Chapter: 3
 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ 

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQs Answer
    👉Paid Answer    (Buy Now)

১। পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা। কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল?

উত্তৰঃ  বিভিন্ন প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বিভিন্নতা পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ আৰু বিতৰণ একে নহয়। মানৱ ইতিহাসৰ আদি কালছোৱাত জনসংখ্যা প্ৰায় স্থিৰ অৱস্থাত আছিল । যোৱা কিছু বছৰ ধৰি ( অৰ্থাৎ ১৯৫০ চনৰ পৰা ২০০০ চনৰ কালছোৱাত ) বৃদ্ধিৰ হাৰ যথেষ্ট দ্ৰুত হৈছিল । গতিকে জনসংখ্যাৰ বৃদ্ধি হাৰৰ স্থানিক তাৰতম্যৰ বাবেই পৃথিৱীৰ জনসংখ্যা বিতৰণৰো যথেষ্ট অসমতাৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ১৯৫০-২০০০ বৰ্ষৰ সময়ছোৱাত কেৱল পঞ্চাছ বছৰতে পৃথিৱীৰ জনসংখ্যা ২৫০ কোটিৰ পৰা বৃদ্ধি পাই ৬০০ কোটি হৈছিলগৈ। অৰ্থাৎ ১৮০০-১৯৫০ চনৰ সময়ছোৱাত কেৱল ৫০ বছৰতে জনসংখ্যা বৃদ্ধি পাইছিল ৩৫০ কোটি। ইয়াকে পৃথিৱীৰ জনবিস্ফোৰণ বোলে। এনে অৱস্থাৰ সম্ভৱ হৈছে খাদ্য যোগানৰ নিশ্চয়তা, জীৱন ধাৰণৰ মানৱ উন্নয়ন আৰু চিকিৎসা বিজ্ঞানৰ উন্নয়ন আদিৰ ফলত, উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ ঘোষণা ২০১১ বৰ্ষৰ ৩১ অক্টোবৰ তাৰিখে পৃথিৱীৰ জনসংখ্যাই ৭০০ কোটি সম্পূৰ্ণ কৰিছে । এনেদৰে বৃদ্ধি হৈ থাকিলে ২০২৫ বৰ্ষত পৃথিৱীৰ জনসংখ্যাই ৮০০ কোটি আৰু ২০২৫ বৰ্ষত ৯৫০ কোটি অতিক্ৰম কৰিব বুলি ঠাৱৰ কৰা হৈছে । অৱশ্যে পৃথিৱীৰ সকলো ঠাইতে জনসংখ্যা বৃদ্ধিৰ হাৰ একে নহয় । 

২) পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা । 

উত্তৰঃ পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা হ'ল ৭০০ কোটি। বিভিন্ন প্ৰাকৃতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰকৰ বিভিন্ন তাৰ বাবে জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্য হয় । 

৩। পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এটি ছবি দাঙি ধৰা।

উত্তৰঃ পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ প্ৰধান কাৰণ হৈছে-উচ্চ জন্মৰ হাৰ আৰু নিম্নগামী মৃত্যুৰ হাৰ, উন্নত যোগাযোগৰ ফলত বিতৰণৰ সুব্যৱস্থা, শিক্ষাৰ বহুল প্ৰচাৰ আৰু জন-প্ৰব্ৰজন। পৰিৱৰ্তিত আর্থ-সামাজিক উন্নয়নৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰৰ যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। ১৭৫০-১৯৭০ বৰ্ষৰ কালছোৱাত উন্নত দেশসমূহৰ জনসংখ্যাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহতকৈ যথেষ্ট বেছি আছিল। কিন্তু ১৯৫৫-১৯৭০ চনৰ সময়ছোৱাত এই জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত আৰু উন্নয়নশীল' দেশসমূহৰ মাজত সম্পূৰ্ণ বিপৰীত হয়। উদাহৰণস্বৰূপে, ১৭৫০-১৮৫০ বৰ্ষৰ কালছোৱাত আফ্রিকা মহাদেশৰ বার্ষিক বৃদ্ধিৰ হাৰ ইউৰোপ মহাদেশতকৈ যথেষ্ট কম আছিল। কিন্তু এই বৃদ্ধিৰ হাৰ ১৯৫০-২০০০ বৰ্ষৰ সময়ছোৱাত যথেষ্ট পৰিৱৰ্তিত হৈ আফ্রিকা মহাদেশত ২.৫৫ শতাংশ আৰু ইউৰোপ মহাদেশত ০.৬ শতাংশ হৈছিল। পৃথিৱীৰ আটাইতকৈ জনবহুল মহাদেশ এছিয়াৰ জনসংখ্যা বৃদ্ধি আটাইতকৈ বেছি। ১৭৫০-২০০০ বৰ্ষৰ সময়ছোৱাত এছিয়া মহাদেশৰ জনসংখ্যা ৪৯৮ নিযুতৰ পৰা বৃদ্ধি পাই ৩,৩৬১ নিযুত হয়গৈ। উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত এই বৃদ্ধি ২ নিযুতৰ পৰা ৩৫৪ নিযুত পর্যন্ত হয়। এছিয়া আৰু উত্তৰ আমেৰিকাৰ মাজত দেখা পোৱা জনসংখ্যা বৃদ্ধিৰ এনে পাৰ্থক্যৰ কাৰণ হৈছে এছিয়া মহাদেশৰ উচ্চ জন্মৰ হাৰ। কিন্তু উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত বৃদ্ধিৰ কাৰণটো হৈছে ইউৰোপ তথা আন আন অঞ্চলৰ পৰা হোৱা জন-প্ৰব্ৰজন। আকৌ ইউৰোপ মহাদেশৰ স্থিৰ তথা একেবাৰে নিম্ন হাৰৰ জনসংখ্যা বৃদ্ধিৰ কাৰণটো হৈছে অতি নিম্ন জন্মহাৰ আৰু আমেৰিকা তথা ওচেনিয়ালৈ ঘটা উচ্চ পৰিমাণৰ বহিঃ প্ৰব্ৰজন। সম্প্ৰতি জন্মহাৰ যথেষ্ট বেছি থকাৰ বাবে আফ্রিকা মহাদেশৰ প্ৰায় আটাইবোৰ দেশতে আৰু এছিয়া মহাদেশত কেইখনমান মুছলমান প্রধান দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হোৱা পৰিলক্ষিত হয়।


৪) পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পৰ্কে লিখা আৰু অসম বিতৰণৰ প্ৰধান কাৰকবোৰ লিখা । 

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত বিৰাজ কৰা ভূ-অৱয়ৱ, জলবায়ু,মাটি আদিৰ প্ৰকৃতি আৰু সম্পদ, ৰাস্তা-ঘাট, অৰ্থনৈতিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ পাথৰ্ক্যৰ বাবে পৃথিৱীৰ সকলো অঞ্চলতে জনসংখ্যাৰ বিতৰণ একে নহয় । অধিক ভূমিৰ উপৰি উত্তৰ গোলাৰ্ধৰ এক বিস্তীৰ্ণ ভাগত বিৰাজ কৰা অনুকূল প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক অৱস্থাৰ বাবে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশ ইয়াত থূপ খাই আছে। জনসংখ্যাৰ বিতৰণ পাৰ্থক্য আমি জনসংখ্যা ঘনত্বৰ দ্বাৰাত্ত বুজিব পাৰোঁ । অৰ্থাৎ এটা অঞ্চলত বাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মাটিকালিৰে হৰণ কৰি যি ফলাফল পোৱা যায় তাকে অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব বোলে। এইদৰে দেখা যায় যে মহাদেশসমূহৰ ভিতৰত এছিয়াৰ জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি আৰু ওছেনিয়াৰ ঘনত্ব আটাইতকৈ কম ।

               এখন ঠাইৰ ভূ-অৱয়ৱৰ প্ৰকৃতিয়ে ও জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে । অসম বিতৰণৰ প্ৰধান কাৰক বোৰ হ'ল - জলবায়ু, ভূ-অৱয়ৱ, মৃত্তিকা, শক্তি আৰু খনিজ সম্পদ, যাতায়াত ব্যৱস্থা, আৰ্থ-সামাজিক ব্যৱস্থা ইত্যাদি । 


৫) জনসংখ্যা বিতৰণত ভূ-অবয়ৱ আৰু জলবাযুৰ ভূমিকা সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা । 

উত্তৰঃ এখন ঠাইৰ ভূ-অৱয়ৱৰ প্ৰকৃতিয়েও জনসংখ্যা বিতৰণত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে । এইক্ষেত্ৰত ঠাইখনৰ উচ্চতা আৰু প্ৰকৃতিৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ উদাহৰণস্বৰূপে, পাৰ্বত্য অঞ্চল আৰু সমভূমি অঞ্চলৰ মাজত থকা ভূ-প্ৰকৃতিৰ পাৰ্থক্য আৰু ইয়াৰ ফলত সৃষ্টি হোৱা জনসংখ্যা বিতৰণৰ পাৰ্থক্য। নদী গঠিত সমভূমি আৰু উপকূলৱৰ্তী নিম্নভূমি অঞ্চলবোৰ কৃষিকাৰ্য তথা যাতায়াত ব্য়ৱস্থাত উপযোগী বাবে এনে ঠাইত জনসংখ্যাৰ ঘনত্ব অতি বেছি। আনহাতে, পৰ্বত-পাহাৰে আৱৰা উচ্চ ওখোৰা মোখাৰা ঠাইবোৰ কৃষি আৰু যাতায়াতৰ সূচল নহয় বাবে সেই ঠাইবোৰত জনসংখ্যা অতি সেৰেঙা ।

         জনসংখ্যা বিতৰণৰ ক্ষেত্ৰত প্ৰাকৃতিক কাৰকবোৰক ভিতৰত জলবায়ুৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। এখন ঠাইৰ উষ্ণতাৰ অৱস্থা, বৰষুণৰ পৰিমাণ আৰু বছৰটোত কৃষিকাৰ্যৰ সময়সীমাই ঠাইখনৰ জলবায়ুৰ বৈশিষ্ট্য নিৰ্ধাৰণ কৰে । ক্ৰান্তীয় মৌচুমী অঞ্চলত অৱস্থিত দক্ষিণ আৰু পূৰ্ব এছিয়াত বিৰাজ কৰা উপযুক্ত উষ্ণতা আৰু অপৰ্যাপ্ত বৰষুণৰ বাবে কৃষিকাৰ্য উন্নতমানৰ আৰু সেয়ে জনসংখ্যাৰ ঘনত্বত্ত অধিক । 

৬) পৃথিৱীৰ প্ৰধান ঘন বসতিপূৰ্ণ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগলিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ প্ৰধান ঘন বসতিপূর্ণ অঞ্চলসমূহ হৈছে-পূৱ এছিয়া, দক্ষিণ এছিয়া, পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ উপকূলীয় সমভূমি অঞ্চল, দক্ষিণ আমেৰিকাৰ উপকূলৱৰ্তী অঞ্চল, আফ্ৰিকাৰ নীল অৱবাহিকা, পশ্চিম আফ্রিকাৰ উপকূল, দক্ষিণ-পূৱ এছিয়া আদি। এই অঞ্চলসমূহ ঘন জনবসতিপূর্ণ হোৱাৰ মূল কাৰণ হৈছে-উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, যাতায়তৰ সুবিধা, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, উদ্যোগ-বাণিজ্যৰ বিকাশ আদি। সাধাৰণতে সমভূমি অঞ্চলত জনবসতি অধিক হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে-সমভূমি অঞ্চলত খেতি-বাতি কৰা, পানী যোগান ধৰা, সহজ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা থকা বাবে শিল্প উদ্যোগ গঢ়ি উঠাৰ যথেষ্ঠ সুবিধা থাকে। যিবোৰ অঞ্চলৰ মাটি সাৰুৱা আৰু পলসুৱা মাটি অধিক পৰিমাণে থাকে, তেনেবোৰ অঞ্চলত জনবসতি ঘন' হয়। দক্ষিণ-পূৱ এছিয়াৰ নদী উপত্যকাৰ মাটি সাৰুৱা হোৱা বাবে তাত জনবসতি অধিক হয়। আকৌ নাতিশীতোষ্ণ জলবায়ু অঞ্চলত জনবসতি ঘন হয়। অধিক পৰিমাণে বৃষ্টিপাত হোৱা অঞ্চলসমূহত জনবসতি ঘন হয়। অৰ্থাৎ পানীৰ প্রাচুর্য থকা অঞ্চলত জনবসতি ঘন হয় কাৰণ জীয়াই থাকিবলৈ তথা কৃষিকার্য কৰিবলৈ আদি বিভিন্ন কামত পানীৰ প্ৰয়োজন হয়।

৭) পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূৰ্ণ অঞ্চলসমূহ কি কি ? সেইবোৰ ঠাইত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণবোৰ কি কি ?

উত্তৰঃ পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূর্ণ অঞ্চলসমূহ হৈছে- উত্তৰ আমেৰিকা আৰু ইউৰোপৰ তুন্দ্ৰা অঞ্চল, চাহাৰা মৰুভূমি, কালাহাৰি, গোবি, থৰ আদি উষ্ণ মৰুভূমি অঞ্চল, অতিপাত বৃষ্টিপাত হোৱা নিৰক্ষীয় অৰণ্য অঞ্চল, হিমালয়, ৰকি, এণ্ডিচ আদি উচ্চ পার্বত্য অঞ্চলসমূহৰ লগতে বিষুবীয় অঞ্চল। এই ঠাইসমূহত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণ হৈছে- অতিমাত্রা উত্তাপ, অতিপাত গৰম আৰু শীতল জলবায়ু, শুকান জলবায়ু, ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা, পৰিৱহণ আৰু যাতায়তৰ অসুবিধা আদি। মূলত ভৌগোলিক অৱস্থানৰ বাবে এনে অঞ্চলসমূহৰ জনবসতি সেৰেঙা। জনবসতিৰ বাবে অনুকূল নোহোৱা উত্তপ্ত মৰুভূমি আৰু শীতল মেৰু অঞ্চলত মানুহ বসবাস কৰিবলৈ কষ্ট পায় বাবে জনবসতি সেৰেঙা হয়। বিষুবীয় অঞ্চলত অতিপাত বৰষুণ হোৱা বাবে তাত জলবায়ু সেমেকা হয় আৰু ইয়াৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ-আজাৰে মানুহৰ নিৰাপদ বসতিৰ প্ৰতিবন্ধক হয়। তাৰোপৰি এনে অঞ্চলসমূহৰ মাটি কৃষিকার্যৰ বাবে উপযোগী নোহোৱাৰ বাবেও জনবসতি সেৰেঙা হয়।


৮) জন-প্ৰব্ৰজন বুলিলে কি বুজা ? ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ বাসস্থান ত্যাগ কৰি অন্য ঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কাৰ্যক জন-প্ৰব্ৰজন বোলে । 

        জন-প্ৰব্ৰজন  দুই প্ৰকাৰৰঃ অন্তঃ প্ৰব্ৰজন আৰু বহিঃ প্ৰব্ৰজন । 


৯) জন-প্ৰব্ৰজন কিয় হয় চমুকৈ লিখা ।

উত্তৰঃ জন-প্ৰব্ৰজন এটা অতি জটিল প্ৰক্ৰিয়া আৰু ই বিভিন্ন কাৰকৰ দ্বাৰা বিভিন্ন প্ৰকাৰে সংঘটিত হয়। মানুহে সদায় নিজৰ আৰ্থিক তথা সামাজিক উন্নয়নৰ বাবে সুবিধাজনক ঠাইৰ সন্ধান উলিয়াই ন-ন ঠাইলৈ প্ৰব্ৰজন-কৰে এনে প্ৰব্ৰজন এখন দেশৰ ভিতৰত বা এখন দেশৰ পৰা আন এখন দেশলৈ হয় । 

        সামাজিক কাৰকৰ অন্তৰ্গত বৈবাহিক কাৰণতো যথেষ্ট পৰিমাণে প্ৰব্ৰজন হয়। এনে প্ৰব্ৰজনত মহিলাৰ অনুপাত যথেষ্ট বেছি। ইয়াৰোপৰি নগৰীয়া অঞ্চলত থকা শিক্ষা, চিকিৎসা আদিৰ সা-সুবিধাৰ বাবেও গাওঁ অঞ্চলৰ পৰা অধিক মাত্ৰাত জনপ্ৰব্ৰজন হয় ।

 

১০) জন-প্ৰব্ৰজনৰ আৰ্কষী আৰু বিকৰ্ষী কাৰক সমূহ উল্লেখ কৰা । 

উত্তৰঃ জনপ্ৰব্ৰজনৰ বিকৰ্ষী কাৰকঃ

i) কৰ্মসংস্থাপনৰ অভাৱ, প্ৰতিকূল অৰ্থনৈতিক অৱস্থা । 

ii) নিম্নহাৰৰ দৰমহা, নিম্ন জীৱন ধাৰণৰ মান । 

iii) প্ৰতিকূল সামাজিক পৰিৱেশ, সামাজিক বৈষম্য । 

আকৰ্ষী কাৰকঃ

i) কৰ্মসংস্থাপনৰ প্ৰাচুৰ্য্য, অনুকূল অৰ্থনৈতিক অৱস্থা, বেছি উন্নত আৰ্থিক অৱস্থাৰ সম্ভাৱনা ।

ii) উচ্চহাৰৰ দৰমহা, উন্নত জীৱন-ধাৰণৰ মান । 

iii) অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধীনতা।


১১। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা ? উদাহৰণসহ দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা । 

উত্তৰঃ যেতিয়া জনপ্ৰব্ৰজন এখন দেশৰ পৰা অন্য এখন দেশলৈ প্ৰব্ৰজন হয় তাকে আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলে । 

উদাহৰণস্বৰূপেঃ 

ক) সপ্তদশ আৰু ঊনবিংশ শতিকাৰ মাজৰ কালছোৱাত ইংলেণ্ডকে ধৰি ইউৰোপৰ পৰা আন অঞ্চলৰ পৰা পৃথিৱীৰ বিভিন্ন পাতল জন-বসতিৰ ঠাইলৈ হোৱা প্ৰব্ৰজন ।    

           ইয়াৰ কাৰণে ১০ কৌটিতকৈয়ো অধিক ইউৰোপীয় লোকে ৩ শতিকাৰ ভিতৰত পৃথিৱীৰ বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰিছিল ।  

খ) ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা ভাৰত বিভাজনৰ বাবেও প্ৰায় ১৫-২০ নিযুত মানুহে অবিভাজিত ভাৰতবৰ্ষৰ এটা অংশৰ পৰা আন এটা অংশলৈ প্ৰব্ৰজন হৈছিল । 

            ইয়াৰ কাৰণ আছিল ৰাজনৈতিক অস্থিৰতা তাৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ ৰাজ্য অসম, নেপালৰ বহু ৰাজ্য আৰু বাংলাদেশৰ বহু ৰাজলৈ অনুপ্ৰৱেশ হৈ আছে । 

১২। চমুটোকা  লিখাঃ 

(ক) জন বিস্ফোৰণ

উত্তৰঃ অলাগতিয়াল ভাবে জনসংখ্যা বৃদ্ধি পোৱাক জন বিস্ফোৰণ বোলে । উন্নয়নশীল দেশসমূহৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অন্য় দেশসমূহতকৈ বেছি । কোটি কোটি গতি জনসংখ্যাৰ বৃদ্ধিৰ বাবে দেশৰ বা ৰাজ্য ঠাই নাটনি হোৱা দেখিবলৈ পোৱা যায় । তৃতীয় বিশ্বৰ দেশসমূহত হোৱা জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ বোলে। অৰ্থাৎ ১৮০০-১৯৫০ চনৰ সময়ছোৱাত ১৫০ বছৰত হোৱা ১৫০ কৌটি জনসংখ্যা বৃদ্ধিৰ তুলনাত ১৯৫০-২০০০ চনৰ সময়ছোৱাত কেৱল ৫০ বছৰতে জনসংখ্যা বৃদ্ধিৰ পাইছিল ৩৫০ কোটি । ইয়াকে পৃথিৱীৰ জনবিস্ফোৰণ বোলা হয়। 


(খ) জনসংখ্যাৰ ঘনত্ব

উত্তৰঃ জনসংখ্যাৰ ঘনত্ব মানে হৈছে এটা অঞ্চলত বসবাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মুঠ মাটিকালিৰে হৰণ কৰিলে যি ফলাফল পোৱা যায় তাকে জনসংখ্যাৰ ঘনত্ব বোলে । পৃথিৱীৰ নাতিশীতোষ্ণ জলবায়ু অঞ্চল আৰু নদী উপত্যকাৰ সাৰুৱা ভূমি থকা অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক । আনহাতে পৰ্বত-পাহাৰ তথা মালভূমি আৰু উষ্ণ জলবায়ু অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম হয় । 

(গ) অন্তদেৰ্শীয় প্ৰব্ৰজন

উত্তৰঃ প্ৰব্ৰজন যেতিয়া দেশ এখনৰ ভিতৰতে সংঘটিত হয় তেতিয়া অন্ত প্ৰব্ৰজন বোলে। অন্তদেৰ্শীয় প্ৰব্ৰজন চাৰি প্ৰকাৰ । সেইকেইটা হ'ল ক) গাঁওৰ পৰা নগৰলৈ, খ) নগৰ পৰা গাঁৱলৈ, ঘ) নগৰ পৰা নগৰলৈ, ঙ) গাঁৱৰ পৰা গাঁৱলৈ ।

 (ঘ) আন্তঃদেশীয় প্ৰব্ৰজন 

উত্তৰঃ মানুহে সদায় নিজৰ তথা সামাজিক উন্নয়নৰ বাবে সুবিধাজনক ঠাইৰ সন্ধান উলিয়াই ন ন ঠাইলৈ প্ৰব্ৰজন কৰে ।   যেতিয়া জন প্ৰব্ৰজন এখন দেশৰ পৰা অন্য এখন দেশলৈ হয় বা দুখন বেলেগ বেলেগ দেশৰ মাজত প্ৰব্ৰজন হয়, তাক আন্তঃদেশীয় প্ৰব্ৰজন বোলে। উদাহৰণস্বৰূপে বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা প্ৰব্ৰজন । ভাৰতৰ পৰা আমেৰিকালৈ আমেৰিকাৰ  পৰা ভাৰতলৈ হোৱা প্ৰব্ৰজন । 

(ঙ) জন প্ৰব্ৰজন আকৰ্ষী কাৰক

উত্তৰঃ জন-প্ৰব্ৰজনৰ আকৰ্ষী বা আকৰ্ষণজনিত কাৰকসমূহ (Pull Factor) হৈছে-কর্মসংস্থাপনৰ প্ৰাচুৰ্য, অনুকূল অর্থনৈতিক অৱস্থা, অধিক উন্নত আর্থিক অৱস্থাৰ সম্ভাৱনা, বর্ধিত বনুৱাৰ চাহিদা, নগৰ তথা উদ্যোগিক উন্নয়ন, উচ্চহাৰৰ দৰমহা, উন্নত জীৱনধাৰণৰ মান, উন্নত চিকিৎসা ব্যৱস্থা, উন্নত কৃষি ব্যৱস্থা, উচ্চহাৰৰ দৰমহা, অনুকূল ৰাজনৈতিক পৰিৱেশ আৰু সুৰক্ষা ব্যৱস্থা, অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধীনতা, উন্নত শৈক্ষিক পৰিৱেশ, সাৰুৱা ভূমিৰ প্ৰাচুৰ্য, উন্নত তথা আধুনিক যাতায়ত আৰু যোগাযোগ ব্যৱস্থা আৰু অনুকূল প্রাকৃতিক পৰিৱেশ। এনেবোৰ কাৰকে কোনো লোকক আকৰ্ষিত কৰে, ফলত প্রব্রজন হয়।                                                                                                                                                                                              

(চ) জন প্ৰব্ৰজনৰ বিকর্ষী কাৰক

উত্তৰঃ জন-প্ৰব্ৰজনৰ বিক্ৰী কাৰকসমূহ (Push Factor) হৈছে- প্রতিকূল অর্থনৈতিক অৱস্থা, কর্মসংস্থাপনৰ অভাৱ, নিম্নহাৰৰ দৰমহা তথা নিম্ন জীৱন ধাৰণৰ মানদণ্ড, সম্পদৰ তুলনাত অত্যাধিক জনসংখ্যাৰ হেঁচা, নিম্ন তথা অনুন্নত কৃষি উৎপাদন, ৰাজনৈতিক অস্থিৰতা, মানুহৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ, সামাজিক বৈষম্য, প্রতিকূল সামাজিক পৰিৱেশ, প্রাকৃতিক দুর্যোগ আৰু প্ৰতিকূল প্রাকৃতিক অৱস্থাৰ লগতে পিছপৰা যাতায়ত আৰু যোগাযোগ ব্যৱস্থা। প্ৰব্ৰজনৰ উৎসস্থানত এই বিকর্ষী কাৰকসমূহে ক্ৰিয়া কৰিলে মানুহে সেই স্থানৰ পৰা যাবলৈ বাধ্য হয়।

(ছ) বাংলাদেশ-ভাৰত জন প্ৰব্ৰজন

উত্তৰঃ বাংলাদেশ-ভাৰত জন-প্ৰব্ৰজন হৈছে এক আন্তঃৰাষ্ট্ৰীয় জন-প্ৰব্ৰজন। ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে লগে ভাৰত বিভাজন হৈ হিন্দুস্থান আৰু পাকিস্থান দুখন দেশত ভাগ হয়। পূর্ববংগৰ মুছলমান প্রধান অঞ্চলটো বাংলাদেশ হিচাপে চিহ্নিত হ'ল। বাংলাদেশত মুছলমান লোকৰ সংখ্যা অধিক হোৱা বাবে সেই সময়ত বাংলাদেশৰ পৰা অধিক সংখ্যক হিন্দু মানুহক ভাৰতলৈ পঠিয়াই দিয়ে। এনেদৰে ভাৰতবৰ্ষলৈ বাংলাদেশী মানুহৰ সোঁত ববলৈ লয়। বাংলাদেশখন অসমৰ সীমাৱৰ্তী হোৱা বাবে অসমত বাংলাদেশী প্ৰব্ৰজনকাৰী লোকৰ সংখ্যা অধিক। বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা এই অবিৰত অনুপ্ৰৱেশে ভাৰতবৰ্ষৰ জনগাঁথনিত বিশেষকৈ অসমৰ জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে।


১৩। তোমাৰ অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব কম-বেছি হোৱাৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ কোনো এটা অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ মূল কাৰণসমূহ হৈছে-উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্রাচুর্য, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, যাতায়ত-পৰিৱহণৰ সুবিধা, উদ্যোগ-বাণিজ্যৰ বিকাশ, কৃষিকার্যত অধিক উৎপাদন আদি।
আকৌ কোনো অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব কম হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে-পর্বত-পাহাৰে আবৰা ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা আৰু নিম্ন উৎপাদনশীলতা, গৰম তথা শুকান জলবায়ু, যাতায়ত-পৰিৱহণৰ অসুবিধা, পানীৰ নাটনি, উদ্যোগ-শিল্পৰ সুবিধা নথকা, শিক্ষা তথা স্বাস্থ্যসেৱাৰ অপ্রাচুর্যতা আদি। অৰ্থাৎ যিবোৰ ঠাই পৰ্বত-পাহাৰ আৰু মালভূমিৰ দ্বাৰা গঠিত, য'ত সমতল ভূমি নাই, আহল-বহল নদীৰ অভাৱ, ব্যৱসায়-বাণিজ্যৰ সুবিধা নাই, তেনে ঠাইবোৰত জনসংখ্যাৰ ঘনত্ব কম হয়।
[তোমালোকে নিজৰ নিজৰ অঞ্চলৰ ভৌগোলিক অৱস্থান অনুসৰি জনসংখ্যাৰ ঘনত্ব কম-বেছি হোৱাৰ কাৰণসমূহ উল্লেখ কৰিবা।।


১৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) কোন বছৰ পৃথিৱীৰ জনসংখ্যা প্রায় ১ মহানিযুত আছিল?

(১) ১৯৫০ চনত

(২) ১৮০৮ চনত

(৩) ১৯০৮ চনত

(৪) ১০০৮ চনত

উত্তৰঃ (২) ১৮০৮ চনত।

(খ) পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি?

(১) জন্মহাৰ বৃদ্ধি

(২) মৃত্যুহাৰ হ্ৰাস

(৩) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস

(৪) প্রব্রজন

উত্তৰঃ (৩) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস।


(গ) পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন?

(১) আফ্রিকা

(২) ওচেনিয়া

(৩) ইউৰোপ

(৪) দক্ষিণ আমেৰিকা

উত্তৰঃ (২) ওচেনিয়া।


(ঘ) তলৰ দেশসমূহৰ কোনখনত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি?

(১) জাপান

(২) ভাৰতবৰ্ষ

(৩) বাংলাদেশ

(৪) ইন্দোনেছীয়া    

উত্তৰঃ (৩) বাংলাদেশ।






Check By: Himashree Bora.