পাঠ নং- ২৪

কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question And Answer
    👉MCQs Answer


১। এটা বা দুটা শব্দৰে উত্তৰ দিয়াঃ

ক) লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম কি কি ?

উত্তৰঃ লোকসভা আৰু ৰাজ্যসভাৰ আন দুটা নাম ক্ৰমে নিম্ন সদন আৰু উচ্চ সদন।

খ) ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ?

উত্তৰঃ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

গ) ৰাজ্যৰ মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে ?

উত্তৰঃ ৰাজ্যৰ মন্ত্ৰীসকলক ৰাজ্য়পালে নিযুক্তি দিয়ে।

ঘ) সংসদৰ সদস্যসকলক কি বুলি কয় ?

উত্তৰঃ সংসদৰ সদস্যসকলক সাংসদ বুলি কয়।

ঙ) ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালখনৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালখনৰ নাম উচ্চতম ন্য়ায়ালয়।

চ) ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ আদালতক কি কি নামেৰে জনা যায় ?

উত্তৰঃ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ আদালতক ক্ৰমে উচ্চ আদালত আৰু জিলা আদালত নামেৰে জনা যায়।


২। খালী ঠাই পূৰ কৰাঃ

ক) বিধান মণ্ডলে আইন প্ৰস্তুত কৰে।

খ) কাৰ্যপালিকাই আইনসমূহ প্ৰয়োগ কৰে।

গ) ৰাষ্ট্ৰপতিৰ কাৰ্যকাল বছৰ।

ঘ) ৰাজ্যসভা এখন উচ্চ সদন।

ঙ)  ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি

চ) ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল বছৰ।


 

-Hiru Moni Bora

Check by - Mukesh Borah

Post ID : DABP006219