মানৱ ভূগোল
দ্বিতীয় অধ্যায়
👉দ্বিতীয় অধ্যায়ঃ মানৱ ভূগোলঃ পৃথিৱীৰ মানুহ
👉Download Books PDF
👉MCQ Online Exam Click Here
👉Short Question Answer
👉Chapter 2 MCQs Answer
👉Paid Answer (Buy Now)
চমু প্ৰশ্নউত্তৰঃ
১। মানৱ ভূগোল কাক বোলে?
উত্তৰঃ ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহলভাৱে মানৱ ভূগোল বোলে।
২। 'মানৱ জাতি' বা 'মানৱ গোষ্ঠী' কাক বোলা হয়?
উত্তৰঃ দৰাচলতে 'মানৱ জাতি'ৰ ধাৰণাটো সম্পূৰ্ণভাৱে প্ৰাণীগতহে- সাংস্কৃতিক নহয়। সেয়ে প্ৰায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্ৰমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই তাকে 'মানৱ জাতি' বা 'মানৱ গোষ্ঠী' বোলা হয়।
৩। পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগতভাৱে কিহৰ পাৰ্থক্য দেখা যায়। এই পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি মানুহক কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি?
উত্তৰঃ পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগতভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে- চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ গঠনৰ পাৰ্থক্য দেখা যায়। এনে পাৰ্থক্যৰ ওপৰত ভিত্তি কৰিয়েই বহলভাৱে সমগ্ৰ পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা মানৱ জাতিত বিভক্ত কৰা হৈছে- (১) ককেছীয় (Caucasoid), (২) নিগ্ৰ'ইড (Negroid) আৰু (৩) মঙ্গোলীয় (Mongoloid)।
৪। মানুহৰ জন্ম ক'ত হৈছিল?
উুত্তৰঃ জীৱ বিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল।
৫। পৃথিৱীৰ প্ৰধান মানৱ জাতি কেইটা কি কি?
উত্তৰঃ পৃথিৱীৰ প্ৰধান মানৱ জাতি কেইটা হৈছে- (১) ককেছীয় গোষ্ঠী, (২) নিগ্ৰ'ইড গোষ্ঠী আৰু (৩) মঙ্গোলীয় গোষ্ঠী।
৬। মানুহৰ আবিৰ্ভাৱ কেতিয়া হৈছিল?
উত্তৰঃ আনুমানিক আধুনিক পূৰাতত্ত্বৰ তথ্য অনুসৰি মানুহৰ আবিৰ্ভাৱ হৈছিল পুৰণি পৃথিৱী খণ্ডৰ ক্ৰান্তীয় আফ্ৰিকাৰ পূব অংশত কমেও এক লাখ বছৰ আগতে।
৭। ধৰ্ম কাক বোলে?
উত্তৰঃ জীৱন নিৰ্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ বা গোটৰ মানুহে যিবোৰ ধৰা-বন্ধা নিয়মাৱলী আৰু নীতিৰ মাজেৰে পৰিচালিত হয় তাকে সাধাৰণ অৰ্থত ধৰ্ম বোলা হয়।
৮। পৃথিৱীৰ প্ৰধান ধৰ্মসমূহ কি কি?
উত্তৰঃ জনসংখ্যা হিচাবে খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ ধৰ্মক পৃথিৱীৰ ধৰ্ম বুলিব পাৰি।
৯। পৃথিৱীৰ প্ৰাচীনতম ধৰ্মটো কি?
উত্তৰঃ হিন্দুই হ'ল সমগ্ৰ পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম।
১০। হিন্দু ধৰ্মৰ জন্ম ভূমি ক'ত?
উত্তৰঃ সিন্ধু নদীৰ পূবত অৱস্থিত বিশাল ভাৰতবৰ্ষই হ'ল হিন্দু ধৰ্মৰ জন্মভূমি।
১১। কোনটো যুগত হিন্দু ধৰ্মৰ সূত্ৰপাত হৈছিল?
উত্তৰঃ আজিৰ পৰা অতি কমেও পাঁচ হাজাৰ বছৰ পূৰ্বে বৈদিক যুগত হিন্দু ধৰ্মৰ সূত্ৰপাত হৈছিল।
১২। হিন্দু ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ হিন্দু ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হ'ল বেদ।
১৩। খ্ৰীষ্টান ধৰ্ম কেতিয়া আবিৰ্ভাৱ হৈছিল?
উত্তৰঃ আজিৰ পৰা দুহেজাৰ বছৰ পূৰ্বে ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আবিৰ্ভাৱ হৈছিল।
১৪। খ্ৰীষ্টান ধৰ্ম প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰঃ খ্ৰীষ্টান ধৰ্ম প্ৰধানকৈ দুটা ভাগ আছে - ৰোমান কেথ'লিক আৰু প্ৰোটেষ্টান্ট।
১৫। খ্ৰীষ্টান ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ খ্ৰীষ্টান ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম- বাইবেল।
১৬। ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বত কিমান খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে বসবাস কৰে?
উত্তৰঃ ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বত ২১৩ কোটি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে বসবাস কৰে।
১৭। ইছলাম ধৰ্মৰ জন্ম ক'ত হৈছিল?
উত্তৰঃ আজিৰ পৰা প্ৰায় ১৪০০ বছৰ পূৰ্বে মধ্য-প্ৰাচ্যৰ মৰুভূমি অঞ্চলতে ইছলাম ধৰ্মৰ জন্ম হৈছিল।
১৮। ইছলাম ধৰ্মৰ প্ৰধান ভাগ দুটা কি কি?
উত্তৰঃ ইছলাম ধৰ্মৰ প্ৰধান ভাগ দুটা হৈছে- চিয়া আৰু চুন্নী।
১৯। ইছলাম ধৰ্মৰ মূল গ্ৰন্থখন কি?
উত্তৰঃ ইছলাম ধৰ্মৰ মূল গ্ৰন্থখন হ'ল- কোৰাণ।
২০। ২০০৬ বৰ্ষৰ তথ্যমতে ইছলাম ধৰ্মৰ মুঠ জনসংখ্যা কিমান?
উত্তৰঃ ২০০৬ বৰ্ষৰ তথ্যমতে ইছলাম ধৰ্মৰ মুঠ জনসংখ্যা ১৩৫ কোটি।
২১। বৌদ্ধ ধৰ্ম কেতিয়া জন্ম হৈছিল?
উত্তৰঃ আজিৰ পৰা ২৫০০ বছৰ পূৰ্বে উত্তৰ ভাৰতৰ বৌদ্ধ গয়া অঞ্চলত গৌতম বুদ্ধৰ নেতৃত্ত্বত হিন্দু ধৰ্মৰ কিছু সংস্কাৰ সাধন কৰি বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল।
২২। বৌদ্ধ ধৰ্মৰ ভাগ কেইটা আৰু কি কি?
উত্তৰঃ বৌদ্ধ ধৰ্মৰ ভাগ দুটা হৈছে- হিনায়ন আৰু মহায়ন।
২৩। ২০০৬ বৰ্ষৰ বৌদ্ধ ধৰ্মৰ তথ্য অনুসৰি সমগ্ৰ পৃথিৱীত কিমান কোটি লোক আছে?
উত্তৰঃ ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ পৃথিৱীত ৩৮ কোটি বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে।
২৪। বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম- ত্ৰিপিটাকা।
Post ID: DABP004714