বতৰ, জলবায়ুৰ সৈতে প্ৰাণীৰ অভিযোজন
উত্তৰঃ ঠাই এখনৰ বতৰ নিয়ন্ত্ৰণ কৰা কাৰকসমূহৰ নাম হৈছে আৰ্দ্ৰতা, উষ্ণতা , বতাহৰ গতি, বৰষুণৰ পৰিমাণ, আদি ।
২। দিনটোৰ ভিতৰত কেতিয়া উচ্চতম আৰু নিম্নতম উষ্ণতা আশা কৰা যায়?
উত্তৰঃ দিনটোৰ ভিতৰত উচ্চতম উষ্ণতা আশা কৰা যায় পিছবেলা আৰু নিম্নতম উষ্ণতা হয় পুৱাৰ ভাগত।
ক) সুদীৰ্ঘ সময় ধৰি লোৱা বতৰৰ গড়ক জলবায়ু বোলে।
খ) এখন ঠাই য'ত বৰষুণৰ পৰিমাণ কম আৰু উষ্ণতা গোটেই বছৰ ধৰি বেছি , সেই ঠাইৰ জলবায়ু গৰম আৰু শুকান।
গ) জলবায়ুৰ চৰম অৱস্থাত থকা পৃথিৱীৰ দুটা অঞ্চল হ'ল মেৰু অঞ্চল আৰু বিষুৱ অঞ্চল।
ক) জম্মু আৰু কাশ্মীৰ
খ) কেৰেলা
গ) ৰাজস্থান
ঘ) উত্তৰ-পূব ভাৰত
উত্তৰঃ বতৰ সঘনে সলনি হয় ।
৬) তলত উল্লেখ কৰাবোৰ প্ৰাণীৰ কিছুমান বৈশিষ্ট্য় ঃ
ক) খাদ্য হিচাপে সৰহ সময় ফলৰ ওপৰত নিৰ্ভৰশীল।
খ) বগা নোমযুক্ত ছাল।
গ) প্ৰব্ৰজন হ'ব বিচাৰে।
ঘ) ডাঙৰ মাত।
ঙ) ভৰিৰ পতাত আঠাজাতীয় আৱৰণ।
চ) ছালৰ তলত চৰ্বীৰ তৰপ।
ছ) বহল আৰু ডাঙৰ হাতোৰা।
জ) উজ্বল ৰং।
ঝ) শক্তিশালী নেজ।
ঞ) দীঘল আৰু ডাঙৰ ঠোঁট।
ক) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।
খ) মেৰু অঞ্চলত।
গ) মেৰু অঞ্চলত ।
ঘ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।
ঙ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।
চ) মেৰু অঞ্চলত।
ছ) মেৰু অঞ্চলত ।
জ) মেৰু অঞ্চলত ।
ঝ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।
ঞ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।
৭। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বৃহৎ সংখ্যক প্ৰাণী পোৱা যায়। কিয় এনে হয় বাখ্যা কৰা।
৮। কিয় আমি নিৰ্দিষ্ট প্ৰকাৰৰ প্ৰাণী বিশেষ জলবায়ু অঞ্চলত পাওঁ। উদাহৰণসহ বৰ্ণনা কৰা।
৯। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰা হাতীয়ে কেনেদৰে নিজকে অভ্যস্ত কৰে?
তলত দিয়া প্রশ্নবোৰৰ পৰা কোনটো শুদ্ধ উত্তৰ বাছি উলিওৱা:
১০। শৰীৰত আচ থকা মাংসহাৰী প্ৰাণী এটাই যেতিয়া খাদ্যৰ বাবে চিকাৰ কৰে তেতিয়া বৰ খৰকৈ গতি কৰে । ইয়াক পোৱা যায়।
ক। মেৰু অঞ্চলত ।
খ। মৰুভূমিত ।
গ। সাগৰত।
ঘ। গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত।
উত্তৰঃ ঘ) গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য অঞ্চলত ।
১১। বগা ভালুকে অত্যন্ত ঠাণ্ডা জলবায়ুত বাস কৰিবৰ বাবে কি বৈশিষ্ট্যৰে অভ্যস্ত হয়?
ক। বগা নোমাল ছাল, ছালৰ তলৰ চৰ্বী, তীক্ষ্ণ ঘ্ৰাণ শক্তি।
খ। পাতল ছাল, ডাঙৰ চকু, বগা নোমাল ছাল।
গ। এডাল দীঘল নেজ, তীক্ষ্ণ আকোৰা নখ ,বগা ডাঙৰ হাতোৰা।
ঘ। বগা শৰীৰ , সাঁতুৰিবলৈ হাতোৰা, উশাহ-নিশাহৰ ফুল।
১২। গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ বৰ্ণনা দিবৰ বাবে আটাইতকৈ কোনটো ভাল?
ক। গৰম আৰু আৰ্দ্ৰ।
খ। মধ্যমীয়া উঞ্চতা , প্ৰচুৰ বৃষ্টিপাত ।
গ। ঠাণ্ডা, আৰু আৰ্দ্ৰ।
ঘ। গৰম আৰু শুকান।
উত্তৰঃ ক) গৰম আৰু আৰ্দ্ৰ ।
Last Update by Dipawali Bora (01.05.2022)
Spelling Check By - Rajashri Bora
-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক
Click Here Might Learn
-------------------------------