পাঠঃ ১৯
তেজপুৰ
👉Text Book PDF
👉MCQ Answer
👉MCQ Online Exam
অনুশীলনী
১। উত্তৰ লিখা 一
(ক) প্ৰিয়া আৰু প্ৰীতম কাৰ লগত তেজপুৰলৈ গৈছিল?
উত্তৰঃ প্ৰিয়া আৰু প্ৰীতম মাক-দেউতাক আৰু ককাকৰ লগত তেজপুৰলৈ গৈছিল।
(খ) অসমৰ মানসিক চিকিৎসালয় ক'ত আছে?
উত্তৰঃ অসমৰ মানসিক চিকিৎসালয় তেজপুৰত আছে।
(গ) প্ৰিয়া আৰু প্ৰীতমে তেজপুৰত কি কি চালে?
উত্তৰঃ প্ৰিয়া আৰু প্ৰীতমে তেজপুৰত কলিয়াভোমোৰা দলং, দ-পৰ্বতীয়া বিখ্যাত শৈল তোৰণ, মহাভৈৰৱ মন্দিৰ, পদুম পুখুৰী, বামুণী পাহাৰ, অগ্নিগড় পাহাৰ, চিত্ৰলেখা উদ্যান, হলেশ্বৰ মন্দিৰ, কেতেকেশ্বৰ, অগ্নিগড় উদ্যান, ঊষা-অনিৰুদ্ধ উদ্যান, ভাৰতীয় বায়ু সেনা-বাহিনীৰ বিমান আদি চালে।
(ঘ) উভতি আহিবৰ সময়ত সিহঁতৰ কিয় বৰ বেয়া লাগিল?
উত্তৰঃ উভতি আহিবৰ সময়ত সিহঁতৰ বৰ বেয়া লাগিল কাৰণ সিঁহতৰ আৰু দুদিনমান থাকিবৰ মন আছিল।
(ঙ) বাণৰজাৰ জীয়েকৰ নাম কি আছিল?
উত্তৰঃ বাণৰজাৰ জীয়েকৰ নাম ঊষা আছিল।
(চ) চিত্ৰলেখা কোন আছিল?
উত্তৰঃ চিত্ৰলেখা ঊষাৰ সখী আছিল।
(ছ) ঊষাই কাক বিয়া কৰাইছিল?
উত্তৰঃ ঊষাই অনিৰুদ্ধক বিয়া কৰাইছিল।
২। পাঠত থকা নুবুজা শব্দবোৰ বাছি উলিয়াই আচাৰ্য/আচাৰ্যাৰ পৰা কি শিকি লোৱা।
৩। এইবাৰ তুমি গ্ৰীষ্মকালত কি কৰিলা, সেই বিষয়ে দহটা বাক্য লিখা।
৪। উদাহৰণত দিয়াৰ দৰে লিখা 一
বাঁহ থকা ঠাই 一 বাঁহনি
ফুল ৰোৱা ঠাই 一 ফুলনি
ধান থোৱা ঘৰ 一 ভঁৰাল
গৰু থকা ঘৰ 一 গোহালি
ভাত ৰন্ধা ঘৰ 一 পাকঘৰ
৫। তেজপুৰত থকা প্ৰাচীন কীৰ্তিচিহ্ন সমূহৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ
নং |
কীৰ্তিচিহ্ন |
১ |
কলীয়াভোমোৰা
দলং |
২ |
অগ্নিগড় |
৩ |
মহাভৈৰৱ
মন্দিৰ |
৪ |
চিত্ৰলেখা
উদ্যান |
৫ |
দ-পৰ্বতীয়াৰ
বিখ্যাত শৈল তোৰণ |
৬ |
ভৈৰৱী
মন্দিৰ |
৭ |
পদুম
পুখুৰী |
৮ |
বামুণী
পাহাৰ |
৯ |
হলেশ্বৰ
মন্দিৰ |
১০ |
কেতেকেশ্বৰ |