অধ্য়ায়-১৩
শিৱসাগৰলৈ যাত্ৰা
অনুশীলনী
১। উত্তৰ লিখা
(ক) আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম লিখা।
উত্তৰঃ আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম হ'ল- বানকাঁহী, বানবাটি আৰু গাগৰী।
(খ) শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্ন নাম লিখা।
উত্তৰঃ শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্ন নাম হ'ল- কাৰেংঘৰ, ৰংঘৰ আৰু তলাতল ঘৰ।
(গ) শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা।
উত্তৰঃ শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম হ'ল- জয়সাগৰ পুখুৰী।
(ঘ) তিনিবিধ যান-বাহনৰ নাম লিখা।
উত্তৰঃ তিনিবিধ যান-বাহনৰ নাম হ'ল- ঠেলা, গৰুগাড়ী আৰু ঘোঁৰাগাড়ী।
২। আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল?
উত্তৰঃ আগৰ দিনত মানুহে ঘড়ীৰ সলনি বেলিটোলৈ চাই সময়ৰ উমান পাইছিল।
৩। যাতায়াত ব্যৱস্থা বুলিলে কি বুজা ? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে?
উত্তৰঃ যান-বাহনৰ সহায়ত আমি এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰিব পাৰোঁ। ৰিক্সা, চাইকেল, বাছ, ৰে’ল, উৰাজাহাজ আদিৰে আমি বিভিন্ন ঠাইলৈ যাব পাৰোঁ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহে উন্নত মানৰ যান-বাহনৰ ব্যৱহাৰ কৰিব পৰা হৈছে। এনে ধৰণৰ এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰা কাৰ্যই হৈছে যাতায়াত। সকলো ছাত্ৰ-ছাত্ৰীৰ অঞ্চলত কি কি যাতায়াত ব্য়ৱস্থা আছে নিজে কৰিবা।
৪। তলৰ শব্দসমূহৰ বিষয়ে চাৰিশাৰীকৈ বাক্য লিখা— পৰিবহণ, ৰে'লগাড়ী, বাচন-বৰ্তন, যান-বাহন আৰু জলপথ
উত্তৰঃ পৰিবহণ
১। যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াই নিয়া ব্য়ৱস্থাই হৈছে পৰিবহণ ব্য়ৱস্থা ।
২। আমাৰ দেশত স্থল বা পথ-পৰিবহণ, জল-পৰিবহণ, ৰে'ল-পৰিবহণ, আকাশী পৰিবহণ আৰু ৰজ্জু পৰিবহণ ব্য়ৱস্থা আছে ।
৩। পৰিবহণ ব্য়ৱস্থাত আমি নানা প্ৰকাৰৰ যান-বাহন ব্য়ৱহাৰ কৰোঁ ।
৪। আমাৰ গাৱত স্থল বা পথ-পৰিবহণ ব্য়ৱস্থা আছে ।
ৰে'লগাড়ী
১। ৰে'লগাড়ীৰ জৰিয়তে দূৰ-দূৰণিৰ ঠাইলৈ যাব পাৰি ।
২। ৰে'লগাড়ীত উঠিবলৈ হ'লে টিকট সংগ্ৰহ কৰাতো প্ৰয়োজন ।
৩। ৰে'লগাড়ীত উঠাৰ কিছু সময়ৰ পিছত টিকট কালেক্টৰে টিকটসমূহ পৰীক্ষণ কৰে ।
৪। নিৰ্দিষ্ট সময়তহে ৰে'লগাড়ী চলে ।
বাচন-বৰ্তন
১। আগৰ দিনৰ বাচন-বৰ্তনবোৰ আজিকালি প্ৰায় নোহোৱা হৈছে ।
২। বানকাঁহী, বানবাটি, গাগৰী আদি বাচন-বৰ্তনবোৰ আজু ককা, আইতাহঁতৰ দিনৰে বাচন-বৰ্তন ।
৩। আগৰ দিনৰ বাচন-বৰ্তনবোৰ দেখিবলৈ বৰ ধুনীয়া ।
৪। সকলোৰে ঘৰত বাচন-বৰ্তন থাকে ।
যান-বাহন
১। যান-বাহনৰ সহায়ত আমি এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰিব পাৰোঁ ।
২। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ উন্নতিৰ লগে লগে মানুহে উন্নত মানৰ যান-বাহনৰ ব্য়ৱহাৰ কৰিব পৰা হৈছে ।
৩। যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু কঢ়িয়াব পাৰি ।
৪। আগৰ দিনত যান-বাহন নথকাত প্ৰায় খোজকাঢ়িয়েই এঠাইৰ পৰা আনঠাইলৈ যাব লগা হৈছিল ।
জলপথ
১। পানীৰ দ্বাৰা মানুহে অহা-যোৱা কৰিব পৰা ব্য়ৱস্থাক জলপথ বোলে ।
২। নাও, পানীজাহাজ আদি জলপথ ব্য়ৱস্থাৰ উদাহৰণ ।
৩। আগৰ দিনত মানুহে অহা-যোৱা কৰিবলৈ জলপথ ব্য়ৱস্থা আছিল এক উত্তম ব্য়ৱস্থা ।
৪। জলপথৰ দ্বাৰাও মানুহে দূৰ-দূৰণিলৈ যাব পাৰিছিল ।
৫। ‘ক’অংশৰ লগত ‘খ’অংশ মিলোৱা।
‘ক’ |
‘খ’ |
নাও উৰাজাহাজ ৰে’লগাড়ী ঘোঁৰাগাড়ী |
আকাশী পথ আলিবাট জলপথ ৰে’লপথ |
উত্তৰঃ
‘ক’ |
‘খ’ |
নাও উৰাজাহাজ ৰে’লগাড়ী ঘোঁৰাগাড়ী |
জলপথ আকাশী পথ ৰে’লপথ আলিবাট |
৬। তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা যিকোনো এবিধ বাচনৰ ছবি আঁকা।
উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবা।
Author By: Bikash Bora and Himadree Bora
Edit By Dikha Rani Bora
Post ID:DABP002149