অৰ্থনৈতিক কাৰ্য বা বৃত্তি
ষষ্ঠ অধ্যায়
👉ষষ্ঠ অধ্যায়ঃ অৰ্থনৈতিক কাৰ্য বা বৃত্তি
👉Download Books PDF
👉MCQ Online Exam Click Here
👉Short Question Answer
👉Chapter 6 MCQs Answer
👉Paid Answer (Buy Now)
চমু প্ৰশ্ন উত্তৰঃ
১। প্ৰাথমিক বৃত্তি কাক বোলে?
উত্তৰঃ যিবোৰ বৃত্তিৰ সহায়ত মানুহে জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় খাদ্যসম্ভাৰ, বসতি আৰু গিন্ধন উৰণৰ সামগ্ৰী, ইন্ধন আৰু অন্যান্য আহিলাপাতি প্রাকৃতিক সম্পদৰ পৰা আহৰণ কৰি পোনপটীয়াকৈ ব্যৱহাৰ কৰে, সেইবোৰেই হৈছে প্ৰাথমিক বৃত্তি।
২। দ্বিতীয়ক বৃত্তি কাক বোলে?
উত্তৰঃ প্রাথমিক বৃত্তিৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্রী, খনিজাত সামগ্রী আদি শোধন নিৰ্মাণ প্ৰক্ৰিয়াৰে অন্য এক নতুন বস্তুলৈ ৰূপান্তৰ কৰি সামগ্ৰী প্ৰস্তুত কৰা কামকে দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়।
৩। বৃত্তি বুলিলে কি বুজা?
উত্তৰঃ মানুহে জীৱিকা উপাৰ্জনৰ বাবে যি কাম কাজ কৰে তাকে বৃত্তি বোলে ।
৪। তৃতীয়ক বৃত্তি কাক বোলে?
উত্তৰঃ যি কাৰ্যৰ দ্বাৰা প্ৰথমিক আৰু দ্বিতীয়াক বৃত্তিৰ যোগেদি উতপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে । যেনে :- যাতায়ত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰি, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত কাৰ্যসমূহ ।
৫। চতুৰ্থক বৃত্তি কাক বোলে?
উত্তৰঃ চতুর্থক বৃত্তিয়ে প্রধানকৈ বেংক, বিত্তীয়, বাণিজ্য আদি সেৱাৰ লগতে প্ৰচাৰ মাধ্যম, জীৱন বীমা, প্রশাসন, গৱেষণা আদিক সামৰি লয়ǀ
৬। বৃত্তি কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ বৃত্তি চাৰি প্ৰকাৰৰ। যেনে- (i) প্ৰাথমিক বৃত্তি, (ii) দ্বিতীয়ক বৃত্তি, (iii) তৃতীয়ক বৃত্তি আৰু (iv) চতুৰ্থক বৃত্তি।
৭। মানুহৰ অৰ্থনৈতিক বৃত্তি কাক বোলে?
উত্তৰঃ যি বৃত্তি বা কাৰ্যকলাপৰ দ্বাৰা মানুহে পৰিৱেশ ৰ লগত সমন্বয় ৰাখি উৎপাদন, আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবাঢ়িব পাৰে তাকে মানুহৰ অৰ্থনৈতিক বৃত্তি বোলে ।
৮। প্ৰাথমিক বৃত্তিত নিয়োজিত ব্যক্তি নতুনকৈ দ্বিতীয়ক বৃত্তিত নিয়োজিত হ'ব পৰা কাৰণ দুটা কি কি?
উত্তৰঃ প্ৰাথমিক বৃত্তিত নিয়োজিত ব্যক্তি নতুনকৈ দ্বিতীয়ক বৃত্তিত নিয়োজিত হ'ব পৰা কাৰণ দুটা হৈছে-
(i) কৃষি ক্ষেত্ৰত ইতিমধ্যে কৰ্মীৰ সংখ্যা লগাতকৈ বেছি হ'ব পাৰে। আৰু
(ii) দ্বিতীয়ক বৃত্তিত আয় তুলনামূলকভাৱে বেছি হ'ব পাৰে।
৯। শিল্পোৎপাদন কাক বোলে?
উত্তৰঃ প্ৰকৃতিৰ বুকুৰ পৰা পোনে পোনে আহৰণ কৰা সম্পদৰ লগতে কৃষিজাত সম্পদৰো বিভিন্ন প্ৰযুক্তি প্ৰয়োগ কৰি ব্যৱহাৰ উপযোগী কৰি তোলা হয়। সাধাৰণতে উৎপাদিত দ্ৰব্যবোৰক শিল্প উদ্যোগৰ মাধ্যমেদি মানুহৰ ব্যৱহাৰৰ উপযোগীকৈ প্ৰস্তুত কৰা হয়। এনে কাৰ্য্যক শিল্পোৎপাদন বুলি কোৱা হয়।
১০। প্ৰাথমিক বৃত্তিৰ উদাহৰণ লিখা।
উত্তৰঃ প্ৰাথমিক বৃত্তিৰ উদাহৰণ- কৃষিকাৰ্য, পশুপালন, মৎস্যপালন।
১১। দ্বিতীয়ক বৃত্তিৰ উদাহৰণ লিখা।
উত্তৰঃ দ্বিতীয়ক বৃত্তিৰ উদাহৰণ হৈছে- শিল্পদ্যোগ, কলকাৰখা আদিত কৰা কাম।
১২। তৃতীয়ক বৃত্তিৰ উদাহৰণ লিখা।
উত্তৰঃ তৃতীয়ক বৃত্তিৰ উদাহৰণ হৈছে- স্বাস্থ্য খণ্ড, শিক্ষা পৰ্যটন আদিত নিয়োজিত লোক।
১৩। চতুৰ্থক বৃত্তিৰ উদাহৰণ লিখা।
উত্তৰঃ চতুৰ্থক বৃত্তিৰ উদাহৰণ হৈছে- বেংক, বাণিজ্য, জীৱনবীমা, প্ৰশাসন, গৱেষণা আদিত জড়িত সকল।
১৪। চমুটোকা লিখাঃ-
(ক) প্ৰাথমিক বৃত্তি
উত্তৰঃ প্ৰাথমিক বৃত্তিঃ যিবিলাক অৰ্থনৈতিক কাৰ্য্য বা বৃত্তি প্ৰকৃতিৰ পৰা পোনে পোনে সম্পদ আহৰণৰ লগত জড়িত সেইবোৰকে প্ৰাথমিক বৃত্তি বুলি বিবেচনা কৰা হয়। এনে বৃত্তিৰ ভিতৰত কৃষি, মাছ ধৰা, বনজ সম্পদ আহৰণ আদি পৰে। খনিজাত সম্পদ আহৰণো এই বৃত্তিত অন্তৰ্গত। প্ৰাথমিক কাৰ্য্য়ৰ যোগেদি উৎপাদিত দ্ৰব্যৰ সৰহভাগকে পোনে পোনে ব্যৱহাৰ কৰিব নোৱাৰি। সেইবোৰক শোধন কৰি বা ৰূপান্তৰ ঘটাইহে ব্যৱহাৰ কৰিব পাৰি। সাগৰ বা অন্য জলাশয়ৰ পৰা মাছ সংগ্ৰহ কৰাটো এটা প্ৰাথমিক বৃত্তি। সেই মাছ উপযুক্ত প্ৰযুক্তি প্ৰয়োগ কৰি টিনত ভৰাই দূৰ-দূৰণিৰ মানুহে খাব পৰাকৈ প্ৰস্তুত কৰাটো অন্য এটা বৃত্তি।
(খ) দ্বিতীয়ক বৃত্তি
উত্তৰঃ দ্বিতীয়ক বৃত্তিঃ প্ৰকৃতিৰ বুকুৰ পৰা পোনে পোনে আহৰণ কৰা সম্পদৰ লগতে কৃষিজাত সম্পদৰো বিভিন্ন প্ৰযুক্তি প্ৰয়োগ কৰি ব্যৱহাৰ উপযোগী কৰি তোলা হয়। সাধাৰণতে উৎপাদিত দ্ৰব্যবোৰক শিল্প উদ্যোগৰ মাধ্যমেদি মানুহৰ ব্যৱহাৰৰ উপযোগীকৈ প্ৰস্তুত কৰা হয়। এনে কাৰ্য্যক শিল্পোৎপাদন প্ৰক্ৰিয়া বুলি কোৱা হয়। শিল্পোৎপাদন প্ৰক্ৰিয়াৰ লগত জড়িত আৰ্থিক কাম-কাজকে দ্বিতীয়ক বৃত্তি বোলা হয়। এই প্ৰক্ৰিয়াৰ যোগেদি উৎপাদিত কিছুমান দ্ৰব্য বা সামগ্ৰী মানুহ পোনে পোনে ব্যৱহাৰ কৰিব পাৰে। অন্য কিছুমান দ্ৰব্যক ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ আৰু অধিক শোধন বা ৰূপান্তৰৰ প্ৰয়োজন হ'ব পাৰে। উদাহৰণস্বৰূপে আমি ধানৰ কথাকে ক'ব পাৰোঁ। ধান এবিধ কৃষিজাত দ্ৰব্য। খোৱাৰ উপযোগী কৰিবলৈ ইয়াৰ পৰা চাউল উলিয়াব লাগিব।
(গ) তৃতীয়ক বৃত্তি
উত্তৰঃ তৃতীয়ক বৃত্তিঃ প্ৰাথমিক আৰু দ্বিতীয়ক কাম-কাজৰ যোগেদি উৎপাদিত দ্ৰব্যবোৰ বিতৰণ ব্যৱস্থাৰে উপভোক্তাৰ ওচৰ পায়। বিতৰণ ব্যৱস্থাত যাতায়ত-পৰিবহণ আৰু বজাৰে মুখ্য ভূমিকা পালন কৰে। বিভিন্ন প্ৰকাৰৰ যাতায়ত-পৰিবহণ আৰু খুচুৰা বিক্ৰীকে আৰম্ভ কৰি পাইকাৰী বিক্ৰীলৈকে সকলো ধৰণৰ ব্যৱসায়ত নিয়োজিত হৈ থকা মানুহৰ সংখ্যা স্বাভাৱিকতে কম নহয়। ইয়াৰ উপৰি যোগাযোগ, স্বাস্থ্য, শিক্ষা, পৰ্যটন আদি সেৱাতো যথেষ্ট সংখ্যক লোক নিয়োজিত হৈ থাকে। এই আটাইবোৰ কাম-কাজকে তৃতীয়ক বৃত্তিৰ ভিতৰত ধৰা হয়।
(ঘ) চতুৰ্থক বৃত্তি
উত্তৰঃ চতুৰ্থক বৃত্তিঃ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ অভূতপূৰ্ব বিকাশে দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিত ব্যাপক পৰিৱৰ্তন ঘটাইছে। উৎপাদকসকলে এতিয়া আন্তৰ্জাতিক বজাৰ আৰু উপভোক্তাৰ লগত সহজে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। ইয়ে আৰ্থিক পৰিৱেশ অধিক প্ৰতিযোগিতামূলক কৰি তুলিছে। উৎপাদকসকলে বস্তুৰ মান আৰু বজাৰত সেইবোৰ গ্ৰহণযোগ্যতাৰ প্ৰতি অধিক সচেতন হ'বলৈ বাধ্য হৈছে। এইবোৰে চতুৰ্থক বৃত্তিৰ সৃষ্টি আৰু বিকাশত অৰিহণা যোগাইছে। চতুৰ্থক বৃত্তিয়ে প্ৰধানকৈ বেংক, বিত্তীয়, বাণিজ্য আদি সেৱাৰ লগতে প্ৰচাৰ মাধ্যম, জীৱন বীমা, প্ৰশাসন, গৱেষণা আদিকো সামৰি লৈছে। বাকী তিনিটা বৃত্তি বা অৰ্থনৈতিক কাম-কাজে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খাই আগবঢ়াৰ ক্ষেত্ৰত চতুৰ্থক বৃত্তিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
Post ID : DABP005016