পাঠ: ১২
ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম
👉Text Book PDF
👉MCQ online Exam
👉Short Question Answer
👉MCQs Answer
(১) চমু উত্তৰ দিয়া一
(ক) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ:- ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম ১৮৮৫ চনত হৈছিল।
(খ) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ:- ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা অক্টাভিয়াম হিউম।
(গ) ভাৰবৰ্ষত অসহযোগ আন্দোলন কেতিয়া আৰু কাৰ নেতৃত্বত আৰম্ভ হৈছিল?
উত্তৰ:- ভাৰবৰ্ষত অসহযোগ আন্দোলন ১৯২০ চনত আৰু মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল।
(ঘ) ১৯২৬ চনত হোৱা ভাৰতীয় কংগ্ৰেছ সৰ্বভাৰতীয় অধীৱেশনতখন অসমৰ কোন ঠাইত অনুষ্ঠিত হয়? এই অধীৱেশনৰ সভাপতি কোন আছিল?
উত্তৰ:- ১৯২৬ চনত হোৱা ভাৰতীয় কংগ্ৰেছ সৰ্বভাৰতীয় অধীৱেশনতখন অসমৰ অসমৰ পাণ্ডুত অনুষ্ঠিত হয় এই অধীৱেশনৰ সভাপতি শ্ৰীনিৱাস আয়েংগাৰ আছিল।
(২) খালী ঠাই পূৰ কৰা ঃ
(ক) ১৮২৬ চনত অসমত ইংৰাজসকলৰ শাসন আৰম্ভ হয়।
(খ) নৰোত্তম দাস ৰচিত অসমৰ পথৰুঘাটৰ ৰণৰ বিস্তৃত বিৱৰণ পোৱা যায়।
(গ) ১৮৮৫ খ্ৰীষ্টাব্দত অক্টাভিয়াম হিউম নামৰ এজন ইংৰাজ ভদ্ৰলোকৰ উদ্য়োগত ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ এটা অনুষ্ঠানৰ জন্ম হয়।
(৩)চমুটোকা লিখা一
কৃষক বিদ্ৰোহঃ- ১৮৬১ চনত নগাঁৱৰপৰা ১৪ কিলোমিটাৰ আঁতৰত অৱস্থিত ফুলগুৰি নামৰ ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহক ফুলগুৰিৰ বিদ্ৰোহ বা ফুলগুৰিৰ ধেৱা হিচাবে জনা যায়। কৃষক বিদ্ৰোহ সেনাৰ গুলী বৰ্ষণত ৩৯ জন বিদ্ৰোহীৰ থিতাতে মৃত্যু হয়। বহু লোক গুৰুতৰভাৱে আহত হয় আৰু বহু লোকক বন্দী কৰি থয়।
ভাৰত ত্য়াগ আন্দোলনঃ- ব্ৰিটিছৰ শাসন প্ৰত্যাহাৰ"ৰ দাবীত কংগ্ৰেছ সমিতিয়ে এক গণ প্ৰতিবাদ আৰম্ভ কৰিছিল এয়ে হ'ল ভাৰত ত্য়াগ আন্দোলন। এই আন্দোলন ৯ আগষ্ট ১৯৪২ চনত আৰম্ভ হৈছিল। ভাৰত ত্যাগ আন্দোলন বৃট্ৰিছৰ প্ৰবল দমন নীতি, দুৰ্বল সমন্বয় আৰু এক স্পষ্ট কাৰ্য্যপন্থাৰ অভাৱৰ বাবে বিফল হৈছিল।
কনকলতাঃ- কনকলতা বৰুৱাৰ জন্ম হয় ১৯২৮ চনত গহপুৰৰ এচৰৰ বৰঙাবাৰী গাঁৱত। কনকতলতাৰ দেউতাকৰ নাম কি আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিল কনকেশ্বৰী বৰুৱা। তেখেত এগৰাকী দেশপ্ৰেমী মহিলা আছিল। তেখেতে ১৯৮২ চনত দেশ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল।
গমধৰ কোঁৱৰঃ- গমধৰ কোঁৱৰৰ পিতৃ আছিল ফেনা কোঁৱৰ।এওঁৰ অধীনতেই বৃটিছক খেদাৰ যড়যন্ত্ৰ কৰা হৈছিল। কিন্তু ইংৰাজসকলে এই ষড়যন্ত্ৰ অতি সহজেই মষিমূৰ কৰি পেলাইছিল। অৱশেষত গমধৰ কোঁৱৰে যোৰহাটত ধৰা দিয়ে। সেই সময়তে মণিৰাম দেৱান আদিয়ে পঞ্চায়ত সভা পাতি গমধৰ কোঁৱৰক দোষী সাব্যস্ত কৰে আৰু দণ্ড হিচাপে মৃত্যুদণ্ড বিহে। কিন্তু ইংৰাজ শাসনাধিপতিহে তেওঁৰ দণ্ড কমাই যোৰহাটৰ ফাটেকত ৰাখে। গমধৰ কোঁৱৰে ফাটেকৰ পৰা পলাই ঘূৰি ফুৰোতে পুনৰ ধৰা পৰে আৰু চৈধ্য বছৰ কাৰাবাস খাটিবলগা হয়।
Mampi Kakati
Post ID : DABP006442