Chapter: 3

অসমৰ জলবায়ু


(১) চমু উত্তৰ দিয়া-

(ক) জলবায়ু কাক বোলে? অসমৰ জলবায়ুক কি বুলি কোৱা হয়?

উত্তৰঃ এখন ঠাইৰ দীঘলীয়া সময়ৰ বতৰৰ গড় বা সামগ্ৰিক অৱস্থাকে জলবায়ু বোলে।


(খ) অসমত বছৰি গড়ে কিমান চেঃ মিঃ বৰষুণ হয়?

উত্তৰঃ অসমত বছৰি গড়ে ২০০ চেঃ মিঃ বৰষুণ হয়।


(গ) পাহাৰীয়া অঞ্চলৰ মানুহে কেনেকৈ খেতি কৰে আৰু ইয়াক কি খেতি বোলে?

উত্তৰঃ পাহাৰৰ এঢলীয়া ঠাইৰ বনত জুই লগাই মুকলি কৰি মাটি চহাই খেতি কৰে।

    ইয়াক ঝুম খেতি বোলে।


(ঘ) বৰষুণ বেছি হ'লে কি কি উপকাৰ হয়?

উত্তৰঃ বৰষুণ বেছি হ'লে নানা ধৰণৰ গছ-গছনিৰ বৃদ্ধি হয় আৰু বিভিন্ন ধৰণৰ জলচৰ জীৱৰ বসবাসৰ সুবিধা হয়।


(ঙ) বৰষুণ বেছি হ'লে কি কি অপকাৰ হয়?

উত্তৰঃ বৰষুণ বেছি হ'লে নৈ-উপনৈসমূহ উপচি বানপানীৰ সৃষ্টি হয় আৰু আৰু মাটিসমূহ উটুৱাই লৈ যায়।


(চ) অসমত চাহ খেতি বৰ ভাল কিয়?

উত্তৰঃ অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী হোৱাৰ বাবে ইয়াত চাহ খেতি বৰহ ভাল।


-শ্ৰী হিৰু মনি বৰা

Edit By Dikha Rani Bora



Post ID : DABP006242