মৌৰ্য্যোত্তৰ যুগৰ ভাৰত | Lesson 3 | Class 6 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্যালয় ষষ্ঠ শ্ৰণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৩

মৌৰ্য্যোত্তৰ যুগৰ ভাৰত



১। কেৱল উত্তৰ লিখা।

(ক) মৌৰ্যসকলৰ শেষ ৰজা কোন আছিল?

উত্তৰঃ মৌৰ্যসকলৰ শেষ ৰজা আছিল বৃহদ্ৰথ।


(খ) শুংগ বংশৰ প্রতিষ্ঠাতা কোন?

উত্তৰঃ শুংগ বংশৰ প্রতিষ্ঠাতা হৈছে - পুষ্য়মিত্ৰ।


(গ) চেত বংশই কোন শতাব্দীত ৰাজত্ব কৰিছিল?

উত্তৰঃ চেত বংশই খ্ৰীঃপূ ১ম শতাব্দীত ৰাজত্ব কৰিছিল।


(ঘ) গৰুড়ধ্বজ স্তম্ভ কোনে ক’ত নির্মাণ কৰাইছিল?

উত্তৰঃ গৰুড়ধ্বজ স্তম্ভ গ্ৰীক কটকী হেলিয়াডৰাচে বেশ নগৰত নির্মাণ কৰাইছিল।

(ঙ) মহাক্ষত্ৰপ উপাধি কোনে লৈছিল?

উত্তৰঃ শক ৰজা ৰুদ্ৰবৰ্মণে মহাক্ষত্ৰপ উপাধি লৈছিল।


(চ) সুদর্শন হ্ৰদটো কোনে পুনর্নিমাণ কৰিছিল? 

উত্তৰঃ শক ৰজা ৰুদ্ৰবৰ্মণে সুদর্শন হ্ৰদটো পুনর্নিমাণ কৰিছিল।


(ছ) শকাব্দ চনটো কেতিয়াৰ পৰা প্রচলন হয় ? 

উত্তৰঃ সম্ভৱতঃ ৭৮ খ্ৰীঃ ৰ পৰা শকাব্দ চনটো প্রচলন হয়।


(জ) বুদ্ধচৰিত পুথিখনৰ ৰচক কোন? 

উত্তৰঃ বুদ্ধচৰিত পুথিখনৰ ৰচক হৈছে অশ্বঘোষ।


(ঝ) প্রতিস্থান বা পৈথান কোন বংশৰ ৰাজধানী আছিল?

উত্তৰঃ প্রতিস্থান বা পৈথান সাতবাহন বংশৰ ৰাজধানী আছিল।


২। খালী ঠাই পূৰ কৰা।

(ক) চেত বংশটোৰ বিখ্যাত ৰজা আছিল খাৰৱেল

(খ) ভাৰহুট ৰ লিপি আৰু সাঁচীৰ তােৰণেই আছিল শিল্পকলাৰ এক উৎকৃষ্ট নিদর্শন। 

(গ) খ্রী.পূ. দ্বিতীয় শতিকাত য়ুঁচি নামৰ এটা জাতিয়ে মধ্য এছিয়াত বাস কৰিছিল। 

(ঘ) কণিষ্কৰ বিশাল ৰাজ্যৰ ৰাজধানী আছিল পেছোৱাৰ বৰ্তমানৰ পেছােৱাৰ।

(ঙ) কৃষিয়েই আছিল সাতবাহনসকলৰ অৰ্থনীতিৰ মূল ভেটি। 


৩। চমু উত্তৰ লিখা। 

(ক) সাতবাহনসকলৰ ৰাজত্বকালৰ ঘেঁহু উৎপাদনৰ বাবে বিখ্যাত ঠাইকেইখন কি আছিল? 

উত্তৰঃ সাতবাহনসকলৰ ৰাজত্বকালৰ ঘেঁহু উৎপাদনৰ বাবে বিখ্যাত ঠাইকেইখন আছিল - তাগাৰা আৰু পৈথান।

(খ) গৌতমীপুত্র শাতকর্ণিয়ে কাক পৰাজিত কৰি কি উপাধি লৈছিল? 

উত্তৰঃ গৌতমীপুত্র শাতকর্ণিয়ে শকসকলৰ বিখ্য়াত ৰজা নাহাপনক পৰাজিত কৰি ক্ষত্ৰিয়-দৰ্পমান-মৰ্দ্দন উপাধি লৈছিল।


(গ) চতুর্থ বৌদ্ধ মহামেলৰ সভাপতি কোন আছিল? বৌদ্ধ ধর্মৰ মূল ভাগকেইটা কি কি লিখা। 

উত্তৰঃ চতুর্থ বৌদ্ধ মহামেলৰ সভাপতি আছিল পণ্ডিত বসুমিত্ৰ। বৌদ্ধ ধর্মৰ মূল ভাগকেইটা হৈছে - হীনযান আৰু মহাযান।


(ঘ) মিলিন্দ পঞহাে বা মিলিন্দৰ প্রশ্ন মানে কি বুজা? ই কিহৰ লগত জড়িত? 

উত্তৰঃ মিলিন্দ পঞহাে বা মিলিন্দৰ প্রশ্ন মানে হৈছে এখন বিখ্য়াত পালি ভাষাৰ গ্ৰন্থ। গ্ৰীক ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা মিনান্দাৰ বা মিলিন্দৰ নামৰ সৈতে ই জড়িত।


৪। চমু টোকা লিখা।

(ক) গান্ধাৰ শিল্পকলা

উত্তৰঃ এই শিল্পকলা গ্ৰীক আৰু ভাৰতীয়সকলৰ সংমিশ্ৰণত গঢ় লৈ উঠিছিল। গান্ধাৰ প্ৰদেশত অৱস্থিত বাবে এই শিল্পকলাক গান্ধাৰ শিল্পকলা বুলি কোৱা হয়। এই শিল্পকলাৰ উল্লেখযোগ্য় বৈশিষ্ট্য় হৈছে - ইয়াৰ বিষয়বস্তুৰ ধাৰণা আৰু পৰম্পৰা ভাৰতীয়, আৰু প্ৰায়োগিক দিশটো গ্ৰীকসকলৰ। আন এটা বৈশিষ্ট্য় হৈছে - ইয়াত খোদিত মূৰ্তিবিলাক ঘাইকৈ বুদ্ধদেৱৰ জীৱনৰ ওপৰত আধাৰিত চিত্ৰ-ভাস্কৰ্য্য়  আছিল।


(খ) সংগম বা সদন 

উত্তৰঃ চোল, চেৰা আৰু পাণ্ড্য় এই তিনিওখন ৰাজ্য়ৰ বিভিন্ন পণ্ডিত, কবি, সাহিত্য়িক, চাৰণ আৰু ৰজাঘৰীয়া লোকৰ একেলগে সমাৱেশ ঘটিছিল। এই সমাৱেশৰ সভাখনেই আছিল সংগম বা সদন। এই সংগম বা সদনত সাহিত্য়, কবিতা আদিৰ বিষয়ে আলোচনা কৰা হৈছিল। 


(গ) শুংগ বংশ

উত্তৰঃ শুংগ বংশৰ উল্লেখযোগ্য় ৰজাজন হৈছে পুষ্য়মিত্ৰ শুংগ। তেওঁৰ বাহিৰেও শুংগবংশৰ আন উল্লেখযোগ্য় ৰজাকেইজন হৈছে - অগ্নিমিত্ৰ, জেষ্ঠমিত্ৰ, বসুমিত্ৰ আৰু ভাগভ্ৰথ। শুংগবংশৰ শেষ ৰজাজন হৈছে দেৱভূতি।


(ঘ) শকসকল।

উত্তৰঃ শকসকল মূলতে মধ্য এছিয়াৰ য়ুচি নামৰ জাতিটোৰ পৰা খেদা খােৱা আন এটা অঘৰী জাতি। তাৰে এটা ঠালে ভাৰতৰ পশ্চিম আৰু উত্তৰ-পশ্চিম দিশেদি ভাৰতত প্ৰৱেশ কৰিছিল। প্রথমাৱস্থাত নিজে সাম্রাজ্য স্থাপন নকৰি কিছু শকে পার্থিয়ানসকলৰ তলত ক্ষত্রপ বা ভাইচৰয় হিচাপে কাম কৰিছিল। কালক্ৰমত তক্ষশীলা, মথুৰা, নাচিক আৰু উজ্জয়িনীত বেলেগ বেলেগ ক্ষত্রপে শাসন কৰিছিল। গােটেইকেইখনৰ ওপৰত শক ৰজা ৰুদ্ৰদমনে একত্রিতা লাভ কৰি মহাক্ষত্ৰপ উপাধি লৈছিল।


৫। উত্তৰ লিখা। 

(ক) ভাৰতত ইণ্ডো-গ্রীকসকলৰ উত্থানৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ 


(খ) কণিষ্ক আৰু অশােকৰ মাজত থকা যি কোনাে দুটা সাদৃশ্য আৰু বৈসাদৃশ্য লিখা।

উত্তৰঃ কণিষ্ক আৰু অশােকৰ মাজত থকা যি কোনাে দুটা সাদৃশ্য হৈছে -

- দুয়োজনেই জাতত ক্ষত্ৰিয় আছিল।

- দুয়োজনেই বৌদ্ধ মহামেলৰ নায়ক আছিল।

আৰু দুটা বৈসাদৃশ্য হৈছে -

- অশোকৰ দিনত বৌদ্ধধৰ্ম ভাগ হোৱা নাছিল। কিন্তু কণিষ্কৰ দিনত বৌদ্ধধৰ্ম হীনযান আৰু মহাযান নাামেৰে দুটা ভাগত ভাগ হৈছিল।

- অশোকৰ দিনত এখনেই মাত্ৰ যুদ্ধ হৈছিল। তাৰ পিছতেই অশোকে সম্পূৰ্ণৰূপে যুদ্ধ ত্য়াগ কৰিছিল। কিন্তু কণিষ্কই ষুদ্ধ বিগ্ৰহ কৰিও বৌদ্ধ ধৰ্মত মনোনিৱেশ কৰিছিল অৰ্থাৎ কণিষ্কই সম্পূৰ্ণৰূপে যুদ্ধ ত্য়াগ কৰা নাছিল।


(গ) সামাজিকভাৱে সাতবাহনসকলে জনসাধাৰণক কি কি চাৰিটা ভাগত ভাগ কৰিছিল লিখা। 

উত্তৰঃ সামাজিকভাৱে সাতবাহনসকলে জনসাধাৰণক চাৰিটা ভাগত ভাগ কৰিছিল। ভাগকেইটা হৈছে - (i) উচ্চ পদস্থ বিষয়াসকল যেনে মহাৰথী, মহাভোজ, মহাসেনাপতি আদি। (ii) অমাত্য়, মহামাত্ৰ,  ব্য়ৱসায়ী আৰু সদাগৰসকল। (iii) সোণাৰী, কৃষক, লেখক, চিকিৎসক, ঔষধ প্ৰস্তুতকাৰী আদি, (iv) কাঠমিস্ত্ৰী, কমাৰ, মাছমৰীয়া, মালী, আৰু ক্ৰীতদাস।


৬। ভাৰতীয় সমাজলৈ গ্রীকসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ভাৰতীয় সমাজত মুদ্ৰা উন্নীতকৰণত গ্ৰীকসকলৰ অৱদান বহুত বেছি। তেওঁলোক আৰু ভাৰতীয়সকলৰ সংমিশ্ৰণত গঢ় লৈ উঠা আন এক উল্লেখযোগ্য় অৱদান হৈছে গান্ধাৰ শিল্পকলা।


৭। কুষাণসকল কোন? তেওঁলােকে কেনেকৈ ভাৰতত ৰাজ্য স্থাপন কৰিছিল লিখা।

উত্তৰঃ ভাৰতীয় শাসকসকলৰ মাজত হোৱা মনোমালিন্য় আৰু অনৈক্য়তাৰ সুযোগ লৈ কুজল কদফাইচিচে কাবুল, কান্দাহাৰ, আফগানিস্তান, তক্ষশীলা আৰু পেছোৱাৰ অধিকাৰ কৰি ভাৰতৰ উত্তৰ-পশ্চিম সীমান্তৰ ৰখীয়া হৈ পৰিল। কুষাণ বংশৰ তৃতীয় আৰু শ্ৰেষ্ঠ ৰজাজন হৈছে কণিষ্ক। তেওঁ এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা হিচাপেই নহয় ভাৰতীয় সমাজলৈ তেওঁৰ অৱদানৰ বাবে আজিও এক উচ্চ আসন লাভ কৰি আহিছে।


-Hiru Moni Bora