‘ক’ — ভাব বিষয়ক
১। চমু উত্তৰ লিখা
(ক) ‘মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ কি?
উত্তৰঃ ‘মানুহেই পৰাৎপৰ’ কথাষাৰৰ অৰ্থ হৈছে—মানুহেই শ্ৰেষ্ঠৰো শ্ৰেষ্ঠ। কবিয়ে মানুহৰ মাজতেই পৰমাত্মাৰ অংশ অনুভৱ কৰিছে। মানুহৰ বুদ্ধি-বিবেক, মৰম, সহানুভূতি আৰু সৎ কৰ্মৰ মাজেৰে মহত্ত্ব প্ৰকাশ পায়। সেইবাবেই কবিয়ে মানুহক সকলোতকৈ উচ্চ স্থান দিছে।
(খ) মানুহক ‘মায়াপী জীৱ’ বোলাৰ অৰ্থ কি?
উত্তৰঃ মানুহক ‘মায়াপী জীৱ’ বোলাৰ অৰ্থ হৈছে—মানুহৰ জীৱন জন্ম, মৃত্যু, পৰিৱৰ্তন, মোহ আৰু সংসাৰিক বন্ধনৰ মাজেৰে চলি থাকে। পৃথিৱীত মানুহে জন্ম লয়, নানা ৰূপে জীৱন কটায় আৰু শেষত মৃত্যুবৰণ কৰে। এই জন্ম-মৃত্যু আৰু ৰূপ-পৰিৱৰ্তনৰ ধাৰাটোক কবিয়ে মায়াৰ লগত তুলনা কৰি মানুহক ‘মায়াপী জীৱ’ বুলি কৈছে।
(গ) পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
উত্তৰঃ পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ হৈছে মানুহক দেৱতাৰ দৰে সন্মান কৰা আৰু মানুহৰ সেৱাকেই প্ৰকৃত পূজা বুলি গ্ৰহণ কৰা।
কবিৰ মতে মানুহৰ মাজতেই ঈশ্বৰৰ প্ৰকাশ দেখা যায়। সেয়ে মানুহক মৰম কৰা, বিপদত সহায় কৰা, সন্মান কৰা আৰু সদ্ভাৱে আচৰণ কৰাটোৱেই মানৱ-দেৱতাৰ প্ৰকৃত পূজা।
২। ‘মানৱ বন্দনা’ কবিতাটিৰ সাৰাংশ নিজৰ কথাৰে লিখা।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাত মানুহৰ মহত্ত্ব, মানৱপ্ৰেম আৰু মানৱসেৱাৰ আদৰ্শ প্ৰকাশ পাইছে।
পৃথিৱীত মানুহৰ জন্ম আৰু মৃত্যুৰ সোঁত অবিৰামভাৱে চলি আছে। মানুহে এই পৃথিৱীত জন্ম লয়, জীৱনৰ সকলো কৰ্ম কৰে আৰু শেষত ইয়াতেই বিলীন হয়। সেয়ে এই পৃথিৱীখনেই মানুহৰ আপোন ঘৰ।
কবিৰ মতে মানুহেই মানুহৰ প্ৰকৃত লগ-সংগ আৰু সহায়। মানুহে মানুহৰ প্ৰতি মৰম, দয়া, সহানুভূতি আৰু সম্প্ৰীতিৰ আচৰণ কৰাটোৱেই শ্ৰেষ্ঠ ধৰ্ম। কেৱল আচাৰ-অনুষ্ঠান বা দেৱতা পূজাত ধৰ্ম সীমাবদ্ধ নহয়; মানুহক ভাল পোৱা আৰু মানুহৰ সেৱা কৰাটোৱেই প্ৰকৃত ধৰ্ম।
কবিয়ে মানুহক দেৱতাৰ আসনত বহুৱাই সকলোকে মানৱ-দেৱতাৰ সেৱা আৰু বন্দনা কৰিবলৈ আহ্বান জনাইছে। পাৰস্পৰিক মৰম আৰু সদ্ভাৱ থাকিলে এই পৃথিৱীখনেই স্বৰ্গতকৈও অধিক সুখময় হৈ উঠিব পাৰে।
৩। ‘এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপী ঘৰ।’ — কথাষাৰৰ অৰ্থ বুজাই লিখা।
উত্তৰঃ উক্ত কথাষাৰৰ জৰিয়তে কবিয়ে পৃথিৱীৰ প্ৰতি মানুহৰ গভীৰ সম্পৰ্ক আৰু আত্মীয়তা প্ৰকাশ কৰিছে।
মানুহে এই পৃথিৱীত জন্ম লয়, ডাঙৰ হয়, সুখ-দুখ অনুভৱ কৰে, সম্পৰ্ক গঢ়ে, কৰ্ম কৰে আৰু শেষত ইয়াতেই জীৱনৰ অন্ত ঘটে। সেয়ে পৃথিৱীখন মানুহৰ আটাইতকৈ আপোন আৰু বাস্তৱ ঘৰ।
কবিৰ মতে, মানুহে যদি ইজনে-সিজনক মৰম কৰে, সহায় কৰে আৰু সম্প্ৰীতিৰে জীৱন কটায়, তেন্তে এই পৃথিৱীখনেই স্বৰ্গৰ দৰে সুখময় হৈ উঠিব পাৰে। সেই কাৰণেই কবিয়ে পৃথিৱীক মানুহৰ বাবে স্বৰ্গতকৈও অধিক নিজাপী ঘৰ বুলি অভিহিত কৰিছে।
৪। তাৎপৰ্য ব্যাখ্যা কৰা
(ক) ‘মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।’
উত্তৰঃ উক্ত কবিতাফাঁকি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাৰ পৰা লোৱা হৈছে।
ইয়াত কবিয়ে মানুহৰ জীৱনৰ প্ৰকৃত উদ্দেশ্য আৰু ধৰ্মৰ সহজ অৰ্থ প্ৰকাশ কৰিছে।
মানৱ জীৱন সময়ৰ সোঁতৰ দৰে আগবাঢ়ি যায়। এই সীমিত জীৱনত মানুহে নানা কাম কৰে। কিন্তু সকলো কৰ্মৰ ভিতৰত মানুহৰ প্ৰতি মৰম, দয়া, সহানুভূতি আৰু সদ্ভাৱ দেখুওৱাটোৱেই আটাইতকৈ মূল্যবান।
কবিৰ মতে ধৰ্ম কেৱল বাহ্যিক আচাৰ-অনুষ্ঠানত সীমাবদ্ধ নহয়। মানুহক ভাল পোৱা, বিপদত সহায় কৰা, সুখ-দুখৰ অংশীদাৰ হোৱা আৰু মানৱীয় আচৰণ কৰাটোৱেই প্ৰকৃত ধৰ্ম।
সেয়ে ‘ধৰম যে মৰমতে’ কথাষাৰৰ মাজেৰে কবিয়ে মানৱপ্ৰেমকেই শ্ৰেষ্ঠ ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰিছে।
(খ) ‘মানুহেই দেৱ
মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা
পাদ্য অৰ্ঘ্য লই
জয় জয় জয় মানৱ দেৱ।’
উত্তৰঃ উক্ত কবিতাফাঁকি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ কবিতাৰ পৰা লোৱা হৈছে।
এই অংশত কবিয়ে মানুহক দেৱতাৰ আসনত প্ৰতিষ্ঠা কৰি মানৱসেৱাৰ মহত্ত্ব ঘোষণা কৰিছে।
মানুহেই মানুহৰ বিপদৰ সহায়, আনন্দৰ সংগী আৰু জীৱনৰ আশ্ৰয়। সেয়ে মানুহৰ সেৱা কৰাটোৱেই প্ৰকৃত দেৱসেৱা। কবিয়ে দেৱতা পূজাৰ পাদ্য-অৰ্ঘ্য আদি সম্ভাৰেৰে মানৱ-দেৱতাক পূজা কৰিবলৈ আহ্বান জনাইছে।
ইয়াৰ অৰ্থ বাহ্যিকভাৱে মানুহক পূজা কৰা নহয়; বৰং মানুহক সন্মান কৰা, মৰম কৰা, সহায় কৰা আৰু সৎ আচৰণ কৰাই প্ৰকৃত পূজা।
এইদৰে কবিতাফাঁকিটোৰ মূল তাৎপৰ্য হৈছে—মানৱসেৱাই ঈশ্বৰসেৱা আৰু মানৱপ্ৰেমেই শ্ৰেষ্ঠ ধৰ্ম।
‘খ’ — ভাষা বিষয়ক
৫। সমাৰ্থক শব্দ লিখা।
মানুহ
উত্তৰঃ মানৱ, নৰ, মনুষ্য।
সংগ
উত্তৰঃ লগ, সান্নিধ্য, সহচৰ্য।
পৃথিৱী
উত্তৰঃ ধৰা, ধৰিত্ৰী, বসুমতী, বসুধা, অৱনী।
সোঁত
উত্তৰঃ প্ৰবাহ, স্ৰোত।
স্বৰ্গ
উত্তৰঃ সৰগ, দেৱলোক।
দেৱ
উত্তৰঃ দেৱতা, ঈশ্বৰ।
৬। সংস্কৃত ‘কৰ্ম’, ‘ধৰ্ম’ আদি শব্দৰ পৰা ‘কৰম’, ‘ধৰম’ আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ সংস্কৃত শব্দ কিছু পৰিৱৰ্তিত হৈ অসমীয়া ভাষাত ব্যৱহৃত হোৱা ৰূপক অৰ্ধ-তৎসম শব্দ বোলা হয়।
কিছুমান উদাহৰণ—
| সংস্কৃত বা মূল ৰূপ | পৰিৱৰ্তিত ৰূপ |
|---|---|
| কৰ্ম | কৰম |
| ধৰ্ম | ধৰম |
| ভক্তি | ভকতি |
| শক্তি | শকতি |
| মূৰ্তি | মূৰতি |
| শ্ৰী | চিৰি |
| মিত্ৰ | মিতিৰ |
| হস্ত | হাত |
| দন্ত | দাঁত |
| সত্য | সঁচা |
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
👉Short Question and Answer
👉Question Paper
প্ৰশ্নৱালীঃ
ভাব-বিষয়ক
১। চমু উত্তৰ লিখাঃ
(ক) 'মানুহেই পৰাৎপৰ' বোলা কথাষাৰৰ অৰ্থ কি?
উত্তৰঃ মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ'লঃ মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠ, পৰম সত্য।
বা
মানুহেই পৰাৎপৰ' কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ। মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই।
(খ) মানুহক 'ময়াপী জীৱ' বোলাৰ অৰ্থ কি?
উত্তৰঃ এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি। অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ। সেয়েহে মানুহক ময়াপী জীৱ বুলি কৈছে ।
বা
মানুহক ময়াপী জীৱ' বোলাৰ অৰ্থটো হ'ল মানুহ হৈছে মায়া বা মোহ থকা জীৱ। মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনঃ জনম লৈ আহি থাকে।
(গ) পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
উত্তৰঃ কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।
বা
কবিৰ মতে মানুহ দেৱতাতকৈয়ো শ্ৰেষ্ঠ।কবিৰ মতে মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো কাৰণ থকিব নোৱাৰে। সেয়ে পাদ্য-অৰ্ঘ্য পূজাৰ সকলো উপকৰণ লৈ মানুহকহে মানুহে পূজা কৰা উচিত। কথাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ শ্ৰেষ্ঠতৃ প্ৰতিপন্ন কৰিব বিচাৰিব।
২। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰঃ প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলে কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোবাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোহে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে । কবিৰ মতে মানুহ নৰৰুপী ভগৱান । এই নৰৰুপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য- অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে।
৩। 'এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।'
কথাষাৰৰ অৰ্থ বুজাই লিখা।
উত্তৰঃ এই যে পৃথিৱী স্বৰ্গতো অধিক.....
মানুহৰ নিজাপী ঘৰ । মানুহৰ নিজাপী বুলি কবিয়ে পৃথিৱী খনৰ কথাকে বুজাইছে । কাৰণ– মানুহ সদায় এই পৃথিৱী খনতেই থাকিবই লাগিব। এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুয়ে অতি প্ৰয়োজনীয়। আমি প্ৰত্যেকেই ভাল বেয়া, সচাঁ মিছা, সুখ-দুখৰ অনুভৱ এই পৃথিৱীখনতেই, মানুহৰ মাজতেই পাওঁ। সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গত কৈয়ো অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰে ঘৰ বুলি কৈছে।
৪। তাৎপৰ্য ব্যাখ্যা কৰাঃ
(ক) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে।
উত্তৰঃ মানৱী জনম.......................
.........................................................
.........................................................মৰমতে।
উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি 'চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ' মানৱ বন্দনাʼনামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে।
মানুহৰ পাৰস্পাৰিক মৰম চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে।
মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পাৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে।
(খ) মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
জয় জয় জয় মানৱ দেৱ।
উত্তৰঃ মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ
কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
জয় জয় জয় মানৱ দেৱ....
উক্ত কবিতাফাঁকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে।
এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্ত্তব্য। এই সচৰাচৰ মাজত পৰম শক্তি ৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোয়েই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে।
ভাষা-বিষয়কঃ
৫। সমাৰ্থক শব্দ লিখাঃ
মানুহঃ মানৱ, মানুহ
সংগঃ লগ, বন্ধু,
পৃথিৱীঃ ধৰা
সোঁতঃ ঢৌ, লহৰ
স্বৰ্গঃ সৰগ
দেৱঃ দেৱতা
৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰ:
ধৰ্মঃ ধৰম
কৰ্মঃ কৰম
মত্যঃ মৰত
দেৱঃ দেৱতা
Cheek By: Himashree Bora.