পাঠ - ৪
গতি আৰু সময়

অনুশীলনী 


১) তলৰ গতিসমূহত সৰল ৰৈখিক, বৃত্তিয় বা দোলন গতিত শ্ৰেণীভুক্ত কৰা।  

ক)দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি । 

উত্তৰঃ দোলন গতি।

খ) এটা পোন ৰাস্তাৰে বাগী টানি থকা ঘোঁৰাৰ গতি। 

উত্তৰঃ সৰল ৰৈখিক।

গ) ঘূৰণ-দোলনা(Merry-go-Round)ত উঠি থকা অৱস্থাত শিশুৰ এটাৰ গতি। 

উত্তৰঃ বৃত্তীয়।

ঘ)ঢেঁকী পাত(See-Saw)ত উঠি থকা অৱস্থা শিশু এটাৰ গতি। 

উত্তৰঃ দোলন গতি।

ঙ) বৈদ্যুতিক ঘন্টাৰ হাতুৰীৰ গতি। 

উত্তৰঃ দোলন গতি।

চ) এখন পোন দলঙত ৰে'লৰ গতি ।   

উত্তৰঃ সৰল ৰৈখিক গতি।


২) তলৰ কোনবোৰ উক্তি শুদ্ধ নহয়?

ক) সময়ৰ মৌলিক একক ছেকেণ্ড  

উত্তৰঃ শুদ্ধ।

খ) প্ৰত্যেক বস্তুৱে ধ্ৰৱক দ্ৰুতিৰে গতি কৰে। 

উত্তৰঃ শুদ্ধ।

গ) দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয় । 

উত্তৰঃ শুদ্ধ।

ঘ) এটা প্ৰদত্ত দোলকৰ পৰ্যায়কাল ধ্ৰুৱক নহয়। 

উত্তৰঃ অশুদ্ধ। 

ঙ) এখন ৰেলৰ দ্ৰুতি মি.\ঘ.ত প্ৰকাশ কৰা হয় । 

উত্তৰঃ শুদ্ধ।


৩) এটা সৰল দোলকে ২০ বাৰ দুলিবলৈ ৩২ছেকেণ্ড সময় লয় । দোলকটোৰ পৰ্যায়কাল নিৰ্ণয় কৰা। 

উত্তৰঃ ২০ বাৰ দুলিবলৈ সময় লাগে ৩২ ছেকেণ্ড।

     দোলনটোৰ পৰ্যায়কাল হ'ল-- ৩২

                                             = 1.6 ছেকেণ্ড।


৪) দুটা আস্থানৰ মাজৰ দূৰত্ব ২৪০ কি.মি। এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ ৪ ঘন্টা সময় লয়। ৰেলখনৰ দ্ৰুতি নিৰ্ণয় কৰা। 

উত্তৰঃ  দিয়া আছে , 

               ষ্টেচন দুটাৰ দূৰত্ব = 240 কি.মি .

                               সময় = 4 ঘণ্টা 

             আমি জানো , দ্রুতি = দূৰত্ব/ সময় 

          এতেকে  নির্ণেয় দ্রুতি =240/4  কি.মি. /ঘণ্টা

                                     = 60 কি.মি. / ঘণ্টা । 

৫) ঘড়ীয়ে পুৱা ০৮.৩০ বজা সময় দেখুওৱা মূহূৰ্তত এখন গাড়ীৰ দূৰত্বমেতাই ৫৭৩২১.০ কি.মি পাঠ দেখুৱায়। যদি পুৱা ০৮.৫০ বজাত দূৰত্বমেতাৰ পাঠ ৫৭৩৩৬.০ কি.মি.লৈ পৰিৱৰ্তন হয়। তেন্তে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। এইখিনি সময়ৰ ভিতৰত কি.মি\মিনিট এককত গাড়ীখনৰ দ্ৰুতি কি.মি \ঘ এককতো প্ৰকাশ কৰা। 

উত্তৰঃ   দিয়া আছে , 


অড’মিটাৰৰ আদি পাঠ = 57321.0 কি.মি. অডমিটাৰৰ শেষ পাঠ = 57336.0 কি.মি .


ঘড়ীৰ আদি পাঠ = 08:30 AM 


ঘড়ীৰ অন্তিম পাঠ = 08:50 AM 


এতিয়া , মুঠ দূৰত্ব = ( 57336.0 –57321.0 ) কি.মি. = 15.0 কি.মি. 


মুঠ সময় = ( 08.50 – 08.30 ) মিনিট = 20 মিনিট 


এতেকে নির্ণেয় দ্রুতি = 15/20 কি.মি. / মিনিট


                               = 0.75 কি.মি. / মিনিট 


                    1 ঘণ্টা = 60 মিনিট 


কি.মি. / ঘণ্টাত দ্রুতি = 0.75 x 60 = 45 কি.মি. / ঘণ্টা । 


৬) চালমাই চাইকেলেৰে ঘৰৰ পৰা বিদ্যালয়লৈ যাবলৈ ১৫ মিনিট সময় লয়। যদি চাইকেলখনৰ দ্ৰুতি ২ মি.\ছে. হয়, তেন্তে ঘৰৰ পৰা বিদ্যালয়খনৰ দূৰত্ব নিৰ্ণয় কৰা। 

উত্তৰঃ দিয়া আছে , 


             চাইকেলৰ দ্রুতি = 2 মি . / ছে .


                           সময় = 15 মিনিট 


                                  = 15 x 60 ছে , 


                                  = 900 ছে 


        অতিক্রম কৰা দূৰত্ব = দ্রুতি x সময় 


                                  = 2 মি . / ছে , x 900 ছে , 


                                  = 1800 মি . 


 ছালমাৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব = 1.800 কি.মি .। 


৭) তলত উল্লেখ কৰা অৱস্থাবোৰত গতিৰ দূৰত্ব-সময় লেখৰ আকৃতি দেখুৱা- 

  (ক) ধ্ৰুৱক দ্ৰুতিৰে গতিশীল এখন গাড়ী 

   (খ) ৰাস্তাৰ কাষত ৰৈ থকা এখন গাড়ী 


৮) তলৰ সমন্ধবোৰৰ কোনটো শুদ্ধ ?


    উত্তৰঃ খ)   


৯) দ্ৰুতিৰ মূল  একক হ'ল 

 ক)কি.মি   খ) মি.\মিনিট   গ)কি.মি \ঘ.  ঘ) মি.\ছে.

উত্তৰঃ   ঘ) মি.\ছে.



১২) চিত্ৰ ১৩.১৫  ত Aআৰু Bদুখন গাড়ী ৰ গতিৰ দূৰত্ব-সময়ৰ লেখ দেখুওৱা হৈছে। কোনখন গাড়ী দ্ৰুততৰ ? 

চিত্ৰ ১৩.১৫ দুখন গাড়ীৰ গতিৰ দূৰত্ব-সময় লেখ। 

১৩) তলৰ কোনডাল দূৰত্ব-সময়ৰ লেখে বিষম দ্ৰুতিৰে গতিশীল লৰী এখন সূচায় ? 

                         (ক)                                          (খ) 



OLD

তাপ

১।পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য আৰু পার্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

সাদৃশ্যঃ দুয়োটাৰেই এটা মূৰত বাল্ব এটা থাকে। দুয়োটাৰেই বাল্বটো পাৰাৰে পূৰ্ণ হৈ থাকে। দুয়োটাৰেই গাত ছেলছিয়াছ স্কেল থাকে।

পাৰ্থক্যঃ জ্বৰ জোখা তাপমেতাৰ 35 ডিগ্ৰী C ৰ পৰা 5 ডিগ্ৰী লৈ উষ্ণতা জোখিব পাৰি। কিন্তু পৰীক্ষাগাৰৰ তাপমেতাৰৰ পৰিসৰ সাধাৰণতে 10 ডিগ্ৰী C ৰ পৰা 110 ডিগ্ৰী C লৈ থাকে।
পৰীক্ষাগাৰৰ তাপমেতাৰ ডালেৰে উষ্ণতা জোখোতে থিয় কৰি ৰাখিব লাগে কিন্তু জ্বৰজোখা তাপমেতাৰ ডালেৰে জোখোতে হেলনীয়া কৰি ধৰি ৰাখিব লাগে।



২। তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ

তাপৰ পৰিবাহী  হ'ল-  লো, তাম।

তাপৰ অপৰিবাহী  হ'ল-   প্লাষ্টিক, কাঠ।



। খালী ঠাই পূৰ কৰা।

(ক) কোনাে এটা বস্তুৰ উত্তাপ ইয়াৰ                       দ্বাৰা নির্ণয় কৰা হয় ।

উত্তৰঃ কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয়।

(খ)  উতলা পানীৰ উষ্ণতা                       তাপমেতাৰে জুখিব নােৱাৰি।

উত্তৰঃ উতলা পানীৰ উষ্ণতা ক্লিনিকেল তাপমেতাৰে জুখিব নোৱাৰি।

(গ) ডিগ্ৰী           এককত উষ্ণতা জোখা হয় ।

উত্তৰঃ ডিগ্ৰী C এককত উষ্ণতা জোখা হয়।

(ঘ)                       প্রক্রিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়ােজন নহয়।

উত্তৰঃ বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্য়মৰ প্ৰয়োজন নহয়।

(ঙ) এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই ________ প্রক্রিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে।

উত্তৰঃ এখন চেঁচা ষ্টীৰল চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই পৰিবহণ প্ৰক্ৰিয়াৰে আনটো মুৰলৈ তাপ সঞ্চালিত কৰে।



৪। তলৰ খালী ঠাইসমূহ পূৰ কৰা।

উত্তৰঃ

ক) স্থলবতাহ - ঘ) ৰাতি
খ) জলবতাহ বলে - গ) দিনত
গ) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় - খ) শীতকালত
ঘ) পাতল ৰঙৰ  বস্ত্ৰ পচন্দ কৰা হয় - ক) গ্ৰীষ্মকালত



৫। শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় গৰম হৈ থাকে।

উত্তৰঃ শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ গৰম হৈ থাকে  কাৰণ - সেই একাধিক তৰপৰ কাপোৰৰ মাজত বায়ু আবদ্ধ হৈ থাকে যিয়ে আমাৰ শৰীৰ গৰম কৰি ৰাখে।



৬। তলৰ চিত্ৰ ৪.১৩ টো লক্ষ্য় কৰা। পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা।

উত্তৰঃ এই উত্তৰ তোমালোকে নিজে চিত্ৰ আঁকি কৰিবলৈ চেষ্টা কৰিবা।



৭। উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবােৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামর্শ দিয়া হয় । ব্যাখ্যা কৰা।

উত্তৰঃ উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ বগা ৰঙে তাপ শোষণ নকৰে ওলোটাকৈ তাক প্ৰতিফলিতহে কৰে তেনে কৰিলে ঘৰৰ ভিতৰত ইমান উষ্ণ বা গৰম নোসোমাই ।



৮। ৩০° C ত থকা এক লিটাৰ পানী ৫০° C ত থকা এক লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল । মিশ্রণৰ উষ্ণতা হ’ব -

(ক) ৮০° C
(খ) ৫০° C ত কৈ বেছি কিন্তু ৮০° C তকৈ কম।
(গ) ২০° C 
(ঘ) ৩০° C আৰু ৫০° C ৰ মাজত।

উত্তৰঃ (ঘ) ৩০° C আৰু ৫০° C ৰ মাজত।



৯। মগ এটাত থকা ৪০° C উষ্ণতাৰ পানীত ৪০° C উষ্ণতাৰবােৰ বল এটা ডুবাই দিয়া হ’ল। তাপ
(ক) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত হ’ব।
(খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয়।
(গ) পানীৰ পৰা লােৰ বললৈ সঞ্চালিত হ'ব।
(ঘ) দুয়ােৰে উষ্ণতা বৃদ্ধি হ'ব।

উত্তৰঃ (খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয়।



০। আইছ ক্রীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থােৱা হৈছে । চামুচখনৰ আনটো মূৰ

(ক) পৰিবহণ প্রক্রিয়াৰে চেঁচা হ’ব। 
(খ) পৰিচলন প্রক্রিয়াৰে চেঁচা হ’ব। 
(গ) বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হয়। 
(ঘ) চেঁচা নহয় ।

উত্তৰঃ (ঘ) চেঁচা নহয়।



১১। নিষ্কলংক তীখা (stainless steel) ৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নির্মিত হয়। ইয়াৰ কাৰণ

(ক) তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায়। 
(খ) কেৰাহীটো দেখাত ৰং বিৰঙৰ হয়।
(গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।
(ঘ) নিষ্কলংক তীখাতকৈ তাম চাফা কৰা সুবিধাজনক।

উত্তৰঃ (গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।






Check By - Mukesh Borah

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Post Id: DABP001176