Chapter 5 Part II -
জাপাৰকুছিৰ জাপি
১। আলোচনা কৰোঁ আৰু লিখোঁ আহা (পাঠভিত্তিক)
(ক) জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত?
উত্তৰ: জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত।
(খ) জাপাৰকুছি কিয় বিখ্যাত?
উত্তৰ: জাপাৰকুছি জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত।
(গ) জাপাৰকুছিৰ লোকসকল কি কি কামত পাৰ্গত?
উত্তৰ: জাপাৰকুছিৰ লোকসকল বাঁহ-বেতৰ সঁজুলি, মাছ ধৰাৰ সঁজুলি, বাদ্যযন্ত্র আদিৰ লগতে জাপি তৈয়াৰ কৰাত পাৰ্গত।
(ঘ) জাপি কিহেৰে সাজে?
উত্তৰ: জাপি বাঁহ-বেত আৰু টকৌ গছৰ পাতেৰে সাজে।
(ঙ) অর্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ কি কৰে?
উত্তৰ: অর্পিতাৰ ককায়েকে বাঁহৰ সঁজুলিবোৰ বজাৰলৈ লৈ যায় আৰু বিক্ৰী কৰে।
(চ) অর্পিতাই অধিক সামগ্রী তৈয়াৰ কৰাৰ বাবে কি কৰিলে?
উত্তৰ: অর্পিতাই সামগ্রী বিক্ৰী কৰি পোৱা ধনেৰে আধুনিক যন্ত্রপাতি কিনিলে আৰু কিছু পাৰ্গত বাড়ৈ নিয়োগ কৰিলে।
২। বহু-বিকল্প প্ৰশ্ন (MCQ)
নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে –
(ক) মাখিবাহা
(খ) গন্ধিয়া
(গ) জাপাৰকুছি
(ঘ) জাগ্রা
উত্তৰ: (গ) জাপাৰকুছি
Additional Question Answers (অতিরিক্ত প্ৰশ্নোত্তৰ)
(ক) অর্পিতাই কোনজনৰ সৈতে সঁজুলি সাজে শিকিলে?
উত্তৰ: অর্পিতাই তেওঁৰ ককায়েকৰ সৈতে সঁজুলি সাজিবলৈ শিকিলে।
(খ) অর্পিতাই কিদৰে নিজৰ সামগ্রী বিক্ৰী কৰিছিল?
উত্তৰ: অর্পিতাই পূজাৰ সময়ত অনুষ্ঠিত এখন বাণিজ্য-মেলাত নিজৰ সামগ্রী বিক্ৰী কৰিছিল।
(গ) বেপাৰীয়ে অৰ্পিতাক কি পৰামর্শ দিলে?
উত্তৰ: বেপাৰীয়ে অৰ্পিতাক অধিক সামগ্রী তৈয়াৰ কৰিবলৈ পৰামর্শ দিলে।
(ঘ) অর্পিতাই কি ধৰণৰ সামগ্রী সাজে?
উত্তৰ: অর্পিতাই গহনা, বাচন-বর্তন আৰু গৃহসজ্জাৰ বিভিন্ন বয়-বস্তু সাজে।
(ঙ) অর্পিতাই আধুনিক যন্ত্রপাতি কিয় কিনিলে?
উত্তৰ: অধিক সামগ্রী সাজিবলৈ সুবিধা হ’ব বুলি অর্পিতাই আধুনিক যন্ত্রপাতি কিনিলে।
OLD
পাঠ-১০
আব্দুলহঁতৰ নতুন ট্ৰেক্টৰ
১) উত্তৰ দিয়া
(ক) আব্দুলৰ দেউতাকে নতুনকৈ কি কিনি আনিছে?
উত্তৰঃ আব্দুলৰ দেউতাকে নতুনকৈ ট্ৰেক্টৰ কিনি আনিছে।
(খ) আব্দুলৰ দেউতাক কেনেধৰণৰ খেতিয়ক?
উত্তৰঃ আব্দুলৰ দেউতাক এজন ভাল আৰু আদৰ্শ খেতিয়ক।
(গ) আব্দুলৰ দেউতাকে পোৱা বঁটাটো কি?
উত্তৰঃ আব্দুলৰ দেউতাকে পোৱা বঁটাটো এখন ট্ৰেক্টৰ।
(ঘ) উজ্জ্ব আৰু সংগিতা আব্দুলহঁতৰ ঘৰলৈ যোৱাৰ কাৰণ কি?
উত্তৰঃ উজ্ৱল আৰু সংগিতা আব্দুলহঁতৰ ঘৰলৈ যোৱাৰ কাৰণ হৈছে আব্দুলৰ দেউতাকে কিনা নতুন টেক্টৰ খন চাবলৈ।
(ঙ) "আমিও তাত গৈ উঠিব পাৰিম নে? "一 এইবুলি সংগিতাই ক' ত উঠাৰ কথা কৈছিল।
উত্তৰঃ ট্ৰেক্টৰখনত উঠাৰ কথা কৈছিল।
(চ) উজ্জ্বলহঁতে কি শুনি উচাপ্ খালে?
উত্তৰঃ পানী তোলা কলৰ ধপ্ ধপ্ মাত শুনি উজ্বলহঁতে উচাপ্ খালে।
(ছ) "সেইবোৰ পচনসাৰ। দলিয়াই নষ্ট নকৰিবা"। ফৰিদাই কাক তেনেকৈ কৈছিল?
উত্তৰঃ "সেইবোৰ পচনসাৰ। দলিয়াই নষ্ট নকৰিবা"। এইবুলি ফৰিদাই উজ্বলক কৈছিল।
২) কোৱা।
পচন সাৰ কেনেকৈ প্ৰস্তুত কৰে?
উত্তৰঃ পচন সাৰ প্ৰস্তুত কৰিবলৈ এটা ডাঙৰ গাত খান্দে আৰু তাত পেলনীয়া জাৱৰ জোথৰ পেলাই এনেকৈ পচন সাৰ প্ৰস্তুত হয়।
ট্ৰেক্টৰেৰে কি কি কাম কৰে?
উত্তৰঃ ট্ৰেক্টৰেৰে খেতি পথাৰত মাটি চহোৱা হয়। ট্ৰেক্টৰত ট্ৰেলাৰ লগাই মাটি কঢ়িওৱা হয়। ট্ৰেক্টৰ দ্বাৰা মানুহে মৰণা মাৰে।
৩) পাঠটোত থকা যুক্তাক্ষৰ যুক্ত শব্দবোৰ বিচাৰি উলিওৱা আৰু চিনাকি যুক্তাৰবোৰ ভাঙি লিখা
আব্দুল ব্দ ব + দ বই দই ব্দ
উজ্জ্বল জ্জ্ব জ +জ + ব জই জই জ্জ তাত ৱ কাৰে জ্জ্ব
ট্ৰেক্টৰ ট্ৰেক্ট ট + ৰ টই ৰই ট্ৰ , ক্ট ক + ট কই টই ক্ট
স্কুল স্ক স + ক সই কই স্ক
শব্দ ব্দ ব + দ বই দই ব্দ
নষ্ট ষ্ট ষ + ট ষই টই ষ্ট
খান্দি ন্দ ন + দ নই দই ন্দ
৪) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
উজ্জ্বল জ্জ্ব জ + জ + ব জই জই জ্জ তাত ৱ কাৰে জ্জ্ব
ট্ৰেক্টৰ ক্ট ক + ট কই টই ক্ট
৫) যুক্তাক্ষৰ গঠন কৰো আহাঁ
ক + ট কই টই ক্ট
জ + জ + ব জই জই জ্জ তাত ৱ কাৰে জ্জ্ব
৬) কাষত থকা শব্দবোৰ যুক্তাক্ষৰৰ লগত মিলাই লিখা
জ্জ্ব 一 উজ্জ্বল উজ্জ্বল ট্ৰেক্টৰ জঙ্ঘল শঙ্খ অঙ্গ
ক্ট 一 ট্ৰেক্টৰ
ঙ্ঘ 一 জঙ্ঘল
ঙ্খ 一 শঙ্খ
ঙ্গ 一 অঙ্গ
৭) বাক্য় ৰচনা কৰা
খেতি-পথাৰ 一 আব্দুলৰ নতুন ট্ৰেক্টৰ চাবলৈ উজ্জ্বলহঁত খেতি-পথাৰলৈ গৈছিল।
বঁটা 一 আজি আমাৰ বিদ্য়লয়ত বঁটা বিতৰনি সভা অনুষ্ঠিত হ'ব।
পেলনীয়া 一 পেলনীয়া জাৱৰ-জোঁথৰ গাতত পুতি থলে পচন সাৰ প্ৰস্তুত হয়।
৮) তলৰ বহুত বুজোৱা শব্দ প্ৰয়োগ কৰি বাক্য়কেইটা পূৰুৱা
বোৰে থোপা জাক কোচা
ক) ল'ৰা বোৰে খেলিছে।
খ) ফুল থোপা ফুলদানিত সজাইছে।
গ) বগলী জাক আকাশত উৰিছে।
ঘ) ৰমলাৰ চুলি কোচা দীঘল
৯) কোৱা আৰু লিখাঁ
ক) মহাত্মা গান্ধীৰ জন্মৰ তাৰিখটো কি?
উত্তৰঃ মহাত্মা গান্ধীৰ জন্ম তাৰিখটো ২ অক্টোবৰ।
খ) মাটি কিহেৰে সহজে চহাব পাৰি?
উত্তৰঃ মাটি ট্ৰেক্টৰে সহজে চহাব পাৰি।
গ) সোণ কেনেকুৱা ধাতু
উত্তৰঃ সোণ মূল্য়ৱান ধাতু।
১০ ) কেনেকুৱা শব্দ হয়?
উদাহৰণ 一 পানীতোলা কল চলিলে 一 ধপ্ ধপ্।
ক) নলীৰে জোৰেৰে পানী ওলালে 一 হৰ্ হৰ্।
খ) জোতা পিন্ধি খোজ কাঢ়িলে 一 কেৰেপ্ কেৰেপ্।
গ) নিজৰাৰ পানী বাগৰিলে 一 ঝিৰ্ ঝিৰ্।
ঘ) ঘৰৰ চালৰ পৰা পানী পৰিলে 一 টোপ্ টোপ্।
১১ ) অভিজ্ঞতা বৰ্ণনা কৰা
ক) উজ্জ্বলহঁতে আব্দুলহঁতৰ ট্ৰেক্টৰ চাবলৈ গৈ লাভ কৰা অভিজ্ঞতা।
উত্তৰঃ উজ্জ্বলহঁতে আব্দুলহঁতৰ ট্ৰেক্টৰ চাবলৈ গৈ লাভ কৰা অভিজ্ঞতা হ'ল উজ্জ্বলহঁতে ধপ্ ধপ্ শব্দ শুনাৰ অভিজ্ঞতা, পচন সাৰ কি তাক জনা অভিজ্ঞতা, আৰু ট্ৰেক্টৰত উঠা অভিজ্ঞতা।
খ) নিজৰ ঘৰত বা ওচৰত আনে কিনা নতুন যান-বাহন চোৱাৰ অভিজ্ঞতা।
উত্তৰঃ এইটো তোমালোকে নিজে নিজৰ অভিজ্ঞতাৰ বিষয়ে লেখিবা।
১২) তুমি পঢ়ি অহা পাঠবোৰত , । ; !? " " চিহ্ন ব্য়ৱহাৰ কৰা লক্ষ্য় কৰিছা। দলত আলোচনা কৰি তলৰ বাক্য়বোৰত, । ; !? " " চিহ্নবোৰ দি পুনৰ লিখাঁ
ক) বা ঃ কি ধুনীয়া ট্ৰেক্টৰ উজ্জ্বলে কলে
উত্তৰঃ " বাঃ!কি ধুনীয়া ট্ৰেক্টৰ" 一 উজ্জ্বলে কলে।
খ) আমিও তাত গৈ উঠিব পাৰিমনে সংগিতাই সুধিলে।
উত্তৰঃ"আমিও তাত গৈ উঠিব পাৰিমনে? " 一 সংগিতাই সুধুছিল।
গ) এনেতে এটা ধপ্ ধপ্ শব্দ হ'ল শব্দটো শুনি উজ্জ্বলহঁতে উচাপ্ খাই ক'লে এনেতে এটা ধপ্ ধপ্ শব্দ হ'ল শব্দটো শুনি উজ্জ্বলহঁতে উচাপ্ খাই ক'লে কি অ ' এইটো কি অ ' এইটো
উত্তৰঃএনেতে এটা ধপ্ ধপ্ শব্দ হ'ল । শব্দটো শুনি উজ্জ্বলহঁতে উচাপ্ খাই ক'লে一 " কি অ ' এইটো ?"
👉 তোমালোকৰ বিদ্য়লয়ৰ চৌহদত কেনেকৈ পচন সাৰ প্ৰস্তুত কৰিবা ?শিক্ষকৰ সহায়ত এটি প্ৰকল্প প্ৰস্তুত কৰা
উত্তৰঃআমাৰ বিদ্য়ালয় চৌহদৰ এটা চুকত গাত খান্দিম আৰু তাত মধ্য়াহ্ন ভোজনৰ পৰা ওলোৱা পেলনীয়া শাক-পাচলিৰ বাকলি তাত পেলাম আৰু তেনেকৈ পচন সাৰ প্ৰস্তুত কৰিম।
👉 খেতিৰ সজুলিৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ ১)নাঙল আৰু যুৱলি।
২) মৈ।
৩) কোৰ।
৪) লাহনি।
৫) ওখোন।
৬) বিৰিয়া।
৭) হোলোঙা।
৮) কাঁচি।
👉 শিক্ষকৰ সহায়ত তলৰ সঁজুলি বিলাকৰ নাম আৰু কামৰ বিষয়ে লিখা
উত্তৰঃ নাঙল⟶ নাঙলৰ সহায়ত খেতিয়কে মাটি চহোৱা হয়। অৰ্থাৎ নাঙলৰ টানিবলৈ দুটা গৰু বা মহৰ প্ৰয়োজন হয়। গৰুৱে টনা নাঙলৰ দুটা অংশ থাকে । আৰু তলৰ অংশটোক সাধাৰণতে নাঙল বোলে। আৰু ওপৰৰ যি অংশত গৰু বা মহৰ পিঠিত লগোৱা হয় সেই অংশক যুৱলি বোলে ।
কাঁচি ⟶ কাঁচিৰ সহায়ত ধান কটা হয়। কাঁচিখন লোৰে তৈয়াৰী। কাঁচীখন দেখিবলৈ প্ৰায় কাঁচি জোনটোৰ দৰে। কাঁচিৰ আগৰফালে সৰু জোঙা বেকা আৰু আগৰ পৰা গুৰিলৈ অসংখ্য় দাত থাকে। আৰু পিছৰ ফালে কাঠৰ নাল থাকে।
মৈ⟶সাধাৰণতে মৈ খন দেখিবলৈ ধেনু খনৰ দৰে হয়। আৰু জখলা
Edit By Parina Hazarika
Post ID: DABP001936