Chapter 3 Part II - 

কপৌ কু কু 

পাঠভিত্তিক প্রশ্ন আৰু উত্তর

১। কওঁ আৰু লিখোঁ আহা—

ক) মেজি কোনটো বিহুত সাজে?

উত্তৰঃ মাঘ বিহুত মেজি সাজে।


খ) ল'ৰাহঁতে পথাৰলৈ কিয় গৈছিল?

উত্তৰঃ ল'ৰাহঁতে মেজি সাজিবলৈ পথাৰৰ পৰা নৰা আনিবলৈ গৈছিল।


গ) কাক দেখি ল'ৰাহঁতৰ কপৌ কু কু খেলিবলৈ মন গৈছিল?

উত্তৰঃ বগৰীজোপাত কপৌ চৰাই দেখিলে ল'ৰাহঁতৰ কপৌ কু কু খেলিবলৈ মন গৈছিল।


ঘ) কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল?

উত্তৰঃ কপৌজনীয়ে ক'লে— “চিলনিয়ে নিলে, চিলনিয়ে নিলে” বুলি ক’ই দৌৰিছিল।


ঙ) ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল?

উত্তৰঃ কপৌজনীয়ে ৰজাৰ পুখুৰীত গা ধুব বিচাৰিছিল।


চ) পুখুৰীটো কিয় ডাঙৰ কৰিছিল?

উত্তৰঃ পুখুৰীটো সৰু বুলি ক'লে লগৰীয়াহঁতে কপৌজনীক সৰাপাত এখিলা পেলাবলৈ ক'লে যাতে পুখুৰীটো ডাঙৰ হয়। সেই মতে সৰাপাত পেলাই পুখুৰীটো ডাঙৰ কৰিলে।


২। খেলটোত কোনে গাইছে লিখোঁ আহা—

ক) "বোকা আছে পানী আছে, কেনেকৈ যাম?"

উত্তৰঃ কপৌ গাইছে।


খ) "ইমান ইমান পানী"

উত্তৰঃ কপৌ গাইছে।


গ) "পদুম ফুলৰ চকা…"

উত্তৰঃ লগৰীয়াহঁতে গাইছে।


অতিরিক্ত প্ৰশ্ন আৰু উত্তৰ (Additional QA)

৩। 'কপৌ কু কু' খেলটো কেনেদৰে আৰম্ভ হৈছিল?

উত্তৰঃ এজন ল'ৰাক কপৌ কু কু খেলৰ কথা মনত পৰে আৰু তেওঁ আনলোকক এই খেল খেলিবলৈ কয়, আৰু সকলো মতি দিলে খেলটো আৰম্ভ হয়।


৪। খেলখনত কপৌয়ে কি ভংগিমাত লগৰীয়াৰ ওচৰলৈ যায়?

উত্তৰঃ কপৌয়ে মূৰ ডুপিয়াই “উৰি অহা ভংগিমাত” লগৰীয়াৰ ওচৰলৈ যায়।


৫। কপৌ কু কু খেলখনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ পুখুৰীৰ ডাঙৰ হোৱাটো দেখুৱায়?

উত্তৰঃ সিহঁতে এখন সৰাপাত পুখুৰীত পেলায় আৰু কেইখোজ পিছুৱাই দিয়া হৈ বহলকৈ থিয় হয়, যাৰফলত পুখুৰী ডাঙৰ হোৱা ভংগিমা সৃষ্টি হয়।


৬। খেলখনত কপৌজনীয়ে 'চিলনিয়ে কাণ নিলে' বুলি কিয় কয়?

উত্তৰঃ কপৌজনীয়ে লগৰীয়াৰ মনোযোগ ভিন্ন দিশলৈ আকৰ্ষণ কৰিবলৈ ‘চিলনিয়ে কাণ নিলে’ বুলি কয় যাতে সেই সুযোগতে কপৌ ওলাই যাব পাৰে।


৭। 'কপৌ কু কু' খেলখন কোন সময়ত খেলিছিল?

উত্তৰঃ মাঘ বিহুৰ উৰুকালৰ সময়ত খেলিছিল।


 পাঠ-৬ 

ময়ূৰ পক্ষীৰ জন্ম কাহিনী

    👉Text Book PDF
    👉MCQ Online Exam
    👉MCQ Answer

(ক) স্ৱৰ্গৰ ৰজাজনৰ নাম কি ?

উত্তৰঃ স্ৱৰ্গৰ ৰজাজনৰ নাম ইন্দ্ৰ ।

(খ) তেঁওৰ ৰাজ -সভাৰ নৰ্তকী চৰাইজনীৰ নাম কি?

উত্তৰঃ তেওঁৰ ৰাজ-সভাৰ নৰ্তকী চৰাইজনীৰ নাম বালিমাহী চৰাই।

(গ) দেৱকন্য়াই মৰ্ত্য়লৈ যাওঁতে লগত কি লৈ গৈছিল?

উত্তৰঃ দেৱকন্য়াই মৰ্ত্য়লৈ যাওঁতে লগত বালিমাহীক লৈ গৈছিল।

(ঘ) দেৱকন্য়াই তাঁত-শালখন কিয় নিছিল?

উত্তৰঃ  দেৱকন্য়াই পৃথিৱীৰ সৌন্দৰ্য কাপোৰত বুটা বাছি আনিবৰ বাবে তাঁত শাল লৈ গৈছিল।

👉 'ময়ূৰ পক্ষীৰ জন্ম কাহিনী' পাঠটো সহজ ভাৱে নিজৰ কথাৰে কোৱা।

উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।

👉 উত্তৰ লিখা । 

(ক) দেৱকন্য়াই পৃথিৱীত কি দেখি বিমুগ্ধ হৈছিল?

উত্তৰঃ তেওঁক সৰিয়হ এডৰাই বিমুগ্ধ কৰিছিল।

(খ) তেওঁ প্ৰথম কিছুদিন তাত কেনেদৰে কটাইছিল?

উত্তৰঃ তেওঁ প্ৰথম কিছুদিন তাত বালিমাহীৰ লগত সৰিয়হডৰাৰ মাজে মাজে আৰু নৈ পাৰে পাৰে নাচি নাচি জঁপিয়াই আনন্দ মনে কটাইছিল।

(গ) দেৱকন্য়াই পুনৰ স্ৱৰ্গলৈ ঘূৰি যাবলৈ কিয় মন মেলিছিল?

উত্তৰঃ দেৱকন্য়াৰ লাহে লাহে পৃথিৱীৰ ৰূপ সৌন্দৰ্য আমোৱাবলৈ ধৰিলে। সেয়েহে এদিন বালিমাহীক লগ পায় তেওঁ স্ৱৰ্গলৈ ঘূৰি যাবলৈ মন মেলিছিল।

(ঘ) তেওঁ স্ৱৰ্গলৈ যাব খোজোতে কি হৈছিল? 

উত্তৰঃ বালিমাহীৰ সৈতে দেৱকন্য়া মেঘ পাৰ হৈ সিপাৰলৈ যাব নোৱাৰি পুনৰ পৃথিৱীত পৰিলহি। 

(ঙ) দেৱকন্য়া স্ৱৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কি কৈছিল?

উত্তৰঃ দেৱকন্য়া স্ৱৰ্গলৈ ঘূৰি যাব নোৱাৰাত দেৱৰাজে জীয়েকক কলে- "তুমি অখাদ্য় বস্তু খায় ভূল কৰিলা। তোমাৰ ফুলাম কাপোৰ সাজেই ময়ূৰ পক্ষীৰ ফুলাম পাখি হৈ জিলিকি থাকক"।

👉 পদুম ফুলৰ চকাত থকা শব্দবোৰ পঢ়া। ভোমোৰাৰ পাখিৰ পৰা অৰ্থ আনি শব্দৰ লগত মিলাই পদুম ফুলৰ পাহিত লিখা।


 
উত্তৰঃ উদাহৰণ-নৰ্তকী = নাচনী
            হেঁপাহ = আগ্ৰহ
            নেৰানেপেৰাকৈ = একেৰাহে
            সৌন্দৰ্য = ৰূপ
            আমুৱালে = আমনি লাগিল

👉 পেঞ্চিলত থকা যুক্তাক্ষৰবোৰ কেনেদৰে ভাঙিছে চোৱা। এইবোৰ তলত দিয়া ধৰণেৰে পঢ়োঁ আৰু লিখোঁ আহা। 
উত্তৰঃ গ + ধ            গই    ধই         গ্ধ
            ব + ধ             বই    ধই         ব্ধ
            স + ত + ৰ     সই    তই স্ত তাত ৰ- কাৰে    স্ত্ৰ
            ৰ + ত + য়      ৰই     তই  ৰ্ত তাত য়- তাৰে    ৰ্ত্য়
            ত + ন            তই     নই        ত্ন

👉 কিছুমান শব্দৰ দুটাকৈ ৰূপ থাকে। তলৰ শব্দকেইটাৰ দুয়োটা ৰূপই পাঠটোত ব্য়ৱহাৰ হৈছে। যেনে- 
            স্ৱৰ্গ     -   সৰগ
            মৰ্ত্য়   -  মৰত 
            পক্ষী  -  পখী

👉 তলৰ শব্দবোৰৰো আন এটা ৰূপ পাঠটোত আছে। বিচাৰি উলিয়াই খালী ঠাইত লিখোঁ আহা।
উত্তৰঃ বাৰ্তা -    বতৰা 
            যত্ন  -    যতন
            বৎসৰ - বছৰ
            জন্ম -    জনম
            পিতৃ -    পিতা
            নৰ্তকী - নাচনি
👉 যক্তাক্ষৰ গঠন কৰা।
উত্তৰঃ ন   +  ধ  = ন্ধ
            গ   +  ধ = গ্ধ
            ম  +  ন = ম্ন
            ত  +  ন = ত্ন
            দ  +  ধ = দ্ধ
            ব  +  ধ = ব্ধ

👉 যুক্তাক্ষৰ ভাঙি লিখা।
উত্তৰঃ
        মুগ্ধ    গ্ধ     গ + ধ
        ক্ষুব্ধ    ব্ধ    ব + ধ
        বুদ্ধ     দ্ধ ➡    দ + ধ
        ইন্দ্ৰ     ন্দ্ৰ➡      ন + দ + ৰ
        বস্ত্ৰ      স্ত্ৰ ➡      স + ত + ৰ
        মৰ্ত্য়    ৰ্ত্য়  ➡     ৰ + ত + য়



Question Answer Type By - Bhaskar

Edit By Parina Hazarika

Post ID: DABP001693