Chapter 6 Part I -
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
(ক) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান
উত্তৰঃ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাৰ এক সম্ভ্ৰান্ত পৰিয়ালত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
(খ) উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা ঠাইখন
উত্তৰঃ লণ্ডন
(গ) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষসকল ক'ৰ?
উত্তৰঃ ৰাজস্থানৰ
(ঘ) বোলছবিৰ বিষয়ে শিক্ষা লোৱা ঠাইখন
উত্তৰঃ জাৰ্মানীৰ বাৰ্লিন।
(ঙ) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?
উত্তৰঃ জয়মতী
(চ) তেখেতেৰ চৈধ্য় বছৰ বয়সতে ৰচনা কৰা নাটকখনৰ নাম
উত্তৰঃ শোণিতকুঁৱৰী
উত্তৰ দিয়া।
(ক) জ্য়োতিপ্ৰসাদ আগৰৱালাক কিয় 'ৰূপকোঁৱৰ' আখ্য়াৰে বিভূষিত কৰা হৈছে?
উত্তৰঃ অসমীয়া সংস্কৃতিক ন ন ৰূপ দিয়াৰ বাবে জ্য়োতিপ্ৰসাদ আগৰৱালাক 'ৰূপকোঁৱৰ' আখ্য়াৰে বিভূষিত কৰিছিল।
(খ) জ্য়োতিপ্ৰসাদ আগৰৱালাৰ মৃত্য়ু দিনটো কিয় 'শিল্পী দিৱস' হিচাপে পালন কৰা হয়?
উত্তৰঃ জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতৰ মৃত্য়ুৰ দিনটো 'শিল্পী দিৱস' হিচাপে পালন কৰা হয়।
তলৰ শব্দবোৰ পাঠত বিচাৰি পঢ়া। দলত আলোচনা কৰি শব্দৰ লগত অৰ্থ কাঁড় চিনেৰে মিলোৱা।
শব্দ অৰ্থ
সম্ভ্ৰান্ত মান্য়, সন্মান পাবৰ যোগ্য়
নিগাজিকৈ স্থায়ীভাৱে
নিৰ্মাণ সজা, গঢ়া, তৈয়াৰ কৰা, প্ৰস্তুত কৰা কাৰ্য
বিভূষিত অলংকৃত
অৱদান দান, বৰঙনি
শুদ্ধ উত্তৰটোৰে বাক্য়টো পুনৰ লিখা।
(ক) ১৯০৩ চনত/১৯০৪ চনত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
উত্তৰঃ ১৯০৩ চনত জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
(খ) জয়মতী/ইন্দ্ৰমালতী প্ৰথম অসমীয়া বোলছবি।
উত্তৰঃ জয়মতী প্ৰথম অসমীয়া বোলছবি।
(গ) ১৭ জানুৱাৰী/১৭জুন তাৰিখে 'শিল্পী দিৱস' পালন কৰা হয়।
উত্তৰঃ ১৭ জানুৱাৰী তাৰিখে 'শিল্পী দিৱস' পালন কৰা হয়।
(ঘ) ১৭ জুন জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন/মৃত্য়ুদিন।
উত্তৰঃ ১৭ জুন জ্য়োতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন।
👉এটা শব্দত প্ৰকাশ কৰোঁ আহা
উদাহৰণ一
(ক) গীত গোৱা লোক
উত্তৰঃ গায়ক
(খ) গীতৰ সুৰ দিয়া লোক
উত্তৰঃ সুৰকাৰ
(গ) গীত ৰচনা কৰা লোক
উত্তৰঃ গীতিকাৰ
(ঘ) অভিনয় কৰা লোক
উত্তৰঃ অভিনেতা
(ঙ) নাটক ৰচনা কৰা লোক
উত্তৰঃ নাট্য়কাৰ
(চ) ভাও দিয়া লোক
উত্তৰঃ ভাৱৰীয়া
👉 বাক্য় গঠন কৰা।
নিৰ্মাণ , নিগাজি , অৱদান , বোলছবি
উত্তৰঃ
নিৰ্মাণঃ এই দলংখন নতুনকৈ নিৰ্মাণ কৰা হৈছে।
নিগাজিঃ আমি এই ঠাইত অতীতৰে পৰা নিগাজি কৈ বাস কৰি আছোঁ।
অৱদানঃ অসমীয়া সাহিত্য় জগতত লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অৱদান অপৰিসীম।
বোলছবিঃ প্ৰথম অসমীয়া বোলছবি জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।
👉 যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
কণ্ঠ ণ্ঠ ণ + ঠ ণই ঠই ণ্ঠ
শিল্পী ল্প ল + প লই পই ল্প
সম্ভ্ৰান্ত ম্ভ্ৰ ম + ভ + ৰ মই ভই ম্ভ তাত ৰ কাৰে ম্ভ্ৰ
সংস্কৃতি স্কৃ স + ক + ঋ সই কই স্ক তাত ঋ কাৰে স্কৃ
ডিব্ৰুগড় ব্ৰু ব + ৰ + উ বই ৰই ব্ৰ তাত উ কাৰে ব্ৰু
👉 যুক্তাক্ষৰ গঠন কৰোঁ আহা
ণ + ঠ ণই ঠই ণ্ঠ
ল + প লই পই ল্প
ম + ভ + ৰ মই ভই ম্ভ তাত ৰ কাৰে ম্ভ্ৰ
স + ক + ঋ সই কই স্ক তাত ঋ কাৰে স্কৃ
ব + ৰ + উ বই ৰই ব্ৰ তাত উ কাৰে ব্ৰু
ধ + ৰ + উ ধই ৰই ধ্ৰ তাত উ কাৰ ধ্ৰু
👉 খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া।
উত্তৰঃ
ণ্ঠ কণ্ঠ বৈকুণ্ঠ অণ্ঠকণ্ঠ
ল্প শিল্প কল্পনা কল্পতৰু
👉 যুক্তাক্ষৰ ভাঙি লিখা।
উত্তৰঃ
ব্ৰু = ব + ৰ + উ
ধ্ৰু = ধ + ৰ + উ
ম্ভ্ৰ = ম + ভ + ৰ
👉 জানো আহা
অসমৰ সংগীত সূৰ্য 一 ড0 ভূপেন হাজৰিকা
অসমৰ নট সূৰ্য 一 ফণী শৰ্মা
অসমৰ কলাগুৰু 一 বিষ্ণু প্ৰসাদ ৰাভা
অসমৰ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী一 প্ৰতিমা বৰুৱা পাণ্ডে
অসমৰ জিকিৰ সম্ৰাট一 ৰেকিবউদ্দিন আহমেদ
OLD
অধ্য়ায়-১১
পক্ষীকুলৰ অভিযন্তা
👉Text Book PDF
👉MCQ Online Exam
👉MCQ Answer
১) উত্তৰ দিয়া।
ক) টোকোৰা চৰাই দেখিবলৈ কেনেকুৱা?
উত্তৰঃ টোকোৰা চৰাই দেখিবলৈ আকাৰত সৰু ।বুকুৰ উমাল পাখিবোৰ ৰঙচীয়া। ডেউকাৰ আগছোৱা হালধি বোলোৱা । ঠোঁত আৰু চকুৰ মণি বাদামি ৰঙৰ
খ) টোকোৰা চৰাই কিহেৰে বাহ সাজে?
উত্তৰঃ টোকোৰা চৰাই গছৰ দীঘল দীঘল পাতবোৰৰ পৰা বাহ সজা আহ উলিয়াই লয়। তাৰ পিছত সেই আঁহবোৰে গুঠিঁ বাহ সাঁজে।
গ) টোকোৰা চৰাই বাহটো দেখিবলৈ কেনেকুৱা?
উত্তৰঃ টোকোৰা চৰাই বাহটো তলমুৱাকৈ ৰখা টেকেলিটোৰ দৰে উলমি থাকে।
ঘ) কি কি গছত টোকোৰা চৰাই বাহ সাজে?
উত্তৰঃ খেজুৰ , নাৰিকল, তামোল, তাল আদি ওখ গছত বাহ সাজে।
ঙ) টোকোৰা চৰাই কি কি খায়?
উত্তৰঃ টোকোৰা চৰাই ধান, মাহ, সৰিয়হ আদি শস্য় খায়। তাৰোপৰি ফল-মূল, কীট-পতংগ, বনৰীয়া ঘাহ বনৰ গুটি আদিও খায়।
চ) টোকোৰাৰ বাহটো কিয় বতাহ-বৰষুণে অনিষ্ট কৰিব নোৱাৰে?
উত্তৰঃ টোকোৰা চৰাই বাহটো বোৱনিয়ে কাপোৰ বোৱা দৰে পাতৰ আঁহেৰে ডাঠকৈ গুঁঠি উলিয়াই। এনে কৰিলে বতাহ-বৰষুণে অনিষ্ট কৰিব নোৱাৰে আৰু আন চৰাই চিৰিকটিও সোমাব নোৱাৰে।
ছ) টোকোৰাক কিয় পক্ষীকুলৰ অভিযন্তা বুলি কুৱা হয়?
উত্তৰঃ টোকোৰা চৰাই বাহটো বৰ নিখুঁতকৈ সাজেঁ সেইকাৰণে তাকে দেখি সকলোৱে পক্ষীকুলৰ অভিযন্তা বুলি কয়।
২) শব্দবোৰ পঢ়া। দলত আলোচনা কৰি লিখা।
শব্দ অৰ্থ
বৰণ 一 বৰ্ণ, ৰঙ।
গঠন 一 গঢ়।
বাঞ্ছা 一 ইচ্ছা।
প্ৰিয় 一 চেনেহৰ।
চহকী 一 টনকীয়াল।
উলাহ 一 আনন্দ।
মজবুত 一 দৃঢ়।
নিখুঁত 一 নিৰ্ঘূন।
চিয়াঁ 一 ক্ষীণ।
অভিঁযন্তা 一 যন্ত্ৰবিদ।
৩) যুক্তাক্ষৰ গঠন কৰা পঢ়া
চ + ছ চই ছই চ্ছ
ঞ + চ ঞই চই ঞ্চ
ন + ন নই নই ন্ন
ঞ + জ ঞই জই ঞ্জ
৪) খালী ঘৰত যুক্তাক্ষৰ লিখি শব্দবোৰ পঢ়া
গ্ন ঞ্চ ঞ্জ ন্ন চ্ছ ত্ন
তুচ্ছ
অগ্নি
ৰত্ন
পঞ্জাব
প্ৰসন্ন
অঞ্চল
৫)কাষৰ পৰা শব্দ আনি বাহিৰৰ শব্দৰ লগত মিলাই একোটাকৈ জতুৱা ঠাঁচ লিখোঁ আহা।
মাৰে, বাছে, বানে, তোলে, বায়, বজায়, কোবাই, পগাই
গাখীৰ উত্তৰঃ গাখীৰ পগাই
পানী উঃ পানী তোলে।
ধান উঃ ধান বানে।
চাউল উঃ চাউল বাছে।
বাঁহী উঃ বাঁহী বজায়।
মৰণা উঃ মৰণা মাৰে।
ডবা উঃ ডবা কোবাই।
ঢোল উঃ ঢোল বায়।
৬) দফাটো পঢ়ি তলৰ পশ্নৰ উত্তৰ লিখা
ৰঞ্জন এজন ভাল ল'ৰা। সি পৰিস্কাৰ পৰিচ্ছন্নকৈ থাকি ভাল পায়। সিহঁতৰ অঞ্চলটোত বহুতো উচ্চ শিক্ষিত লোক আছে। ৰঞ্জনে ডাঙৰ হৈ অভিযন্তা হোৱাৰ ইচ্ছা মনতে পাঙিছে। মাক দেউতাকেও সি শিক্ষিত হোৱাটো বাঞ্ছা কৰিছে। যত্ন কৰিলে ৰঞ্জন নিশ্চয় এদিন অভিযন্তা হ'ব পাৰিব।
ক) পৰিস্কাৰ পৰিচ্ছন্নকৈ থাকি কোনে ভাল পায়?
উত্তৰঃ পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰঞ্জনে থাকি ভাল পায়।
খ) ৰঞ্জনে কি হ'বলৈ মনতে পাঙিছে?
উত্তৰঃ ৰঞ্জনে মনতে অভিযন্তা হ'বলৈ মনতে পাঙিছে।
গ) মাক-দেউতাকে ৰঞ্জন কি হোৱাটো বাঞ্ছা কৰিছে?
উত্তৰঃ মাক দেউতাকে ৰঞ্জন শিক্ষিত হোৱাটো বাঞ্ছা কৰিছে।
৭) কাক কি বোলে一 কওঁ আৰু লিখোঁ আহা।
ক) ঢোল, খোল নিৰ্মাণ কৰা লোক 一 পাল , ঢোলীয়া।
খ) কাপোৰ বোৱা লোক 一 বোৱণী।
গ) লোৰ সামগ্ৰী তৈয়াৰ কৰা লোক 一 ক'মাৰ।
ঘ) মাটিৰ বাচন তৈয়াৰ কৰা লোক 一 কুমাৰ।
৮) মই কোন কোৱা।
(ক) মই শুৱলাকৈ মাত মাতোঁ, বসন্ত কালত দেখা দিওঁ, কাউৰীৰ বাহত কণী পাৰোঁ । মোৰ নাম…………………।
উত্তৰঃ কুলি।
(খ) মোৰ ঠোঁটটো ৰঙা, গাটো সেউজীয়া, শিকালে মানুহৰ দৰে কথা ক'ব পাৰো। মোৰ নাম…………………।
উত্তৰঃ ভাটৌ।
গ) মোৰ গোটেই গাটো বগা, টেং দুখন দীঘল, মই খাল বিলত মাছ বিছাৰি ফুৰোঁ। মোৰ নাম…………………।
উত্তৰঃ বগলী।
(ঘ) মোৰ গোটেই গাটো নীলা, বুকুখন ৰঙা হালধীয়া আৰু দীঘল ঠোঁটেৰে মই ওপৰৰ পৰা জঁপিওৱা পানীত মাছ ধৰি খাওঁ।মোৰ নাম …………………।
উত্তৰঃ মাছৰোকা।
৯) তোমাৰ কেতিয়াবা চৰাই হ'বলৈ মন যায়নে? কি চৰাই হ'বলৈ মন যায় আৰু কিয়।
উত্তৰঃ তোমালোকে নিজৰ নিজৰ কি কি চৰাই হ'বলৈ মন যায় নিজে লেখিবা।
১০) আঁচ টনা যুক্তাক্ষৰ লৈ নিজাকৈ শব্দ সাজি লিখা?
ক) ইঞ্জিনিয়াৰক অসমীয়াত অভিযন্তা বোলে।
উত্তৰঃ অঞ্জিত ল'ৰাটোৰ অন্তখন বৰ কোমল।
খ) ইচ্ছা থাকিলে বাঞ্ছা পূৰ্ণ কৰিব পাৰি।
উত্তৰঃ অৰুপৰ ইচ্ছা ডাঙৰ হৈ এজন ডাক্তৰ হোৱা আৰু মাক-বাপেকে বাঞ্ছা কৰে অভিযন্তা হোৱা।
১১) দলত আলোচনা কৰি তলৰ শব্দবোৰৰ পৰা চৰাইৰ নাম লিখা।
টো কে ভা ক কী কু ল
চি গ কা কো ত ম কা
লি না ৰি ঘ ৰো ৰী ন
ৰা হি লি কা টৌ শা বু
উ বু হা ই লি ই কী
ঠা ৰা ক দ ছ তে পৌ
উদাহৰণ一 কাউৰী
কুলি
কপৌ
ভাটৌ
বুলবুলি
কেতেকী
শালিকা
টোকোৰা
Edit Parina Hazarika
Post ID: DABP001937