বৃত্তি আৰু প্ৰযুক্তি | Lesson 13 | ত্ৰয়োদশ অধ্যায় | Class 6 Social Science Answer Jatiya Bidyalay | Class 6 Social Science Free Answer | Download Free Books Answer | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰেণীৰ প্ৰশ্ন উত্তৰ


পাঠ ১৩

বৃত্তি আৰু প্ৰযুক্তি

    

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQ Answer 

১। একোটাকৈ বাক্যত উত্তৰ লিখা।

(ক) বৃত্তি বা জীৱিকা বুলিলে কি বুজা?

উত্তৰঃ যি কাম কৰি কোনো এগৰাকী ব্য়ক্তিয়ে নিজৰ পৰিয়ালটোক ভৰণ-পোষণ দিয়ে; সেই কামটোকে মানুহজনৰ বৃত্তি বা জীৱিকা বোলে।


(খ) মানুহৰ বৃত্তিসমূহ কি কি অৰ্থনৈতিক ক্ষেত্ৰৰ অন্তৰ্ভুক্ত কৰিব পাৰি?

উত্তৰঃ মানুহৰ বৃত্তিসমূহ তিনিটা অৰ্থনৈতিক ক্ষেত্ৰৰ অন্তৰ্ভুক্ত পাৰি। সেই ক্ষেত্ৰ তিনিটা হৈছে 一 (i) কৃষি, (ii)উদ্য়োগ আৰু (iii) সেৱা কাৰ্য্য়।


(গ) খেতি-পথাৰত বন-বাত গুচাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি?

উত্তৰঃ খেতি-পথাৰত বন-বাত গুচাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম হ'ল 一 'উইদাৰ'।


(ঘ) দুটা কুটিৰ উদ্যোগৰ নাম লিখা।

উত্তৰঃ দুটা কুটিৰ উদ্যোগৰ নাম 一 হস্ত-তাঁত শিল্প আৰু বাঁহ-বেতৰ শিল্প।


(ঙ) হৃৎপিণ্ড দুর্বল হােৱা লােকৰ বাবে কি যন্ত্র ব্যৱহাৰ কৰা হয়?

উত্তৰঃ হৃৎপিণ্ড দুর্বল হােৱা লােকৰ বাবে পেছমেকাৰ নামৰ যন্ত্র ব্যৱহাৰ কৰা হয়।


(চ) ইণ্টাৰনেট, টেলিভিছন আদিত খবৰবােৰ কিহৰ যােগেদি আহে?

উত্তৰঃ ইণ্টাৰনেট, টেলিভিছন আদিত খবৰবােৰ কৃত্ৰিম উপগ্ৰহৰ যােগেদি আহে।


২। কুটিৰ উদ্যোগ কাক বােলে?

উত্তৰঃ যিবোৰ উদ্য়োগ অতি কম মূলধনেৰে ঘৰুৱাভাৱে প্ৰতিষ্ঠা কৰিব পাৰি আৰু মানুহে হাতেৰে সৰহভাগ কাৰ্য্য় সম্পাদন কৰে তেনে উদ্য়োগক কুটিৰ উদ্য়োগ বোলে।


৩। তলত দিয়া বৃত্তিসমূহ কি কি অর্থনৈতিক ক্ষেত্ৰৰ অন্তর্ভুক্ত লিখা। 

খেতি-বাতি, চাহ উদ্যোগ, মৃৎ শিল্প, বেংক সেৱা, দুগ্ধ উৎপাদন, হস্ত-তাঁত শিল্প, চিকিৎসা সেৱা, পশুপালন।

উত্তৰঃ 

খেতি-বাতি    -    উদ্য়োগ

চাহ-উদ্য়োগ    -    উদ্য়োগ

মৃৎশিল্প    -    কৃষি

বেংক সেৱা    -    সেৱা কাৰ্য্য়

দুগ্ধ উৎপাদন    -    কৃষি

হস্ত-তাঁত শিল্প    -    উদ্য়োগ

চিকিৎসা সেৱা    -    সেৱা কাৰ্য্য়

পশুপালন    -    কৃষি


৪। কৃষিত প্রযুক্তিৰ ব্যৱহাৰ কেনেদৰে হৈছে আলােচনা কৰা। ( ৫০ ৰ পৰা ৭৫ টা শব্দৰ ভিতৰত )

উত্তৰঃ কৃষি ক্ষেত্ৰত বৰ্তমান নতুন নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ আৰু ব্য়ৱহাৰ হ'বলৈ ধৰিছে। বৰ্তমান সময়ৰ কৃষি কাৰ্য্য়ত মাটি চহাবলৈ নাঙলৰ সলনি প্ৰযুক্তিযুক্ত ট্ৰেক্টৰ বা পাৱাৰটিলাৰৰ ব্য়ৱহাৰ কৰা হৈছে। ট্ৰেক্টৰেৰে মাটি দ'কৈ চহ কৰিব পাৰি। বৈজ্ঞানিক পদ্ধতিৰে বীজ অধিক উৎপাদনক্ষম হয় তথা কম দিনতে উৎপাদন আৰম্ভ হয়। ফলত কম মাটিত অধিক পৰিমাণৰ খাদ্য় উৎপাদন কৰিব পাৰি। ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলতো শস্য়ৰ উৎপাদন বৃদ্ধি পাইছে। পাৱাৰ পাম্প, দীপ টিউবেল আদিৰ সহায়ত জলসিঞ্চনৰ ব্য়ৱস্থা কৰা হৈছে। কীটনাশক দ্ৰৱ্য় ছটিয়াবৰ বাবে স্পেয়াৰ আৱিষ্কাৰ হৈছে। বন-বাত গুচাবলৈ 'উইদাৰ' নামৰ যন্ত্ৰৰ ব্য়ৱহাৰ কৰা হৈছে।


৫। শিক্ষা সেৱাত প্ৰযুক্তিৰ ব্যৱহাৰ সম্পর্কে আলােচনা কৰা।( ৫০ ৰ পৰা ৭৫ টা শব্দৰ ভিতৰত )

উত্তৰঃ বর্তমান শিক্ষা ব্যৱস্থাত নতুন নতুন প্রযুক্তিৰ প্ৰয়োগ হ’বলৈ ধৰিছে। শিক্ষা ব্যৱস্থাটো কেৱল শিক্ষক আৰু বিদ্যালয়ৰ মাজতে আবদ্ধ হৈ নাথাকি বিভিন্ন মাধ্যমেৰে শিক্ষাদানৰ ব্যৱস্থা আৱিষ্কৃত হৈছে। বিভিন্ন শ্রাব্য-দৃশ্য সামগ্ৰীৰ জৰিয়তে ঘৰতে বহি শিক্ষা লাভ কৰিব পাৰি। ৰেডিঅ’, টেলিভিছনৰ বিভিন্ন কাৰ্য্যসূচী, অডিঅ’ টেপ, ভিডিঅ' টেপ আদিৰ জৰিয়তে শ্রেণীকোঠাত তথা ঘৰতে বহি বহুতো দিশত শিক্ষা লাভ কৰিব পাৰি। আজিকালি শিক্ষাৰ কাৰ্য্যসূচীত কম্পিউটাৰ, প্রজেক্টৰ আদিৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। এইদৰে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন সাধন হৈছে।


৬। প্রযুক্তিৰ ব্যৱহাৰে চিকিৎসা ব্যৱস্থাৰ উন্নতিত কেনে ধৰণৰ অৰিহণা যােগাইছে আলােচনা কৰা। ( ৭৫ ৰ পৰা ১০০ টা শব্দৰ ভিতৰত )

উত্তৰঃ চিকিৎসা সেৱাৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত চিকিৎসা সেৱাই চমকপ্রদ সফলতা লাভ কৰিছে। বিভিন্ন দুৰাৰোগ্য ৰোগৰ ঔষধ আৱিষ্কাৰ হৈছে। বসন্ত, প্লেগ, কলেৰা আদি মহামাৰীসমূহ নিয়ন্ত্ৰিত হৈছে। শল্য চিকিৎসাৰ ক্ষেত্ৰত হোৱা উন্নতিৰ বাবে হৃৎপিণ্ড, বৃক্ক, মগজু আদি শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগৰ অস্ত্রোপচাৰ কৰিব পাৰিছে। আনকি এজন লোকৰ বৃক্ক, চকু, হৃৎপিণ্ড আদি আন এজন লোকৰ শৰীৰত স্থাপন কৰাটোও সম্ভৱ হৈছে। কৃত্রিম অংগ তৈয়াৰ কৰি পংগু লোকৰ শৰীৰত সেইবোৰ সংযোগ কৰি তেওঁলোকৰ শাৰীৰিক অক্ষমতা হ্রাস কৰাৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে দৃষ্টিশক্তি হ্রাস পোৱা লোকৰ বাবে চছমা, কাণেৰে নুশুনা লোকৰ বাবে শ্ৰৱণ সহায়ক যন্ত্ৰ আৰু হৃৎপিণ্ড দুর্বল হোৱা লোকৰ বাবে পেছমেকাৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। এই সকলোবোৰ সম্ভৱ হৈছে চিকিৎসা সেৱাত ব্যৱহাৰ হোৱা নতুন নতুন প্রযুক্তিৰ বাবে।

 


- Hiru Moni Bora

Check by - Mukesh Borah