Chapter 7 

ঈশ্বৰ

    👉Text Book PDF
    👉MCQ Online Exam
    👉Short Question Answer

১। ঈশ্বৰ কবিতাটিৰ মূল কথাখিনি তােমাৰ নিজৰ কথাৰে লিখা । 

উত্তৰঃ ঈশ্বৰ অনাদি , অনন্ত । জড় – জীৱ সকলােতে তেওঁ বিৰাজমান । এই বিনন্দীয়া ধৰাখন তেওঁৰেই সৃষ্টি । গছ – লতা , জোন – বেলি , তৰা, গ্রহ – নক্ষত্র তেঁৱেই যেন গঢ়িছে । আনকি চৰাই – চিৰিকটি , আমাৰ পিতা – মাতা , ভাই ভনী সকলােকে তেৱেঁই প্ৰব্ৰজন কৰিছে । সেই হেতুকে সকলাে প্রাণীয়ে ভগৱানৰ গুণ – গান গায় । ঈশ্বৰ সকলােতে আছে । কেৱল আমি তেওঁক নেদেখো । শেষত কবিয়ে কৈছে যে য’তেই তেওঁ আছে তাৰে পৰাই যেন আমাক দয়া কৰে।


২। তলত দিয়া শব্দবােৰ যথাস্থানত বহুৱাই কবিতাফাঁকিৰ খালী ঠাই পূৰ কৰা— 


 ( ক )   ভাই – ভনী , পিতা ___তুমিয়েই হেনাে 

সকলােকে কৰিছা ____

তােমাৰ ____ পক্ষী        গছৰ ডালত  

গান গাই হইছে ____ ।

 ( স্ৰজন , মগন , মাতা , আদেশে ) 


উত্তৰঃ ভাই , ভনী , পিতা – মাতা     তুমিয়েই হেননা 


                           সকলােকে কৰিছা স্ৰজন


          তােমাৰ আদেশে পক্ষী।           গছৰ ডালত 


                           গান গাই হইছে মগন । 


৩। তলৰ কথাফাঁকি নিজৰ ভাষাত বহলাই লিখা—


( ক )       “ সকলােতে থাকা তুমি         সকলােকে শুনা

                              দেখিছা চকুৰে সকলােটি , 

                য’তে থাকা প্রভু মােক         দয়া যেন কৰা 

                             এয়ে মােৰ সৰল মিনতি । ” 


উত্তৰঃ হে ঈশ্বৰ , তুমি সকলােতে আছা , সকলাে কথাই তুমি শুনি আছা, চকুৰে সকলাে দেখি আছা । তুমি য’তেই নাথাকা কিয় প্রভু , তুমি যেন মােক দয়া কৰা ; – এয়ে তােমাৰ ওচৰত মােৰ সৰল মিনতি । 


৪। অতি চমু উত্তৰ দিয়া –


( ক ) ঈশ্বৰ ক’ত থাকে ? 

উত্তৰঃ ঈশ্বৰ সকলােতে আছে । 


( খ ) কবিয়ে ঈশ্বৰক দেখা পাইছেনে ? 

উত্তৰঃ কবিয়ে ঈশ্বৰক দেখা পােৱা নাই । 


( গ ) ঈশ্বৰ থকা কথাটি কবিয়ে কেতিয়া জানে বুলি কৈছে ? 

উত্তৰঃ বেয়া এটি কৰিব খােজা সময়ত । 


( ঘ ) কবিয়ে শেষত ভগৱানৰ পৰা কি বিচাৰিছে ? 

উত্তৰঃ কবিয়ে শেষত ভগৱানৰ পৰা দয়া বিচাৰিছে । 


 ৫। চমুকৈ লিখা –


( ক ) ভগৱান ক’ত ক’ত আছে বুলি কবিয়ে কৈছে ? 


উত্তৰঃ কবিৰ মতে ভগৱান সকলােতে আছে । গছ – লতা , জোন – বেলি , তৰা , গ্রহ – নক্ষত্র , নৈ – নিজৰা , পাহাৰ পর্বত , চৰাই – চিৰিকটি , মানুহকে ধৰি জীৱ – জড় সকলাে ভগৱানেই সৃষ্টি কৰিছে আৰু এই সকলােতে তেওঁ আছে ।


( খ ) কবিয়ে পােৱা সুখবােৰ কাৰ দান বুলি ভাবিছে ? 

উত্তৰঃ কবিয়ে যিবােৰ সুখৰ বস্তু পাইছে , সেই সকলােবােৰ ঈশ্বৰৰ দান বুলি ভাবিছে ।


( গ ) সকলাে প্রাণীকে কাৰ গুণগান গাবলৈ কৈছে আৰু কিয় কৈছে ? 

উত্তৰঃ কবিয়ে সকলাে প্রাণীকে ঈশ্বৰৰ গুণ – গান গাবলৈ কৈছে । সকলাে প্রাণীকে ঈশ্বৰে সৃষ্টি কৰিছে , সেইবােৰক খাদ্য দিছে , থকা ঠাই দিছে , মনত সুখ আনন্দ দিছে । গতিকে , তেনেকুৱা কৰুণাময় ঈশ্বৰৰ গুণ – গান গাবলৈ কবিয়ে সকলাে প্রাণীকে কৈছে ।


( ঘ ) তুমি ঈশ্বৰক দেখিছানে ? নাই দেখা যদি ঈশ্বৰ আছে বুলি কেনেদৰে ভাবিব পাৰা ? 

উত্তৰঃ নাই দেখা । চকুৰে নেদেখিলেও এই বিশ্বজগত খনলৈ চকু দিলেই ঈশ্বৰ আছে বুলি ভাবিব পাৰি । এই বিনন্দীয়া ধৰাখন , জোন – বেলি , তৰা , গ্রহ নক্ষত্র , গছ – লতা , নৈ – নিজৰা , পাহাৰ – পর্বতকে ধৰি য’ত মানে আছে , এইবােৰ নিজে নিজে সৃষ্টি হােৱা নাই , মানুহেও সৃষ্টি কৰা নাই । কোনােবা অদৃশ্য শক্তিয়ে এইবােৰ সৃষ্টি কৰাৰ লগতে নিয়ন্ত্রণ কৰি আছে আৰু সেই অদৃশ্য শক্তিকে ঈশ্বৰ বুলি ভাবাে ৷ 


 ৬। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা – 


( ক ) বিনন্দীয়া ধৰাখনি              তােমাৰ ইচ্ছাতে 


                        আৰু বিনন্দীয়া হক , 


         তুমি আছা বুলি যেন          সকলাে প্রাণীয়ে 


                        তােমাৰেই গুণ-গান গ’ক । 


উত্তৰঃ উক্ত কবিতাফাঁকি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ঈশ্বৰ ‘ নামৰ কবিতাটিৰ পৰা তুলি  অনা   হৈছে । 

কবিতাফাঁকিত ঈশ্বৰৰ মহিমাৰ কথাৰ লগতে কবিৰ ঈশ্বৰৰ প্ৰতি থকা শ্রদ্ধাভক্তি প্রকাশ পাইছে।

এই বিনন্দীয়া ধৰাখনি ঈশ্বৰেই সৃষ্টি কৰিছে । গছ – লতা , ফল – ফুল , নৈ – নিজৰা , চৰাই – চিৰিকটি আদিৰে ভৰপুৰ বিনন্দীয়া এই ধৰাখনিৰ মনােমােহা সৌন্দর্যই আমাক সকলােকে আপ্লুত কৰে । সৌন্দর্য – পিয়াসী কবিয়ে সৃষ্টিকর্তা ঈশ্বৰৰ ইচ্ছাতে ধৰাখনি আৰু অধিক বিনন্দীয়া আৰু সৌন্দর্যময় হােৱাটো কামনা কৰিছে । লগতে কবিয়ে সকল প্রাণীয়ে ঈশ্বৰৰ গুণ – গান গােৱাটোও একান্তমনে বিচাৰিছে ৷ সকলাে প্ৰাণীৰ সৃষ্টিকর্তা যিহেতু ঈশ্বৰেই , সেয়েহে সকলাে প্রাণীয়ে সেই সৃষ্টিকর্তাৰ গুণ – গান গাব লাগে । 


( খ ) বেয়া এটি কেতিয়াবা             কৰিব খুজিলে 


                       তুমি থকা কথা যেন জানাে , 


        কৰিলেই কিবা এটি               তুমি দিয়া বাধা 


                       আমি যেন সকলােৱে শুনাে । 


উত্তৰঃ উক্ত কবিতাফাঁকি ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ ঈশ্বৰ ‘ নামৰ কবিতাটিৰ পৰা তুলি  অনা   হৈছে। 

মংগলময় ঈশ্বৰে মানুহে সদায় যে ভাল কাম কৰাটোকে বিচাৰে , তাকেই কবিতাফাঁকিত প্রকাশ পাইছে ।

আমি ভাল কাম যিদৰে কৰোঁ , সেইদৰে বেয়া কামাে কৰিব পাৰাে । কিন্তু ঈশ্বৰে আমি সদায় ভাল কাম কৰাটোহে বিচাৰে । ভাল কাম কৰা মানুহৰ লগত ঈশ্বৰ সদায় থাকে । কিন্তু বেয়া কাম কৰিব খােজা বা বেয়া কাম কৰা মানুহক ঈশ্বৰে বাধা প্রদান কৰে । পৰম ঈশ্বৰ বিশ্বাসী কবিৰ কিবা এটি বেয়া কৰিব খুজিলেই ঈশ্বৰৰ কথা মনলৈ আহে । তেওঁৰ ধাৰণা , বেয়া কাম কৰিলে ঈশ্বৰে বাধা প্রদান কৰে আৰু সেইটো আমি সকলােৱে যেন শুনিবলৈ পাওঁ । সকলাে মানুহে ঈশ্বৰত বিশ্বাস ৰাখি ভাল কাম কৰাটোকে কবিয়ে বিচাৰিছে । 


 ৭। ঈশ্বৰে সৃষ্টি কৰা এই বিনন্দীয়া ধৰাৰ সৌন্দর্য কবিতাটিত কিদৰে বর্ণনা কৰা হৈছে ? 


উত্তৰঃ বিনন্দীয়া এই ধৰাখনি সৌন্দর্যৰে ভৰি আছে ৷ জোন – বেলি তৰাবােৰে এই ধৰাৰ বুকুত পােহৰ বিলায় । হাবি-বননি , গছ – লতিকাৰে পূৰ্ণ চিৰ সেউজ , ধৰাখনি সদায় ফুল – ফলেৰে জাতিষ্কাৰ হৈ থাকে । ৰং মনেৰে গছৰ ডালে পাতে জঁপিয়াই ফুৰে নানা জাতৰ নানা বনৰীয়া চৰাই । চৰাইবােৰে ফুললিত সুৰত গােৱা গীতে আমাৰ হিয়া জুৰ পেলায় । কবিতাটিত বিনন্দীয়া ধৰাৰ সৌন্দর্য এনেদৰে বৰ্ণনা কৰা হৈছে । 


৮। শব্দার্থ লিখা – 


          কৰম , মগন , বিনন্দীয়া , সুজন , ধৰা , গ’ক , হ’ক , সুমংগলময় । 


উত্তৰঃ 

কৰম             –        কর্ম । 

 মগন              –        মগ্ন । 

বিনন্দীয়া         –        আনন্দময় ।

 স্ৰজন              –        সৃষ্টি । 

 ধৰা                 –       পৃথিবী , জগত । 

গ’ক                 –       গাওক । 

  হ’ক                 –        হওঁক । 

সুমংগলময়        –        কল্যাণময় । 


 ৯। তৎসম , অর্ধতৎসম , আৰু তদ্ভৱ শব্দ কাক বােলে ? একোটি উদাহৰণ সহ লিখা । 


উত্তৰঃ তৎসম শব্দ :- যিবােৰ শব্দ সংস্কৃতৰ পৰা পােনে পােনে আহি অসমীয়া ভাষাত ব্যৱহৃত হৈছে , তেনেবােৰ শব্দক তৎসম শব্দ বুলি কোৱা হয় । যেনে কর্ম । 


অর্ধতৎসম শব্দ :- যিবােৰ শব্দ সংস্কৃত মূলৰ পৰা আহােতে কিছু সলনি হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে তেনে শব্দবােৰক অর্ধতৎসম শব্দ বুলি কোৱা হয় । যেনে – ধৰম  । 


তদ্ভৱ শব্দ :- যিবােৰ শব্দ মূলৰ পৰা আহােতে সম্পূর্ণ ৰূপ সলনি হৈ বা অপভ্রংশ হৈ অসমীয়া ভাষাত ব্যৱহাৰ হৈছে তেনেবােৰ শব্দক তদ্ভৱ শব্দ বুলি কোৱা হয় । যেনে – ধৰ্ম । 


১০। ‘ সুমংগলময় ’ আৰু ‘ বিনন্দীয়া ’ শব্দ দুটিৰ এটাকৈ সমার্থক শব্দ লিখা । 


উত্তৰঃ

 সুমংগলময়     –      কল্যাণময় । 

বিনন্দীয়া       –      আনন্দময় ।


 ১১। বিপৰীত শব্দ লিখা –


শেষ , স্ৰজন , সুখ , দয়া , দিন । 


উত্তৰঃ 

শেষ      –      আদি , প্রথম । 

স্ৰজন     –     ধ্বংস , বিনাশ ।

সুখ        –     দুখ । 

 দয়া        –     ঘৃণা । 

দিন        –      ৰাতি । 


 ১২। বাক্য ৰচনা কৰা –


            দিন-ৰাতি , ভাই-ভনী , বিনন্দীয়া , গুণ – গান , মিনতি । 


উত্তৰঃ দিন-ৰাতি :- সভা খন নামত দিন – ৰাতি একাকাৰ কৰি ঘূৰি ফুৰিছে । 

ভাই – ভনী :- সিহঁতৰ চাৰি গৰাকী ভাই – ভনীৰ ভিতৰত অকল অকণহে পঢ়া শুনাত ভাল । 

বিনন্দীয়া :- আমাৰ এই বিনন্দীয়া ধৰাখন ঈশ্বৰে স্ৰজন কৰিছে । 

গুণ – গান :- ধার্মিক মানুহে সদায় ভগৱানৰ গুণ – গান কৰে ৷ 

মিনতি :- বিষয়াজনৰ ওচৰত ইমান মিনতি জনােৱাৰ পিছতাে তেওঁ মােৰ কামটো নকৰিলে । 


 ১৩। তৎসম শব্দ লিখা –


             ধৰম , কৰম , মগন , চেনেহ , মৰত , জনম 


উত্তৰঃ 

ধৰম          –         ধর্ম । 

কৰম          –         কর্ম । 

মগন          –          মুগ্ন । 

চেনেহ         –          স্নেহ ।

মৰত         –          মর্ত ।

জনম         –          জন্ম ।


১৪। তলৰ শব্দবােৰৰ পৰা তৎসম , অর্ধতৎসম , তদ্ভব শব্দবােৰ বাছি উলিওৱা –


        সূৰ্য্য , পৰাণ , হস্ত , পদ্ম , প্রাণ , বেলি , সূৰুয , হাত 


উত্তৰঃ তৎসম শব্দ    –    সূর্য , হস্ত , পদ্ম , প্রাণ । 


         অর্ধত্যৎসম শব্দ – পৰাণ , সূৰুয ।


         তদ্ভৱ শব্দ — বেলি , হাত । 


 ১৫। শব্দার্থ লিখা- 


             কৰম মগন , বিনন্দীয়া , স্ৰজন , ধৰা । 


উত্তৰঃ

কৰম         –          কর্ম । 

মগন          –          মগ্ন । 

বিনন্দীয়া    –          আনন্দময় । 

স্ৰজন         –          সৃষ্টি । 

 ধৰা          –          জগত , পৃথিৱী ।

 


Check by - Mukesh Borah