অৱবাহ তন্ত্ৰ | অধ্যায় ৩ | Chapter 3 | Class 11 Geography Solution Assamese Medium | HS 1st Year Geography Answer Assam | Class 11 Geography Question Answer | HS 1st Year Geography Notes / Suggestion।

অৱবাহ তন্ত্ৰ

প্ৰশ্নাৱলী

১। তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা-

১) নিম্নোক্ত কোনখন নদীক 'বংগৰ দুখ' বুলি জনা যায়? 

(ক) গণ্ডক

(খ) সোণ

(গ) কুশি

(ঘ) দামোদৰ

উত্তৰঃ(ঘ) দামোদৰ।

২) তলৰ কোনখন নদীৰ অৱবাহিকা (ভাৰতত) সৰ্ববিহৎ? 

(ক) সিন্ধু

(খ) ব্ৰহ্মপুত্ৰ

(গ) গংগা

(ঘ) কৃষ্ণা।

উত্তৰঃ (গ) গংগা।

৩) 'পঞ্চনাদ'ত কোনখন নদী অন্তৰ্ভূক্ত কৰা হৈছে? 

(ক) ৰবি

(খ) সিন্ধু

(গ) চেনাব

(ঘ) ঝিলাম।

উত্তৰঃ (খ) সিন্ধু।

৪) তলৰ কোনখন নদী গ্ৰস্ত উপত্যকাইদি প্ৰবাহিত হৈছে? 

(ক) সোণ

(খ) নৰ্মদা

(গ) যমুনা

(ঘ) লুনী।

উত্তৰঃ (খ) নৰ্মদা।

৫) অলকানন্দা আৰু ভাগিৰথী নদীৰ মোহনা অঞ্চল কোনটো? 

(ক) বিষ্ণপ্ৰয়াগ

(খ) ৰুদ্ৰ প্ৰয়াগ

(গ) কৰণ প্ৰয়াগ

(ঘ) দেৱ প্ৰয়াগ

উত্তৰঃ (ঘ) দেৱ প্ৰয়াগ।

২। নিম্নোক্ত বিলাকৰ মাজৰ প্ৰাৰ্থক্য বিচাৰ কৰা।

(ক) নদী অৱবাহিকা আৰু জলচ্ছেদ।

উত্তৰঃ নদী অৱবাহিকা-

          (ক) এখন নদী আৰু ইয়াৰ উপনৈবিলাকে যি সুনিৰ্দিষ্ট অঞ্চলৰ পৰা পানী সংগ্ৰহ কৰি পৰিবহণ কৰে সেই সুনিৰ্দিষ্ট অঞ্চল বা এলেকাটোকে নদী অৱবাহিকা বুলি কোৱা হয়।

            (খ) সাধাৰণতে বৃহৎ নদীৰ আৱহ ক্ষেত্ৰক অৱবাহিকা বুলি কোৱা হয়।

            (গ) সাধাৰণতে নদী অৱবাহিকা বুলি কলে বৃহৎ অঞ্চলক বুজায়।

            জলচ্ছেদ-

         (ক) যি নিৰ্দিষ্ট সীমাৰেখাই এটা নদী অৱবাহিকাকআন এটাৰ পৰা পৃথক কৰে তাকে জলচ্ছেদ বুলি জনা যায়।

            (খ) সৰু নৈ বা জান-জুৰিৰ আৱহক্ষেত্ৰক জলচ্ছেদ বুলি জনা যায়।

            (গ) সাধাৰণতে জলচ্ছেদ বুলি কলে নদীয়ে সামৰি লোৱা সৰু অঞ্চলক বুজায়।

(খ) বৃক্ষৰূপী আৰু জালৰূপী অৱবাহ তন্ত্ৰ।

উত্তৰঃ বৃক্ষৰূপী অৱবাহ তন্ত্ৰ-

        (ক) ইয়াৰ আকৃতি দেখাত বৃক্ষৰ দৰে বাবে ইয়াক বৃক্ষৰূপী অৱবাহ তন্ত্ৰ বুলি কোৱা হয়।

        (খ) উত্তৰ ভাৰতৰ বিশাল সমভূমিত এই অৱবাহ তন্ত্ৰ দেখা পোৱা যায়।

            জালৰূপী অৱবাহ তন্ত্ৰ-

       (ক) এই ধৰণৰ অৱবাহ তন্ত্ৰ প্ৰাথমিক নৈবোৰ সমান্তৰালভাৱে বৈ যায় আৰু গৌণ নৈবোৰ প্ৰাতমিক নৈবোৰৰ লগত সমকোণ কৰি মিলিত হয়।

        (খ) এই ধৰণৰ অৱবাহ তন্ত্ৰ হিমালয় পাৰ্বত্য অঞ্চলত দেখা পোৱা যায়।

(গ) বহিঃপ্ৰবাহি (Radial) আৰু অভিকেন্দ্ৰিক (Centripetal) অৱবাহ তন্ত্ৰ।

উত্তৰঃ বহিঃপ্ৰবাহি অৱবাহ তন্ত্ৰ-

        (ক) কোনো এক উচ্চ পৰ্বত বা মালভূমিৰ পৰা যেতিয়া বহু নৈ উৎপত্তি হয় চাৰিওফালে বৈ যায়। এনেধৰণৰ অৱবাহ তন্ত্ৰক বহিঃপ্ৰবাহি অৱবাহ তন্ত্ৰ বোলে।

        (খ) বহিঃপ্ৰবাহি অৱবাহ তন্ত্ৰৰ এটা উদাহৰণ হ'ল- সোণ নদী।

        অভিকেন্দ্ৰিক অৱবাহ তন্ত্ৰ-

       (ক) কোনো এক নিম্ন ভূমিলৈ যেতিয়া তাৰ চাৰিওকাষৰ পৰা বৈ আহে তাক অভিকেন্দ্ৰিক অৱবাহ তন্ত্ৰ বুলি কোৱা হয়।

        (খ) এই অৱবাহ তন্ত্ৰৰ এটা উদাহৰণ হ'ল - ৰাজস্থান ৰাজ্যত থকা সম্বৰ হ্ৰদ।

(ঘ) ব-দ্বীপ আৰু মোহনা।

উত্তৰঃ

৩। তলৰ প্ৰশ্নবোৰৰ উত্তৰ (প্ৰায় ৩০ টা শব্দৰ ভিতৰত) দিয়া।

(ক) ভাৰতৰ নদী-সংযোগ আঁচনিৰ আৰ্থ-সামাজিক সুবিধাবিলাক কি কি? 

উত্তৰঃ ভাৰতৰ নদী-সংযোগ আঁচনিৰ আৰ্থ-সামাজিক সুবিধাবিলাক হ'ল-

      (১) কোনো নদীৰ ৰাহি হোৱা পানীখিনি এই আঁচনিৰ জৰিয়তে যিবোৰ অঞ্চলত পানীৰ অভাৱ হৈছে তালৈ লৈ যোৱা।

        (২) জলসিঞ্চনৰ জৰিয়তে কৃষিৰ উন্নতি সাধন কৰা।

        (৩) দেশৰ বিভিন্ন অঞ্চলত এই আঁচনিৰ জৰিয়তে বিদ্যুতৰ যোগান ধৰিব পৰা যায়।

(খ) দাক্ষিণাত্য মালভূমিৰ তিনিটা বৈশিষ্ট লিখা। 

উত্তৰঃ দাক্ষিণাত্য মালভূমিৰ তিনিটা বৈশিষ্ট হ'ল-

        (১) দাক্ষিণাত্য মালভূমিৰ ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত এক পুৰণি ভূ-খণ্ড।

        (২) দাক্ষিণাত্য মালভূমিৰ শিল সমূহ পুৰণি আৰু বৰ কঠিন।

      (৩) দাক্ষিণাত্য মালভূমিৰ আটাইতকৈ উচ্চতম পৰ্বতটোৰ নাম আনইমুদি। দাক্ষিণাত্য মালভূমিৰ চাৰিওফালে পাহাৰ পৰ্বতে আগুৰি আছে।

৪। তলৰ প্ৰশ্নবোৰ (১২৫ টা শব্দৰ ভিতৰত) দিয়া।

(ক) উত্তৰ ভাৰতৰ নদীসমূহৰ উল্লেখযোগ্য বৈশিষ্টবোৰ কি কি? এই বৈশিষ্টবোৰ দক্ষিণ ভাৰতৰ নদীৰ বৈশিষ্টৰ পৰা কেনেকৈ পৃথক? 

উত্তৰঃ উত্তৰ ভাৰতৰ নদীসমূহ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ তুলনামূলক বৈশিষ্ট তলত উল্লেক কৰা হ'ল-

(খ) ধৰা, তুমি হিমালয়ৰ পাদদেশ (foothills) অঞ্চলেদি হৰিদ্বাৰৰ পৰা শিলিগুড়িলৈ ভ্ৰমন কৰি আছা। এই ক্ষেত্ৰত তুমি অতিক্ৰম কৰা প্ৰধান নদীবিলাকৰ নাম লিখা। এই নদীবিলাকৰ যিকোনো এখনৰ বৈশিষ্ট বৰ্ণনা কৰা।

উত্তৰঃ হিমালয়ৰ পাদদেশ অঞ্চলেদি হৰিদ্বাৰৰ পৰা শিলিগুড়িলৈ ভ্ৰমন কৰোতে আমি বিভিন্ন ধৰণৰ সৰু-বৰ নদী অতিক্ৰম কৰিম। ইয়াৰে কেইখনমান নদী হ'ল-

        (ক) ৰামগংগা

        (খ) গোমতি

        (গ) ঘাগ্ৰা

        (ঘ) গণ্ডক

        (ঙ) কুশি

        (চ) মহানন্দা।

    কুশি নৈৰ বৈশিষ্টৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

    (ক) কুশি নদীখনৰ উৎস মাউণ্ট এফভাৰেষ্টৰ উত্তৰফালে তিব্বতত অৱস্থিত।

    (খ) কুশি এখন পূৰ্ববৰ্তী নদী।

   (গ) নেপালৰ মধ্য হিমালয় পৰা হৈ পশ্চিমৰ পৰা অহা সোণ কুশি আৰু পূবৰ পৰা অহা তামুৰ কুশি নৈক লগত লৈ প্ৰবাহিত হৈছে।

    (ঘ) অৰুণ নৈৰ লগ হৈ কুশি নৈ সপ্ত কুশি বুলি জনাজাত।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type: Himanku Bora.

Answer by- Punya Hazarika.




Post ID : DABP006488