পাঠ নং-৩

পৃথিৱীৰ গতি


১। এটা শব্দত উত্তৰ লিখা-

(ক) পৃথিৱীৰ আৱৰ্তন কাল কিমান ?

উত্তৰঃ পৃথিৱীৰ আৱৰ্তন কাল ২৪ ঘণ্টা।

(খ) অধিবৰ্ষত ফেব্ৰুৱাৰী মাহ কিমানদিনীয়া ?

উত্তৰঃ অধিবৰ্ষত ফেব্ৰুৱাৰী মাহ ২৯ দিনীয়া।

(গ) সূৰ্য আৰু পৃথিৱীৰ মাজৰ সৰ্বনিম্ন দূৰত্বক কি বুলি কোৱা হয় ?

উত্তৰঃ সূৰ্য আৰু পৃথিৱীৰ মাজৰ সৰ্বনিম্ন দূৰত্বক অনুসূৰ বুলি কোৱা হয়।

(ঘ) পৃথিৱীৰ পৰিভ্ৰমণ পথ কেনেকুৱা ?

উত্তৰঃ পৃথিৱীৰ পৰিভ্ৰমণ লাটুম এটাৰ নিচিনা। ই নিজ অক্ষত ঘূৰি ঘূৰি এক নিৰ্দিষ্ট কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ভ্ৰমণ কৰে।

(ঙ) ২১ জুনত সূৰ্য কোন ৰেখাৰ ওপৰত লম্বভাৱে অৱস্থান কৰে ?

উত্তৰঃ ২১ জুনত সূৰ্য কৰ্কটক্ৰান্তিৰ ৰেখাৰ ওপৰত লম্বভাৱে অৱস্থান কৰে।

২। তলত প্ৰশ্নসমূহৰ উত্তৰ লিখা ঃ

(ক) পৃথিৱীৰ আৱৰ্তনৰ ফলত কি কি পৰিঘটনা ঘটে ?

উত্তৰঃ পৃথিৱীৰ আৱৰ্তনৰ ফলত দিন-ৰাতিৰ সাল-সলনি হয়।

(খ) বাৰ্ষিক গতিৰ বাবে পৃথিৱীত কি কি পৰিবৰ্তন হয় ?

উত্তৰঃ পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত দিন-ৰাতি চুটি-দীঘল হয়, জাৰ-জহৰ পাৰ্থক্য় আহে ঋতুৰ পৰিবৰ্তন হয়।

(গ) আহ্নিক গতি আৰু বাৰ্ষিক গতিৰ মাজৰ পাৰ্থক্য কি ?

উত্তৰঃ আহ্নিক গতি আৰু বাৰ্ষিক গতিৰ মাজৰ পাৰ্থক্য হৈছে- 

    আহ্নিক গতিত পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰে। আনহাতে বাৰ্ষিক গতিত পৃথিৱীয়ে নিজ কক্ষপথেৰে এপাক ঘূৰে।

    আহ্নিক গতিত পৃথিৱীক ২৪ ঘণ্টা সময় লাগে। আনহাতে বাৰ্ষিক গতিত পৃথিৱীক ৩৬৫ দিন আৰু ৬ ঘণ্টা সময় লাগে।

(ঘ) আহ্নিক গতি নোহোৱা হ'লে পৃথিৱীৰ পৰিৱেশ কেনেকুৱা হ'লহেঁতেন ? 

উত্তৰঃ আহ্নিক গতি নোহোৱা হ'লে পৃথিৱীৰ এফালে সদায় দিন হ'লহেতেন আৰু সেইফালটো অত্য়ন্ত গৰম হ'লহেতেন আৰু আনফালে সদায় ৰাতি হ'লহেতেন আৰু সেইফালটো অতি শীতল হ'লহেতেন। 

(ঙ) অপসূৰ আৰু অনুসূৰৰ মাজৰ পাৰ্থক্য কি ?

উত্তৰঃ অপসূৰ আৰু অনুসূৰৰ মাজৰ পাৰ্থক্য হৈছে- অপসূৰ হৈছে সূৰ্য আৰু পৃথিৱীৰ মাজৰ আটাইতকৈ বেছি দূৰত্ব। আনহাতে অনুসূৰ হৈছে সূৰ্য আৰু পৃথিৱীৰ মাজৰ আটাইতকৈ কম দূৰত্ব।

(চ) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে ?

উত্তৰঃ পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত ৬৬.৫ ডিগ্ৰী কোণ কৰি আছে।

৩। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ দিন দীঘল-চুটি হোৱাৰ মূল কাৰণ হ'ল -

(১) পৃথিৱীৰ আহ্নিক গতি।

(২) পৃথিৱীৰ কক্ষতল ৬৬ ১/২॰ কোণ কৰি আছে।

(৩) পৃথিৱী উপবৃত্তাকাৰ পথেৰে প্ৰদক্ষিণ কৰে।

উত্তৰঃ পৃথিৱী উপবৃত্তাকাৰ পথেৰে প্ৰদক্ষিণ কৰে।

(খ) বছৰৰ কোন তাৰিখক জলবিষুৱ বোলে?

(১) ২১ মাৰ্চ, (২) ২৩ ছেপ্টেম্বৰ, (৩) ৪ জুলাই।

উত্তৰঃ ২৩ ছেপ্টেম্বৰ।

(গ) কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব আটাইতকৈ কমে ?

(১) ২৩ ছেপ্টেম্বৰ, (২) ৩ জানুৱাৰী, (৩) ৪ জুলাই।

উত্তৰঃ ৩ জানুৱাৰী।

(ঘ) তলৰ কোনটো অধিবৰ্ষ বাছি উলিওৱা-

(১) ১৯০০, (২) ২০০৪, (৩) ২০১০।

উত্তৰঃ ২০০৪।

ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল

(১) ২১ মাৰ্চ, (২) ৪ জুলাই, (৩) ২২ ডিচেম্বৰ।

উত্তৰঃ ২২ ডিচেম্বৰ।

৪। খালী ঠাই পূৰ কৰাঃ

(ক) পৃথিৱীয়ে নিজ অক্ষৰ ওপৰত নিৰ্ভৰ কৰি পশ্চিমৰপৰা পূবলৈ ঘূৰি থকাকে পৃথিৱীৰ আহ্নিক গতি বোলে।

(খ) পৃথিৱীয়ে সূৰ্য চাৰিওফালে কৰা গতিক বাৰ্ষিক গতি বোলে।

(গ) ৪ জুলাই তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব সৰ্বাধিক হয়।

(ঘ) অপসূৰৰ সময়ত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব ১৫২ নিযুত কিলোমিটাৰ।

(ঙ) কৰ্কটক্ৰান্তি উত্তৰ গোলাৰ্ধত কল্পনা কৰা হৈছে।

৫। আহ্নিক গতি আৰু বাৰ্ষিক গতিৰ পাৰ্থক্য আৰু ফলাফল সংক্ষিপ্তকৈ লিখা।

উত্তৰঃ আহ্নিক গতিৰ বাবে যে কেৱল দিন-ৰাতিয়েই হৈছে এনে নহয়। দিন-ৰাতি হোৱাৰ বাবেই পৃথিৱীত জীৱ আৰু উদ্ভিদ বৰ্তি থাকিব পাৰিছে। পৃথিৱীৰ আবৰ্তনৰ বাবেই পোহৰ আৰু আন্ধাৰৰ সাল-সলনি হয়।

    পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত দিন-ৰাতি চুটি-দীঘল হয়, জাৰ-জহৰ পৰিবৰ্তন, ঋতুৰ সাল-সলনি আদি হয়।

    আহ্নিক গতি আৰু বাৰ্ষিক গতিৰ মাজত পাৰ্থক্য় হৈছে- 

    আহ্নিক গতিত পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰে। আনহাতে বাৰ্ষিক গতিত পৃথিৱীয়ে নিজ কক্ষপথেৰে এপাক ঘূৰে।

    আহ্নিক গতিত পৃথিৱীক ২৪ ঘণ্টা সময় লাগে। আনহাতে বাৰ্ষিক গতিত পৃথিৱীক ৩৬৫ দিন আৰু ৬ ঘণ্টা সময় লাগে।


-Hiru Moni Bora



Post ID : DABP006107