পাঠ- ৪

লঘোন 



উত্তৰ দিয়া।

ক) লঘোন পদ্যটো ৰচনা কৰা লেখক জনৰ নাম কি।
উত্তৰঃ কবি-নৱকান্ত বৰুৱা।

খ) লঘোন শব্দৰ অৰ্থ কি।
উত্তৰঃ লঘোন শব্দৰ অৰ্থ একো নোখোৱাকৈ থকা।

গ) পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে ?
উত্তৰঃ  পালোৱান বুলিলে  শকত - আৱত মানুহ এজনৰ ছবি মোৰ মনলৈ আহে। 

লঘোন পদ্য়টিৰ  ভিত্তিত ক-অংশৰ লগত খ-অংশৰ কথাখিনি মিলাই লিখা।

উত্তৰঃ

ক- অংশ                             খ- অংশ 

১) আছে যদি আধা সেৰ      চিৰা দিবি ভাল চায়

২) দৈ মোক নালাগেই    -    গাখীৰৰ সৰ পালে  

৩) নাই যদি মালভোগ    -   জাহাজী কলকে আন 

৪) পাপৰ আছিল বোলে    -   আঙঠাত সেকচোন 

৫) ৰৌ মাছ ভজা আছে    -   তাৰো দুচকল দে 


চমু টোকা লিখাঃ

(ক) মালভোগ কলঃ মালভোগ কল হৈছে এবিধ পুষ্টিকৰ ফল। এই ফল পুষ্হোটিকৰ হোৱাৰ লগতে সুস্বাদু হয়।

(খ) গাখীৰৰ সৰঃ গাখীৰ গৰম কৰোঁতে গাখীৰৰ ওপৰত এখন চামনী উঠে। ইয়াকে গাখীৰৰ সৰ বোলে। গাখীৰৰ সৰ খাবলৈ সোৱাদ হয়। ইয়াৰ পৰা মানুহে ঘি প্ৰস্তুত কৰে।

(গ) আচাৰঃ আচাৰ এবিধ মুখ ৰুচীকৰ খাদ্য। ইয়াক মানুহে ভাত বা ৰুটীৰ লগত খায়। টেঙা ফল নিমখ দি ৰ'দত শুকাই লৈ তেল গৰম কৰি তাত নানা বিধ মছলা দি বৈয়ামত ভৰাই থৈ দিয়ে।

(ঘ) পাপৰঃ পাপৰ এবিধ সুস্বাদু লঘু আহাৰ। পাপৰ বেচন, জালুকৰ গুৰি, বেকিং পাউদাৰ, নিমখ মিহলাই প্ৰস্তুত কৰে। পাপৰ মানুহে তেলত ভাজি খায়। পাপৰ চাহৰ লগত আৰু ভাতৰ লগতো খায়।

'লঘোন' শব্দটোৰ অৰ্থ 'লঘোন' পদ্য়টোৰ কথাখিনিৰ লগত মিলিছেনে ? যদি মিলা নাই , কিয় মিলা নাই লিখা।
উত্তৰঃ  ' লঘোন' শব্দটোৰ অৰ্থ 'লঘোন' পদ্য়টোৰ কথাখিনিৰ লগত মিলা নাই।
         লঘোন  মানে গোটেই দিনটো একো নোখোৱাকৈ থকা। কিন্তু পদ্য়টোত  কবিয়ে ব্য়ক্তিজনৰ ভোক নাই বুলি কোৱাৰ পিছতো চিৰা, দৈ, গাখীৰৰ সৰ, খেজুৰৰ গুৰ, জাহাজী কল, আলু, পাপৰ, আচাৰ, ৰৌ মাছ আদি বোৰ খাইছে। গতিকে লঘোন নামৰ পদ্য়টোৰ লগত  'লঘোন' শব্দটো মিলা নাই।

উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ নঞৰ্থক ৰূপ লিখা ।

ন + চায়  =  নাচায়  বা নেচায় 

ন  + কাটে   =  নাকাটে বা নেকাটে 

ন  + পালে   =   নাপালে বা নেপালে 

ন  + খালে    =  নাখালে বা নেখালে 



এটা শব্দত প্ৰকাশ কৰা।

ক) ভোকত আতুৰ হোৱা লোক - ভোকাতুৰ      

খ) নিয়মমতে খৰচ কৰা লোক - মিতব্যয়ী 

গ) বেছিকৈ ভাত খোৱা লোক - ভতুৱা 

ঘ) ৰন্ধা -বঢ়া কৰা তিৰোতা   - ৰান্ধনী।


বাক্য ৰচনা কৰাঃ

কল (সুখাদ্য ফল বিশেষ) -  আমাৰ গাঁৱত দুখন কলৰ বাগান আছে।

কল (যন্ত্র) -  কল - কাৰখানাৰ পৰা উলোৱা ধূৱাই বায়ু প্ৰদূষিত কৰে।

চিৰা (ফুট কঢ়া ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউল) -  চাউলৰ পৰা চিৰা প্ৰষ্টোত কৰা হয় ।

চিৰা (ছেই , গুটিৰ দীঘলীয়া ভঁৰাল) - আমাৰ ঘৰত চিৰাৰ এটা ভৰাঁল আছে।

দৈ (দৈ গাখীৰ) - গাখীৰৰ পৰা দৈ প্ৰষ্টোত হয়।

দৈ  (বাঁহৰ চেপেটা আৰু মিহি কাঠি ) - দৈ দি পাচিঁ বনোৱা হয়।

আলু (এবিধ পাচলি) - আলু মাটিৰ ভিতৰত হয়।

আলু (দাঁতৰ গুৰি) -   দাঁতৰ গুৰিত এটা বস্তো  আছে যাক আলু বুলি কোৱা হয়। 

কোণ (চুক)  -  ৰাতি শোৱাৰ সময়ত ঘৰৰ চোক কোণ মাৰি এবাৰ চাব লাগে।

কোন (প্রশ্নবােধক শব্দ)  -  গাওঁখনত অচিনাকী  মানুহজন সুমুৱাত গাৱৰ মানুহে আপুনি কোন বুলি প্ৰশ্ন কৰিলে।

বহলাই লিখাঃ

অল্প  অৰ্জন, বিস্তৰ ভোজন,
সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ।।

উত্তৰঃ অলপ ধন অৰ্জন কৰি কিছুমান মানুহে সেই উৰ্পাজন কৰা ধনৰ দুগুন খায়। এনে কৰিলে আয়তকৈ ব্য়য় বেছি হয়। যিখিনি উৰ্পাজন কৰে সেইখিনি আধা সাঁচি আধা খালে মানুহৰ উন্নতি হয় কিন্তু এনে নকৰি উৰ্পাজনতকৈ বেছিকৈ খালে মানুহ দুখিয়া হয় বা অৱনতি হয়।


Editor: Hiru Moni Bora

Last Update By Dipawali Bora (05.05.2022)


Post Id: DABP001096