(চতুৰ্থ অধ্যায়)
জনবসতি
প্রশ্নাৱলী
১) 'জন বসতি’ বুলিলে কি বুজা? ইয়াৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ মানুহে জীৱন নির্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জন বসতি বোলে।
আজিৰ পৰা প্রায় ১২ হেজাৰ বছৰ আগলৈকে মানুহে স্থায়ী বাসস্থানৰ অভাৱত এক অঘৰী জীৱন যাপন কৰিছিল। মানুহৰ জ্ঞানৰ ক্ৰমবিকাশৰ লগে লগে সেই আদিম যুগৰ অঘৰী জীৱন ধাৰণ ত্যাগ কৰি মানুহে জীৱন ধাৰাৰ বাবে প্রাকৃতিক ভাৱে অনুকূল পৰিৱেশৰ ঠাইবোৰত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। মানুহৰ এই স্থায়ী বসবাস প্ৰক্ৰিয়া প্ৰকৃততে উদ্ভিদ-প্ৰাণীৰ ঘৰচীয়াকৰণ আৰু কৃষিকাৰ্যৰ ফলশ্ৰুতি। ঠাই এখন জনবসতিৰ সৃষ্টি আৰু বিকাশ ঠাইখনত থকা পানী, মৃত্তিকা, বনজ আৰু খনিজ সম্পদ আদিৰ প্ৰাচুৰ্য্য আৰু গুণাগুণ তথা বিভিন্ন সুবিধা-অসুবিধাৰ ওপৰত নিৰ্ভৰ কৰে। ঠাই এখনৰ সম্পদৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি জন বসতি স্থায়ী বা অস্থায়ী হ'ব পাৰে। বহুদিন ধৰি চলা জন-বসতি প্রক্রিয়াৰ ফলতহে এখন ঠাইত স্থায়ী বসতিৰ সৃষ্টি হয়। পানী মানুহৰ জীৱন ধাৰণৰ বাবে অতি আৱশ্যকীয়। সেইবাবেই সকলো ধৰণৰ বসতি পানীৰ সুবিধা থকা অঞ্চলতে গঢ়ি উঠে। প্ৰাচীনকালৰ বেছিভাগ সভ্যতাই নদীৰ পাৰত গঢ় লৈ উঠিছিল। যেনে- সিন্ধু নদী পাৰৰ সভ্যতা, হোৱাংহো নদীৰ সভ্যতা ইত্যাদি। আনহাতে কেতিয়াবা পানীৰ সুবিধাৰ অবিহনেও প্ৰাকৃতিক সম্পদত চহকী অঞ্চলবোৰৰ আশে-পাশে জনবসতি গঢ়ি উঠা দেখা যায় ।
পানী আৰু মাটিৰ চাহিদা পূৰণ হ'লে বসতি স্থাপনৰ বাবে বানপানীৰ সম্ভাৱনা বিহীন উচ্চ ভূমিহে চিনাক্ত কৰা হয়। তদুপৰি ফল-মূল, প্ৰাকৃতিক সম্পদেৰে প্ৰাচুৰ্য্য, উপযুক্ত জলবায়ু, প্রয়োজনীয় গৃহ নির্মাণ সামগ্রী আদি উপলব্ধ সুৰক্ষিত ঠাইবোৰকহে বসতিৰ বাবে অগ্রাধিকাৰ দিয়া হয়।
২) 'বসতি ভূগোল’ কাক বোলে? ইয়াৰ মূল বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিভাগ আৰু ইয়াৰ লগত জড়িত প্রাকৃতিক, সাংস্কৃতিক আৰু আর্থ-সামাজিক কাৰকসমূহৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে বসতি ভূগোল বোলে ǀ
প্রখ্যাত ভূগোলবিদ ৰিচার্ড হার্ট’র্ণে উদ্ভাৱণ কৰা সূত্ৰ অনুসৰি উপাদান আৰু অঞ্চলভিত্তিক পদ্ধতিৰে ভূগোল অধ্যয়ন কৰা হয়। উপাদান-ভিত্তিক অধ্যয়নত বসতিৰ অৱস্থান, অৱস্থিতি, আকৃতি, আকাৰ-আয়তন, ক্রিয়াকলাপ আদি সামৰা হয়। আনহাতে, অঞ্চলভিত্তিক অধ্যয়নত এটা অঞ্চলত বসতিৰ জন্ম আৰু বিকাশ, আকৃতি বিকাশ, বিস্তাৰ, বিতৰণ, প্ৰতিৰূপ আৰু প্ৰকাৰ, বৈশিষ্ট্য আৰু স্থানিক পার্থক্য আদি অন্তর্ভুক্ত কৰা হয়। দৰাচলতে বসতিৰ অধ্যয়নে প্রাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্কৰ কথা প্রতিফলিত কৰাৰ উপৰি ই মানুহৰ প্রচলিত ধর্মীয় আৰু সামাজিক ৰীতি-নীতিৰ বৈশিষ্ট্যৰো আভাস দিয়ে।
৩) উদাহৰণসহ জন বসতিৰ শ্রেণী বিভাজন দাঙি ধৰা।
উত্তৰঃ জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি আমি বসতিক গ্রাম্য আৰু পৌৰ বসতি এই ২ টা ভাগত ভাগ কৰা হয়।
জনসংখ্যাৰ আৰ্হি বা আকাৰ অনুসৰি বসতিক বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতি এই ২ টা ভাগত ভাগ কৰিব পাৰি ।
পানীৰ উৎস, ৰাস্তা ঘাটৰ প্ৰসাৰ, নদীৰ গতিপথ আদিৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীভূত বসতিক ৫ টা ভাগত ভাগ কৰিব পাৰি ।
৪) গ্রাম্য আৰু পৌৰ বসতি বুলিলে কি বুজা ? এনে বসতিৰ মাজত থকা বৈশিষ্ট্যগত পার্থক্যসমূহ লিখা ।
উত্তৰঃ এটা বসতিত বাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি আমি বসতিক গ্রাম্য আৰু পৌৰ বসতি এই দুটা ভাগত ভাগ কৰো ।
গাওঁ এলেকাত গঢ়ি উঠা বসতিক গ্ৰাম্য বসতি বোলে ।
চহৰ এলেকাত গঢ়ি উঠা বসতিক পৌৰ বসতি বোলে ।
গ্ৰাম্য আৰু পৌৰ বসতিৰ মাজত থকা বৈশিষ্ট্যগত পার্থক্যসমূহ-
১) গাওঁ অঞ্চলৰ মানুহৰ জীৱিকা কৃষি, মাছধৰা, কাঠকটা ইত্যাদি আনহাতে নগৰ বা চহৰৰ অঞ্চলৰ মানুহৰ জীৱিকা চাকৰি, বেপাৰ বাণিজ্য আদি।
২) গাওঁৰ তুলনাত নগৰবোৰত বজাৰ, যাতায়ত, আমোদ-প্ৰমোদৰ সুবিধা বেছি ।
৩) নগৰসমূহত ভূমি আৰু বাসভূমিৰ অভিলম্বীয় প্ৰসাৰ, ভূমিৰ ব্যৱহাৰ গাওঁতকৈ বেছি।
৪) নগৰ অঞ্চলৰ জনসংখ্যা, ইয়াৰ বৃদ্ধিৰ হাৰ আৰু ঘনত্ব গাওঁ অঞ্চলতকৈ বেছি ।
৫) বিৰল বসতি আৰু কেন্দ্রীভূত বসতিৰ মাজত থকা মূল পার্থক্যসহ উল্লেখ কৰা।
উত্তৰঃ পৃথিৱীৰ কিছুমান অঞ্চলত বিৰাজ প্রতিকূল প্রাকৃতিক অৱস্থাৰ বাবে মানুহৰ বসতি বা ঘৰ-বাৰী একেবাৰে পাতল বা সেৰেঙা হয়। পার্বত্য শিলাময় তথা প্রতিকূল জলবায়ু বিৰাজ কৰা অতিপাত গৰম বা ঠাণ্ডা ঠাইবোৰত সাধাৰণতে জনবসতি তেনেই পাতল হয়। এনে বসতিকে বিৰল বসতি বোলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয় অঞ্চল আৰু অষ্ট্রেলিয়াৰ কৃষি প্রধান অঞ্চলবোৰত বিৰল বসতি বেছিকৈ দেখা যায়।
মানুহে সাধাৰণতে থূপখাই বসবাস কৰিবলৈ ভাল পায়। খেতিবাতিৰ সুবিধা, পানীৰ উৎস, ৰাস্তা ঘাটৰ সুবিধা, কৰ্মসংস্থাপনৰ সুবিধাৰ বাবে কেতিয়াবা কিছুমান ঠাইত মানুহৰ বসতি ঘন হয় বা থূপখাই থকা দেখা যায় । এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে ।
৬) উদাহৰণ আৰু চিত্রসহ কেন্দ্রীভূত বসতিৰ অন্তৰ্গত বসতিসমূহ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ উদাহৰণ আৰু চিত্রসহ কেন্দ্রীভূত বসতিৰ অন্তৰ্গত বসতিসমূহ বিষয়ে চমুকৈ তলত আলোচনা কৰা হ'ল-
ক) আয়তক্ষেত্ৰাকাৰ আৰু বৰ্গক্ষেত্ৰাকাৰ বসতি
পৃথিৱীৰ প্রায় ৫০ শতাংশ মানুহ গ্রাম্য বসতিত বাস কৰে। এনে বসতি সমূহৰ বেছিভাগৰে আকৃতি মহান আয়তক্ষেত্রাকাৰ। এনে ধৰণৰ বসতি প্রধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলত গঢ়ি উঠে। অনুকূল ভূ-অবয়ৱ তথা বহল সাৰুৱা ভূমিৰ প্ৰাচুৰ্য্যৰ বাবে বসতি এনে আয়তক্ষেত্রাকাৰ বসতিত ৰাস্তা-ঘাটৰ পৰা প্ৰায় পোন আৰু ৰাস্তাবোৰে ইটোৱে-সিটোক সমকোণত কটাকটি কৰে। ভাৰতৰ গংগা নদী উপত্যকা অঞ্চলৰ প্ৰায়বিলাক বসতি আয়তক্ষেত্ৰাকাৰ বসতি। ঠিক তেনেদৰে কোনো কোনো অঞ্চলত বসতিৰ আকাৰ বৰ্গ আকৃতিৰ হয়, ইয়াকে বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে।
খ) ৰৈখিক বসতি
মানুহে যেতিয়া ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেললাইন আদিৰ দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা বা সাগৰৰ উপকূল এলেকাত সাজে তেতিয়া তেনে বসতিক ৰৈখিক বসতি বোলে। ভাৰতৰ গংগা আৰু যমুনা নদীৰ উপত্যকা এলেকাৰ পাৰত এনে বসতি দেখিবলৈ পোৱা যায়।
গ) বৃত্তাকাৰ বসতি
মানুহে যেতিয়া, হ্ৰদ, বিল আৰু ডাঙৰ পুখুৰী কেওকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকে বৃত্তাকাৰ বসতি বোলে। পানীক কেন্দ্ৰ কৰি এনে বসতি স্থাপন কৰিলে সকলোৱে পানীৰ সুবিধা সমভাৱে লাভ কৰিব পাৰে।
ঘ) তৰাৰূপী বসতি
যেতিয়া কিছুমান ঠাইত কেবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে, তাকে তৰাৰূপী বসতি বোলে। সাধাৰণতে সমভূমি এলেকাৰ বহু ৰাস্তাৰ সংগমকেন্দ্ৰৰ কেওকাষে তৰাৰূপী বসতি গঢ়ি উঠে।
ঙ) ত্ৰিভূজাকাৰ বসতি
যেতিয়া দুখন বৃহৎ নৈৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি অঞ্চলটোত ত্ৰিভূজ আকৃতিৰ এক বসতিৰ সৃষ্টি হয়। উত্তৰ ভাৰতৰ নদী উপত্যকা আৰু পৰ্বত পাহাৰৰ নামনি অঞ্চলত এনে বসতি পোৱা যায়।
৭। নগৰীয় বসতিৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ আৰম্ভণিতে জনবসতিসমূহ গাঁও হিচাপে সৃষ্টি হয়। পৃথিৱীৰ যিবোৰ ঠাইত কৃষিকার্য সম্পাদনৰ বাবে প্রয়োজনীয় সাৰুৱা মাটি, সমতল ভূমি, পানী আদি অপর্যাপ্ত আৰু জীৱন নির্বাহৰ বাবে আৱশ্যকীয় সম্পদ, ৰাস্তা-ঘাট আৰু অন্যান্য সা-সুবিধা আৰু নিৰাপত্তা আছে তেনেবোৰ ঠাইতে অতি সহজে গাওঁবোৰ গঢ়ি উঠে। সময়ৰ লগে লগে যিদৰে গাওঁ এখনৰ প্ৰতিৰূপ আৰু আকাৰৰ ৰূপান্তৰ ঘটে, ঠিক একেদৰে গাঁওখনৰ তথা তাত বাস কৰা মানুহৰ কার্যকলাপৰো পৰিৱর্তন ঘটে। গাওঁ এখনৰ কোনো এক বিশেষ সুবিধা তথা অৱস্থানে গাওঁ খনক কৃষিভিত্তিক বসতিৰ পৰা এখন ব্যৱসায়ভিত্তিক নগৰীলৈ ৰূপান্তৰ কৰিব পাৰে। ঠিক সেইদৰে গাওঁ এখনৰ কাষত মূল্যৱান খনিজ সম্পদ আদিৰ সন্ধান ওলালে গাওঁখন ক্রমে ঔদ্যোগিক নগৰীলৈ ৰূপান্তৰ হ'ব পাৰে। অৱশ্যে এই ক্ষেত্ৰত ঠাইডোখৰত ৰাস্তা-ঘাট তথা পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সমুদ্রৰ পাৰত অৱস্থিত এখন মাছমৰীয়া গাঁৱো কালক্ৰমত এটা সৰু মৎস ব্যৱসায় কেন্দ্ৰলৈ ৰূপান্তৰ হ'ব পাৰে। কেৱল জনসংখ্যা বৃদ্ধি হ'লেই নহয়, ঠাইখনত বাস কৰা মানুহৰ প্রধান উপজীৱিকা যদি কৃষিকার্য আদিৰ সলনি বেপাৰ-বাণিজ্য, শিল্প-উদ্যোগ আৰু চাকৰি আদিৰ লগত জড়িত, তেন্তে সেই ঠাইখনৰ নগৰৰ আখ্যা দিয়া হয়। তাৰোপৰি উপযুক্ত স্থান, পানীৰ ব্যৱস্থা, যাতায়াত ব্যৱস্থা আৰু ভাল অৱস্থিতিৰ আৱশ্যক। নগৰসমূহৰ উৎপত্তি আৰু বিকাশত বেপাৰ-বাণিজ্য আৰু শিল্প-উদ্যোগ প্রতিষ্ঠাপন আৰু সম্প্ৰসাৰণ বিশেষভাৱে গুৰুত্বপূর্ণ ।
৮) উদাহৰণসহ প্রাকার্যৰ ভিত্তিত নগৰসমূহক বিভক্ত কৰা।
উত্তৰঃ নগৰসমূহ ভিতৰত প্রশাসনিক, প্ৰতিৰক্ষা, সাংস্কৃতিক, সংগ্রহকেন্দ্রিক, উৎপাদনকেন্দ্রিক, পর্যটনকেন্দ্রিক, বিতৰণকেন্দ্রিক, স্বাস্থ্য-আমোদকেন্দ্রিক, আৱাসকেন্দ্রিক আদি বিশেষ বিশেষ কাৰ্যৰ লগতো জড়িত। সেইবোৰ বাণিজ্য, শিল্প, প্রশাসন, প্রতিৰক্ষা, সাংস্কৃতিক আদি বিভিন্ন কার্যকাৰিতাৰ ওপৰত প্রতিষ্ঠিত। ভাৰতবৰ্ষৰ কলকাতা, মুম্বাই, গুৱাহাটী আদি মহানগৰসমূহ বহু কার্যকাৰিতাৰ ওপৰত প্রতিষ্ঠিত। আনহাতে হালদিয়া, পাৰাদীপ আদি সামুদ্রিক বন্দৰ; মুছৌৰী, দার্জিলিং আদি পার্বত্য স্বাস্থ্য তথা পর্যটন নগৰী; বাৰানশী, পুৰী, ঋষিকেশ আদি তীর্থনগৰী; গান্ধীনগৰ, চণ্ডীগড় আদি প্ৰশাসনীয় মহানগৰী; জামছেদপুৰ, ভিলাই, বোকাৰো আদি ঔদ্যোগিক নগৰী হিচাপে ভাৰতবর্ষজুৰি খ্যাত। ইংলেণ্ডৰ অ'ক্সফ'ৰ্ড আৰু কেম্ব্রিজ মহানগৰ দুয়োখন বিশ্ববিখ্যাত শিক্ষা-নগৰী।
৯। 'বসতি শ্রেণীক্রম' বুলিলে কি বুজা? এই সম্পর্কে উদাহৰণ আৰু চিত্রসহ চমুকৈ লি খা।
উত্তৰঃ গ্ৰাম্য আৰু পৌৰ সকলো ধৰণৰ বসতিক আকাৰ অনুযায়ী সৰুৰে পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱাকে বসতি শ্রেণীক্রম বোলে।
ওপৰৰ চিত্ৰত দেখা গৈছে যে- বসতি শ্রেণীক্ৰমৰ একেবাৰে নিম্নস্তৰত দুই-এক সিঁচৰিত কৃষিক্ষেত্রিকা ভিত্তিক বাসগৃহ আৰু শীর্ষস্তৰত নগৰ সংহতি থাকে অর্থাৎ এটা সম্পূর্ণ বসতি শ্রেণীক্ৰমত সাধাৰণতে গ্রাম্য পর্যায়ত কৃষিক্ষেত্ৰিক ভিত্তিক বাসগৃহৰ পৰা আৰম্ভ কৰি ক্ৰমে চুবুৰী আৰু গাওঁলৈ আৰু পৌৰ পৰ্যায়ত নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে মহানগৰ, নগৰপুঞ্জ আৰু সর্বোচ্চ স্থানত নগৰ সংহতি পোৱা যায়।
বসতি শ্রেণীক্ৰমত থকা বসতিসমূহৰ পৰ্যায় বৃদ্ধিৰ লগে লগে জনসংখ্যাৰ পর্যায় বৃদ্ধিৰ লগে লগে কার্যকাৰিতা, সা-সুবিধা আৰু স্থানিক প্ৰসাৰ বৃদ্ধি আৰু লগতে জনসংখ্যাও বৃদ্ধি পায়। আনহাতে বসতি শ্রেণীক্ৰমৰ নিম্নতম স্তৰৰ পৰা পর্যায় ক্রমে বসতিৰ সংখ্যা হ্রাস পায়। অর্থাৎ, এখন দেশত থকা গাঁওৰ সংখ্যাৰ তুলনাত নগৰৰ সংখ্যা বা নগৰৰ তুলনাত মহানগৰৰ সংখ্যা যথেষ্ট কম হয়।
১০। গ্রাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ গ্রাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ ভিন্নতা আছে। গ্রাম্য অঞ্চলত ভূমি বসতিৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন ধৰণৰ কৃষিকাৰ্য যেনে- খেতি, পশুপালন, মীনপালন আদিৰ বাবে ব্যৱহাৰ কৰা হয়। আনহাতে পৌৰ এলেকাত ভূমি বসতিৰ উপৰিও ব্যৱসায় বাণিজ্য, উৎপাদনৰ লগত জড়িত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ বাবে ব্যৱহৃত হয়। গ্ৰাম্য আৰু পৌৰ ভূমি দুয়োবিধ অঞ্চলত আজিকালি উন্নত যাতায়ত আৰু পৰিবহণ ব্যৱস্থা দেখা যায়, য'ত ভূমিৰ বহুল ব্যৱহাৰ হয়।
গাওঁ অঞ্চলৰ তুলনাত পৌৰ এলেকাৰ ভূমিৰ সৰ্বাধিক ব্যৱহাৰ দেখা যায়। কাৰণ পৌৰ এলেকাৰ ভূমি দিনক দিনে বাঢ়ি অহা জনসংখ্যা, উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰসাৰতাৰ বাবে বসতি বাবে কম হৈ অহা পৰিলক্ষিত হয়। তাৰোপৰি পৌৰ এলেকাৰ নলা নৰ্দমা, আৱৰ্জনা নিষ্কাষণৰ বাবে যিদৰে ভূমিৰ ব্যৱহাৰ হয়, গাওঁ এলেকাত সেইয়া প্ৰায়ে দেখা নাযায়।
১১) ‘কেন্দ্ৰীয় ব্যৱসায় এলেকা’ বুলিলে কি বুজা ? ইয়াৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা ǀ
উত্তৰঃ নগৰসমূহৰ অন্তৰ্ভাগৰ ভূমিৰ ব্যৱহাৰ আৰু কার্যকাৰিতা প্রায় সকলোতে এক নির্দিষ্ট প্রতিৰূপৰ হোৱা দেখা যায়। নগৰ এখনৰ কেন্দ্রীয় অঞ্চলটোত ব্যৱসায়-বাণিজ্যৰ প্রাধান্য থাকে। ইয়াত বিভিন্ন প্ৰকাৰৰ ব্যৱসায়, প্রতিষ্ঠান, বেংক, কার্যালয়, পাইকাৰী আৰু খুচুৰা বিক্ৰীকেন্দ্ৰ আদিৰে অঞ্চলটো ঠাহ খাই থাকে। এনে এলেকাবোৰক কেন্দ্ৰীয় ব্যৱসায় এলেকা বোলে।
ইয়াৰ মূল বৈশিষ্টসমূহ হৈছে-
1) কেন্দ্ৰীয় অংশটো ব্যৱসায়-বাণিজ্যিক প্ৰতিষ্ঠানেৰে ভৰপূৰ হৈ থাকে।
2) জনবসতি যথেষ্ঠ ঘন। নতুন বসতি স্থাপনৰ বাবে ঠাইৰ অভাৱ ঘটে।
3) উন্নত যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰে এই ঠাইবিলাক সংযোজিত হৈ থাকে ।
১২) গ্ৰাম্য বসতি আৰু পৌৰ বসতিৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ জনবসতি এটা পোনপ্ৰথমে গ্ৰাম্য বসতি হিচাপে আত্মপ্ৰকাশ কৰে। কালক্ৰমত লাহে লাহে জনসংখ্যা বৃদ্ধি, উদ্যোগ প্ৰতিস্থান স্থাপনৰ, যাতায়ত আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ ফলত সেইবোৰ অঞ্চলত চাকৰি আৰু জীৱিকাৰ সন্ধান বিচাৰি ন ন ঠাইৰ পৰা মানুহৰ আগমন ঘটে। অৱশ্যে দুটাৰে ক্ষেত্ৰত কিছু পাৰ্থক্য নথকা নহয়। গ্ৰাম্য বসতিৰ তুলনাত পৌৰ এলেকাত জনসংখ্যাৰ বৃদ্ধিহাৰ আৰু ঘনত্ব বেছি। গ্ৰাম্যাঞ্চলৰ তুলনাত পৌৰ এলেকাত বাসগৃহৰ অভিলম্বীয় প্ৰসাৰ বেছি। ঠিক তেনেদৰে পৌৰ এলেকাত ভূমিৰ ব্যৱহাৰো বেছি। গ্ৰাম্য এলেকাত সাধাৰণতে ভূমি দৃশ্য অধিক প্ৰাকৃতিক আৰু ইয়াৰ বসতি প্ৰকৃতিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল। সাধাৰণতে পৌৰ এলেকাবোৰ গ্ৰাম্য ভূমিৰ কাষতে লাগি থাকে বুলি ক'লেও ভুল কোৱা নহ'ব। গ্ৰাম্য এলেকাত বাস কৰা জনসংখ্যা বহু সময়ত কৰ্মসংস্থাপনৰ বাবে পৌৰ এলেকাবোৰলৈ আহিব লগীয়া হয়। ঠিক তেনেদৰে গ্ৰাম্য এলেকাত উৎপাদিত খাদ্যশস্যই পৌৰ এলেকাৰ জনগণৰ চাহিদা পূৰণ কৰে। পৌৰ এলেকাত ভূমিৰ তীব্ৰ নাটনিৰ বাবে পাৰ্শ্বৱৰ্তী অঞ্চল (উপনগৰ, নগৰীয় উপকণ্ঠ) আৰু গাওঁ লৈয়ো জনবসতি সম্প্ৰসাৰিত হোৱা দেখা যায়।
১৩) চমু টোকা লিখা
ক) জনবসতি আৰু বসতি ভূগোল
উত্তৰঃ মানুহে জীৱন নির্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জন বসতি বোলে।
আনহাতে ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিভাৰ আৰু ইয়াৰ লগত জড়িত প্রাকৃতিক, সাংস্কৃতিক আৰু আর্থ-সামাজিক কাৰকসমূহৰ বিষয়ে অধ্যয়ন কৰা হয় তাকে বসতি ভূগোল বোলে।
খ) ৰৈখিক বসতি
উত্তৰঃ মানুহে যেতিয়া ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেললাইন আদিৰ দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা বা সাগৰৰ উপকূল এলেকাত সাজে তেতিয়া তেনে বসতিক ৰৈখিক বসতি বোলে। ভাৰতৰ গংগা আৰু যমুনা নদীৰ উপত্যকা এলেকাৰ পাৰত এনে বসতি দেখিবলৈ পোৱা যায়।
গ) বৃত্তাকাৰ বসতি
উত্তৰঃ মানুহে যেতিয়া, হ্ৰদ, বিল আৰু ডাঙৰ পুখুৰী কেউকাষে ঘৰ দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকে বৃত্তাকাৰ বসতি বোলে। পানীক কেন্দ্ৰ কৰি এনে বসতি স্থাপন কৰিলে সকলোৱে পানীৰ সুবিধা সমভাৱে লাভ কৰিব পাৰে।
ঘ) তৰাৰূপী বসতি
উত্তৰঃ যেতিয়া কিছুমান ঠাইত কেবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰণ ঘটে, তাকে তৰাৰূপী বসতি বোলে। সাধাৰণতে সমভূমি এলেকাৰ বহু ৰাস্তাৰ সংগমকেন্দ্ৰৰ কেওকাষে তৰাৰূপী বসতি গঢ়ি উঠে।
ঙ) শিক্ষা আৰু সাংস্কৃতিক নগৰী
উত্তৰঃ বেছিভাগ নগৰ পোনপ্ৰথমে কোনো বিশেষ কাৰ্য সম্পাদনৰ বাবে সৃষ্টি হয়। শিক্ষা আৰু সাংস্কৃতিক দিশত অগ্ৰণী ভূমিকা লোৱা নগৰবোৰকে শিক্ষা আৰু সাংস্কৃতিক নগৰী বোলে। যেনে- অ'ক্সফ'ৰ্ড আৰু কেম্ব্ৰিজ মহানগৰ দুখন বিখ্যাত শিক্ষা নগৰী। ঠিক তেনেদৰে সাংস্কৃতিক দিশত অগ্ৰণী অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰখনক সাংস্কৃতিক নগৰ বুলিব পাৰি।
চ) গ্ৰাম্য নগৰ সান্তত্যক
উত্তৰঃ বসতি শ্রেণীক্ৰমত থকা বিভিন্ন আকাৰৰ বসতিসমূহৰ মাজত যেনে—গাঁও আৰু নগৰ আদিৰ অন্তঃৱৰ্তী অংশত তেনে বিশেষ পার্থক্য দেখা নাযায়। ইয়াকে বসতিৰ গ্ৰাম্য নগৰ অবিচ্ছিন্নতা বা গ্রাম্য নগৰ সান্তত্যক বোলা হয়।
ছ) বসতি শ্ৰেণীক্ৰম
উত্তৰঃ গ্ৰাম্য আৰু পৌৰ সকলো ধৰণৰ বসতিক আকাৰ অনুযায়ী সৰুৰে পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱাকে বসতি শ্রেণীক্রম বোলে।
জ) নগৰীয় উপকণ্ঠ
উত্তৰঃ ডাঙৰ নগৰ বা মহানগৰৰ কাষৰীয়া অঞ্চল যেতিয়া নগৰীয় কাৰ্যকলাপৰ প্ৰভাৱত ভূমিদৃশ্যসলনি হৈ নগৰীয় অৱস্থা ফালে ঢাল খায়, তেতিয়া সেই অঞ্চলটো নগৰীয় উপকণ্ঠ অঞ্চল বোলে। এনেবোৰ অঞ্চল যদিও গ্ৰাম্য জনবসতিৰ অন্তৰ্গত তথাপি ভূমিদৃশ্য আৰু মানুহৰ কাৰ্যকলাপবোৰ গাওঁ আৰু নগৰৰ সংমিশ্ৰিত ৰূপ।
ঝ) উপনগৰ
উত্তৰঃ বহু সময়ত নগৰ অঞ্চলৰ পৰা কিছু ব্যৱসায়-বাণিজ্য, উদ্যোগ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান বা বসতিস্থাপনৰ বিকেন্দ্ৰীকৰণৰ ফলত প্ৰধান নগৰসমূহৰ পৰা কিছু আঁতৰত দুই-এখন উপ-নগৰ গঢ়ি উঠে। উদাহৰণস্বৰূপে দিল্লী মহানগৰৰ নিকটৱৰ্তী গুৰগাঁও, নইডা, গাজিয়াবাদ ইত্যাদি উপনগৰ।
ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)
Check By: Himashree Bora.