পাঠঃওঠৰ
পানী
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
ক্ৰিয়া-কলাপ
⚪ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
প্ৰাকৃতিক = প্ৰকৃতি সম্বন্ধীয়
অপৰিহাৰ্য = যাক পৰিহাৰ কৰিব বা এৰিব নোৱাৰি
ভূ-গৰ্ভ = মাটিৰ তল
বিতৰণ = বিলাই দিয়া
নাটনি = অভাৱ হোৱা
সচৰাচৰ = সাধাৰণতে
মাৰাত্মক = প্ৰাণ নাশ কৰা
জাবৰণি = জাবৰ পেলোৱা ঠাই
আৱৰ্জনা = জাবৰ-জোঁথৰ
মিতব্যয়িতা = আয় বুজি খৰচ কৰিব পৰা গুণ
স্নান = গা ধোৱা কাৰ্য
নিৰ্গত = ওলাই যোৱা
টন = এহেজাৰ কিলো'গ্ৰাম
[ ১] একোটিকৈ বাক্য়ত উত্তৰ লিখাঁঃ
ক) ৰাসায়নিক সাৰ উৎপাদন কৰোঁতে পানী কি হিচাপে ব্যৱহৃত হয়?
উত্তৰঃ ৰাসায়নিক সাৰ উৎপাদন কৰোঁতে পানী কেচাঁমাল হিচাপে ব্যৱহৃত হয়।
খ) পানীক প্ৰাকৃতিক সম্পদ বোলাৰ কাৰণ কি?
উত্তৰঃ পানীক আমি প্ৰকৃতিৰপৰাই পাওঁ কাৰণে প্ৰাকৃতিক সম্পদ বোলা হয়।
গ) পানীৰ প্ৰধান উৎসকেইটা কি কি?
উত্তৰঃ পানীৰ প্ৰধান উৎসকেইটা হল বৰষুণৰ পানী, ভূপৃষ্ঠৰ পানী আৰু ভূগৰ্ভৰ পানী।
ঘ) খোৱাপানী কেনে হোৱা উচিত?
উত্তৰঃ খোৱাপানী জীৱাণুমুক্ত হোৱা উচিত।
ঙ) গাঁও অঞ্চলৰ মানুহে খাবৰ কাৰণে পানী ক'ৰপৰা ব্যৱহাৰ কৰে?
উত্তৰঃ গাঁও অঞ্চলৰ মানুহে খাবৰ কাৰণে পানী দমকল আৰু কুৱাঁৰ পৰা ব্যৱহাৰ কৰে।
চ) চম্বল নদী ভাৰতৰ কোন প্ৰদেশত আছে?
উত্তৰঃ চম্বল নদী ভাৰতৰ মধ্যপ্ৰদেশত আছে।
ছ) দূষিত পানীৰপৰা হোৱা কেইবিধমান ৰোগৰ নাম লিখাঁ।
উত্তৰঃ দূষিত পানীৰ পৰা হোৱা ৰোগৰ নাম হল পেটৰ নানা মাৰাত্মক ৰোগ, কলেৰা, টাইফয়ড আদি।
[ ২] তিনি-চাৰিটামান বাক্যত হোৱাকৈ উত্তৰ লিখাঁঃ
ক) জলচক্ৰ বুলিলে কি বুজা?
উত্তৰঃ সূৰ্যৰ তাপত পুখুৰী, নদী, জান-জুৰি আদি পানী ভাপ হৈ ওপৰলৈ উঠে। পাছত সেইবোৰ দাৱৰ হয় আৰু বৰষুণৰ ৰূপত মাটিলৈ নামি আহে। তাৰে কিছু অংশ মাটিৰ তললৈ সোমাই যায় আৰু বাকীবোৰ পুনৰ ভাপ হয়। এইদৰে চলি থকা চকৰিটোক জলচক্ৰ বুলি কোৱা হয়।
খ) খোৱাপানী নাটনি হোৱাৰ প্ৰধান কাৰণসমূহ কি কি?
উত্তৰঃ খোৱাৰপানীৰ নাটনিৰ হোৱাৰ প্ৰধান কাৰণসমূহ হলঃ
ক) ভূপৃষ্ঠৰ পানী উদ্যোগ আৰু কৃষিৰ কাৰণে অধিক ব্যৱহাৰ কৰাৰ কাৰণে।
খ) নৈ, বিল, পুখুৰী আদি পানীৰ প্ৰদূষণৰ কাৰণে।
গ) মানুহৰ আধুনিক জীৱন-যাপন পদ্ধতি।
ঘ) জনসংখ্যা বৃদ্ধি।
গ) পানী কেনেদৰে প্ৰদূষিত হৈছে লিখাঁ।
উত্তৰঃ নৈ, বিল আদিত জাবৰ-জোথৰ, জীৱ মৃত, কল-কাৰখানাৰ পৰা ওলোৱা আৰ্ৱজনা পেলায় পানী প্ৰদূষিত হৈছে।
[ ৩] পানীৰ ব্যৱহাৰৰ সম্পৰ্কে এটি টোকা লিখাঁ।
উত্তৰঃ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। পানী খাবলৈ, গা-ধুবলৈ, কাপোৰ ধুবলৈ, বাচন-বৰ্তন ধুবলৈ, ফুলনি-গছপুলিত দিবলৈ, খেতি পথাৰতো পানী ব্যৱহাৰ কৰা হয়। ঘৰুৱা কামবোৰৰ উপৰিও কল-কাৰখানা, বিভিন্ন উদ্যোগপাতিটো পানী ব্যৱহাৰ কৰা হয়।
[ ৪] পানী ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিয় মিতব্যয়ী হ'ব লাগে বুলি ভাবা?
উত্তৰঃ আমাৰ উপৰিভাগত থকা তিনিভাগ পানীৰ এভাগহে আমাৰ ব্যৱহাৰ উপযোগী। কেতিয়াবা হয়তো এই পানী নাটনি হব পাৰে। সেই কাৰণে আমি পানীৰ ক্ষেত্ৰত মিতব্যয়ী হব লাগে।
[ ৫] উদাহৰণটো চাই বাকীকেইটা কৰাঁঃ
উদাহৰণঃ
প্ৰকৃতি --- প্ৰাকৃতিক
শৰীৰ --- শাৰীৰিক
মন ---- মানসিক
সমৰ -সামৰিক
জীৱ -- জীৱময়
দেহ --- দোহাৰিক
দিন --- দিনাময়
ৰসায়ন --ৰাসায়নিক
পৰামাণু-- পাৰমাণৱিক
অণু----- আণৱিক
[ ৬] বিপৰীত অৰ্থ বুজোৱা শব্দ লিখাঁঃ
খুঁত - নিখুঁত
খৰচী- কৃপন
ফৰকাল- ডাৱৰীয়া
খৰাং- জলাহ
অপকাৰী - উপকাৰী
জল- নিৰ্জল
[ ৭] পৃথিৱীৰ মহাসাগৰকেইখনৰ নাম কি কি?
উত্তৰঃ পৃথিৱীৰ মহাসাগৰ কেইখন হৈছে-
ক) প্ৰশান্ত মহাসাগৰ
খ) আটলান্টিক মহাসাগৰ
গ) ভাৰত মহাসাগৰ
ঘ) উত্তৰ মহাসাগৰ
ঙ) দক্ষিণ মহাসাগৰ
[৮] তলৰ বাক্যকেইটাৰ খালী ঠাই পূৰ কৰাঁঃ
ক) পানী অবিহনে কোনো ------- জীয়াই থাকিব নোৱাৰে।
উত্তৰঃ জীৱই
খ) শিল্প উদ্যোগতো প্ৰচুৰ পৰিমাণৰ পানী ----------- কৰা হয়।
উত্তৰঃ ব্যৱহাৰ
গ) পৃথিৱীৰ পানীভাগৰ শতকৰা মাত্ৰ --------- মানুহে ব্যৱহাৰ কৰে।
উত্তৰঃ এভাগ পানী হে
ঘ) -------- ব্যৱহাৰ কৰিও সহজ উপায়েইে নিৰ্মল পানী উৎপাদনৰ পদ্ধতি আৱিষ্কৃত হৈছে।
উত্তৰঃ সৌৰশক্তি
ঙ) ভূগৰ্ভস্থ পানী ব্যৱহাৰ কৰোঁতেও আমি ----------- হ'ব লাগে।
উত্তৰঃ সাৱধান।
[ ৯] তলৰ চহৰবোৰ কোন কোন নদীৰ পাৰত লিখাঁ।
ক) দিল্লী খ) মুম্বাই গ) গুৱাহাটী ঘ) শিৱসাগৰ ঙ) নগাঁও চ) তেজপুৰ।
উত্তৰঃ
দিল্লী- যমুনা নদী পাৰত অৱস্থিত।
মুম্বাই-উলহাচ নদী পাৰত অৱস্থিত।
গুৱাহাটী- ব্ৰহ্মপুত্ৰ নদী পাৰত অৱস্থিত।
শিৱসাগৰ- ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত অৱস্থিত।
নগাওঁ- ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰত অৱস্থিত।
তেজপুৰ-ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত অৱস্থিত।
[ ১০] পানীৰ অভাৱৰ ফলত কি কি সমস্যা হ'ব পাৰে ভাবি লিখাঁ।
উত্তৰঃ পানীয়েই হৈছে আমাৰ প্ৰাণ। যদি আমি পানী অভাৱত ভুগিব লগা হয় তেন্তে এই পৃথিৱীত কোনো মানুহ জীয়াই নাথাকিব। লগতে গছ-গছনি নাইকীয়া হৈ খৰাং বতৰে দেখা দিব ফলত পৃথিৱীৰ ধ্বংস পথে আগবাঢ়িব।
Type: Nayan Moni Deka
Check by - Mukesh Borah
Post ID : DABP005982