অধ্য়ায়- ১
আমাৰ গাওঁ
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
(ক) পদূলিমুখত কি ফুল ফুলে?
উত্তৰঃ গধূলিগোপাল।
(খ) গাঁৱৰ পুখুৰীত কি হাঁহ চৰে?
উত্তৰঃ ৰাজহাঁহ চৰে।
(গ) পথাৰখন দেখিবলৈ কেনেকুৱা?
উত্তৰঃ পথাৰখন পকা ধানেৰে দেখিবলৈ সোণালী বৰণীয়া।
(ঘ) গাঁৱৰ ৰাইজে মিলিজুলি কি কৰে?
উত্তৰঃ গাঁৱৰ ৰাইজে মিলিজুলি মৰমৰ হাট পাতে।
(ঙ) কি কি শুৱনি বস্তুৰে গাঁওখন ভৰি আছে?
উত্তৰঃ গাওঁখন ভৰি থকা শুৱনি বস্তুবোৰ হ'ল–ঘৰবাৰী পদূলি মুখত ফুলি থকা ফুল, ৰাজহাঁহ চৰি থকা পুখুৰী, তামোল-পানৰ বাৰী, পকা ধানৰ সোণালী পথাৰ, নানা বৰণীয়া ফুল, পখিলা, গৰু,পানী ভৰা নৈৰ ঘাট, বকুল তলৰ বাট আৰু সহজ-সৰল জীৱনযাপন কৰা মানুহবোৰৰ মাজত থকা মিলা প্রীতি।
চ) পদ্য়টিত একেটি থুপিৰে ফুল বুলি কাক কোৱা হৈছে?
উত্তৰঃ গাঁৱৰ ভাই-ভনী ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনাক একেটি থুপিৰে ফুল বুলি কৈছে।
👉 'আমাৰ গাঁও' পদ্য়টিৰ প্ৰথম আঠশাৰীৰ কথাখিনি নিজৰ কথাৰে কোৱা।
উত্তৰঃ আমাৰ গাওঁখন বৰ ধুনীয়া, আমাৰ ঘৰ আৰু পদূলিমুখত ফুলি থকা গধূলিগোপাল ফুলজোপাও বৰ মনোহৰ। বহুত গছ-গছনিৰে ভৰি থকা বাৰীখনত থকা তামোল-পাণ আৰু পকা ধানেৰে উপচি থকা সোণালী পথাৰখনো বৰ ধুনীয়া।
👉 লিখা।
(ক) পদ্য়টোত থকা মানুহৰ নাম।
উত্তৰঃ ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু চখিনা।
(খ) পদ্য়টোত থকা শুৱনি বস্তুবোৰৰ নাম।
উত্তৰঃ গাওঁখন, ঘৰখন, গধূলিগোপাল ফুল, ভৰা বাৰীখন, তামোল-পাণ, সোণালী পথাৰ, পুখুৰী, ঔগছ, চৰাই, ফুল, পখিলা, গৰু-গাইবোৰ, নদীৰ ঘাট, সৰু নামঘৰ, ভাই-ভনী, গঞালোক।
(গ) পদ্য়টোত বিচাৰি উলিয়াই লিখা।
উত্তৰঃ
'ৰ' আখৰটো প্ৰথমতো থকা শব্দ 'ৰ' আখৰটো মাজত থকা শব্দ
'ৰ' আখৰটো শেষত থকা শব্দ
ৰাজহাঁহ বাৰীখনি আমাৰ, ভৰা, ঘৰ,
ৰচকী চৰাই মনোহৰ,পথাৰ,ভৰি, পৰে,
ৰহিম বাটৰুৱা গাঁৱৰ, পুখুৰী, চৰে, গছৰ,
গৰু-গাইবোৰ, নদীৰ, সৰু,
নামঘৰ, বকুলৰ,থুপিৰে,মৰমৰ
উত্তৰঃ
ৰু => গৰু => সৰু
ৰূ => অৰূপ => ৰূপম
হু => বহু => বিহু
গু => গুন => আগুৱাই
👉 তলত দিয়া প্ৰতিটো শব্দৰে দুটাকৈ বাক্য় সাজোঁ আহা
মনোহৰ, ৰচকী, মিলিজুলি
উত্তৰঃ
মনোহৰঃ গোলাপ ফুল বৰ মনোহৰ।
মনোহৰঃ বাগিছাখন বৰ মনোহৰ।
ৰচকীঃ নাচনীজনী অতি ৰচকী।
ৰচকীঃ ছোৱালীজনী অতি ৰচকী।
মিলিজুলিঃ আমি সকলোৱে মিলিজুলি থাকিব লাগে।
মিলিজুলিঃ কঠিন কাম মিলিজুলি কৰিলে সহজে কৰিব পাৰি।
তলত আঁচ টনা শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দৰে খালী ঠাই পূৰ কৰোঁ আহা
• সৰু নামঘৰ বৰ নামঘৰ
• পকা ধান কেঁচা ধান
• ভৰা বাৰীখনি উদং বাৰীখনি।
• তলেদি বাট ওপৰেদি বাট।
Question Answer Type By - Ankur Moni Nath
Edit By Parina Hazarika