পাঠঃ ঊনৈছ
বৰগীত
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
ক্ৰিয়া-কলাপঃ
◯ অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁঃ
ছানি = আৱৰি
সুৰভী = গৰুৰ পোৱালি
তেজয় = ত্যাগ কৰে
বিনোদ = আনন্দ
ৰঙ্গে = আনন্দত
চাৰে = চৰায়
ধেনু = গাই গৰু
ত্ৰিভুৱনে = তিনিখন ভুৱন----- স্বৰ্গ, মৰ্ত্য, পাতল
নোহন্ত = নহয়
আৰা = এওঁলোক
[ ১] প্ৰথমে কোৱাঁ, তাৰ পাছত লিখাঁঃ
ক) কবিয়ে বৃন্দাবনলৈ কিয় যাবলৈ বিচাৰিছে?
উত্তৰঃ কবিয়ে বৃন্দাবনলৈ মনোমোহা দৃশ্য চাবলৈ যাব বিচাৰিছে।
খ) গৰুৰ পোৱালিবোৰে কিয় হেম্বেলিয়াবলৈ এৰিছে?
উত্তৰঃ গৰুৰ পোৱালিবোৰে আনন্দতে হেম্বেলিয়াবলৈ এৰিছে।
গ) কবিয়ে ব্ৰজৰ প্ৰজাসকলৰ বৰ ভাগ্য বুলি কিয় ক'বলৈ বিচাৰিছে?
উত্তৰঃ বৃন্দাবনত যি আনন্দ জোৱাৰ উঠিছে সেই জোৱাৰ ত্ৰিভূৱনত পোৱা নাযায় বুলি কবিয়ে কৈছে। সেই কাৰণে ব্ৰজপ্ৰজাসকলক বৰ ভাগ্য বুলি কৈছে।
[ ২] কবিতাটিৰ কথাখিনি গদ্যত লিখাঁ।
উত্তৰঃ পৰম পুৰুষ ভগৱান শ্রীকৃষ্ণই মানৱী ৰূপ লৈ বৃন্দাবনত উপস্থিত হৈছে। তেওঁৰ লগত আছে জ্যেষ্ঠ ভাতৃ বললাম। দুয়ােজনে নাচি বাগি গীত গাই শিঙা শংখ-বাঁহী বজাই গৰু চৰােৱাত সমগ্র বৃন্দাবনত মহা আনন্দৰ জোৱাৰ উঠিছে। আনন্দ এই পৰিবেশত সকলােৰে মুখত ৰামকৃষ্ণ ধ্বনি। আনকি নিজৰ মাকক বিচাৰি হেম্বেলিয়াই থকা গৰু পােৱালিৰবাৰেও হেম্বেলিয়াব এৰিছে ৰাম-কৃষ্ণক ওচৰত পাই। কবিৰ মতে বৃন্দাবনত পােৱা এই আনন্দৰ ৰস ত্রিভূবন অর্থাৎ স্বর্গ, মর্ত্য, পাতালৰ তােৱে পাবলৈ নাই। ৰামকৃষ্ণৰ নিচিনা দুই পৰম পুৰুষক কাষতে পােৱাটো ব্রজবাসীৰ প্ৰজাৰ ভাগ্য বুলি কবিয়ে কৈছে। কবিয়ে নিজেও নিজ চকুৰে বৃন্দাবনৰ এই দৃশ্য উপভােগ কৰাৰ উদ্দেশ্যে বৃন্দাবনলৈ যাবলৈ বিচাৰিছে।
[ ৩] বুজা আৰু লিখাঁঃ
তিনিখন ভূৱনৰ সমাহাৰ ----- ত্ৰিভূৱন
তিনিটা নয়ন যাৰ ----- ত্ৰিনয়ন
নটা ৰত্ন একেলগে ---- নৱৰত্ন
চাৰিটা আলিৰ সংগমস্থল ---- চাৰিআলি
তিনিটা আলিৰ সংগমস্থল ----- তিনিআলি।
Type: Nayan Moni Deka
Check By - Mukesh Borah