Chapter 3 Part I -
বিদ্যালয়-সপ্তাহ
Text অনুসৰি প্রশ্নোত্তৰ (Question Answer from the Text):
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা—
ক) প্রাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল?
উত্তর: প্রাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয়-সপ্তাহ চলি আছিল।
খ) কাৰ কাৰ মাজত বেডমিন্টনৰ প্রতিযোগিতা হৈছিল?
উত্তর: পঞ্চম শ্ৰেণীৰ দীপা আৰু কমাইৰ মাজত বেডমিন্টনৰ প্ৰতিযোগিতা হৈছিল।
গ) সুপ্রিয়াই কিয় দবাখেলখন পণ্ড কৰা বুলি কৈছিল?
উত্তর: কাঞ্চনে বল দলি মাৰোঁতে বলটো দবাখেলৰ মাজলৈ পৰিছিল, সেইকাৰণে সুপ্রিয়াই খেলখন পণ্ড কৰা বুলি কৈছিল।
ঘ) কোন কোন শ্রেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰিছিল আঁচ টানি মিলোৱা—
শ্রেণী খেল
প্রথম শ্রেণী পাৰ-পানী
দ্বিতীয় শ্রেণী পাৰ-পানী
তৃতীয় শ্রেণী ক্রিকেট, দবা
চতুর্থ শ্রেণী ক্রিকেট
পঞ্চম শ্রেণী বেডমিন্টন, সংগীত চেয়াৰ
ঙ) মিনতি বৰুৱা বাইদেবে প্রথম আৰু দ্বিতীয় শ্রেণীৰ ছাত্র-ছাত্রীসকলক কিয় খেলাবলৈ লৈ গৈছিল?
উত্তর: দবা খেলখনত বাধা অহাৰ পাছত তেওঁলোকে যাতে খেলত অংশগ্ৰহণ কৰিব পাৰে, সেই উদ্দেশ্যে মিনতি বৰুৱা বাইদেবে তেওঁলোকক খেলাবলৈ লৈ গৈছিল।
চ) বিদ্যালয়-সপ্তাহ কোনে উদ্বোধন কৰিছিল?
উত্তর: বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিদ্যালয়-সপ্তাহ উদ্বোধন কৰিছিল।
ছ) বিদ্যালয়-সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল?
উত্তর: বিদ্যালয়-সপ্তাহৰ দ্বিতীয় দিনা ২ ডিচেম্বৰ ২০২৫, সোমবাৰ আছিল।
জ) ছেত্রী ছাৰে কি কৰি আছিল?
উত্তর: গিৰীণ ছেত্রী ছাৰে প্রতিযোগিতাত স্থান দখল কৰা ছাত্র-ছাত্রীসকলৰ তালিকা প্রস্তুত কৰিছিল।
Additional Question-Answer (অতিরিক্ত প্ৰশ্নোত্তৰ):
১) সংগীত চেয়াৰ খেলৰ পৰিচালনা কোনে কৰিছিল?
উত্তর: সংগীত চেয়াৰ খেলৰ পৰিচালনা অনিল ফুকন ছাৰে কৰিছিল।
২) সুপ্রিয়া কোন খেলত অংশগ্ৰহণ কৰিছিল?
উত্তর: সুপ্রিয়া দবা খেলত অংশগ্ৰহণ কৰিছিল।
৩) ক্রিকেট খেলখন কোনে পৰিচালনা কৰিছিল?
উত্তর: ক্রিকেট খেলখন প্রতুল গোস্বামী ছাৰে পৰিচালনা কৰিছিল।
৪) সুপ্রিয়া কোন ছাত্রীৰ লগত দবা খেলিছিল?
উত্তর: সুপ্রিয়া নীহাৰিকাৰ লগত দবা খেলিছিল।
৫) প্রধান শিক্ষক দ্বিতীয় দিনৰ কাৰ্যসূচী কেনেদৰে সমাপ্ত ঘোষণা কৰিলে?
উত্তর: প্রধান শিক্ষক হুইচেল বজাই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰিছিল।
OLD
অধ্যায় ৫
মাকণৰ চিঠি
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
👉 উত্তৰ দিয়া ।
১। (ক) মিস্ত্ৰিজনে প্ৰধান শিক্ষকক কাগজত কি লিখি দিছিল?
উত্তৰঃ মিস্ত্ৰিজনে প্ৰধান শিক্ষকক কাগজত পাবলগীয়া টকা হিচাপ দিছিলে।
(খ) মিস্ত্ৰিজনে স্কুলত কি কাম কৰিছিল?
উত্তৰঃ মিস্ত্ৰিজনে স্কুলত কাঠৰ আচবাব সজা কাম কৰিছিল।
(গ) প্ৰধান শিক্ষকে মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে কি ভাবিলে?
উত্তৰঃ প্ৰধান শিক্ষেক মিস্ত্ৰিজনক টকাকেইটামান দিয়া দেখি মাকণে ভাবিলে যে তায়ো মাকৰ কামত সহায় কৰিব আৰু বিনিময়ত তাই মাকৰ পৰা পইচা বিচাৰিব।
(ঘ) কামবোৰৰ বাবে মাকণে মাকৰ পৰা কি বিছাৰিছে ?
উত্তৰঃ কামবোৰৰ বাবে মাকৰ পৰা পইচা বিছাৰিছে।
২। (ক) স্কুলৰ পৰা আহি মাকণে কি কি কৰিলে?
উত্তৰঃ স্কুলৰ ছুটিৰ পিছত মাকণ ঘৰলৈ উভতিল। মাকে বাঢ়ি দিয়া ভাতকেইটা তাই খৰধৰকৈ খালে। ৰাহি হোৱা খোৱা বস্তুখিনি ঢাকি-ঢুকি সামৰি থ'লে। ভাত খোৱা বাচনখিনিও ধুলে আৰু কোঠালিটো সাৰি অটালে। তাৰ পাছত মাকণ নিজৰ পঢ়া মেজলৈ গ'ল আৰু এখিলা কাগজত তাই কৰা কামৰ হিচাপ দিলে।
(খ) মাকে চিঠিত মাকণৰ বাবে কৰা কামৰ কি কি কামৰ হিচাপ দিছে?
উত্তৰঃ মাকে চিঠিত মাকণৰ বাবে কৰা কাম -
১। তুলি তালি ডাঙৰ দীঘল কৰা
২। কাপোৰ কানি ধুই দিয়া
৩। ভাত ৰান্ধি খোওৱা
৪। বেমাৰ হলে টোপনি ক্ষতি কৰি শুশ্ৰূষা কৰা
(গ) মাকৰ চিঠিখন পঢ়ি মাকণে কি কি শিকিলে?
উত্তৰঃ মাকৰ চিঠিখন পঢ়ি মাকণে চিঠি লিখাৰ নিয়মবোৰ শিকিলে । তাৰ উপৰিও মাক-দেউতাকে তাইৰ কাৰণে কিমান কষ্ট কৰে সেইবিষয়ো শিকিলে।
👉 চিঠি লিখোতে কালৈ কেনকৈ সম্বোধন কৰি লিখিবা?
উত্তৰঃ
(ক) মাৰালৈ- পূজনীয়া অথবা শ্ৰদ্ধেয়া।
(খ) দেউতাৰালৈ - পূজনীয় অথবা শ্ৰদ্ধেয়।
(গ) সৰুলৈ - মৰমৰ।
(ঘ) বন্ধুলৈ - প্ৰিয়।
👉 চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ক'ত লিখিব লাগে?
উত্তৰঃ চিঠি যালৈ লিখা হয় তেওঁৰ ঠিকনা খামৰ ওপৰত লিখিব লাগে।
👉ঠিকনাত কি কি লিখিব লাগে ?
উত্তৰঃ ঠিকনাত নিজৰ নাম, গাওঁৰ বা নগৰ নাম, ডাকঘৰ, জিলা, পিন আদি লিখিব লাগে।
👉 খামৰ ওলোটা পিঠিত কাৰ ঠিকনা লিখিব লাগে?
উত্তৰঃ খামৰ ওলোটা পিঠিত নিজৰ ঠিকনা লিখিব লাগে।
👉 চিঠি কেনেকৈ পঠিয়াব লাগে?
উত্তৰঃ দোকানৰ পৰা কিনি অনা খামত টিকট লগা হয় নাহে। এনে খামত ডাক-ঘৰৰ পৰা টিকট কিনি আনি আঠা লগাই চিঠি পঠিয়াব লাগে।
👉উদাহৰণ পঢ়া। তেনেদৰে খালী ঠাইত যুক্তাক্ষৰ লিখি পঢ়োঁ আহা।
উত্তৰঃ
উদাহৰণ- ____ৰণ- স্মৰণ
স্ময় বিস্ময় বিস্মিত স্মাৰক
প্ল প্লাৱন প্লাম প্লেগ
শ্ৰূ শুশ্ৰূষা শুশ্ৰূষাকাৰিণী
Question Answer By Bhaskar
Edit By Parina Hazarika
Post ID: DABP001746