অধ্যায়ঃ 9
বল আৰু গতিবিষয়ক সূত্ৰসমূহ
👉Short Question Answer
👉Text Books PDF
👉MCQs Answer
👉Paid Answer (For Membership User)
প্ৰশ্নাৱলীঃ
1. তলত দিয়া কোনটো বস্তুৰ জড়তা বেছি (ক) এটা ৰবৰৰ বল আৰু এটা একে আকাৰৰ শিলৰ বল? (খ) এখন চাইকেল আৰু এখন ৰে'লগাড়ী? (গ) এটা পাঁচটকীয়া মুদ্ৰা আৰু এটা এটকীয়া মুদ্ৰা?
উত্তৰঃ- আমি জানো যে, বেছি ভৰযুক্ত বস্তুৰ জড়তা বেছি।
গতিকে一
(ক) শিলৰ বলটোৰ ভৰ বেছি। গতিকে ইয়াৰ জড়তা ৰবৰৰ বলতকৈ বেছি।
(খ) ৰে’ল গাড়ীখনৰ জড়তা চাইকেলতকৈ বেছি কাৰণ ভৰ বেছি।
(গ) পাঁচটকীয়া মুদ্ৰাটোৰ জড়তা এককটীয়া মুদ্ৰাতকৈ বেছি।
2. তলত দিয়া উদাহৰণটোত বলটোৰ বেগৰ পৰিৱৰ্তন কিমানবাৰ হৈছে ঠাৱৰ কৰিবলৈ চেষ্টা কৰা 一
এজন ফুটবল খেলুৱৈয়ে ফুটবলটো তেওঁৰ দলৰ অন্য এজন খেলুৱৈয়ে আগবঢ়াই দিছে, যিজনে বলটো গ’ললৈ মাৰিছে। বিপৰীত দলৰ গ'লৰক্ষকজনে বলটো ধৰি তেওঁৰ নিজৰ দলৰ অন্য এজন খেলুৱৈলৈ আগবঢ়াই দিছে। প্ৰত্যেক ক্ষেত্ৰতে বলৰ যোগান ধৰা অভিকৰ্তাজনক চিনাক্ত কৰা।
উত্তৰঃ- ইয়াত মুঠতে 4 বাৰ (চাৰি) বলটোৰ বেগৰ পৰিৱৰ্তন হৈছে।
(১) প্ৰথম বাৰ যেতিয়া প্ৰথম খেলুৱৈজনে নিজৰ দললৈ দ্বিতীয়জনক বলটো দিলে। অভিকৰ্তাজন হ’ব প্ৰথম খেলুৱৈ।
(২) দ্বিতীয়বাৰ যেতিয়া আনজন খেলুৱৈ বলটো গ’ললৈ মাৰি পঠালে। বলটোৰ বেগৰ পৰিৱৰ্তন হ’ল। অভিকৰ্তাজন হ’ব দ্বিতীয় খেলুৱৈজন।
(৩) তৃতীয়বাৰ যেতিয়া গ’লৰক্ষকজনে বলটো ৰখালে। তেতিয়াও বেগৰ পৰিৱৰ্তন হ’ল।অভিকৰ্তাজন হ’ব গ’লৰক্ষকজন।
(৪) চতুৰ্থবাৰ যেতিয়া গ’লৰক্ষকজনে বলটো তেওঁৰ দ’লৰ অন্য এজন খেলুৱৈ লৈ মাৰি পঠালে। বলটো ইয়াত অভিকৰ্তাজন হ’ব গ’লৰক্ষকজন।
3. গছৰ ডাল এডাল জোৰকৈ জোকাৰি দিলে কিছুমান পাত কিয় সৰি পৰে ব্য়াখ্যা কৰা।
উত্তৰঃ- গছ এডাল সাধাৰণতে স্থিৰ অৱস্থাত থাকিলে ইয়াৰ পাতবোৰো স্থিৰ অৱস্থাত থাকে।কিন্তু, গছৰ ডাল এডাল জোকাৰি দিলে হঠাৎ গতি জড়তা লাভ কৰে, কিন্তু পাতবোৰ স্থিতি জড়তা অৱস্থাতে থাকিব খোজে। মানে একে ঠাইতে ৰৈ থাকিব খোজে। ফলত গছডাল জোকাৰি দিলে বিপৰীত ক্ৰিয়াৰ বাবে পাতবোৰ সৰি যায়।
4. চলন্ত বাছ এখন হঠাৎ ৰৈ গ’লে আমি আগলৈ আৰু ৰৈ বাছ এখন হঠাৎ ত্বৰিক হ’লে আমি পিছলৈ যাওঁ কিয়?
উত্তৰঃ- চলন্ত বাছ এখনে চলি থকা অৱস্থাত গতি জড়তা লাভ কৰে। বাছখনৰ সৈতে তাত থকা যাত্ৰীবোৰেও গতি জড়তা লাভ কৰে। বাছখন হঠাৎ ৰৈ গ’লে যাত্ৰীবোৰৰ তলৰ অংশ যি অংশ গাড়ীত লাগি থাকে সেই অংশ স্থিৰ হয় যদিও, গতি জড়তাৰ বাবে ওপৰৰ অংশ আগফালে হালি যায়।
আনহাতে, ৰৈ থকা বাছ এখনৰ যাত্ৰীবোৰও বাছখনৰ সৈতে স্থিতি জড়তাত থাকে।বাছখন হঠাৎ গতি কৰিলে বাছখনে গতি জড়তা লাভ কৰে আৰু যাত্ৰীবোৰৰ তলৰ অংশই বাছৰ লগতে গতি লাভ কৰে। কিন্তু, ওপৰৰ অংশ স্থিতি জড়তাৰ বাবে স্থিৰ হৈ থাকিব বিচাৰে বাবে পিছফালে হালি যায়।
5. যদি ক্ৰিয়া সদায় প্ৰতিক্ৰিয়াৰ সমান, তেন্তে ঘোঁৰা এটাই গাড়ীখন কেনেকৈ টানিব পাৰে ব্য়াখ্যা কৰা।
উত্তৰঃ- ঘোঁৰা এটাই গাড়ীখন টানিবৰ বাবে ভৰিৰে মাটিৰ ওপৰত বল প্ৰয়োগ কৰে। মাটিয়েও সমান আৰু বিপৰীত দিশত ঘোঁৰাৰ ভৰিত বল প্ৰয়োগ কৰে। যাৰফলত ঘোঁৰাই গাড়ীখন টানিব পাৰে।
6. অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰাখোতে কিয় অসুবিধা পায় ব্য়াখ্য কৰা।
উত্তৰঃ- তীব্ৰ বেগেৰে পানী ওলাই যাওঁতে পাইপডালত প্ৰতিক্ৰিয়া বল প্ৰয়োগ কৰি পিছলৈ ঠেলে। সেয়েহে অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মী এজনে তীব্ৰ বেগেৰে পানী ওলোৱা পাইপৰ মূৰটো ধৰি ৰখাত অসুবিধা পায়।
7. 4 kg ভৰৰ বন্দুক এটাৰ পৰা 50g ভৰৰ গুলী এটা 35ms-1 প্ৰাৰম্ভিক বেগেৰে ওলাই গৈছে। বন্দুকটোৰ প্ৰাৰম্ভিক প্ৰতিক্ষেপ বেগ কিমান?
8. 100g আৰু 200g ভৰৰ দুটা বস্তু একে দিশত আৰু একে সৰল ৰেখাৰ ক্ৰমে 2ms-¹ আৰু 1 ms-¹ বেগেৰে গতি কৰি আছে। সিহঁত সংঘাতত লিপ্ত হ’ল আৰু তাৰ পিছত প্ৰথমটোৰ বেগ 1ms-¹ হ’ল। দ্বিতীয়টোৰ বেগ নিৰ্ণয় কৰা।
অনুশীলনীঃ
1. বস্তু এটাই কোনো বাহ্যিক অসন্তুলিত বল অনুভৱ কৰা নাই। বস্তুটোৱে কিবা বেগেৰে গতি কৰি থকাটো সম্ভৱনে? যদি সম্ভৱ, তেন্তে বেগৰ মান আৰু দিশৰ ওপৰত আৰোপ কৰিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা। যদি নহয়, কাৰণ দৰ্শোৱা।
উত্তৰঃ- বস্তু এটাই বাহ্যিক অসন্তুলিত বল অনুভৱ নকৰিলেও বস্তু এটাই গতি কৰি থাকিব পাৰে।
(i) স্থিৰ বেগেৰে নিৰ্দিষ্ট দিশত গতি কৰিলে।
(ii) বাহ্যিক বাধা। যেনেーঘৰ্ষণ বা বায়ুৰ প্ৰভাৱ নপৰিলে।
2. দলিচা এখন মাৰিৰে কোবালে, ধুলিবোৰ ওলাই আহে। ব্য়াখ্যা কৰা।
উত্তৰঃ- দলিচা এখনত যেতিয়া মাৰিৰে কোবোৱা হয় তেতিয়া ই গতিশীলতা লাভ কৰে। কিন্তু তাত থকা ধূলিবোৰ স্থিতি জড়তাৰ বাতে স্থিতিশীল অৱস্থাতে থাকিব বিছাৰে। ফলত, ধূলিবোৰ ওলাই আহে।
3. বাছৰ মূধছত ৰখা বস্তুবোৰ ৰচিৰে বান্ধি ৰাখিবলৈ কিয় কোৱা হয়?
উত্তৰঃ- বাছৰ মূধছত থকা বস্তুবোৰ ৰচিৰে বান্ধি ৰাখিবলৈ কোৱা হয় কাৰণ, যেতিয়া বাছখন গতি কৰি থাকে তেতিয়া বস্তুবোৰেও একে বেগত গতি জড়তাত থাকে। ফলত বাছখনে হঠাৎ ব্ৰেক প্ৰয়োগৰ বাবে বস্তুবোৰে অৱস্থাৰ পৰিৱৰ্তনৰ বিৰোধিতা কৰে আৰু আগফালে পৰি যাব পাৰে। আনহাতে, ৰখাই থোৱা বাছ এখন যেতিয়া হঠাৎ গতি কৰে তেতিয়া মূধছৰ বস্তুবোৰে স্থিতি জড়তাৰ বাবে পিছফালে পৰি যাব পাৰে।
4. ক্ৰিকেট খেলৰ বেট ধৰোঁতাজনে মৰা বলটো মাটিৰে অলপ দূৰ বাগৰি গৈ ৰৈ যায়। বলটো ৰৈ যোৱাৰ কাৰণ হ’ল 一
(ক) বেট ধৰোঁতাজনে বলটো পৰ্যাপ্ত জোৰেৰে নামাৰিলে।
(খ) বলটোৰ বেগ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক।
(গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে।
(ঘ) বলটোৰ ওপৰত কোনো অসন্তুলিত বলে ক্ৰিয়া কৰা নাই আৰু সেইবাবেই বলটো ৰৈ যাব খোজে।
উত্তৰঃ- (গ) বলটোৰ গতিৰ বিৰোধিতা কৰা বল এটা ক্ৰিয়াশীল হৈ আছে।
5. ৰৈ থকা অৱস্থাৰ পৰা ট্ৰাক এখন পাহাৰৰ পৰা স্থিৰ ত্বৰণেৰে নামি আহিছে। ই 20 s ত 400m দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা। যদি ট্ৰাকখনৰ ভৰ 7 মেট্ৰিক টন হয় তেন্তে ট্ৰাকখনৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা। (ইংগিত 1 টন = 1000 kg)
6. 1 kg ভৰৰ শিল এটা হিমীভূত (Frozen) হ্ৰদ এটাৰ পৃষ্টৰ ওপৰেদি 20 ms-¹ বেগেৰে দলিয়াই দিয়াত সি 250 m দূৰত্ব অতিক্ৰম কৰি ৰৈ গ’ল। শিলটো আৰু বৰফৰ মাজৰ ঘৰ্ষণ বল কিমান?
7. 8000 kg ভৰৰ ইঞ্জিন এটাই প্ৰতিটো 2000 kg ভৰৰ 5 টা ডবা অনুভূমিক ৰে’ল লাইনৰ ওপৰেদি টানি নিছে। যদি ইঞ্জিনটোৱে প্ৰয়োগ কৰা বল 40000 N আৰু ৰে’ল লাইনে দিয়া ঘৰ্ষণ বল 5000 N হয়, তেন্তে তলত দিয়া ৰাশি কেইটা উলিওৱা 一
(ক) ত্বৰণ উৎপন্নকাৰী মুঠ বল
(খ) ৰে’লগাড়ীখনৰ ত্বৰণ আৰু
(গ) 1 নং ডবাই 2 নং ডবাৰ ওপৰত প্ৰয়োগ কৰা বল।
10. 200 N অনুভূমিক বল প্ৰয়োগ কৰি কাঠৰ বাকচ এটা মজিয়া এখনেৰে স্থিৰ বেগেৰে নিয়াৰ চেষ্টা কৰা হৈছে। মজিয়াখনে বাকচটোৰ ওপৰত প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান কিমান?
উত্তৰঃ- কাঠৰ বাকচটোৱে স্থিৰ বেগেৰে গতি কৰিছে। ইয়াত ত্বৰণ হোৱা নাই অৰ্থাৎ 200 N বলে ঘৰ্ষণ বলক সন্তুলিত কৰিছে।
সেয়েহে ঘৰ্ষণ বলৰ মান 200 N আৰু ই গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে।
12. গতি বিষয়ক তৃতীয় সূত্ৰৰ মতে আমি যদি বস্তু এটা ঠেলোঁ তেন্তে বস্তুটোৱে আমাক সমান আৰু বিপৰীত বলেৰে পিছলৈ ঠেলিব। যদি বস্তুটো ৰাস্তাৰ কাষত ৰখাই থোৱা এখন গধুৰ ট্ৰাক হয়, তেন্তে ই লৰচৰ নকৰাৰ সম্ভাৱনাই বেছি। সমান আৰু বিপৰীত বলে পৰস্পৰক সন্তুলিত কৰে বুলি ছাত্ৰ এজনে যুক্তি আগবঢ়াই দি ইয়াৰ নায্য়তা প্ৰতিপাদন কৰিছে। এই যুক্তিৰ ওপৰত তোমাৰ মতামত দিয়া আৰু ট্ৰাকখন কিয় লৰচৰ নকৰে তাৰ ব্য়াখ্যা দিয়া।
উত্তৰঃ- ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে। সেয়েহে ইটোৱে- সিটোক লৰচৰ কৰিব নোৱাৰে।
ইয়াত ট্ৰাকখনৰ ভৰ যথেষ্ট বেছি। সেয়েহে ইয়াৰ জড়তাও বেছি। লগতে ট্ৰাকখনৰ চকা আৰু ৰাস্তাৰ মাজৰ ঘৰ্ষণ বলৰ তুলনাত আমি ঠেলা বলটো অতি কম। সেইবাবেহে ট্ৰাক এখন আমি ঠেলিলেও লৰচৰ নকৰে।