Chapter: 4

অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান

    👉Text Books PDF
    👉MCQ online Exam
    👉Short Question Answer
    👉MCQs Answer

১। পৰ্যটন কাক বোলে? পৰ্যটনৰপৰা কি কি সুবিধা পাব পাৰি?

উত্তৰঃ এখন ঠাইৰ মানুহে আন এখন ঠাইত থকা উল্লেখযোগ্য় ঠাই আৰু বস্তুসমূহ চাব অহা বা যোৱাকে পৰ্যটন বোলে।


২। অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্য়ানৰ নাম আৰু এইবোৰ কোন কোন জিলাত অৱস্থিত লিখা।

উত্তৰঃ অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্য়ানৰ নাম হৈছে- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্য়ান। এইবোৰ ক্ৰমে গোলাঘাট আৰু বাকসা জিলাত অৱস্থিত।


৩। অসমৰ দুখন সংৰক্ষিত বনাঞ্চলৰ নাম আৰু এইবোৰ কোন কোন জিলাত অৱস্থিত  লিখা

উত্তৰঃ অসমৰ দুখন সংৰক্ষিত বনাঞ্চলৰ নাম হৈছে- লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চল আৰু বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল।


৪। দুখন পক্ষী উদ্য়ানৰ নাম লিখা।

উত্তৰঃ দুখন পক্ষী উদ্য়ানৰ নাম হৈছে- জাতিংগা আৰু দীপৰ বিল।


 

-শ্ৰী হিৰু মনি বৰা

Edit By Dikha Rani Bora 

Post ID : DABP006243