মাটি   

অনুশীলনী 

প্ৰশ্ন  ১আৰু ২ৰ  অতি উপযোগী উত্তৰত চিন দিয়া 

১) শিলৰ টুকুৰাৰ উপৰি, মাটিত থাকে
 
ক) বায়ু আৰু পানী ।
খ) পানী আৰু উদ্ভিদ ।
গ) খনিজ লৱন জৈৱিক পদাৰ্থ, বায়ু আৰু পানী ।
ঘ) পানী বায়ু  আৰু উদ্ভিদ ।

উত্তৰঃ (গ) খনিজ লৱন জৈৱিক পদাৰ্থ, বায়ু আৰু পানী।

২) পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ'ল 

ক) বালিচহীয়া মাটিৰ ।
খ) আলতীয়া মাটিৰ ।
গ) দোমোজা মাটিৰ ।
ঘ) বালি আৰু জৈৱিক সাৰ থকা মাটিৰ।
 
উত্তৰঃ (খ) আলতীয়া মাটিৰ।

৩) স্তৰ ১ ৰ লগত স্তৰ ২ মিলোৱা 

স্তৰ-১                                     স্তৰ-2
ক) জীৱৰ বাসস্থান হ'ল     ক) ডাঙৰ কণিকা 
খ) মাটিৰ উপৰিভাগ         খ) সকলো প্ৰকাৰৰ মাটি 
গ) বালিচহীয়া মাটি           গ) ডাঠ ৰঙৰ 
ঘ) মাটিৰ মধ্য তৰপ         ঘ) সৰু কণিকা আৰু টানকৈ বন্ধা 
ঙ) আলতীয়া মাটি           ঙ) কম পৰিমাণৰ হিউমাছ 

উত্তৰঃ (ক) জীৱৰ বাসস্থান           (খ) সকলো প্ৰকাৰৰ মাটি।
            (খ) মাটিৰ উপৰিভাগ        (গ) ডাঠ ৰঙৰ।
             (গ) বালিচহীয়া মাটি          (ক) ডাঙৰ কণিকা।
            (ঘ) মাটিৰ মধ্য় তৰপ         (ঙ) কম পৰিমাণৰ হিউমাছ।
             (ঙ) আলতীয়া মাটি           (ঘ) সৰু কণিকা আৰু টানকৈ বন্ধা ।                                                                     

৪) মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰি লিখা ? 

উত্তৰঃ- বতাহ,পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটিৰ উৎপন্ন হয়।এই প্ৰক্ৰিয়াটোক বিচূৰ্ণীভৱন বুলি কোৱা হয়। যিকোনো মাটিৰ প্ৰকৃতি, উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনি প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ পাৰ্শ্ব-চিত্ৰ বুলি কোৱা হয়। মাটিৰ সাধাৰণতে চাৰিটা স্তৰ দেখা পোৱা যায়।

৫) আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী ?

উত্তৰঃ- মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক থকা মাটিক আলতীয়া মাটি বুলি কোৱা হয়। আলতীয়া মাটিৰ কণিকাবোৰৰ  মাজত থকা ক্ষুদ্ৰ খালী ঠাইবোৰৰ মাজত পানী ধৰি ৰাখিব পাৰে। সেয়েহে আলতীয়া মাটিত বায়ু কম পৰিমাণে থাকে। পানী অধিক পৰিমাণে ধৰি ৰাখিব পাৰে বাবে আলতীয়া মাটি শস্য়ৰ বাবে উপযোগী।

৬) আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা। 

উত্তৰঃ-  আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজত পাৰ্থক্য়বোৰ হ'ল---

১) আলতীয়া মাটিৰ কণিকাবোৰ মিহি আনহাতে বালিচহীয়া মাটিৰ কণিকাবোৰ ডাঙৰ।
২) আলতীয়া মাটিত বায়ুৰ পৰিমাণ কম থাকে আনহাতে বালিচহীয়া মাটিত কণিকাবোৰৰ মাজত খালী ঠাই বেছি বাবে ইয়াত বায়ুৰ পৰিমাণ বেছি থাকে।
৩) আলতীয়া মাটিয়ে অধিক পানী ধৰি ৰাখিব পাৰে কিন্তু বালিচহীয়া মাটিয়ে পানী সহজে ধৰি ৰাখিব নোৱাৰে।

৭) মাটিৰ পাৰ্শ্ব-চিত্ৰ আকাঁ আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা। 

উত্তৰঃ- তোমালোকে নিজে পাৰ্শ্ব-চিত্ৰ আঁকি বিভিন্ন স্তৰবোৰ চিহ্নিত কৰিবা।

৮) ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল । তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে ২০০ মি.লি .পানী অন্তঃস্ৰৱণ হ'বলৈ ৪০ মিনিট সময় লাগিছিল । পানীৰ অন্তস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা । 

উত্তৰঃ- ২০০ মি.লি. পানী অন্তঃস্ৰৱণ হ'বলৈ ৪০ মিনিট সময় লাগিছিল।


    ৯) মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা ।
 
উত্তৰঃ- মাটিৰ প্ৰদূষণ ৰোধ কৰিবলৈ আমি বিভিন্ন উপায় অৱলম্বন কৰিব পাৰো। মাটি প্ৰদূষণৰ প্ৰধান কাৰণ হ'ল প্লাষ্টিক। পলিথিনৰ বেগ আৰু প্লাষ্টিক ব্য়ৱহাৰে মাটি বহুত বেছি পৰিমাণে দূষিত কৰিছে। প্লাষ্টিকবোৰ মাটিৰ লগত মিলি যাবলৈ বহু হাজাৰ বছৰ লাগি যায়। সেইকাৰণে প্লাষ্টিকৰ পলিথিনৰ সলনি কাগজৰ সামগ্ৰী ব্য়ৱহাৰ কৰিব লাগে। এইবোৰে মাটিত থকা জীৱবোৰকো ধ্বংস কৰে। মাটি প্ৰদূষণ কৰা আন পৰ্দাথবোৰ হ'ল বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য় আৰু আৱৰ্জনা। এইবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ ধ্বংস কৰি দিয়ে। খেতি পথাৰত কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য়ৰ সলনি ঘৰতে তৈয়াৰ কৰি লোৱা পচন সাৰ বা গৰুৰ গোৱৰ ব্য়ৱহাৰ কৰিব লাগে। তাৰোপৰি আমি যিকোনো বস্তু বা সামগ্ৰী নবৰ্নীকৰণৰ ব্য়ৱস্থা কৰিব লাগে।

         মাটিখহনীয়া ৰোধ কৰিবলৈ হ'লে আমি গছ-গছনি ৰোপন কৰিব লাগিব। আজিকালি বনাঞ্চলবোৰ ধ্বংস কৰি মানুহে নানান ধৰণৰ উদ্য়োগ কল-কাৰখানা গঢ় দিছে। ইয়াৰ ফলত গছৰ পৰিমাণ কমি গৈছে আৰু মাটি খহনীয়া বাঢ়ি গৈছে। মাটি খহনীয়া ৰোধ কৰিবলৈ মানুহে নদ-নদী  বান্ধবোৰ ভালকৈ দিব লাগিব। নদীৰ গৰাখহনীয়া হোৱাৰ ফলত বহুত মানুহে হাজাৰ-হাজাৰ বিঘা খেতি আৰু ভেটি মাটি হেৰুৱাইছে।



১০) তলত দিয়া শব্দ শৃংখলটো উল্লেখিত ইংগিতৰ সহায়ত সমাধান কৰা ?
 
Class 7 General Science,


থিয়কৈ ঃ 

১) ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান থকা মাটিৰ প্ৰকাৰটো ।
৩) মাটিৰ আটাইতকৈ ওপৰৰ স্তৰটোৰ এটা বৈশিষ্ট্য ।
৫) দোমাজা মাটিত বালি,বোকাৰ বাহিৰেও থকা আনবিধ উপাদান ।

পঠালিকৈঃ 
২) মাটিত খকা পচা পদাৰ্থ ।
৪) কম পৰিমাণৰ হিউমাছ আৰু অধিক পৰিমাণৰ খনিজ পদাৰ্থ থকা মাটিৰ তৰপটো ।
৬) হিউমাছ আৰু যি কণিকাৰ মিশ্ৰণক মাটি বুলি কোৱা হয় সি ।



Answered by Arup Koch  

Last Update by Dipawali Bora (01.05.2022)

Spelling Check By - Rajashri Bora 
-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------