Chapter 2 Part II -
আলহীলৈ মাছ
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা:
(ক) সৰুকণে মূৰত কি লৈ মাছলৈ গৈছিল?
উত্তৰ: সৰুকণে মূৰত পিঠীয়া লৈ মাছ ধৰিবলৈ গৈছিল।
(খ) সাধুটোত পোৱা মাছকেইবিধৰ নাম কি কি?
উত্তৰ: সাধুটোত পোৱা মাছকেইবিধ হৈছে– পুঠি মাছ।
(গ) সৰুকণে মনত কি আশা লৈ বৰশী বাবলৈ গৈছিল?
উত্তৰ: সৰুকণে আশা কৰিছিল যে, তেওঁ শ'ল বা ৰালি মাছ ধৰি আলহীক খুৱাব পাৰিব।
(ঘ) সৰুকণে বৰশী বাই কেইটা পুঠিমাছ পাইছিল?
উত্তৰ: সৰুকণে বৰশী বাই এঘাৰটা পুঠি মাছ পাইছিল।
(ঙ) বগলীকেইটাই কিয় চোপ লৈ আছিল?
উত্তৰ: বগলীকেইটাই চোপ লৈছিল কাৰণ সৰুকণ টোপনিত লালকা দিয়া সময়তে খালৈটো খালী আছিল আৰু তেওঁলোক খালে উদং কৰি পেলালে।
২। তলৰ শব্দবোৰ অৰ্থৰ লগত আঁচ টানি মিলাও আহা:
শব্দ অৰ্থ
গাধৈ ভঁৰাল ঘৰৰ বেৰৰ বাহিৰৰ অংশ
পিঠীয়া পিঠিত লোৱা জাপি
খালে মাছ থোৱা এবিধ পাত্র
চোপ লোৱা খাপ দিয়া
টুপাই বৰশীত টোপ লগোৱা কার্য
Additional Question Answer (অতিরিক্ত প্ৰশ্ন-উত্তৰ):
(ক) সৰুকণ ক'ত বহি মাছ ধৰিবলৈ আৰম্ভ কৰিছিল?
উত্তৰ: সৰুকণ বিলৰ পাৰৰ এজোপা গছৰ তলত বহি মাছ ধৰিবলৈ আৰম্ভ কৰিছিল।
(খ) সৰুকণ কিয় হতাশ নহ'ল?
উত্তৰ: সৰুকণ শ'ল বা ৰালি নোপোৱা স্বত্বেও হতাশ নহ'ল, কাৰণ তেওঁ প্রকাণ্ড মাছ এখন পোৱাৰ আশাত আছিল।
(গ) সৰুকণে কোন সময়ত সাৰ পালে?
উত্তৰ: সৰুকণে দূৰৈত ঘণ্টা বজাৰ শব্দত সাৰ পালে।
(ঘ) পশ্চিম আকাশত কি হৈছিল?
উত্তৰ: পশ্চিম আকাশত আঁহতজোপাৰ পাছফালে ৰঙচুৱা বেলি লুকাই গৈছিল।
OLD
অধ্যায় ৪
আগলি বাঁহত বগলীৰ বাহ
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
👉তলৰ প্ৰশ্নবোৰ উত্তৰ কোৱা আৰু লিখা।
(ক) আমৰ ডাল কোনে লৰাইছে ?
উত্তৰঃ আমৰ ডাল ল'ৰাহঁতে লৰাইছিল।
(খ) আমৰ ডাল লৰোৱা সজুলিটো কি ?
উত্তৰঃ আমৰ ডাল লৰোৱা সজুলিটো বৰহাঁকুটি ।
(গ) গছৰ কাষতে কি আছে ?
উত্তৰঃ গছৰ কাষতে খাল আছে।
(ঘ) বগা বগলীৰ বাহ ক'ত আছে ?
উত্তৰঃ বগা বগলীৰ বাহ আগলি বাঁহত আছে।
(ঙ) আলি-বাটটো কিয় পিছল হৈছে ?
উত্তৰঃ আলি-বাটটো বৰষুণ পৰা বাবে পিছল হৈছে।
👉তলৰ খালী ঠাইত বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা।
বগা বগলী -------------- কাউৰী
উত্তৰঃ কলা
শুকান ঘাঁহ ------------- ঘাঁহ
উত্তৰঃ কেঁচা
দুষ্ট ল'ৰা ----------------- ল'ৰা
উত্তৰঃ ভাল
মিঠা আম -------------- আম
উত্তৰঃ টেঙা
👉উদাহৰণ ভালদৰে পঢ়া । তলত দিয়া শব্দকেইটা বাক্য় গঠন কৰা।
উত্তৰঃ
উদাহৰণ- নাচ পঢ়- খায়-
জুনুকাই নাচে। ৰাহুলে পঢ়ে নীলাই খায়ে।
জুনুকাই নানাচে। ৰাহুলে নপঢ়ে নীলাই নাখায়।
জুনুকাই নাচেনে ? ৰাহুলে পঢ়েনে? নীলাই খায়নে?
শব্দৰ উপযুক্ত স্থানত চন্দ্ৰ বিন্দু (ँ) বহুৱাই কাষৰ বাকচত লিখা।
(ক) বগলীৰ বাঁহ গছত বাহ সাজিছে।
উত্তৰঃ বগলীৰ বাহ গছত বাহ সাজিছে।
(খ) ম'হবোৰে দলনিত ঘাহ খাই আছে।
উত্তৰঃ ম'হবোৰে দলনিত ঘাঁহ খাই আছে।
(গ) ল'ৰাহতে হাকুটিৰে আম পাৰিছে।
উত্তৰঃ ল'ৰাহতে হাঁকুটিৰে আম পাৰিছে।
(ঘ) আইতাই দাত উলিয়াই হাহিছে।
উত্তৰঃ আইতাই দাঁত উলিয়াই হাঁহিছে।
👉সাঁথৰ ভাঙো আৰু কওঁ আহা।
(ক) পাঁচটা আখৰেৰে মোৰ নামটো গঠিত,
মিঠাফল বুলি সবাৰো বিদিত।
প্ৰথমে দ্ৱীতিয়ই মিলি মৌ-ৰস বুজাওঁ,
প্ৰথমে পঞ্চমে মিলি পোহৰ বিলাওঁ,
চতুৰ্থই পঞ্চমে মিলি এটি ফল হওঁ,
ভাবি-গুণি কোৱাচোন মই কোন হওঁ?
উত্তৰঃ মধুৰিআম
(খ) বাঘৰ দৰে জঁপিয়ায়,
কুকুৰৰ দৰে বহে,
শিলৰ দৰে তল যায়
তুলাৰ দৰে ভাঁহে।
উত্তৰঃ ভেঁকুলি।
Question Type By Bhaskar
Edit By Parina Hazarika