জন-বসতি

চতুৰ্থ অধ্যায়

চমু প্ৰশ্ন উত্তৰঃ

১। জন বসতি কাক বোলে?

উত্তৰঃ মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জন বসতি বোলে।


২। বসতি ভূগোল কাক বোলে?

উত্তৰঃ ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিস্তাৰ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ অধ্যয়ন কৰা হয় তাকে বসতি ভূগোল বোলা হয়।


৩। বসতি ভূগোলৰ জন্মদাতা কোন?

উত্তৰঃ পৃথিৱী বিখ্যাত জাৰ্মান ভূগোলবিদ কাৰ্ল ৰিটাৰক বসতি ভূগোলৰ জন্মদাতা বোলা হয়।


৪। বসতিক প্ৰধানকৈ কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি আৰু কি কি?

উত্তৰঃ বসতিক প্ৰধানকৈ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। যেনে- বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতি।


৫। বিৰল বসতি কাক বোলে?

উত্তৰঃ পার্বত্য শিলাময় তথা প্রতিকূল জলবায়ু বিৰাজ কৰা অতিপাতআ গৰম বা ঠাণ্ডা ঠাইবোৰত সাধাৰণতে জনবসতি সেৰেঙা হয়। এনেধৰণৰ জনবসতিক বিৰল বসতি বোলে ৷


৬। বিৰল বসতি ক'ত দেখা পোৱা যায়?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয় অঞ্চল আৰু অষ্ট্ৰেলিয়াৰ কৃষিপ্রধান অঞ্চলবোৰতো এনে বিৰল বসতি বেছিকৈ দেখা যায়।


৭। কেন্দ্ৰীভূত বসতি কাক বোলে?

উত্তৰঃ কোনো কোনো ঠাইতে মানুহৰ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা–সুবিধাবোৰ যদি একেঠাইতে বা ওচৰে পাজৰে পোৱা যায়, তেন্তে সেই  এলেকাটোত মানুহৰ বসতি থূপ খাই থাকে ǀ এনে বসতিক কেন্দ্রীভূত বসতি বোলে ǀ 


৮। কেন্দ্ৰীভূত বসতি কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ  কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি উঠি অঞ্চলৰ আশে পাশে পোৱা বিভিন্ন সুবিধাৰ আলম লৈ  কেন্দ্রীভূত বসতি সৃষ্টি হয়। 


৯। কেন্দ্ৰীভূত বসতিক কেইটা প্ৰকাৰত বিভক্ত কৰিব পাৰি আৰু কি কি?

উত্তৰঃ কেন্দ্ৰীভূত বসতিক পাঁচটা প্ৰকাৰত বিভক্ত কৰিব পাৰি। যেনে- 

(i) আয়তক্ষেত্ৰাকাৰ বসতি (Rectangular settlement)

(ii) ৰৈখিক বসতি (Linear settlement)

(iii) বৃত্তাকাৰ বসতি (Circular settlement)

(iv) তৰাৰূপী বসতি (Star-like settlement)

(v) ত্ৰিভূজাকাৰ বসতি (Triangular settlement)


১০। ৰৈখিক বসতি কাক বোলে?

উত্তৰঃ বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে- ৰেলপথৰ কাষে কাষে বিস্তাৰিত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰেখিক বসতি


১১। বৃত্তাকাৰ বসতি কাক বোলে?

উত্তৰঃ যেতিয়া কোনো এটা বসতি অঞ্চলে একোটা বৃত্তৰ আকৃতি লয়, তেতিয়া তেনে বসতি অঞ্চলক বৃত্তাকাৰ বসতি বোলা হয়। অর্থাৎ মানুহে যেতিয়া হ্রদ, বিল নাইবা ডাঙৰ পুখুৰীৰ চাৰিওকাযে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কবে, তাকে বৃত্তাকাৰ বসতি আখ্যা দিয়া হয়।


১২। তৰাৰূপী বসতি কাক বোলে?

উত্তৰঃ  কিছুমান ঠাইত যেতিয়া কেইবাদিশৰ পৰা আহি লগলগা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাব ঘটে তাকে তৰাৰূপী বসতি বোলা হয়। 


১৩। তৰাৰূপী বসতিৰ বৈশিষ্ট্য কি?

উত্তৰঃ তৰাৰূপী বসতিৰ বৈশিষ্ট্য হৈছে এই বসতিত মানুহৰ ঘৰ-দুৱাৰবোৰ ৰাস্তাৰ দুয়োকাষে সম্প্ৰসাৰিত হয়।


১৪। ত্ৰিভূজাকাৰ বসতি কাক বোলে?

উত্তৰঃ দুখন বৃহৎ নদূৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলদ্ধতাক কেন্দ্ৰ কৰি ত্ৰিভূজ আকৃতিৰ জনবসতি গঢ়ি উঠে, তাকে ত্ৰিভূজাকাৰ বসতি বুলি কোৱা হয় । 


১৫। গ্ৰাম্য বসতি কাক বোলে?

উত্তৰঃ কৃষি কাৰ্যকে প্ৰধান জীৱিকা হিচাপে গ্ৰহণ কৰি গাওঁ অঞ্চলত গঢ়ি উঠা জনবসতিকে গ্ৰাম্য বসতি বোলে।


১৬। নগৰীয় বসতি কাক বোলে?

উত্তৰঃ  পৃথিৱীৰ যিবোৰ ঠাইত কৃষিকার্য সম্পাদনৰ বাবে প্রয়োজনীয় সাৰুৱা মাটি, সমতল ভূমি, পানী আদি অপর্যাপ্ত আৰু জীৱন নির্বাহৰ বাবে আৱশ্যকীয় সম্পদ, ৰাস্তা- ঘাট আৰু অন্যান্য সা-সুবিধা আৰু নিৰাপত্তা আছে তেনেবোৰ ঠাইতে অতি সহজে গাওঁবোৰ গঢ়ি উঠে।তাকে নগৰীয় বসতি বুলি কোৱা হয়।


১৭। বসতি শ্ৰেণীক্ৰম কাক বোলে?

উত্তৰঃ গ্ৰাম্য় আৰু পৌৰ সকলোধৰণৰ বসতিক আকাৰ অনুসৰি যেতিয়া সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱা হয় তাকে বসতি শ্ৰেণীক্ৰম বোলা হয়।


১৮। গ্ৰাম্য-নগৰ অবিচ্ছিন্নতা বা গ্ৰাম্য-নগৰ সান্তত্যক কাক বোলে?

উত্তৰঃ বসতি শ্ৰেণীক্ৰমত থকা বিভিন্ন আকাৰৰ বসতিসমূহৰ মাজত যেনে- গাঁও আৰু নগৰ আদিৰ অন্তৱৰ্তী অংশত তেনে বিশেষ পাৰ্থক্য দেখা নাযায়। ইয়াকে বসতিৰ গ্ৰাম্য-নগৰ অবিচ্ছিন্নতা বা গ্ৰাম্য-নগৰ সান্তত্যক বোলা হয়।


১৯। বিশ্বৰ সৰ্বপ্ৰথম মহানগৰীখনৰ নাম কি?

উত্তৰঃ বিশ্বৰ সৰ্বপ্ৰথম মহানগৰীখনৰ নাম- লণ্ডন।


২০। ডক্সিয়াডিছ নামৰ এজন ভূগোলবিদৰ মতে, জনবসতি এটাত কেইটা উপাংশ থাকে? কি কি?

উত্তৰঃ ডক্সিয়াডিছ নামৰ এজন ভূগোলবিদৰ মতে, জনবসতি এটাত চাৰিটা উপাংশ থাকে- (i) সমাংগ অংশ , (ii) কেন্দ্ৰীয় অংশ, (iii) পৰিসংচাৰী অংশ আৰু (iv) বিশেষ অংশ।


২১। কেন্দ্ৰীয় ব্যৱসায় এলেকা কাক বোলে?

উত্তৰঃ  নগৰাঞ্চলত মাটিৰ পৰিমাণ সীমিত আৰু মূল্য অত্যাধিক হোৱাৰ বাবে ইয়াত সুউচ্চ অট্টালিকাৰ প্ৰাধান্য দেখা যায়৷ সেইবাবে ইয়াত জনসংখ্যাৰ ঘনত্বও অধিক হয়। নগৰ এখনৰ এই কেন্দ্ৰীয় অঞ্চলটো নগৰ ভূগোলৰ ভাষাত কেন্দ্ৰীয় ব্যৱসায় এলেকা বোলা হয়।


২২। নগৰীয় উপকন্ঠ কাক বোলে?

উত্তৰঃ ডাঙৰ নগৰ বা মহানগৰৰ উপকণ্ঠ অঞ্চলত যেতিয়া নগৰীয় কাৰ্যকলাপৰ প্ৰভাৱত ভূমিদৃশ্য সলনি হৈ নগৰীয় অৱস্থাৰ ফালে ঢাল খায়, তেতিয়া সেই অঞ্চলটোক উপনগৰীয় অঞ্চল বা নগৰীয় উপকণ্ঠ বোলা হয়।




Author: Pompi Hazarika




Post ID: DABP004776