পাঠঃসোতৰ

  দেউল

    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQ Answer

ক্ৰিয়া-কলাপ

⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ

তুলসী  = এজুপি পৱিত্ৰ গছ আৰু তাৰ ফুল-পাত

মহামিলন   =  সংগম; যোগ

দলদোপ-হেন্দোলদোপ  = মানুহৰ ভীৰত মাটি কঁপি যোৱা অৱস্থা

সমদল   =  একেলগে; বহু লোক গোট খাই কৰা (যাত্ৰা)

ৰজনজনাই  =  চাৰিওদিশে শব্দ বিয়পি যোৱা 

খাটনি   =  প্ৰাৰ্থনা; অনুৰোধ; পৰিশ্ৰম


[ ১] একোটিকৈ বাক্যত উত্তৰ লিখাঁঃ

ক) দেউল উৎসৱ অসমৰ কোন অঞ্চলৰ মানুহে পালন কৰে?

উত্তৰঃদেউল উৎসৱ অসমৰ বৰপেটা অঞ্চলৰ মানুহে পালন কৰে।

খ) দেউল উৎসৱৰ প্ৰথম দিনটোক কি বোলে?

উত্তৰঃ দেউল উৎসৱৰ প্ৰথম দিনটোক গোন্ধ বোলে।

গ) পাঠটোত মহাপ্ৰভু বুলি কাক কোৱা হৈছে?

উত্তৰঃ পাঠটোত মহাপ্ৰভু বুলি কলীয়া ঠাকুৰক কোৱা হৈছে।

ঘ) দেউলৰ প্ৰথমদিনা কেইখন শৰাই পতা হয়?

উত্তৰঃ দেউলৰ প্ৰথমদিনা আঠখন শৰাই পতা হয়।

ঙ) দেউলৰ কোনটো দিনক সুঁৱেৰি বোলা হয়?

উত্তৰঃ দেউলৰ শেষৰ দিনটোক সুঁৱেৰি বোলা হয়।


[ ২] তিনি-চাৰিটামান বাক্যত হোৱাকৈ উত্তৰ লিখাঁঃ

ক) কি কি নীতি-নিয়মৰ মাজেৰে গোসাঁইক দৌলত স্থাপন কৰা হয়?

উত্তৰঃ আবেলিতে শালগ্ৰাম আৰু দৌল-গোবিন্দক কীৰ্তন-ঘৰৰ পূৱ দুৱাৰেদি উলিয়াই আনি বৰ শৰাইত থোৱা আকৌ মূল দুৱাৰেদি মহাপ্ৰভূ কলীয়া গোসাঁইক আনি একেলগে থোৱা হয়। তাতে নীতি-নিয়মেৰে পূজা-পাতল কৰি গধূলি খোল, ঢোল, তাল, মৃদংগ বজাই গায়ন-বায়নেৰে সৈতে আৰু ধূপ-ধূনাৰে কীৰ্তন ঘৰটো ধুঁৱলি-কুৱলি কৰা হয়। তাৰ পাছত হাজাৰ হাজাৰ মানুহৰ দলদোপ-হেন্দোলদোপ সমদলেৰে গোসাঁইক মেজি ফুৰাবলৈ নিয়া হয়। গোসাঁইক খাটোলাত তুলি মেজিৰ চাৰিওফালে সাতবাৰ ঘূৰাই দৌলত স্থাপন কৰা হয়। 

খ) দেউল উৎসৱত সুঁৱেৰি কেনেদৰে পালন কৰা হয়?

উত্তৰঃ দেউল উৎসৱত সুঁৱেৰি দিনা গোসাঁইক ফাকু-গুড়িৰে ৰাঙলী কৰা হয়। তাৰ পাছত ভকতসকলে মহাপ্ৰভুক দৌলৰপৰাই নমাই এখন দোলাত বহুৱাই। মহাপ্ৰভু যাত্ৰাসময়তে বাৰাদিৰ পৰাও দৌলৰ গোসাঁই আহি লগ লাগে। লৰা-ডোকা, বুঢ়া সকলোৱে ইজনে-সিজনৰ গাত ফাকুগুড়ি সানি আনন্দত মতলীয়া হৈ পৰে। ইয়াকে হোলী বুলি কয়। হোলী গীত গাই গাই আনন্দতে মানুহবোৰেও নাচে। প্ৰতিটো হাটীৰ পৰা দলে দলে মানুহবিলাক আহি সমদলেৰে গোসাঁইক দক্ষিণফালে থকা কনৰিয়াপাৰালৈ লৈ যায়। তাত মহাপ্ৰভূক দোলাৰ পৰা নমোৱা হয়।তাৰ পৰা পুনৰ মহা প্ৰভুক কীৰ্তন ঘৰলৈ অনা হয়।

ইফালে কীৰ্তন-ঘৰৰ বাটচৰাৰ দুৱাৰমুখত এডাল ভলুকা বাঁহ বন্ধা হয়।এইদৰে লক্ষ্মী আইৰ ভকতসকলে মহাপ্ৰভুক টোলত প্ৰৱেশ কৰিব নিদি বাট ভেটি ধৰে। আনহাতে, মহাপ্ৰভুৰ ভকতসকলে লক্ষ্মী আইৰ ভকতসকলক বাট এৰি দিবলৈ খাটনি ধৰে। বাট এৰি নিদিয়াত বহু সময় হুলস্থূলৰ পিছত বাঁহডাল ভাঙি মহাপ্ৰভূৰ ভকতসকলে কীৰ্তন-ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। তৰ পাছত টোলৰ ভিতৰত সাতবাৰ ঘূৰে।এইদৰে পালন কৰে।

গ) দেউল উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী কিদৰে সমাপন কৰা হয় লিখাঁ।

উত্তৰঃ দেউল উৎসৱৰ দ্বিতীয় দিনাৰ পুৱাৰ প্ৰসংগত হৰি হৰি পৰমানন্দ প্ৰভূ পীতাম্বৰ এইটো গাই উঠাৰ পাছত ওৰেষাৰ আগৰদিনা গোৱাৰ পাছৰখিনি গোৱা হয়। দিনৰ ভাগত ঢুলীয়া, ওজাপালি আৰু গায়ন-বায়নে নৃত্য কৰে। ৰাতিৰ ফালে যাত্ৰাগানৰ অভিনয়ো হয়। দূৰণিপৰা অহা অনেক যাত্ৰীয়ে যাত্ৰা গান চায়েই ৰাতি পাৰ কৰি দিয়ে। এইদৰে কাৰ্যসূচী সমাপন কৰা হয়।

[ ৩] বৰপেটাৰ কীৰ্তন-ঘৰৰ বিষয়ে এটি টোকা লিখাঁ।

উত্তৰঃ কীৰ্ত্তনঘৰ বৰপেটাত অৱস্থিত অসমৰ এক প্ৰসিদ্ধ নামঘৰ। মহাপুৰুষ মাধৱদেৱে ভাওনা, নৃত্য-গীত আদি কৰিবৰ বাবে বৰপেটাত ৰঙিয়াল ঘৰ নামেৰে এটা ঘৰ সজাইছিল। মাধৱদের কোচবিহাৰলৈ যােৱাৰ সময়ত মথুৰা দাস আতাক ইয়াৰ অধিকাৰ পাতি গৈছিল। দুর্ঘটনাক্রমে ৰঙিয়াল ঘৰ জুয়ে পােৰাত মথুৰাদাস আতাই সেই ঠাইতে সত্র পাতি, কীৰ্ত্তনঘৰ স্থাপন কৰে। এই কীৰ্ত্তন ঘৰ অসমত সকলােতকৈ ডাঙৰ কীৰ্ত্তনঘৰ বুলি জনাজাত। কীৰ্ত্তনঘৰৰ মুধৰ এটা খােটালী এৰি শ্ৰীমন্তশঙ্কৰদেৱ, মাধৱদেৱ আৰু বদুলা আতাৰ নামত তিনিখন আসন পতা আছে। কীৰ্ত্তনঘৰৰ পূব মুধত এটা ভাজঘৰ আছে, ইয়াৰে উত্তৰ অংশত মিঠাতেল ৰখা এটা মটিয়া (ডিঙি চুটি, পেট বহল আৰু তললৈ জোঙা এবিধ ডাঙৰ মাটিৰ পাত্র) আছে। তাত তেল আপােনা-আপুনি ওলায় বুলি জনবিশ্বাস প্রচলিত। কীর্তন ঘৰৰ সন্মুখৰ মুকলি ঠাইত যাত্রা-ভাওনা আদি হয়। কিছু বছৰৰ আগলৈকে কীৰ্ত্তনঘৰত হৰিজনৰ প্ৰৱেশ নিষেধ আছিল। বর্তমান এই নিষেধ উঠি গৈছে যদিও ইয়াত বর্তমানেও মহিলাৰ প্ৰৱেশ নিষেধ। কীৰ্ত্তনঘৰৰ কাঠিত বহিব পাৰে যদিও মহিলাসকলে মূলঘৰৰ ভিতৰত সােমাব নােৱাৰে। কথিত আছে মথুৰাদাস বুঢ়া আতাৰ পত্নীয়ে তেওঁৰ অনুপস্থিতিত কীর্তনঘৰত বস্তি জ্বলাইছিল। কীর্তন ঘৰৰ ভিতৰত থাকোতেই হঠাৎ ৰজঃস্বলা হৈইয়াক অপৱিত্র কৰে বুলি ভয়তেই কীৰ্ত্তনঘৰত মহিলা সােমাবলৈ দিয়া নহয় বুলি কোৱা হয়।

[ ৪] চমুটোকা লিখাঁঃ

ক) কলীয়া গোসাঁইঃ কলীয়া গোসাঁই দেউলৰ মহাপ্ৰভূ  আছিল।

খ) কীৰ্তন-ঘোষাঃ কীৰ্তন-ঘোষা মহাপুৰুষ শংকৰদেৱৰ ৰচনা। তেখেতৰ সাহিত্য়জীৱনৰ কীৰ্তিস্তম্ভ এই কীৰ্তন-ঘোষা। এই গ্ৰন্থখন ভকতসকলৰ নাম-প্ৰসংগ সুবিধাকাৰণে গুৰুজনাই ৰচনা কৰিছিল।

গ) বৰগীতঃ মহাপুৰুষ  শংকৰদেৱ আৰু মাধৱদেৱ দুজনাৰদ্বাৰা ৰচিত গীত সমূহক বৰগীত বোলা হয়। এই গীত সমূহ ৰাগ তাল যুক্ত। তেওঁলোকৰ এই গীত সমূহ ঈশ্বৰৰ মহ্যাত্মক প্ৰকাশ পাইছে। এই গীত সমূহ ব্ৰজাৱলী ভাষাত ৰচিত।

 ঘ) গুণমালাঃ মহাপুৰুষ শংকৰদেৱ বিৰচিত প্রসিদ্ধ ভক্তিমূলক কাব্য। ভাগৱতৰ সাৰ সংগ্ৰহ কৰি ৰচিত এই পুথি শংকৰদেৱে নাম-প্রসঙ্গত গৌৱাৰ উদ্দেশ্যে বা ব্যক্তিগতভারে ঈশ্বৰৰ গুণাৱলী কম সময়ৰ ভিতৰতে স্মৰণ কৰাৰ অর্থে ৰচনা কৰিছিল। অসমীয়া সমাজত গুণমালাৰ বিশিষ্ট স্থান আছে।

[৫] শংখ-ঘণ্টা, ডবা-বৰকাঁহ--- কেইবিধমান বাদ্য-যন্ত্ৰৰ নাম। তুমি জনা আৰু কেইবিধমান বাদ্য-যন্ত্ৰৰ নাম লিখাঁ।

উত্তৰঃখােল, তাল, মৃদঙ্গৰ বাহিৰে আন কেইবিধমান বাদ্যযন্ত্র হ’ল দোতা, একতাৰা, খঞ্জী, নাগাৰা, ডবা, বাঁহী, তবলা, সুতুলি, টকা, গগণা, হাৰমনিয়াম ইত্যাদি।

[ ৬] বৰপেটা কীৰ্তন-ঘৰৰ দৰে অসমত থকা আন কেইখনমান ডাঙৰ সত্ৰ-নামঘৰৰ নাম লিখাঁ

উত্তৰঃ বৰপেটা কীৰ্তন-ঘৰৰ দৰে অসমত থকা আন কেইখনমান ডাঙৰ সত্ৰ-নামঘৰৰ নাম হ'ল নগাঁৱৰ বৰদুৱা সএ , মাজুলিৰ আওনীআটী সএ,মৰিগাওঁ জিলাৰ চৰাইবাহী সএ


[ ৭] কাক বোলে লিখাঁঃ


ক) বাটচ'ৰা  = বাটৰ কাষত জিৰণি লোৱা ঘৰ। 

খ) চ'ৰাঘৰ   = আলহী জিৰণি লোৱা ঘৰ। .

গ) নাঙল   = হাল বাবলৈ ব্যৱহাৰ কৰা সজুলি। 

ঘ) পানীপোতা  = ঘৰৰ চালৰ পানী পৰা ঠাই। 

ঙ) জেঙৰা  = কোনো এটা নিদিৰ্ষ্ট ঠাই বেৰিবলৈ বাঁহেৰে দিয়া বেৰন। 

চ) পচলা  = খাবলৈ অনা কলৰ পুলিৰ। 


[ ৮] উদাহৰণটো চাই বাকীকেইতা কৰাঁঃ

মিলন ---- মহামিলন

ঔষধ ----  মহৌষধ।

আনন্দ ---- মহানন্দ।

পুৰুষ ----- মহাপুৰুষ

জীৱন ---- মহাজীৱন.

ঋষি --- মহৃষি।


[ ৯] তলৰ পৰ্ববোৰ অসমৰ কোন কোন ঠাইত পালন কৰা হয়। শিক্ষকৰপৰা জানি লোৱাঁ।


(ক) বাৰেচহৰীয়া ভাওনা – জামুগুৰিহাট, তেজপুৰ।


(খ) বােকা ভাওনা- উজনি অসম।


(গ) জোনবিল মেলা – মৰিগাঁও জিলা।


(ঘ) নাঙলধোৱা উৎসৱ – উজনি অসম।


[ ১০] বাক্য ৰচনা কৰাঁঃ

ডবা-বৰকাঁহনামঃ প্ৰসংগ কৰোতে ডবা-বৰকাঁহ বজোৱা হয়।

 উলহ-মালহঃ হোলী উৎসৱ বহুত উলহ-মালহৰে উদযাপন কৰা হয়।

 ইজন-সিজনঃ হোলী উৎসৱত ইজনে-সিজনক ৰঙ সানে।

 ইকৰা-খাগৰিঃ ইকৰা-খাগৰি বোৰ নৈৰ পাৰত দেখিবলৈ পোৱা যায়। 

 ধুঁৱলি-কুঁৱলিঃ ঠাণ্ডা দিনত ধুঁৱলি-কুঁৱলি পৰি একো নেদেখা হৈ পৰে।


[ ১১] শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আদিৰ বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰাঁ।

( FOR STUDENTS )


 


Type: Nayan Moni Deka

Check by - Mukesh Borah


Post ID : DABP005969