Chapter 4 Part II - 

খবৰৰ টোপোলা

পাঠভিত্তিক প্রশ্ন-উত্তৰ (খবৰৰ টোপোলা):

১। কওঁ আৰু লিখোঁ আহা—

(ক) ছবি আঁকাত উদগনি বঁটা কোনে পাইছিল?

উত্তৰ: ছবি আঁকাত উদগনি বঁটা প্রদীপ যাদবে পাইছিল।


(খ) বাতৰি কাকতখন কোন তাৰিখে প্রকাশ পাইছে?

উত্তৰ: বাতৰি কাকতখন ১৯ জুলাই তাৰিখে প্রকাশ পাইছে।


(গ) কুইজ উৎসৱ ক’ত অনুষ্ঠিত হৈছিল?

উত্তৰ: কুইজ উৎসৱ নলবাৰী প্রাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল।


(ঘ) বাতৰি কাকতখনত কোন কোন ঠাইৰ বাতৰি প্ৰকাশ পাইছে?

উত্তৰ: বাতৰি কাকতখনত তেজপুৰ, নলবাৰী, মৰিয়নি আৰু লামডিং (জাতিংগা)ৰ বাতৰি প্ৰকাশ পাইছে।


(ঙ) বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম কি কি?

উত্তৰ: বাতৰি কাকতত প্ৰকাশ পোৱা বাতৰি কেইটাৰ শিৰোনাম হৈছে—

তেজপুৰত ছবি আঁকা প্রতিযোগিতা

নলবাৰীত কুইজ উৎসৱৰ আয়োজন

মৰিয়নিত এনকেফেলাইটিছ

ৰে’ল যাতায়াত ব্যাহত: জাতিংগাত ভূমিস্খলন

Additional Question-Answer:

(১) ৰত্নাৰ নাম কাকতত কিয় আহিছিল?

উত্তৰ: ৰত্নাই ছবি আঁকাৰ প্ৰতিযোগিতাত যুটীয়াভাৱে ৩য় স্থান লাভ কৰিছিল, সেই বাবে তাইৰ নাম বাতৰি কাকতত আহিছিল।


(২) তেজপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখন কোন প্ৰতিষ্ঠানে আয়োজন কৰিছিল?

উত্তৰ: 'মইনা পাৰিজাত' প্ৰতিষ্ঠানে তেজপুৰত ছবি আঁকাৰ প্ৰতিযোগিতাখন আয়োজন কৰিছিল।


(৩) কুইজ উৎসৱ কেতিয়া অনুষ্ঠিত হ’ব বুলি কোৱা হৈছিল?

উত্তৰ: কুইজ উৎসৱ ২১ জুলাইৰপৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি কোৱা হৈছিল।


(৪) মরিয়নিত বিয়পি পৰা ৰোগখনৰ নাম কি?

উত্তৰ: মৰিয়নিত বিয়পি পৰা ৰোগখনৰ নাম হৈছে জাপানিছ এনকেফেলাইটিছ।


(৫) ভূমিস্খলনৰ বাবে ৰে’ল যাতায়াত ক'ত ব্যাহত হৈছিল?

উত্তৰ: ভূমিস্খলনৰ বাবে ৰে’ল যাতায়াত জাতিংগাত ব্যাহত হৈছিল।


(৬) তেজপুৰত ছবি আঁকাৰ প্ৰতিযোগিতাত ১ম স্থান লাভ কৰিছিল কোনে?

উত্তৰ: ১ম স্থান চবিন বাভাই লাভ কৰিছিল।

OLD

অধ্য়ায়-৮

গাই গাই যাওঁ

    👉Text Book PDF
    👉MCQ Online Exam
    👉MCQ Answer


১) উত্তৰ দিয়া

ক) ৰ'দালীক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে?

উত্তৰঃ ৰ'দালীক বহিবলৈ বৰ পীৰা পাৰি দিছিল।

খ) ৰ'দালীৰ মাকৰ কেইডালি চুলি?

উত্তৰঃ ৰ'দালীৰ মাকৰ তিনিডালি চুলি।

গ) বতা চৰায়ে ধান  নাখালে কি খাব?

উত্তৰঃ বতা চৰায়ে ধান নাখালে চাউল খাব।

ঘ) ৰতনপুৰত কি কি বাদ্য় বজায়।

উত্তৰঃ ৰতনপুৰত ঢোল, খোল বাদ্য় বজায়।

ঙ) খঁৰা শিয়ালৰ বিয়াত কোনে তামোল কাটে?

উত্তৰঃ খঁৰা শিয়ালৰ বিয়াত ঘনচিৰিকাই তামোল কাটে।

২) শেষৰ ধ্বনি মিল থকা শব্দ পাঠৰ পৰা বিচাৰি চোৱা। উদাহৰণত দেখুৱাৰ দৰে দুটাকৈ শব্দ লিখা।

উদাহৰণ 一  আলি → চুলি→ জালি

চৰাই → ঘনচিৰিকাই → কোৱাই

খাম যাম  দিম

৩) শব্দ গঠন কৰো আহা

ক) তৰা তৰালি        বেজ বেজালি        ল'ৰা ল'ৰালি        খৰ খৰালি

) বিৰিণা                        বিৰিণাতলী।

মাহ            + তলী           মাহতলী।

কঠিয়া                              কঠিয়াতলী।

সৰিয়হ                            সৰিয়হতলী।

কলহৰ                            কলহৰতলী

চৰুৰ            + তলী          চৰুৰতলী

বাকচৰ                            বাকচৰতলী

কেৰাহী                            কেৰাহীতলী

৪) ভৱিষ্য়ত বুজোৱা শব্দ লিঁখো আহা।

উদাহৰণ→ দে        দিম        দিবি        দিবা        দিব

                      খা        খাম        খাবি        খাবা        খাব

                      যা         যাম        যাবি        যাবা        যাব

                   কাট        কাটিম,     কাটিবা        কাটিবি        কাটিব

৫) পদ্য়ফাকি নিজৰ মতে লিখোঁ আহা

উত্তৰঃ তোমালোকে নিজে লেখিবা।

৬) কি গীতৰ লগত কি কি বাদ্য় বজায় মিলাই নিজৰ বহীত লিখো আহা

নাম প্ৰসংগ খোল, 

লোকগীত→ খঞ্জৰী

টোকাৰী গীত দোতাৰা।

বাগুৰুম্বা খাম।

হোলীগীত→ঢোল  

বিহু নাম টকা, তাল, পেঁপা, বাঁহী আৰু গগণা, , টকা আৰু সুতুলি।

জিকিৰ→নাগৰা ঢোল খোল

গোৱালপৰীয়া লোকগীত

ঝুমৰি → শেহনাই, কৰতাল, বাঁহী, ঢক, নাগৰা

হুচৰিঢোল, পেঁপা, তাল 

বৰগীতখোল, তাল, বাহীঁ।

৭) উত্তৰ দিয়া

ক) ৰ'দালীক ৰদ দিবলৈ খাটনি ধৰিছে 一 ৰ'দ নিদিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে ?

উত্তৰঃ ৰ'দ নিদিলে আমাৰ বহুত অসুবিধা হ'ব যেনে一 ৰ'দ নিদিলে আমি পোহৰ নাপাম সকলোফালে এন্ধাৰ হব আৰু সদায়েই ৰাতিৰ দৰে থাকিব। লগতে গছ-গছনি মৰিব গছে নিজৰ বাবে আহাৰ তৈয়াৰ কৰিব নোৱাৰিব। মানুহৰ কাপোৰ-কানি নুখুকাব ।  

খ) ধান নাখালে চৰাইক গোট কৰাই দিব一 তোমালোকে চৰাইক আৰু কি কি খাবলৈ দিব পাৰিবা?

উত্তৰঃ ধান নাখালে চৰাই গোট কৰাই দিব। আমি চৰাইক আৰু মাহ জাতীয় সামগ্ৰী,ভাত , বিস্কুট আদি খাব দিব পাৰো।

গ) ঢোল,খোল ৰতনপুৰৰ অঞ্চলত বায়, তোমালোকৰ অঞ্চলত কি কি বাদ্য় বজায়?

উত্তৰঃ তোমালোকে এইটো নিজে নিজৰ অঞ্চলত কি কি বজায় লিখিবা।

ঘ) খঁৰা শিয়ালৰ বিয়াত ঘন চিৰিকাই তামোল কাটে; আমাৰ বিয়াতো তামোল, পান কাটে বিয়াত তামোল কটাৰ বাহিৰেও আৰু কি কি কটা গোঁঠা আৰু সজোৱা দেখিচা

উত্তৰঃ খঁৰা শিয়ালৰ বিয়াত তামোল পান কাটে আমাৰ বিয়াতো তামোল পান কাটে , শাক-পাচলি কাটে, ফল-মূল কাটে, লগতে ঘৰৰ আগফালত পেণ্ডেল দি কাপোৰেৰ সজোৱা হয়। ফুলৰ মালা চিলাই,  কলৰপুলি পুতে , খৰি কাটে।

৮) দলত বহি তলৰ পদ্য় কেইফাকি  পঢ়া। আঁচ-টনা শব্দৰ লগত মিলাই খালী ঠাই পূৰ কৰা।

ক) ৰঙচুৱা পাখিৰে 

কণমানি চৰাই

চোতালত দিছে ধানমাহ

খোৱাহি পেট ভৰাই 

খ) অকণমানি ভন্টিজনী 

নাম তাইৰ হীয়া

বহাগ মাহৰ মাজভাগত 

তাই বায়েকৰ বিয়া   ।

গ) বৰদৈচিলা আহিল দেখোন 

মেলি দীঘল চুলী 

হালি জালি নাচিছে

নিম গছৰ ডালি ।

৯) ভাবা আৰু উত্তৰ দিয়া

ক) বৰষুণ দিলে আমি কি কি কৰোঁ?

উত্তৰঃ তোমালোকে বৰষুণ দিলে কি কি  কৰা সেই বিষয়ে লিখিবা।

খ) ধান আৰু চাউলৰ পৰা কি কি জলপান কৰা হয়?

উত্তৰঃধান আৰু চাউলৰ পৰা বিভিন্ন জলপান তৈয়াৰ কৰা হয় যেনে উদাহৰণ

 পায়স→  জহা ধান, চকোৱা ধান, কণি জহা ধান আদি চাউলৰ পৰা তৈয়াৰ হয়.

আখৈ বৰা দানৰ পৰা তৈয়াৰ কৰা হয়।

সান্দহ বৰা বা শালি দানৰ পৰা তৈয়াৰ কৰা হয়। 

ভজা চাউল বৰা ধানৰ পৰা তৈয়াৰ কৰা হয়।                      

চিৰা বৰা, জহা, বকুল বৰা আদি চাউলৰ পৰা তৈয়াৰ কৰা হয়।                       

ঘ一প্ৰকল্প

১০)  ধাননিত বতা চৰাইৰ বাহিৰে ধান খাবলৈ আৰু কি কি চৰাই আহে তালিকা কৰা।

উত্তৰঃ ধাননিত বতা চৰাইৰ বাহিৰে ভাটৌ, শালিকা, কপৌ,ঘনচিৰিকা আদি চৰাই ধান খাবলৈ আহে


 

Edit By Parina Hazarika

Post ID: DABP001934