পাঠ নং- ২

পৃথিৱীৰ আকাৰ আৰু আকৃতি

    👉Text Books PDF
    👉MCQ Online Exam 
    👉Short Question And Answer
    👉MCQs Answer


১। কেৱল উত্তৰ লিখা -

(ক) ২৩ ১/২ উত্তৰ অক্ষৰেখাডালক কি বুলি কোৱা হয় ?

উত্তৰঃ ২৩ ১/২ উত্তৰ অক্ষৰেখাডালক কৰ্কটক্ৰান্তি বুলি কোৱা হয়।

(খ) দুই মেৰু লগ লগাই পৃথিৱী মাজেৰে কল্পনা কৰা ৰেখাডালক কি বুলি কোৱা হয় ?

উত্তৰঃ দুই মেৰু লগ লগাই পৃথিৱী মাজেৰে কল্পনা কৰা ৰেখাডালক মেৰুদণ্ড বুলি কোৱা হয়।

(গ) কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি মাজত তাপ মণ্ডলটোক কি বুলি কোৱা হয় ?

উত্তৰঃ কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি মাজত তাপমণ্ডলটোক গ্ৰীষ্মমণ্ডল বুলি কোৱা হয়।

(ঘ) সুমেৰু বৃত্ত আৰু কৰ্কটক্ৰান্তিৰ মাজৰ তাপমণ্ডলটোৰ নাম কি ?

উত্তৰঃ সুমেৰু বৃত্ত আৰু কৰ্কটক্ৰান্তিৰ মাজৰ তাপমণ্ডলটোৰ নাম হৈছে- উত্তৰ নাতীশীতোষ্ণ মণ্ডল। 

(ঙ) কুমেৰু বৃত্তৰ দক্ষিণৰ তাপমণ্ডলটো নাম কি ?

উত্তৰঃ কুমেৰু বৃত্তৰ দক্ষিণৰ তাপমণ্ডলটো নাম হৈছে- দক্ষিণ শীতমণ্ডল।


২। চমু টোকা লিখা-

(ক) পৃথিৱী আকাৰ

উত্তৰঃ পৃথিৱী আকাৰঃ পৃথিৱীৰ আকাৰ সাধাৰণতে ঘূৰণীয়া বুলিব পাৰি, কিন্তু পৃথিৱীৰ আকাৰ সম্পূৰ্ণভাৱে ঘূৰণীয়া নহয়। পৃথিৱীৰ দুই মেৰু কিছু পৰিমাণে চাপ খোৱা। আচলতে পৃথিৱীৰ আকাৰ আন কোনো গ্ৰহ নক্ষত্ৰ অথবা জ্য়ামিতিক আকাৰৰ লগত নিমিলে। পৃথিৱীৰ বিশেষ আকৃতিটো বুজাবলৈ বিজ্ঞানীসকলে জিঅ'ইড(GEOID) শব্দটোৰ ব্য়ৱহাৰ কৰে।

(খ) বিষুৱ ৰেখা

উত্তৰঃ বিষুৱ ৰেখাঃ  বিষুৱ ৰেখাৰ মান হৈছে- ০॰ অৰ্থাৎ ০॰ অক্ষৰেখা। বিষুৱ ৰেখাৰ পৰা যিমানে মেৰুৰ ফালে যোৱা হয়, সিমানে কোণৰ মাপ বাঢ়ি যায়। বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে এই অঞ্চলত অতিপাত গৰম হয়। এই অঞ্চলটোৰ নাম হৈছে- গ্ৰীষ্মমণ্ডল।

(গ) কৰ্কটক্ৰান্তি

উত্তৰঃ কৰ্কটক্ৰান্তিঃ উত্তৰ গোলাৰ্ধত ২৩ ১/২ অক্ষাংশইদি যিডাল অক্ষৰেখা কল্পনা কৰা হৈছে সেইডালক কৰ্কটক্ৰান্তি বুলি কোৱা হয়।  

(ঘ) মকৰক্ৰান্তিঃ

উত্তৰঃ মকৰক্ৰান্তিঃ দক্ষিণ গোলাৰ্ধত ২৩ ১/২ অক্ষাংশইদি যিডাল অক্ষৰেখা কল্পনা কৰা হৈছে সেইডালক মকৰক্ৰান্তি বুলি কোৱা হয়।

(ঙ) সুমেৰুঃ

উত্তৰঃ সুমেৰুঃ উত্তৰ গোলাৰ্ধত ৬৬ ১/২ অক্ষাংশইদি যিডাল অক্ষৰেখা কল্পনা কৰা হৈছে সেইডালক সুমেৰু বুলি কোৱা হয়।

(চ) কুমেৰুঃ

 উত্তৰঃ কুমেৰুঃ দক্ষিণ গোলাৰ্ধত ৬৬ ১/২ অক্ষাংশইদি যিডাল অক্ষৰেখা কল্পনা কৰা হৈছে সেইডালক কুমেৰু বুলি কোৱা হয়।

(ছ) উত্তৰ হিমমণ্ডলঃ 

উত্তৰঃ উত্তৰ হিমমণ্ডৰঃ সুমেৰু বৃত্তৰ পৰা মেৰু বিন্দু পৰ্যন্ত এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে বাবে এই অঞ্চলটোত উত্তাপৰ পৰিমাণ অতি কম। এই অঞ্চলটোৱে হৈছে উত্তৰ হিমমণ্ডল।

(জ) দক্ষিণ হিমমণ্ডলঃ 

উত্তৰঃ দক্ষিণ হিমমণ্ডলঃ কুমেৰু বৃত্তৰ পৰা মেৰু বিন্দু পৰ্যন্ত এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে বাবে এই অঞ্চলটোত উত্তাপৰ পৰিমাণ অতি কম। এই অঞ্চলটোৱে হৈছে দক্ষিণ হিমমণ্ডল।


৩। শুদ্ধ উত্তৰত(✓) চিন দিয়া-

(ক) কৰ্কটক্ৰান্তি মান হ'ল-

(১) ০॰, (২) ২০ ১/২॰ উত্তৰ, (৩) ২৩ ১/২॰ উত্তৰ

উত্তৰঃ ২৩ ১/২॰ উত্তৰ


(খ) বিষুৱ ৰেখাৰ মান হ'ল-

(১) ০॰, (২) ২৩ ১/২॰ উত্তৰ, (৩) ৬৬ ১/২॰ উত্তৰ

উত্তৰঃ ॰।


(গ) অক্ষৰেখা হ'ল-

(১) দুই মেৰুক সংযোগ কৰি টনা কাল্পনিক ৰেখাবোৰ।

(২) গ্ৰীনিছৰ মাজেৰে টনা  কাল্পনিক ৰেখাডাল।

(৩) পূবা-পশ্চিমাকৈ টনা বৃত্তাকাৰ কাল্পনিক ৰেখা।

উত্তৰঃ পূবা-পশ্চিমাকৈ টনা বৃত্তাকাৰ কাল্পনিক ৰেখা।


(ঘ) দ্ৰাঘিমা আৰু অক্ষৰেখাই পৰস্পৰক কেনেদৰে কটা-কটি কৰে?

(১) সূক্ষ্ম কোণত, (২) সম কোণত, (৩) বৃহৎ কোণত।

উত্তৰঃ সম কোণত।


(ঙ) দ্ৰাঘিমাংশ নিৰ্ণয় কৰিবলৈ কোনডাল ৰেখা সহায় লোৱা হয়?

(১) কৰ্কটক্ৰান্তি, (২) বিষুৱ ৰেখা, (৩) মুখ্য দ্ৰাঘিমা ৰেখা

উত্তৰঃ মুখ্য দ্ৰাঘিমা ৰেখা।


(চ) ১৮০  পূব আৰু১৮০  পশ্চিম দ্ৰাঘিমা ৰেখাৰ অৱস্থান?

(১) সম্পূৰ্ণ বিপৰীত মূৰত, (২) দুই মেৰুত, (৩) প্ৰকৃততে একেডাল ৰেখা।

উত্তৰঃ প্ৰকৃততে একেডাল ৰেখা।


৪। (ক) পৃথিৱীৰ তাপণ্ডলকেইটা নাম লিখা।

উত্তৰঃ পৃথিৱীৰ তাপমণ্ডলকেইটাৰ নাম হৈছে- উত্তৰ শীতমণ্ডল, উত্তৰ নাতিশীতোষ্ণ মণ্ডল, গ্ৰীষ্মমণ্ডল, দক্ষিণ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ শীতমণ্ডল।

(খ) অক্ষাংশ আৰু দ্ৰাঘিমাংশ মাজত পাৰ্থক্য কি কি ?

উত্তৰঃ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ মাজত পাৰ্থক্য় হৈছে- 

    অক্ষাংশ অক্ষৰেখাক লৈ গণনা কৰা হয়। আনহাতে দ্ৰাঘিমাংশ দ্ৰাঘিমা ৰেখাক লৈ গণনা কৰা হয়।

    অক্ষাংশৰ মান ০॰ ৰ পৰা ৯০॰ উত্তৰ অথবা গক্ষিণৰ ভিতৰত। আনহাতে দ্ৰাঘিমাংশ ০॰ ৰ পৰা ১৮০॰ পূব অথবা পশ্চিমৰ ভিতৰত।

(গ) অক্ষাংশ আৰু অক্ষৰেখাৰ মাজত পাৰ্থক্য কি কি ?

উত্তৰঃ অক্ষাংশ আৰু অক্ষৰেখাৰ মাজত পাৰ্থক্য হৈছে- 

    অক্ষৰেখা হৈছে ভূ-পৃষ্ঠৰ ওপৰত কল্পনা কৰা ৰেখা। আনহাতে অক্ষাংশ হৈছে কৌণিক দূৰত্ব।

(ঘ) দ্ৰাঘিমাংশ কেনেদৰে নিৰূপণ কৰা হয় ?

উত্তৰঃ দ্ৰাঘিমাংশ নিৰ্ণয় কৰোঁতে লণ্ডনৰ কাষৰ গ্ৰিনিছ মান মন্দিৰৰ ওপৰেদি কল্পনা কৰা দ্ৰাঘিমাডালত মুখ্য় দ্ৰাঘিমা ৰেখা অথবা ০॰ দ্ৰাঘিমাংশ বুলি ধৰা হয়। মুখ্য় দ্ৰাঘিমা ৰেখাৰ  পূব বা পশ্চিমে থকা কোনো ঠাইৰ দূৰত্বই হৈছে সেই ঠাইৰ দ্ৰাঘিমাংশ।


 

-শ্ৰী হিৰু মনি বৰা

Check by - Mukesh Borah

Post ID DABP006106