পাঠঃ ২০
দোঁ খাই থকা গছ
👉Text Book PDF
👉MCQ Answer
👉MCQ Online Exam
অনুশীলনী:
১। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া
(ক) বুঢ়ীয়ে ৰাস্তাৰ দাঁতিত কিয় থিয় হৈ আছিল?
উত্তৰ፦ বুঢ়ীয়ে ৰাস্তাৰ দাঁতিত ৰাস্তাটো পাৰ হ'বৰ বাবে থিয় হৈ আছিল।
(খ) ভদ্ৰলোকজনক বুঢ়ীয়ে কি কৈছিল?
উত্তৰ፦ ভদ্ৰলোকজনক বুঢ়ীয়ে কৈছিল যে "মোক পইচা নালাগে। খৰিমুঠি মোক মূৰত তুলি দি ৰাস্তাটো পাৰ কৰাই দিয়ক। মোক এইকন উপকাৰ কৰক।"
(গ) বুঢ়ীৰ কিয় চকুলো বৈছিল?
উত্তৰ፦ ভদ্ৰলোকজনে বুঢ়ীক সহায় কৰিবলৈ আহি মাঁ বুলি কোৱাৰ বাবে বুঢ়ীৰ চকুলো বৈছিল।
(ঘ) ভদ্ৰলোকজনে বুঢ়ীক কেনেকৈ সহায় কৰিলে?
উত্তৰ፦ ভদ্ৰলোকজনে খৰীৰ বোজাটো লৈ বুঢ়ীৰ হাতত ধৰি ৰাস্তাটো পাৰ কৰাই দিলে। তাৰ পাছত বুঢ়ীৰ মূৰত লাহেকৈ খৰিৰ বোজাটো তুলি দি লাহে লাহে যাবলৈ ক'লে। ভদ্ৰলোকজনে বুঢ়ীক এনেকৈ সহায় কৰিলে।
(ঙ) বুঢ়ীয়ে ভদ্ৰলোকক চিনি পাইছিলনে?
উত্তৰ፦ বুঢ়ীয়ে ভদ্ৰলোকক চিনি পোৱা নাছিল।
(চ) ভদ্ৰলোকজনৰ বিষয়ে তুমি কি জানা চমুকৈ লিখা।
উত্তৰ፦ ভদ্ৰলোকজন মুম্বাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহাদেৱ গোৱিন্দ ৰাণাডে আছিল। তেওঁ এজন পণ্ডিত, বিখ্যাত লেখক আৰু দেশপ্ৰেমিক আছিল। প্ৰথমে তেওঁ এজন নামজ্বলা বিচাৰক আছিল তাৰ পাছত তেওঁপুণে উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতি হয়গৈ। তেওঁ যথেষ্ট ধন উপাৰ্জন কৰিছিল যদিও তেওঁ সহজ-সৰল জীৱন কটাই আনন্দ লাভ কৰিছিল। তেওঁৰ থকা, খোৱা, সাজপাৰ, চলন-ফুৰণ সকলো সাধাৰণ আছিল। ইংৰাজৰ আমোলত ডাঙৰ পদবীত থাকিও সদায় দেশী সাজ-পাৰ পিন্ধিহে উচ্চ ন্যায়ালয়লৈ গেছিল।
২। তলত দিয়া শব্দবোৰেৰে বাক্য সাজা ।
কাণসাৰ - ডাঙৰে দিয়া পৰামৰ্শলৈ কাণসাৰ নকৰিলে পাছত বিপদত পৰিবলগীয়া হয়।
কাবৌ - বুঢ়ীগৰাকীয়ে সহায়ৰ বাবে গাওঁৰ সভাপতিক কাবৌ কৰিছিল।
নামজ্বলা - ডক্টৰ বাণীকান্ত কাকতি এগৰাকী নামজ্বলা ব্যক্তি আছিল।
দোঁ খাই থকা গছ -
Mampi Kakati
Check: Himashree Bora. ( Date: 22-5-2022)
Post ID : DABP006205
*****