পাঠ ১
পুষ্টিকাৰক দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ
👉Text Books PDF
👉MCQ Online Exam
👉Short Question Answer
👉MCQs Answer
👉MCQ Online Exam
👉Short Question Answer
👉MCQs Answer
মৌখিক কাৰ্যঃ
১। আহৰত থকা প্ৰধান পুষ্টিকাৰক দ্ৰব্য়সমূহৰ নাম কোৱা।
উত্তৰঃ আহৰত থকা প্ৰধান পুষ্টিকাৰক দ্ৰব্য়সমূহৰ নাম হৈছে - কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহপদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ।
৩। লোহিত ৰক্ত কণিকাত থকা ৰঞ্জক বিধৰ নাম কি?
উত্তৰঃ লোহিত ৰক্ত কণিকাত থকা ৰঞ্জক বিধৰ নাম হৈছে - হিম'গ্লবিন।
৪। কোনো ব্য়ক্তিৰ সঘনাই দাঁতৰ আলুৱেদি তেজ ওলালে তেওঁ কি ৰোগত আক্ৰান্ত হোৱা বুলি ভাবিবা? এই ৰোগ নিৰময়ৰ বাবে আহাৰত কোনবিধ পুষ্টিকাৰক দ্ৰব্য়ৰ প্ৰয়োজন হ'ব?
উত্তৰঃ কোনো ব্য়ক্তিৰ সঘনাই দাঁতৰ আলুৱেদি তেজ ওলালে তেওঁ স্কাৰ্ভি ৰোগত আক্ৰান্ত হোৱা বুলি ভাবিম।
এই ৰোগ নিৰময়ৰ বাবে আহাৰত ভিটামিন C ৰ দ্ৰব্য়ৰ প্ৰয়োজন হ'ব।
৫। কি ৰোগত আক্ৰান্ত হ'লে ভৰিৰ হাড় ধেনুভিৰীয়া হয়?
উত্তৰঃ ৰিকেটচ বা পায়লগা ৰোগত আক্ৰান্ত হ'লে ভৰিৰ হাড় ধেনুভিৰীয়া হয়।
৬। কোনবিলাক আহাৰত প্ৰটিন পোৱা যায়?
উত্তৰঃ মাহজাতীয় শস্য়, গাখীৰ, পনীৰ, দৈ, কণী, মাছ আদিত প্ৰটিন পোৱা যায়।
৭। টোঙাজাতীয় ফল-মূল আৰু শাক-পাচলিত কোনবিধ ভিটামিন পোৱা যায়।
উত্তৰঃ টোঙাজাতীয় ফল-মূল আৰু শাক-পাচলিত C ভিটামিন পোৱা যায়।
লিখিত কাৰ্যঃ
১। আমাৰ শৰীৰত শক্তিৰ যোগান ধৰা কেইবিধমান খাদ্য়ৰ নাম লিখা।
উত্তৰঃ আমাৰ শৰীৰত শক্তিৰ যোগান ধৰা কেইবিধমান খাদ্য়ৰ নাম হৈছে - গাখীৰ, কণী, মাছ, মাংস, আপেল, কমলা, আঙুৰ, দৈ, ভাত, আলু আদি।
২। পুষ্টিহীনতা ৰোগ কিয় হয় বুলি ভাবা? দুটা কাৰণ দৰ্শোৱা।
উত্তৰঃ প্ৰটিন আৰু কাৰ্বহাইড্ৰেটৰ অভাৱৰ বাবে পুষ্টিহীনতা ৰোগ হয়।
৩। ভিটামিনৰ অভাৱত হ'ব পৰা ৰোগসমূহৰ নাম লিখা। লগতে প্ৰতিটো ৰোগৰ একোটাকৈ লক্ষণ উল্লেখ কৰা।
উত্তৰঃ ভিটামিনৰ অভাৱত হ'ব পৰা ৰোগসমূহৰ নাম হৈছে - কুকুৰীকণা, বেৰী বেৰী, স্কাৰ্ভি আৰু ৰিকেটচ বা পায়লগা।
৪। আমাৰ খাদ্য়ত আইৰণ থকাটো প্ৰয়োজনীয় কিয়?
উত্তৰঃ আইৰণযুক্ত আহাৰ গ্ৰহণৰ দ্বাৰা এনিমিয়া বা ৰক্তহীনতা ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।
৫। কি কি ঘটিব -
(ক) আমি খোৱা খাদ্য়ত সকলো প্ৰকাৰৰ পুষ্টিকাৰক দ্ৰব্য় নাথাকিলে - আমাৰ দেহত বিভিন্ন ধৰণৰ ৰোগে দেখা দিব।
(খ) শাক-পাচলি প্ৰথমে কাটি পিছত ধুলে - পাচলিত থকা দ্ৰৱণীয় পুষ্টি দ্ৰব্য় পানীলৈ গৈ পাচলিৰ গুণাগুণ হ্ৰাস কৰে।
(গ) ফলমূল আৰু শাক-পাচলি খাদ্য়ৰ তালিকাত নাথাকিলে - আমি পুষ্টিকাৰক দ্ৰব্য়সমূহৰ অভাৱত বিভিন্ন ৰোগত পৰিম।
৬। তলত উল্লেখ কৰা 'ক' স্তম্ভ শব্দৰ লগত 'খ' স্তম্ভৰ শব্দ মিলোৱা ।
ক - খ
গৰল - আয়'ডিন
কুকুৰীকণা - ভিটামিন 'এ'
পয়াঁলগা - ভিটামিন 'ডি'
স্কাৰ্ভি - ভিটামিন 'চি'
ৰক্তহীনতা - আইৰণ
৭। খালী ঠাই পূৰৰণ কৰা -
(ক ) পুষ্টিকাৰক দ্ৰব্য়ই শৰীৰৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে।
(খ) ভিটামিন 'এ' ৰ অভাৱত কুকুৰীকণা ৰোগ হয়।
(গ) আয়'ডিনৰ অভাৱত গৰল ৰোগ হয়।
(ঘ) টেঙা জাতীয় ফলত প্ৰচুৰ পৰিমাণে C ভিটামিন থাকে।
(ঙ) শাক-পাচলি, ফল-মূল আদি আঁহ জাতীয় পদাৰ্থ।
-Hiru Moni Bora
Check by - Mukesh Borah
Post ID : DABP005995