Chapter 5 Part I -
কোনে
(ক) ঘৰবোৰ কোনে সাজে বুলি কবিয়ে কৈছে?
উত্তৰ: কবিয়ে কৈছে যে ঘৰবোৰ মিস্ত্রিয়ে সাজে।
(খ) মিস্ত্ৰিয়ে ঘৰৰ বাহিৰে আন কি কি সাজে?
উত্তৰ: মিস্ত্ৰিয়ে ঘৰৰ লগতে মেজ আৰু চকীও সাজে বুলি কবিয়ে উল্লেখ কৰিছে।
(গ) কবিৰ দেউতাকে চোলাবোৰ ক'ৰপৰা আনি দিয়ে?
উত্তৰ: কবিয়ে কয় যে তেওঁৰ দেউতাই বজাৰৰ পৰা চোলাবোৰ আনি দিয়ে।
(ঘ) আকাশ গঢ়োঁতা খনিকৰজনক চিনি পালে কবিয়ে কি সুধিলেহেঁতেন?
উত্তৰ: কবিয়ে কয়, যদি তেওঁ কেতিয়াবা আকাশ গঢ়োঁতা খনিকৰজনক চিনি পায়, তেন্তে তেওঁক সুধিম যে, ইমান ধুনীয়া ফুলবোৰক কোনে চোলা কিনি দিয়ে।
(ঙ) কবিয়ে আকাশ গঢ়োতা খনিকৰ বুলি কাক বুজাইছে?
উত্তৰ: কবিয়ে আকাশ গঢ়োতা খনিকৰ বুলি ঈশ্বৰ বা সৃষ্টি কৰ্তাক বুজাইছে, যিয়ে আকাশ সাজে, তাত তৰা আঁকে আৰু ফুলবোৰক ৰঙা-নীলা চোলা দিয়ে।
Additional Question Answers (অতিরিক্ত প্ৰশ্নোত্তৰ)
(ক) কবিতাখনত 'চোলা' শব্দেৰে কি বুজোৱা হৈছে?
উত্তৰ: 'চোলা' শব্দেৰে ফুলবোৰৰ ৰঙীন পঁপীয়া বা বাহ্যিক ৰূপ বুজোৱা হৈছে।
(খ) কবিতাটোৰ মূল ভাব কি?
উত্তৰ: কবিতাটো সৃষ্টিকর্তাৰ ওপৰত বিস্ময় আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে – যিয়ে এই ধুনীয়া পৃথিৱী, আকাশ, ফুল আদিকে সৃষ্টি কৰিছে আৰু শোভা পাইছে।
(গ) “আকাশ গঢ়োতা খনিকৰ” শব্দযুগলৰ অৰ্থ কি?
উত্তৰ: "আকাশ গঢ়োতা খনিকৰ" মানে হ'ল সেই সৃষ্টি কৰ্তা বা ঈশ্বৰ, যিয়ে আকাশক গঠন কৰিছে।
(ঘ) কবিয়ে কেনেকৈ প্ৰকৃতিৰ সৌন্দৰ্য উপলব্ধি কৰিছে?
উত্তৰ: কবিয়ে আকাশ, তৰা, ফুলৰ দৰে প্ৰাকৃতিক উপাদান দেখি আশ্চৰ্য হয় আৰু সুধে – ইবোৰ কোনে সাজে, কোনে চোলা দিয়ে। এইদৰে তেওঁ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰে।
(ঙ) কবিতাটোত শিশুমনৰ কৌতূহল কেনেকৈ প্ৰকাশ পাইছে?
উত্তৰ: শিশুটি চাকি-চাকি ধুনীয়া বস্তু দেখি সুধে – এইবোৰ কোনে সাজে, কোনে দিয়ে। এইয়ে দেখুৱায় যে, শিশুমন সদায় জানিব বিচাৰে আৰু কৃতজ্ঞতাৰে ভৰা।
OLD
অধ্যায় ৯
সাহসী ছোৱালীজনী
১) ক। দলটোৱে কি ধ্বনিদি শোভাযাত্ৰা কৰিছিল?
উত্তৰঃ " বন্দে মাতৰম্, " বন্দে মাতৰম", ধ্বনি দি শোভাযাত্ৰা কৰিছিল।
খ) শোভযাত্ৰা কৰি দলটো কোনফালে আগবাঢ়িছিল?
উত্তৰঃ শোভাযাত্ৰা কৰি দলটো গহপুৰ থানা অভিমুখে আগবাঢ়িছিল।
গ) শোভাযাত্ৰাৰ সন্মুখত থকা ছোৱালিজনীয়ে কি গীত জুৰিছিল?
উত্তৰঃ শোভাযাত্ৰাৰ সময়ত থকা ছোৱালিজনীয়ে স্বদেশপ্ৰেমৰ গীত জুৰিছিল।
ঘ) পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে কি কৰিলে?
উত্তৰঃ পতাকা উৰুৱাবলৈ যাওঁতে পুলিচে গুলী কৰিছিল।
ঙ) দেশৰ বাবে প্ৰাণ আহুতি দিয়াৰ ছোৱালিজনীৰ নাম কি?
উত্তৰঃ দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছোৱালিজনীৰ নাম কনকলতা।
২) তলৰ কথাকেইষাৰ কোনে কৈছিল
।ক) "সাৱধান, আৰু আগ নাবাঢ়িবা; এখোজ আগবাঢ়িলেই গুলী কৰিম"
উত্তৰঃ এই কথাষাৰ পুলিচে কৈছিল।
খ) "এইখন আমাৰ দেশ, এইখন দেশত বিদেশীৰ কোনো অধিকাৰ নাই। থানাত আমি জাতীয় নিচান উৰুৱামেই।"
উত্তৰঃ এই কথাষাৰ কনকলতাই কৈছিল।
৩) দলত আলোচনা কৰি তলৰ শব্দবোৰৰ অৰ্থ লিখা।
শব্দ অৰ্থ
হুংকাৰ 一 শকিওৱা
ভ্ৰূক্ষেপ 一 ভয়
আগচি 一 আগ ভেটি ধৰা
উত্তপ্ত 一 গৰম ∖ তাপ
উদ্য়ত 一 উদ্য়মশীল
আহুতি 一 নিজৰ মৃত্য়ু দিয়া
৪) তলৰ শব্দবোৰৰ সহায়ত খালী ঠাই পূৰ কৰা
নিচান ভ্ৰূক্ষেপ উত্তপ্ত উদাত্ত
ক) উদাত্ত কন্ঠৰে তাই স্বদেশ প্ৰেমৰ গীত জুৰিছিল?
খ) পুলিচৰ হুংকাৰ শুনাৰ পাছত পৰিৱেশ উত্তপ্ত হৈ পৰিল।
গ) ছোৱালীজনীয়ে পুলিচৰ হুংকাৰলৈ ভ্ৰূক্ষেপ নকৰিলে।
ঘ) থানাত আমি জাতীয় নিচান উৰুৱামে।
৫) যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা
উত্তপ্ত প্ত প + ত পই তই প্ত
আহ্বান হ্ব হ + ব হই বই হ্ব
সহস্ৰ স্ৰ স + ৰ সই ৰই স্ৰ
কৃষ্ণ ষ্ণ ষ + ণ ষই ণই ষ্ণ
ভ্ৰূক্ষেপ ভ্ৰূ ভ + ৰ + ঊ ভই ৰই ভ্ৰ তাত ঊ কাৰে ভ্ৰূ
৬) যুক্তাক্ষৰ গঠন কৰো আহা
হ + ব হই বই হ্ব
স + ৰ সই ৰই স্ৰ
প + ত পই তই প্ত
ষ + ণ ষই ণই ষ্ণ
ভ + ৰ + ঊ ভই ৰই ভ্ৰ তাত ঊ কাৰে ভ্ৰূ
৭) শুদ্ধটোৰ কাষত ✔ চিন আৰু ভূলটোৰ কাষত ✕ চিন দিয়া
ষ্ণ→ ষ + ণ✔ ভ্ৰূ→ ভ + ঊ + ৰ✕
ষ + ঞ✕ ভ + ৰ + ঊ✔
৮) পুলিংগ স্ত্ৰীলিংগ
ল'ৰা ছোৱালী
ল'ৰাটো ছোৱালীজনী
ৰূপহ ৰূপহী
এজন এজনী
৯) পাঠত নথকা অথচ আমি প্ৰয়ে ব্য়ৱহাৰ কৰা কিছুমান তেনেধৰণৰ পুৰুষ আৰু স্ত্ৰী বুজোৱা শব্দৰ লগত চিনাকি হওঁ আহা
পু স্ত্ৰী
দেউতা 一 মা
পেহা 一 পেহী
খুৰা 一 খুৰী
তাৱৈ 一 আমৈ
ককা 一 আইতা
বন্ধু 一 বান্ধৱী
বাঘ 一 বাঘিনী
ছাত্ৰ 一 ছাত্ৰী
গায়ক 一 গায়িক
নায়ক 一 নায়িকা
ৰজা 一 ৰাণী
নিলাজ 一 নিলাজী
দৰা 一 কইনা
বলধ 一 গাই
১০) চাই চাই লিখোঁ আহা
স্বাধীনতা আমাৰ জন্মস্বত্ব
স্বাধীনতা আমাৰ জন্মস্বত্ব
স্বাধীনতা আমাৰ জন্মস্বত্ব
১০) জাতীয় পতাকা খন আঁকা। ইয়াৰ বিষয়ে কেইটামান বাক্য় লিখোঁ আ
উত্তৰঃ জাতীয় পতাকা তোমালোকে নিজে আকিবা ।জাতীয় পতাকাখনৰ বিষয়ে কেইটাহামান বাক্য় হ'ল যেনে一 ১) জাতীয় পতাকাখনৰ তিনিটা ৰং আছে।
২) জাতীয় পতাকা ওপৰৰ ৰংটো গেৰুৱা, মাজৰ ৰংটো বগা, আৰু তলৰ ৰংটো সেউজীয়া।
৩) জাতীয় পতাকাৰ মাজত এটা অশোক চক্ৰ আছে। সেই চক্ৰটোত ২৪ ডাল দণ্ড আছে।
৪) গেৰুৱা: গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক। বগা: বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক। সেউজীয়া: সেউজীয়া ৰং কৃষি আৰু প্ৰগতিৰ প্ৰতীক ।
৫) ১৫ আগষ্ট তাৰিখ স্বাধীৱতা দিৱসত জাতীয় পতাকা উৰুৱাই ।
১১ তলত উল্লেখ কৰা তাৰিখবোৰত আমি কি কি দিৱস পালন কৰোঁ লিখোঁ আহা।
১৫ আগষ্ট 一 স্বাধীনত দিৱস।
২৬ জানুৱাৰী 一 গণতন্ত্ৰ দিৱস।
২ অক্টোবৰ 一 আন্তজাৰ্তিক অহিংসা দিৱস।
২০ জুন 一 আন্তজাৰ্তিক উদ্বাস্তু বা শৰণাৰ্থী দিৱস।
১৭ জানুৱাৰী 一 শিল্পী দিৱস ।
Edit By Parina Hazarika
Post ID: DABP001935