অধ্য়ায়ঃ ৮

 চাহ  জনগোষ্ঠীসকল


১। অসমৰ প্রথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল ? 

উত্তৰঃ অসমৰ প্ৰথম চাহ বাগিচা খন চাবোৱাত আৰু ১৮৩৫চনত স্থাপন হৈছিল ।


২। অসমৰ প্রথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল ? 

উত্তৰঃ অসমৰ প্রথম চাহ কোম্পানীৰ নাম The Assam Tea Company । ১৮৩৯ চনত স্থাপিত হৈছিল । 


৩। গিৰমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে কি জানা লিখা ? 

উত্তৰঃ অসম চাহ কোম্পানীৰ অধীনত চাহ খেতি লাহে লাহে প্ৰসাৰিত হৈছিল । কিন্তু প্রয়ােজন অনুসৰি থলুৱা শ্ৰমিকৰ অভাৱ আছিল । সেয়ে চীন দেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শ্রমিক সংগ্রহ কৰাৰ কথা চিন্তা কৰে। তাৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভােগী নিয়ােগ কৰিছিল। এইসকল মধ্যভােগীয়ে পশ্চিমবংগ , বিহাৰ , ঝাড়খণ্ড , ছত্তিশগড় , মধ্যপ্রদেশ , উত্তৰপ্ৰদেশ , অন্ধ্রপ্রদেশ , মাদ্রাজ আদি ৰাজ্যৰ পৰা শ্রমিক সংগ্রহ কৰি আনিছিল । এনেদৰে অসমলৈ শ্রমিক সংগ্রহ কৰি অনা কার্যক মজদুৰ চালান বুলি কোৱা হৈছিল । মজদুৰ চালান দুই ধৰণৰ আছিল । এটা হ'ল গিৰমিটিয়া চালান আৰু আনটো হ'ল আড়কাঠিয়া চালান। লিখিত চুক্তি (Agreement) অনুসৰি নির্দিষ্ট সময়ৰ বাবে শ্রমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনাে চুক্তি নকৰাকৈ চলে বলে কৌশলে সংগ্রহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল ।


৪। চাহজনগােষ্ঠী সমাজৰ দহটা জাতি-উপজাতিৰ নাম লিখা । 

উত্তৰঃ চাহজনগােষ্ঠী সমাজৰ দহটা জাতি-উপজাতিৰ নাম  হ'লঃ ওৰাওঁ  মুণ্ডা, চাওতাল, কুৰ্মী, ঘাটোৱাৰ, গোৱাল, কমাৰ, কঁহাৰ, কালিন্দী, কিষান, কৈৰী আদি ।


৫। চাহ জনগােষ্ঠীৰ মাজত কি কি ধৰ্মৰ লােক আছে ।

উত্তৰঃ চাহ জনগােষ্ঠীৰ মাজত হিন্দু ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্ম লোক আছে। আৰু কিছুমান অনুকুল ঠাকুৰৰ অনুগীমীৰ লোক আছিল ।


 ৬। স্বাধীনতা সংগ্রামৰ প্রথম মহিলা ছহিদ কোন ?

উত্তৰঃ স্বাধীনতা সংগ্রামৰ প্রথম মহিলা ছহিদ এণ্ড ঘগৰা টি ইষ্টেটৰ মাংৰি ওৰাওঁ ।


৭ । অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম ছহিদ কোন ?

উত্তৰঃ বাধনা ওৰাওঁ অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্ৰথম ছহিদ ।


৮। চমুকৈ লিখা 

( ক ) মেঘৰাজ কর্মকাৰ

( খ ) সন্তোষ কুমাৰ তপ্ন

( গ ) চাইমন সিং হৰ


উত্তৰঃ ( ক ) মেঘৰাজ কৰ্মকাৰঃ  চাহ জনগােষ্ঠীসকলৰ যিসকল লােকে অসমীয়া ভাষা – সাহিত্য চর্চা কৰি সুনাম অর্জন কৰিছে তাৰে ভিতৰত উজনি অসমৰ জামিতা চাহবাগিচাৰ মেঘৰাজ কর্মকাৰ হ’ল প্রথম সাহিত্যিক পেঞ্চনাৰ । । চালুক বচন'কে আদি কৰি ভালেমান গ্রন্থ প্রকাশ কৰিছে । অসম প্রকাশন পৰিষদে ‘ মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী ’ প্রকাশ কৰিছে । তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল ।


(খ) সন্তোষ কুমাৰ তপ্নঃ মৰাণৰ সন্তোষ কুমাৰ তপ্নই লিখা মুণ্ডা জাতিৰ চমু পৰিচয়’খন হ’ল চাহ জনগােষ্ঠীৰ প্ৰথম প্রকাশিত গ্রন্থ । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল । ১৯২৪ চনত জন্ম লাভ কৰা তপুৰ পিতৃৰ নাম দয়াল তপ্ন আৰু মাতৃৰ নাম মাৰঠা তপ্ন আছিল । যােৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা তপ্নই সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্য - চর্চাও কৰিছিল । অসমৰ বিভিন্ন কাকত - আলােচনীত তেওঁৰ তথ্যগধুৰ লিখণি প্রকাশ পাইছে । সহজ - সৰল জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ ১৯৯৪ চনৰ ২১ নৱেম্বৰত মৃত্যু হয় ।


(ঘ) চাইমন সিং হ'ৰঃ ১৯২৯ চনত চাইমন সিং হ'ৰৰ জম্ম হৈছিল । তেখেতৰ পিতৃৰ নান মাছিৰাম হ'ৰ আৰু মাতৃৰ নাম ছাৰা হ'ৰ । তেখেতে শিৱসাগৰ পৰা স্কুলৰ শিক্ষা আৰম্ভ কৰি যোৰহাট জে.বি. স্কুলৰ কলেজৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰিছিল । চাইমন সিং হ'ৰ আছিল উদাৰ মনৰ ব্যক্তি । চাইমন সিং হ'ৰ আছিল খ্ৰীষ্টান ধৰ্ম লোক । তেখেত যদিও খ্ৰীষ্টান ধৰ্ম লোক হিন্দুৰ নামঘৰ পাতিবলৈ মাটি দান কৰিছিল । শিক্ষাৰ কথা চিন্তা কৰি পিছ পৰা ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষা পোহৰ বিলাইছিল । চাইমন সিং হ'ৰ ১৯৭৯ চনৰ ২৬ জুনত ইহলীলা সম্বৰণ কৰে ।

Answer by Apurba Kakati 

Last Update by Krishna Bora (29.4.2022)