এলভিছ আলি হাজৰিকা
এলভিছ আলি হাজৰিকা



      এভলিছ আলি হাজৰিকা


এভলিছ আলি হাজৰিকা জন্ম হৈছিল ১৯৮১ চনৰ ২১ ডিচেম্বৰত। তেখেত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ আছিল । তেখেতে ৪ বছৰৰ বয়সত গুৱাহাটীৰ দীঘলীপুখুৰি সাঁতুৰি পাৰ হৈছিল । তেখেতে ৯ বছৰৰ বয়সত ছাফ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল আৰু পদক অৰ্জন কৰিছিল । তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি পাৰ হৈছিল । আৰু কেটেলিনা চেনেল সাঁতুৰি পাৰ হোৱা তেওঁ উত্তৰ-পূৱ ভাৰতৰ প্ৰথমজন ব্যক্তি । তেখেতে ৬৮ টা ৰাষ্ট্ৰীয় আৰু ৬ টা সোণৰ পদক অৰ্জন কৰিছে । তেখেতে এছিয়া পেচিফিক চেম্পিয়নশ্বিপত ১৯৯১ চনত  ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল । ভাৰতত অনুষ্ঠিত ছাফ এছিয়া পেচিফিক গেমছত ১৯৯৫ চনত তেওঁ ভাৰতৰ হৈ অংশগ্ৰহন কৰিছিল । তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সাঁতোৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছিল । তেওঁ ২০০৯ চনৰ ৱৰ্ল্ড পুলিছ গেমছত অংশগ্ৰহন কৰিছিল । তেওঁ জুন মাহৰ ২০১৮ চনত ফ্ৰান্স আৰু ইংলেণ্ড সংযোগী ইংলিছ চেনেল সাঁতুৰি পাৰ ২৯ কিঃ মিঃ অতিক্ৰম কৰিছিল । তেওঁ ১৫ আগষ্টত চেটলিনা চেনেলটো সাঁতুৰি পাৰ হৈছিল । তেখেতে পশ্চিমবংগৰ ৰিম' সাহাৰ সৈতে চেনেলটো সাঁতুৰি অতিক্ৰম কৰাৰ সময় ১০ ঘন্টা ৫৯ মিনিট । এভলিছ আলি হাজৰিকাক অসমৰ জলৱকোঁৱৰ বুলি কোৱা হয় ।


Hirak Jyoti Bora   (Morigaon Assam) 

তথ্য সংগহ