হিমা দাস 

হিমা দাস


    ২০০০ চনৰ ৯ জানুৱাৰী তাৰিখে নগাঁও জিলাৰ ধিঙত হিমা দাসৰ জন্ম হৈছিল। হিমাৰ দেউতাকৰ নাম ৰঞ্জিত দাস আৰু মাকৰ নাম জোনালী দাস। হিমা দাসে স্কুলীয়া দিনৰে পৰা ল'ৰাৰ লগত ফুটবল খেলি ভাল পাইছিল। হিমায়ে নিপন দাসৰ পৰা প্ৰশিক্ষণ লৈছিল। তাৰ পিছত তেওঁ এথলেটিক্সত অংশগ্ৰহণ কৰে। তেওঁ উন্নত প্ৰশিক্ষণৰ বাবে গুৱাহাটীলৈ যায় । হিমায়ে সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে।

    ২০১৮ চনত হিমাই ফিনলেণ্ডৰ টেম্পায়াৰত অনুষ্ঠিত হেৱা  আন্তঃৰাষ্ট্ৰীয় এথলেটিক্স সন্তাৰ বিশ্বচেম্পিয়শ্বিপ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল। ২০১৮ চনৰ অষ্ট্ৰেলিয়াৰ গ'ল্ড ক'ষ্টত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত হিমায়ে ফাইনেলতো ষষ্ঠ স্থান লাভ কৰিছিলে। তেওঁ ১৬০০ মিটাৰ ৰিলে দৌৰত সপ্তম স্থান লাভ কৰিছিল। হিমায়ে ২০১৮ চনত  আন্তঃৰাষ্ট্ৰীয় এথলেটিলেটিক্স সন্থাৰ বিশ্ব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৪০০ মিটাৰ ৰেছত সোণৰ পদক লাভ কৰি ট্ৰেক আৰু ফিল্ড ইভেন্টত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৃতিত্ব অৰ্জন কৰিছিল। হিমায়ে ২০১৮ চনৰ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকৰ্তাত অনুষ্ঠিত এছিয়ান গেমছ ২০১৮ৰ ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্যায়ত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দ্বিতীয় স্থানত থাকি পৰৱৰ্তী পৰ্যায়লৈ নিৰ্বাচিত হয়। হিমায়ে ২০১৮ চনৰ ২৬ আগষ্ট তাৰিখে তেওঁ নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভাঙি চূড়াৱন্ত প্ৰতিযোগিতাত পদক লাভ কৰিছিল। হিমা দসক ধিং এক্সপেছ নামেৰেও জনা যায়।

হিমা দাসৰ সকলো প্ৰশ্ন উত্তৰ

তৰ্থ্য সংগ্ৰহ 

www.wikipedia.com


Type: Ankur Raj Deka (Morigaon Assam)