Lesson: 10

মহাকৰ্ষণ

Gravitation 


1. মহাকৰ্ষণৰ বিশ্বজনীন সুত্ৰটো লিখা ।

উত্তৰঃ বিশ্বব্ৰক্ষ্মণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে এই আকৰ্ষণী বল দুটাৰ ভৰৰ গুণফলৰ সমানু পাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক ।





3. মুক্ত অধোগমন মানে কি বুজা ?

উত্তৰঃ পৃথিৱীৰ যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে । ইয়াৰ কাৰণ হ’ল মহাকৰ্ষণিক বল । বস্তু এটাও কেৱল এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে সেই গতিকে মুক্ত অধোগমন বুলি কোৱা হয় ।


4. মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা ?

উত্তৰঃ পৃথিবীৰ মহাকৰ্ষণিক বলৰ ফলত সৃষ্টি হোৱা ত্বৰণক মহাকৰ্ষণিক ত্বৰণ বোলা হয় ।

ইয়াক g আখৰেৰে সূচোৱা হয় । 


5. বস্তুএটাৰ ভৰ আৰু ওজনক মাজৰ পাৰ্থক্যসমূহ কি কি ? 

উত্তৰঃ বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল-

ভৰ

ওজন

I) ভৰ হল কোনো এটা বস্তুত থকা মুঠ পদাৰ্থৰ পৰিমান ।

I) ওজন হল কোনো এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা পৃথিৱীৰ আকৰ্ষণী বলৰ পৰিমান ।

II) ভৰ সকলো স্থানকে একে থাকে ।

II) ওজন সকলো স্থানত একে নহয় । স্থানৰ পৰিৱৰ্তনৰ লগত ওজনো পৰিৱৰ্তন হয় ।

III) ভৰ এটা স্কেলাৰ ৰাশি

III) ওজন এটা ভেক্টৰ ৰাশি

IV) সাধাৰণ তুলাৰ সহায়ত জোখা হয় ।

IV) স্প্ৰীং তুলাৰ সহায়ত জোখা হয় ।

V) ভৰৰ S1 একক কিলগ্ৰাম

V) ওজনৰ SI একক নিউটন





7. মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয় ?

উত্তৰঃ মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগোৱা স্কুল বেগ এটাই কম ক্ষেত্ৰ ফলত হেচাঁ প্ৰয়োগ কৰে বাবে চাপ বেছি হয় সেয়েহে লৈ ফুৰাত অসুবিধা হয় । 



8. প্লাবিত মানে কি বুজা ?

উত্তৰঃ তৰলত কোনো বস্তু ডবালে বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা ঊৰ্ধমুখী হলকে প্ৰাৱিতা বোলে । অৰ্থাৎ ঊৰ্ধমুখী চাপকে প্লাৱিতা বোলে । 


9. বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুৱাৰ কাৰণ কি ? 

উত্তৰঃ বস্তু এটা পাৱীৰ পৃষ্ঠত থলে উপঙা বা ডুৱাৰ কাৰণ হ’ল-

(I) বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হলে বস্তুটো ডুবিব, কাৰণ বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা মধ্যাকৰ্ষণিক বলৰ মান প্লাবিতাৰ মানতকৈ বেছি । 

(II) বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হলে বস্তুটো ওপঙিব ।কাৰণ ইয়াত বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা মধ্যাকৰ্ষনিক বলৰ মান প্লাবিতাৰ মানতকৈ কম । 


10. ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42kg । তোমাৰ ভৰ 42kg তকৈ কম নে বেছি । 

উত্তৰঃ 42kg তকৈ সামান্য বেছি হব । 

কাৰণ, বায়ুৰ ঊৰ্ধমুখী হেচাঁৰ বাবে ওজন জোখা সজুলিটোৰ সামান্য কম ওজন নিৰ্দেশ কৰিব । 



11. তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দস্ত এডাল আছে । ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100kg পোৱা গ’ল । বাস্তৱ ক্ষেত্ৰত এটা আওনটোতকৈ গধুৰ কোনটো বেছি গধূৰ আৰু সি কিয় বেছি গধুৰ ক’ব পৰিবানে ? 

উত্তৰঃ দুয়োতাৰ ওজন 100kg যদিও ক্ষেত্ৰত 

   কপাহৰ মোনাটোৰ প্ৰকৃত ওজন বেছি ।

কাৰণ কপাহৰ মোনাটোৰ আয়তন লোৰ দণ্ড ডালতকৈ বেছি হোৱাৰ বাবে বায়ুৰ ঊৰ্ধমুখী হেচাঁৰ পৰিমান কপাহৰ মোনাটোত বেছি হব যাৰ ফলত একে ভৰ নিৰ্দেশ কৰিলেও কপাহৰ মোনাটো প্ৰকৃততে গধুৰ হব ।


অনুশীলনী




2. মহাকর্ষণিক বলে সকলো বস্তুৰ ওপৰত তাৰ ভৰৰ সমানুপাতিকভাৱে ক্রিয়া কৰে । তেন্তে গধুৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে কিয় ?

উত্তৰঃ পৃথিৱীৰ ভৰ তুলনামূলকভাৱে বহুত বেছি কোনো বস্তুৰ ওপৰত পৃথিৱীৰ যি মহাকৰ্ষণ বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত কোনো গধুৰ বা পাতল বস্তুৱে পৃথিৱীৰ ওপৰত ক্ৰিয়া কৰা মহাকৰ্ষণ বল নগণ্য । সেইবাবে গধুৰ বস্তু পাতল বস্তু এটাৰ তুলনাত খৰকৈ নপৰে ।






4. মহাকর্ষণিক বলৰ দ্বাৰা পৃথিৱী আৰু চন্দ্ৰ পৰস্পৰে আকর্ষিত হয় । চদ্ৰই পৃথিৱীক যি বলেৰে আকর্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্রৰ ওপৰত প্ৰয়োগ কৰা আকর্ষণী বল সমান নে কম নে বেছি ? কিয় ?

উত্তৰঃ এই ক্ষেত্ৰত পৃথিৱীয়ে চন্দ্ৰক যিমান বলেৰে আকৰ্ষণ কৰিব ঠিক সমান কিন্তু বিপৰীত মূখী বলেৰে চন্দ্ৰই পৃথিৱীক ও আকৰ্ষণ কৰিব ।

মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰমতে কোৱা হয় যে প্ৰতিটো বস্তুকে আন প্ৰতিটো বস্তুক আকৰ্ষন কৰে । আনহাতে নিউিটন তৃতীয় সুত্ৰমতে এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিলে , আনটো বস্তুৱেও সমান আৰু বিপৰীত মুখী বলেৰে ক্ৰিয়া কৰিব ।





6. দুটা বস্তুৰ মাজৰ বলৰ কি পৰিৱৰ্তন হ'ব , যদি 

(i) এটা বস্তুৰ ভৰ দুগুণ কৰা হয় ?

(ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু তিনিগুণ কৰা হয় ? 

(iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হয় ?



7. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান ? 

উত্তৰঃ মহাকৰ্ষণ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব হ’ল-

(i) সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি ।

(ii) চন্দ্ৰ আৰু সূৰ্যৰ সমুদ্ৰপৃষ্ঠত উঠা জোৱাৰ ।

(iii) পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি ।




9. পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকর্ষণিক বলক আমি কি বুলি কওঁ ? 

উত্তৰঃ মধ্যাকৰ্ষিণিক বল বোলা হয় ।


10. অমিতে তেওঁৰ বন্ধু এজনৰ পৰামর্শ অনুসৰি মেৰু অঞ্চলত কেইগ্রামমান সোণ কিনিলে । বিষুৱ অঞ্চলত তেওঁৰে ভেটাভেটি হলত সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে । বন্ধুজনে ক্ৰয় কৰা সোণখিনি ওজনটো মানি ল'বনে ? যদি নলয় , তেন্তে কিয় ? [ ইংগিত বিষুব অঞ্চলতকৈ মেৰু অঞ্চলত g ৰ মান বেছি] 

উত্তৰঃ বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজন মানি নলয়, কাৰণ মেৰু অঞ্চলত সোণখিনিৰ ওজন বিষুৱ অঞ্চলতকৈ বেছি হব । যিহেতু মেৰু অঞ্চলত g ৰ মান বেছি গতিকে ওজনও বেছি হব । আনহাতে বিষুৱ অঞ্চলত মেৰু অঞ্চলতকৈ g ৰ মান কম বাবে সোণৰ ওজন ও কমিব । 

 

11. কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি ? 

উত্তৰঃ বস্তু এটাৰ ওপৰত প্ৰয়োগ হোৱা হেচাঁ বা চাপ  তাৰ ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰে । কাগজৰ বলটোৰ ক্ষেত্ৰফল কম হোৱা বাবে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা বায়ুৰ চাপ বেছি । আনহাতে কাগজখিলাৰ ক্ষেত্ৰফল বেছি হোৱা কাৰণে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা বায়ুচাপ কম হ’ল । সেইকাৰণে বলটোতকৈ কাগজখিলা লাহে লাহে পৰে ।

















18. উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 চেকেণ্ডৰ পিছত প্রক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল ।
(ক) ইয়াৰ উর্ধমুখী প্রক্ষেপ বেগ 
(খ) ই আৰোহণ কৰা সর্বোচ্চ উচ্চতা 
(গ) 44 চেকেণ্ড পিছত ইয়াৰ অৱস্থান নির্ণয় কৰা ।



19. তৰলত  নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্রিয়া কৰে ?
উত্তৰঃ সদায় ঊৰ্ধমুখী বলে ক্ৰিয়া কৰে । 




 20.  পনীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘুৰি আহে ?
উত্তৰঃ এই ক্ষেত্ৰত প্ৰাষ্টিকৰ টুকুৰাৰ ওজন, পানীয়ে টুকুৰাটোৰ ওপৰত ক্ৰিয়া কৰা ঊৰ্ধমুখী বল বা প্লাৱিতা বলতকৈ কম হয় । সেইকাৰণে প্লাষ্টিকত টুকুৰাটো পানী পৃষ্ঠলৈ ঘূৰি আহে ।








আগকথা 















অধ্যায় 15 ঃ খাদ্যসম্পদৰ উৎকৰ্ষ সাধন 

Jyotshna Kalita
M. Sc Zoology


Post ID : DABP005961