পাঠ নং - ৪

পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ


এই পাঠটোত প্ৰশ্ন নাই -

মনত ৰাখিবলগীয়া কথা

🍀 পৃথিৱীৰ মুঠ চাৰিটা মণ্ডল আছে - স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল ।

🍀পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট উচ্চতা ৮,৮৪৮ মিটাৰ ।

🍀পৃথিৱীৰ গভীৰতম খাদ হ'ল মেৰিয়ানা খাদ, যাৰ গভীৰতা ১১,০২২ মিটাৰ ।

🍀জলমণ্ডলে পৃথিৱীৰ ৭১ শতাংশ এলেকা আগুৰি আছে ।

🍀পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন হ'ল এছিয়া । আটাতকৈ সৰু মহাদেশখন হ'ল ওচেনিয়া ।

🍀প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰ ।

🍀ৰ'কী পৰ্বত উত্তৰ আমেৰিকাৰ পশ্চিম সীমান্তত থকা এশাৰী পৰ্বতমালা ।

🍀উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক পানামা যোজকে সংযোগ কৰিছে ।

🍀একমাত্ৰ আফ্ৰিকাৰ মাজেৰে বিষুৱ, কৰ্কক্ৰান্তি আৰু মকৰক্ৰান্তি - এই তিনিওডাল ৰেখা পাৰ হৈ গৈছে ।

🍀বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা গেছবিধ হ'ল নাইট্ৰ'জেন ।

🍀বিজুলী, ঢেৰেকনি, বতাহ, বৰষুণ প্ৰধানকৈ বায়ুমণ্ডলৰ ট্ৰপ 'স্ফিয়েৰত সংঘটিত হয় । 


Type :  Priyam Jyoti Patar



Post ID : DABP006108