে।

- অসমলৈ ঘটা প্ৰবজনঃ অসমলৈ ভাৰতৰ আন আন ৰাজ্য়ৰ লগতে নেপাল, বালাদেষ আদি বিদেশী ৰাষ্ট্ৰ পৰা প্ৰবজনকাৰী আহি আছে। বিশেষকৈ বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশে অসমৰ জনসংখ্য়াত প্ৰভাৱ পেলাইছে। অসমৰ সীমামূৰীয়া জিলা ধুবুৰী, কৰিমগঞ্জ, পাইলাকান্দি আদিত জনসংখ্য়া অধিক হোৱাৰ মূল কাৰণ হৈছে বিদেশী প্ৰবজনকাৰী।


(৫) জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হােৱা সমস্যাসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হােৱা সমস্যাসমূহ হৈছে -

(i) নিবনুৱা সমস্য়াঃ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্য়াৰ সকলোকে নিয়োগৰ সুবিধা দিব পৰা ব্য়ৱস্থা এতিয়ালৈকে হোৱা নাই। ফলত নিবনুৱাৰ সংখ্য়া বৃদ্ধি পাইছে।

(ii) খাদ্য় সমস্য়াঃ বৰ্ধিত জনসংখ্য়াৰ তুলনাত উৎপাদন বৃদ্ধি নোহোৱাত দেশত খাদ্য়ৰ নাটনি হয়। দুখীয়াৰ পৰিয়ালত সদস্য়ৰ সংখ্য়া বেছি হ'লে পেট ভৰাই খোৱাটো কঠিন হৈ পৰে।

(iii) বসবাসৰ সমস্য়াঃ দ্ৰুতগতিত জনসংখ্য়া বৃদ্ধি পোৱাৰ ফলত সকলোৰে বাবে বাসস্থানৰ ব্য়স্থা কৰাটো কঠিন হৈ পৰে। গুৱাহাটী মহানগৰীত জনসংখ্য়া বৃদ্ধিৰ বাবেই একেটা অট্ৰালিকাতে ২০০-৩০০ ঘৰ মানুহ থাকিবলগীয়া হৈছে।

(iv) প্ৰদূষণৰ সমস্য়াঃ বৰ্দ্ধিত জনসংখ্য়াৰ ফলত যান-বাহনৰ সংখ্য়া বৃদ্ধি পাইছে। তাৰোপৰি য'তে ত'তে জাবৰ-জোঁথৰ পেলোৱা, মল-মূত্ৰ ত্য়াগ আদি কাৰ্যৰ দ্বাৰা পৰিৱেশ দূষিত হৈছে।

(v) মূল্য় বৃদ্ধিৰ সমস্য়াঃ জনসংখ্য়া বৃদ্ধিৰ ফলত অত্য়াৱশ্য়কীয় বস্তুৰ চাহিদা বৃদ্ধি পাইছে। সেই অনুপাতে এই বস্তুবোৰৰ উৎপাদন বৃদ্ধি পোৱা নাই। ফলত এই বস্তুবোৰৰ মূল্য় বা দাম বৃদ্ধি পাইছে।

(vi) কৃষি ভূমিৰ অভাৱঃ বৰ্ধিত জনসংখ্য়াই কৃষি ভূমি, বাসস্থান, কল-কাৰখানা স্থাপন আদিৰ বাবে ব্য়ৱহাৰ কৰিবলৈ ধৰিছে। ফলত কৃষিভূমিৰ অভাৱ ঘটিছে।

(vii) বনাঞ্চল হ্ৰাসঃ বৰ্ধিত জনসংখ্য়াই হাবি-জংঘল, গছ-গছনি আদি কাটি নিজৰ ব্য়ৱহাৰৰ উপযোগী কৰি তুলিছে। ফলত বনাঞ্চল হ্ৰাস পাইছে।

(viii) ক্ষয়শীল সম্পদৰ অভাৱঃ জনসংখ্য়াবৃদ্ধিৰ ফলত ক্ষয়শীল সম্পদসমূহৰ ব্য়ৱহাৰ বৃদ্ধি পাইছে। ফলত ক্ষয়শীল সম্পদ যেনে খাৰুৱা তেল, বিভিন্ন ধাতু আদিৰ অভাৱে দেখা দিয়ে।


-Hiru Moni Bora