আমাৰ ৰাষ্ট্ৰীয় সংহতি | Lesson 9 | Class 6 Social Science Question and Answer Assam Jatiya Bidyalay | অসম জাতীয় বিদ্য়ালয়ৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |


পাঠ ৯

আমাৰ ৰাষ্ট্ৰীয় সংহতি

   
 
    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer

    👉MCQ Answer 

১। এটা বাক্যত উত্তৰ লিখা।

(ক) আমাৰ ভাৰতীয় সংস্কৃতিৰ প্রধান বৈশিষ্টটো কি?

উত্তৰঃ আমাৰ ভাৰতীয় সংস্কৃতিৰ প্রধান বৈশিষ্টটো হৈছে - বিভিন্নতাৰ মাজত ঐক্য়তা।


(খ) ভাৰতবৰ্ষত কিমানটা ভাষাক সাংবিধানিক স্বীকৃতি প্রদান কৰা হৈছে?

উত্তৰঃ ভাৰতবৰ্ষত ২২টা ভাষাক সাংবিধানিক স্বীকৃতি প্রদান কৰা হৈছে।


(গ) ভাৰতৰ ৰাষ্ট্রীয় ভাষা কি?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্রীয় ভাষা হিন্দী।


(ঘ) দক্ষিণ ভাৰতত কিহৰ তেল বেছিকৈ ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ দক্ষিণ ভাৰতত নাৰিকলৰ তেল বেছিকৈ ব্যৱহাৰ কৰা হয়।


(ঙ) ভাৰতবৰ্ষৰ কোন ৰাজ্যত মৰুভূমি আছে?

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাজস্থানত মৰুভূমি আছে।


(চ)ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা গেৰুৱা ৰঙটোৱে কি অর্থ প্রকাশ কৰে?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত থকা গেৰুৱা ৰঙটোৱে সাহস আৰু ত্য়াগক বুজায়।


(ছ)ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ - প্রস্থৰ অনুপাত কিমান?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দীঘ প্রস্থৰ ডেৰগুণ।


(জ) ভাৰতৰ ৰাষ্ট্রীয় সংগীতটো কিমান সময়ত গাই শেষ কৰিব লাগে?

উত্তৰঃ ভাৰতৰ ৰাষ্ট্রীয় সংগীতটো ৫২ ছেকেণ্ডত গাই শেষ কৰিব লাগে।


(ঝ) ভাৰতৰ ৰাষ্ট্রীয় প্রতীকৰ তলত লিপিবদ্ধ কথাষাৰ লিখা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্রীয় প্রতীকৰ তলত লিপিবদ্ধ কথাষাৰ হৈছে - 'সত্য়মেব জয়তে'।


(ঞ) অসমৰ পৰা আন ৰাজ্যসমূহলৈ ৰপ্তানি হােৱা এবিধ সামগ্ৰীৰ নাম লিখা।

উত্তৰঃ অসমৰ পৰা আন ৰাজ্যসমূহলৈ ৰপ্তানি হােৱা এবিধ সামগ্ৰীৰ নাম হৈছে - চাহপাত।


২।তলত দিয়া প্রশ্নসমূহৰ যথাযথ উত্তৰ লিখা। ( দুই বা তিনিশাৰী বাক্যত )

(ক) ৰাষ্ট্ৰীয় সংহতি মানে কি বুজা?

উত্তৰঃ কোনো এখন ৰাষ্ট্ৰৰ সকলোবোৰ লোক জাতি, বৰ্ণ, ভাষা, ধৰ্মৰ পাৰ্থক্য় পৰিহাৰ কৰি একাত্মবোধেৰে বান্ধ খাই থকাকে ৰাষ্ট্ৰীয় সংহতি বোলে।


(খ) ভাৰতবৰ্ষক কিয় বিভিন্ন ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়?

উত্তৰঃ পৃথিৱীৰ প্ৰায় সকলো ধৰ্মৰ লোকে ভাৰতত বাস কৰে। এই সকলো ধৰ্মাৱলম্বী লোকে নিজ নিজ ধৰ্ম পালন কৰিব পাৰে। ভাৰতবৰ্ষৰ কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰীয় ধৰ্ম নাই। সেয়েহে ভাৰতবৰ্যক বিভিন্ন ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়।


(গ) একক নাগৰিকত্ব মানে কি?

উত্তৰঃ এখন দেশত বসবাস কৰা লোকসকলে যেতিয়া কেৱল দেশখনৰ নাগৰিকত্ব লাভ কৰিব তাকে একক নাগৰিকত্ব বোলা হয়।


(ঘ) পাৰস্পৰিক নিৰ্ভৰশীলতাই কি বুজায়? উদাহৰণসহ লিখা।

উত্তৰঃ পাৰস্পৰিক নিৰ্ভবশীলতা মানে হ’ল এখন ৰাজ্য আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ স্বৰূপে অসমৰ চাহপাত, কয়লা, খনিজ তেল আদি ভাৰতত আন ৰাজ্যসমূহলৈ যায়। ঠিক তেনেদৰে অসমলৈ বিভিন্ন ফলমূল ঘেঁই আদি অনা হয়। এনেকৈয়ে এখন ৰাজ্য আন এখন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে।


৩। চমু টোকা লিখা।( ৩০ ৰ পৰা ৪০ টা শব্দৰ ভিতৰত ) 

(ক) ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা।

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনত তিনিটা ৰং লােৱা হৈছে - সেউজীয়া, বগা আৰু গেৰুৱা। প্ৰতিটো ৰঙৰ অর্থ তাৎপর্যপূর্ণ। একেবাৰে ওপৰৰ গেৰুৱা ৰং সাহস আৰু ত্যাগৰ প্রতীক। মাজত বকা বগা ৰঙে সত্য, শান্তি আৰু পৱিত্ৰতাক বুজাইছে। একেবাৰে তলৰ সেউজীয়া ৰঙে শস্য শ্যামলা সেউজীয়া ভাৰতবৰ্ষক সূচাইছে। বগা ৰঙৰ সোঁমাজত ২৪ ডাল দণ্ডযুক্ত এটা চক্র আছে। এই চক্ৰটো সাৰনাথৰ অশােক স্তম্ভৰ পৰা লােৱা হৈছে। চক্ৰটোক ন্যায়ৰ প্ৰতীকৰূপে লােৱা হৈছে। পতাকাখনৰ দীঘ-প্রস্থৰ ডেৰগুণ হ’ব লাগে। ৰাষ্ট্ৰীয় পতাকাখনে আমাৰ ৰাষ্ট্ৰীয় সংহতি গঢ়ি তােলাত যথেষ্ট অৰিহণা যােগাইছে।


(খ) ভাৰতৰ ৰাষ্ট্রীয় সংগীত।

উত্তৰঃ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা গীতক ৰাষ্ট্রীয় সংগীতৰূপে স্বীকৃতি দিয়া হৈছে। সেয়া হৈছে কবিগুৰু ৰবীন্দ্ৰনাথে ৰচনা কৰা ‘জনগণ মন অধিনায়ক জয় হে' নামৰ গীতটি। এই গীতটি ১৯৫০ চনৰ ২৪ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় সংগীতৰূপে গ্রহণ কৰা হৈছিল। ৰাষ্ট্রীয় সংগীত শুনা মাত্রকে থিয় হৈ সন্মান জনােৱাটো আমাৰ সকলােৰে কর্তব্য। আমাৰ ৰাষ্ট্রীয় সংগীতটো প্রায় ৫২ ছেকেণ্ডত গাই শেষ কৰিব লাগে। ৰাষ্ট্রীয় সংগীতে দেশবাসীৰ মাজত ঐক্য - সংহতি গঢ়ি তুলিছে।


(গ) ভাৰতৰ ৰাষ্ট্রীয় প্রতীক।

উত্তৰঃ ৰাষ্ট্ৰীয় প্রতীকটোত এখন ঘূৰণীয়া পীৰাৰ ওপৰত চাৰিটা সিংহৰ প্রতিমূর্তি আছে। সমুখৰ ফালৰ পৰা চালে তিনিটা সিংহৰ প্রতিমূর্তিহে দেখা পােৱা যায়। পীৰাৰ সন্মুখৰফালে মাজভাগত এটা ধর্ম চক্র আছে। এই চক্ৰটোৰ সোঁফালে ষাঁড় গৰু আৰু বাঁওফালে এটা ঘোঁৰা আছে। প্ৰতীকটোৰ তলত দেৱনাগৰী লিপিত 'সত্যমেব জয়তে' , অর্থাৎ 'সত্যৰ সদায় জয়’ বুলি কথাষাৰ লিখা আছে। এই ৰাষ্ট্ৰীয় প্রতীকক সমগ্র দেশবাসীয়ে সন্মান জনায়। ৰাষ্ট্রীয় প্রতীক আমাৰ ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতীকৰূপে পৰিগণিত হৈছে।


(ঘ) ভাৰতৰ মুদ্রা ব্যৱস্থা।

উত্তৰঃ আমাৰ সমগ্ৰ দেশখনৰ বাবে একে মুদ্রা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অর্থাৎ অসমত যিবােৰ মুদ্রা ( কাগজী নােট, ধাতুৰ খুচুৰা পইচা আদি ) প্রচলিত, ভাৰতৰ আন আন ঠাইতাে সেই একে মুদ্রা প্রচলিত। কিন্তু ভাৰতৰ বাহিৰত আমি আমাৰ দেশৰ মুদ্ৰাৰে বস্তু কিনা-বেচা কৰিব নােৱাৰোঁ। ভাৰতৰ বাহিৰত সােণ, ৰূপৰ মুদ্ৰা নাইবা আন্তঃৰাষ্ট্ৰীয় মুদ্রা ডলাৰ ব্যৱহাৰ কৰিব লাগিব। একে মুদ্রা ব্যৱস্থা আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংহতিৰ প্রতীক।


৪। ৰাষ্ট্ৰীয় সংহতি গঢ়ি তােলাৰ ক্ষেত্ৰত সহায়ক হ’ব পৰা যি কোনাে পাঁচোটা মাধ্যমৰ বিষয়ে লিখা । ( ৫০ টাৰ পৰা ৭৫ টা শব্দৰ ভিতৰত ) 

উত্তৰঃ ৰাষ্ট্ৰীয় সংহতি গঢ়ি তােলাৰ ক্ষেত্ৰত সহায়ক হ’ব পৰা যি কোনাে পাঁচোটা মাধ্যম হৈছে -

একক সংবিধানঃ ভাৰতবৰ্ষৰ সকলো ৰাজ্য়ৰ বাবে এখনেই সংবিধানৰ ব্য়ৱস্থা কৰা হৈছে, সেয়া হৈছে ভাৰতীয় সংবিধান।সংবিধানখন ভাৰতৰ সকলো নাগৰিকে মানি চলাটো বাধ্য়তামূলক। একক সংবিধান ব্য়ৱস্থাই আমাৰ ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাত বহু অৰিহণা যোগাইছে।

ৰাষ্ট্ৰীয় পতাকাঃ ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰীয় পতাকা আছে। পতাকাখনক ভাৰতত বাস কৰা সকলো নাগৰিকে সন্মান প্ৰদৰ্শন কৰে।

ৰাষ্ট্ৰীয় সংগীতঃ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা গীতক ৰাষ্ট্ৰীয় সংগীত হিচাপে গণ্য় ৰা হৈছে। ৰাষ্ট্ৰীয় সংগীতে দেশবাসীক মাজত ঐক্য়-সংহতি গঢ়ি তুলিছে।

ৰাষ্ট্ৰীয় প্ৰতীকঃ সাৰনাথত থকা অশোক স্তম্ভটোক সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় প্ৰতীকটোক সকলোৱে সন্মান জনায়। এই প্ৰতীকটোৱে আমাৰ ৰাষ্ট্ৰীয় সংহতিৰো প্ৰতীকৰূপে পৰিগণিত হৈছে।

ৰাষ্ট্ৰীয় দিৱসঃ আমাৰ দেশৰ স্বাধীনতা দিৱস, গণৰাজ্য় দিৱস আৰু গান্ধী জয়ন্তীক ৰাষ্ট্ৰীয় দিৱস হিচাপে গণ্য় কৰা হয়। এই ৰাষ্ট্ৰীয় দিৱসসমূহে আমাৰ ৰাষ্ট্ৰীয় সংহতি শক্তিশালী হোাত যথেষ্ট অৰিহণা যোগাইছে।


৫। ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মাব পৰা যি কোনাে পাঁচোটা দিশৰ বিষয়ে আলােচনা কৰা। ( ৫০ টাৰ পৰা ৭৫ টা শব্দৰ ভিতৰত )

উত্তৰঃ ৰাষ্ট্ৰীয় সংহতিত ব্যাঘাত জন্মাব পৰা যি কোনাে পাঁচটা দিশ হৈছে -

- ব্য়ক্তি স্বাৰ্থপৰতাঃ ব্য়ক্তিগত স্বাৰ্থপৰতা ৰাষ্ট্ৰীয় সংহতিৰ প্ৰধান অন্তৰায়। ব্য়ক্তিগত স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ মানুহে বহুতো নকৰিবলগীয়া কাম কৰি পেলায় আৰু এইদৰে দেশৰ ৰাষ্ট্ৰীয় সংহতিত ব্য়াঘাত জন্মায়।

- হিংসা-বিদ্বেষ ভাবঃ আমাৰ মাজত থকা হিংসা-বিদ্বেষ ভাবেও ৰাষ্ট্ৰীয় সংহতিত ব্য়াঘাত জন্মায়। পাৰস্পৰিক হিংসা, বিদ্বেষ আদিয়ে আমাৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠাৰ ক্ষেত্ৰত প্ৰধান অন্তৰায়ৰ সৃষ্টি কৰে।

- উদাসীনতাঃ নাগৰিকৰ মাজত থকা উদাসীনতা ভাবধাৰাই ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। কিয়নো উদাসীন নাগৰিকে দেশৰ কোনো কাৰ্য্য়তে অংশ গ্ৰহণ নকৰে অথবা কোনো ধৰণৰ অৰিহণা নোযোগায়।

- সাম্প্ৰদায়িকতাঃ ৰাষ্ট্ৰীয় সংহতি গঢ়ি উঠাৰ ক্ষেত্ৰত এক প্ৰধান অন্তৰায় হৈছে সাম্প্ৰদায়িকতা। সাম্প্ৰদায়িকতাৰ অৰ্থ হৈছে ধৰ্মীয় গোড়ামী তথা আন ধৰ্মৰ প্ৰতি বিদ্বেষ ভাব। সাম্প্ৰদায়িকতাই দেশৰ ঐক্য়তাত বাধাৰ সৃষ্টি কৰে।


৬। ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ সংবিধানত থকা ব্যৱস্থাসমূহ আলােচনা কৰা। ( ৭০ ৰ পৰা ১০০ টা শব্দৰ ভিতৰত )

উত্তৰঃ ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ সংবিধানত থকা ব্যৱস্থাসমূহ হৈছে -

একক সংবিধানঃ ভাৰতবৰ্ষৰ সকলো ৰাজ্য়ৰ বাবে এখনেই সংবিধানৰ ব্য়ৱস্থা কৰা হৈছে, সেয়া হৈছে ভাৰতীয় সংবিধান।সংবিধানখন ভাৰতৰ সকলো নাগৰিকে মানি চলাটো বাধ্য়তামূলক। একক সংবিধান ব্য়ৱস্থাই আমাৰ ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাত বহু অৰিহণা যোগাইছে।

ৰাষ্ট্ৰীয় পতাকাঃ ভাৰতবৰ্ষৰ এখন ৰাষ্ট্ৰীয় পতাকা আছে। পতাকাখনক ভাৰতত বাস কৰা সকলো নাগৰিকে সন্মান প্ৰদৰ্শন কৰে।

ৰাষ্ট্ৰীয় সংগীতঃ সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা গীতক ৰাষ্ট্ৰীয় সংগীত হিচাপে গণ্য় ৰা হৈছে। ৰাষ্ট্ৰীয় সংগীতে দেশবাসীক মাজত ঐক্য়-সংহতি গঢ়ি তুলিছে।

ৰাষ্ট্ৰীয় প্ৰতীকঃ সাৰনাথত থকা অশোক স্তম্ভটোক সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় প্ৰতীকটোক সকলোৱে সন্মান জনায়। এই প্ৰতীকটোৱে আমাৰ ৰাষ্ট্ৰীয় সংহতিৰো প্ৰতীকৰূপে পৰিগণিত হৈছে।

ৰাষ্ট্ৰীয় দিৱসঃ আমাৰ দেশৰ স্বাধীনতা দিৱস, গণৰাজ্য় দিৱস আৰু গান্ধী জয়ন্তীক ৰাষ্ট্ৰীয় দিৱস হিচাপে গণ্য় কৰা হয়। এই ৰাষ্ট্ৰীয় দিৱসসমূহে আমাৰ ৰাষ্ট্ৰীয় সংহতি শক্তিশালী হোৱাত যথেষ্ট অৰিহণা যোগাইছে।

 


Check by- Mukesh Borah