Chapter 10 -
আঁহৰ পৰা কাপোৰলৈ
    👉Text Books PDF
    👉MCQ Online Exam
    👉MCQs Answer
    👉Paid Answer (For Membership User)

অনুশীলনী:

১) তোমালোকে তলত দিয়া প্রাক-প্রাথমিক শ্রেণীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত

i) Baa-Baa black sheep, have you any wool.

ii) Mary had a little lamb, whose fleece was white as snow.

তলত দিয়া সমূহৰ উত্তৰ দিয়া

ক) Black sheep ৰ কোনটো অংশত ঊণ আছে?

উত্তৰঃ Black sheep ৰ ছালখনত ঊণ আছে

খ) ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায়?

উত্তৰঃ ভেড়াৰ পোৱালিৰ বগা নোমবোৰে ঊণ বুজায়।

(২) পাটপলু মানে এটা (ক) কেটাৰপিলাৰ (খ) লাৰভা  এতিয়া তলৰ কোনটো শুদ্ধ?

i) ক।

ii) খ।

iii) ক আৰু খ দুয়োটা।

iv) ক আৰু খ এটাও নহয়

উত্তৰঃ iii) ক আৰু খ দুয়োটা।

৩) তলত দিয়া কোনটোৱে ঊণ নিদিয়ে

i) য়াক।

ii) উট।

iii) ছাগলী।

iv) নোমাল কুকুৰ

উত্তৰঃ নোমাল কুকুৰ

৪) তলত দিয়া শব্দবোৰ কি বুজায়?

i) ৰিয়েৰিং বা পালন।

ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা।

iii) ৰেচম বা পাট শিল্প।।

উত্তৰঃ i)  ৰিয়েৰিং বা পালন- আহাৰ খোৱাচৰণপ্রজনন আদিকে ধৰি তাৰে উপৰিও মাংসআৰু অন্যান্য উপযোগী সামগ্রীৰ বাবে জন্তুৰ যত্ন লোৱা হয়

    ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা – ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুণ্ডন বা প্রাণীৰ নোম খুৰোৱা বুলি কোৱা হয়

    iii) ) ৰেচম বা পাট শিল্প- পাট সূতা পাবলৈ পাটপলু প্রতিপালন কৰা বা পোহাক ৰেচম বা পাটশিল্প বোলে


৫) তলত দিয়া সমূহ হৈছে ঊণ তৈয়াৰ কৰা প্রণালীৰ স্তৰবোৰ। নথকা স্তৰবোৰ বাছি লিখা

স্বীয়েৰিং বা নোম খুৰোৱা, ________, চৰ্টিং বা ভাগ কৰা, ___________, ___________, _____________

উত্তৰ: স্বীয়েৰিং বা নোম খুৰোৱানির্ঘর্ষণ বা পৰিষ্কাৰকৰণচৰ্টিং বা ভাগ কৰাৰং কৰাফণিওৱা


৭) তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত

ৰেচম শিল্পপুষ্পোদ্যান বিজ্ঞাননুনীগছৰ খেতিমৌ-পালনবৃক্ষবিজ্ঞান

উত্তৰঃ ৰেচম শিল্পআৰু নুনীগছৰ খেতিএই দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত


৮) ’ অংশৰ সৈতে ’ অংশ মিলোৱা

 অংশ                               অংশ

১) স্কাউৰিং বা নির্ঘর্ষণ            ক) পাটৰ সূতা উৎপাদন কৰে

২) নুনী গছৰ পাত                 খ) ঊণ উৎপাদন কৰা প্ৰাণী

৩) য়াক                                গ) পাট পলুৰ খাদ্য

৪) লেটাগুটি                         ঘ) মহুৰা ফুৰা।

                                           ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ।

উত্তৰঃ

    ১) স্কাউৰিং বা নির্ঘর্ষণ- ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ

    ২) নুনী গছৰ পাত-     গ) পাট পলুৰ খাদ্য

    ৩) য়াক                     খ) ঊণ উৎপাদন কৰা প্ৰাণী

    ৪) লেটাগুটি-               ক) পাটৰ সূতা উৎপাদন কৰে

(৯) পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণৰে পূৰণ কৰা।

তললৈ
২) এখন ঠাই য'ত য়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়।- লাডাখত।
৩) ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ।- চীন।
৫) পাটৰ আন এটি নামৰেচম ।
পথালিকৈ
১) পাট পলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ। - কেটাৰপিলাৰ।
৪) কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান।প্র'টিন।
৬) পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ।চকৰী।
৭) ভেড়ায়াক আদি জণ্ডৰ ছালৰ এক অংশ য'ৰ পৰা আঁহ পোৱা যায়। - নোম।

OLD 

 জীৱৰ শ্বাস-প্ৰশ্বাস

 

অনুশীলনী 

১) দৌৰ শেষ হোৱাৰ পিছত খেলুৱৈ এজনে সাধাৰণতে লোৱাতকৈ বেছি খৰকৈ আৰু দীঘলীয়াকৈ কিয় উশাহ-নিশাহ লয় ?

উত্তৰঃ- দৌৰিলে বা গধূৰ বস্তু দাঙিলে আমাৰ দেহত বেছি শক্তি প্ৰয়োজন হয়। কিন্তু এই শক্তি উৎপন্ন কৰিবৰ বাবে অক্সিজেন যোগান সীমিত। সেইবাবে শৰীৰত অক্সিজেনৰ অভাৱ নহ'বৰ বাবে আমি  উশাহ-নিশাহ খৰকৈ লওঁ।


২) বায়বীয় আৰু অবায়বীয় শ্বসনৰ সাদৃশ্য আৰু পাৰ্থক্যৰ তালিকা কৰা । 

উত্তৰ- বায়বীয় শ্বসনত আৰু অবায়বীয় শ্বসনত দুয়োটাতে খাদ্য় বস্তু ভাঙে। গতিকে দুয়োটা শ্বসনৰ দ্বাৰা শৰীৰে শক্তি পায়।

বায়বীয় শ্বসন আৰু অবায়বীয় শ্বসনৰ পাৰ্থক্য় হ'ল- বায়বীয় শ্বসনত অক্সিজেন ব্য়ৱহাৰ কৰি খাদ্য় বস্তু ভঙা হয় আনহাতে অবায়বীয় শ্বসনত অক্সিজেনৰ ব্য়ৱহাৰ নহয়।


৩) যেতিয়া আমি উশাহত অতি বেছি ধূলিকণাযুক্ত বায়ু গ্ৰহণ কৰো, তেতিয়া আমি কিয় সঘনাই হাঁচিয়াও?

 উত্তৰঃ- আমাৰ চাৰিওফালৰ বায়ুত বিভিন্ন ধৰণৰ অবাঞ্চিত পদাৰ্থৰ কণিকা থাকে। যেতিয়া আমি উশাহ লওঁ, আমাৰ নাসিকা গহ্বৰত থকা নোমে এই কণিকাবোৰ ধৰি ৰাখে। কেতিয়াবা এই কণিকাবোৰে নাসিকা গহ্বৰৰ নোমবোৰ অতিক্ৰম কৰি ভিতৰলৈ সোমাই যায়। তেতিয়া এই কণিকাবোৰে নাসিকা গহ্বৰৰ ভিতৰৰ আৱৰণটো উত্তেজিত কৰি তোলে, ফলস্বৰূপে আমাৰ হাঁচি আহে। হাঁচিয়ে এই অবাঞ্চিত কণিকাবোৰক উশাহত লোৱা বায়ুৰপৰা উলিয়াই পঠিয়াই আৰু ধূলি মুক্ত পৰিষ্কাৰ বায়ু আমাৰ শৰীৰত সোমায়।


৪) তিনিটা  পৰীক্ষানলী লোৱা। প্ৰত্যকটোৰ ৩\৪ অংশ পানীৰে বৰাই লোৱা। ক" "খ আৰু 'গ নামেৰে লেবেল লগাই দিয়া। 'ক' পৰীক্ষানলীত এটা শামুক লোৱা 'খ পৰীক্ষা নলীত এটা জলজ উদ্ভিদ আৰু 'গ পৰীক্ষানলীত উদ্ভিদ, শামুক দুয়োটাকে ভৰাই লোৱা। কোনটো পৰীক্ষানলীত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ আটাইতকৈ বেছি হ'ব ?

উত্তৰঃ- (গ) পৰীক্ষানলীত কাৰ্বন-ডাই-অক্সাইড পৰিমাণ আটাইতকৈ বেছি হ'ব।


৫) সঠিক উত্তৰত চিন দিয়া ঃ 

ক) পঁইতাচোৰাৰ শৰীৰলৈ __________ ৰ যোগেদি বায়ু সোমাই আহে । 

i) হাঁওফাওঁ    ii) ফুল 

iii) বায়ু ছিদ্ৰ    iv) ছাল 

উত্তৰঃ iii) বায়ুছিদ্ৰ।


খ) গধুৰ ব্যায়ামৰ সময়ত আমাৰ ভৰিত জমা হোৱা __________ৰ বাবে সিৰামূৰি ধৰে । 

(i) কাৰ্বন-ডাই-অক্সাইড             (ii)   লেক্ টিক এছিড

(iii) বায়ু ছিদ্ৰ                              (iv) পানী

উত্তৰঃ লেকটিক এছিডৰ বাবে।


গ) এজন প্ৰাপ্ত বয়স্ক মানুহৰ জিৰণিৰ সময়ত প্ৰতি মিনিটত স্বাভাৱিক উশাহ-নিশাহৰ হাৰৰ গড় বিস্তৃতি

i) ৯-১২     ii) ১৫-১৮

iii) ২১-২৮ iv) ৩০-৩৩ 

উত্তৰঃ ii) ১৫-১৮।


ঘ) নিশাহৰ সময়ত কামিহাড়বোৰ 

i) বাহিৰলৈ গতি কৰে     ii) তললৈ গতি কৰে 

iii) ওপৰলৈ গতি কৰে  iv) কোনো ধৰণৰ লৰচৰ নকৰে 

উত্তৰঃ ii) তললৈ গতি কৰে।


৬) স্তম্ভ ১ৰ লগত স্তম্ভ ২ বিষয়সমূহ মিলোৱা 

 স্তম্ভ ১                             স্তম্ভ ২ 

ক) ইষ্ট                          i) কেঁচু 

খ) মধ্যচ্ছদা                ii) ফুল 

গ) ছাল                       iii) এলক'হল 

ঘ) পাত                       iv) বক্ষ গহ্বৰ 

ঙ) মাছ                       v) পত্ৰৰন্ধ্ৰ 

চ) ভেকুলী                  vi) হাঁওফাওঁ আৰু ছাল 

                                    vii) শ্বাসনলী 

উত্তৰঃ (ক) ইষ্ট                  iii) এলক'হল

           (খ) মধ্য়চ্ছদা         iv) বক্ষ গহ্বৰ

           (গ) ছাল                 i) কেঁচু

           (ঘ) পাত                v) পত্ৰৰন্ধ্ৰ

           (ঙ) মাছ                ii)ফুল

           (চ) ভেকুলী            vi) হাঁওফাওঁ আৰু ছাল              


৭) উক্তিবোৰ শুদ্ধ হ'লে "শু" আৰু অশুদ্ধ হ'লে "অ" লিখা ঃ 

i) ব্যায়ামৰ সময়ত ব্যক্তি এজনৰ উশাহ-নিশাহৰ হাৰ কমি যায় । (শু\অ) 

উত্তৰঃ

 ii) উদ্ভিদে দিনৰ ভাগত কেৱল সালোক সংশ্লেষণ আৰু নিশাৰ ভাগত কেৱল শ্বসন কৰে । (শু \ অ) 

উত্তৰঃ শু

iii) ভেকুলীয়ে সিহঁতৰ ছাল আৰু হাঁওফাওঁৰ জৰিয়তে শ্বসন কাৰ্য সমাধা কৰে । ( শু\অ) 

উত্তৰঃ শু

iv) মাছৰ শ্বসনৰ বাবে হাঁওফাওঁ আছে । ( শু\অ)

উত্তৰঃ

v) বক্ষগহ্বৰৰ আকাৰ উশাহৰ সময়ত বৃদ্ধি হয় । ( শু\অ) 

উত্তৰঃ শু

৮) জীৱৰ শ্বসনৰ লগত সম্পৰ্ক থকা বিভিন্ন শব্দৰ বানানসমূহ তলত দিয়া বৰ্গবোৰত লুকাই আছে এই শব্দবোৰ যিকোনো দিশতে ওপৰৰ পৰা তললৈ, পথালিকৈ, বেঁকাকৈ থাকিব পাৰে । শ্বসন তন্ত্ৰৰ শব্দবোৰ বিচৰা। শব্দবোৰৰ  ইংগিত বৰ্গটোৰ তলত হৈছে । 


Class 7 General Science,


i) পতংগৰ বায়ুনলী । 

উত্তৰঃ শ্বাসনলীকা।

ii) বক্ষ গহ্বৰক  আৱৰি থকা হাড়ৰ সাজোন । 

উত্তৰঃ কামিহাড়।

iii) বক্ষ গহ্বৰৰ মাংসপেশীযুক্ত তল । 

উত্তৰঃ মধ্য়চ্ছদা।

iv) পাতৰ পৃষ্ঠ ভাগত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ । 

উত্তৰঃ পত্ৰৰন্ধ্ৰ।

v) পতংগৰ দেহৰ কাষৰ বা পাৰ্শ্বফালে থকা সৰু বিন্ধা।

উত্তৰঃ বায়ুছিদ্ৰ।

vi) মানুহৰ শ্বাস-প্ৰশ্বাস অংগ । 

উত্তৰঃ হাঁওফাওঁ

vii) যি বিন্ধাৰে আমি উশাহ-নিশাহ লওঁ । 

উত্তৰঃ নসিকা গহ্বৰ।

viii)শ্বাসনলীকা থকা এবিধ পতংগ

উত্তৰঃ  পঁইতাচোৰা 

ix) এবিধ অবাত জীৱ 

উত্তৰঃ ইষ্ট


৯) পৰ্বতাৰোহণকাৰীয়ে অক্সিজেন তেওঁলোকৰ লগত কঢ়িয়াই নিয়ে কাৰণ, 

ক) ৫ কি.মি তকৈ অধিক উচ্চতাত বায়ু নেথাকে । 

খ) এজন ব্যক্তিৰ প্ৰয়োজনীয় বায়ু ভূ-পূষ্ঠতকৈ কম হোৱাৰ বাবে । 

গ) বায়ুৰ উষ্ণতা ভু-পৃষ্ঠতকৈ বেছি । 

ঘ) বায়ুৰ চাপ ভূ-পৃষ্ঠতকৈ বেছি । 

উত্তৰঃ (খ) এজন ব্য়ক্তিৰ প্ৰয়োজনীয় বায়ু ভূ-পৃষ্ঠতকৈ কম হোৱাৰ বাবে।


 


Answered by Arup Kush 

Last Update by Dipawali Bora (01.05.2022)

Check By - Mukesh Borah

   -------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------