আমাৰ দেশৰ সংস্কৃতি | পাঠ ১০ | Chapter 10 | Class 4 Social Science Question Answer | Class 4 Sankardev School Social Science Suggestion | Sankardev School Class 4 Social Science Notes and Model |

পাঠ ፦১০

আমাৰ দেশৰ সংস্কৃতি

অনুশীলনী

(১) সংস্কৃতি কাক বোলে?

উত্তৰ፦ মানুহৰ সমগ্ৰ জীৱনধাৰাকে সংস্কৃতি বোলা হয়।


(২) প্ৰাচীন ভাৰতত গঢ় লৈ উঠা এটা সভ্য়তাৰ নাম লিখা। 

উত্তৰ፦ প্ৰাচীন ভাৰতত গঢ় লৈ উঠা এটা সভ্য়তাৰ নাম হ'ল হৰপ্পা।


(৩) বৰ্তমান ভাৰতত কিমানটা ভাষা আৰু উপভাষাৰ প্ৰচলন আছে?

উত্তৰ፦ বৰ্তমান ভাৰতত ২২ টা ভাষা আৰু ১৬৫২ টা উপভাষাৰ প্ৰচলন আছে।


(৪) ভাৰতৰ আটাইতকৈ প্ৰাচীন ভাষা কি?

উত্তৰ፦  ভাৰতৰ আটাইতকৈ প্ৰাচীন ভাষা তামিল আৰু সংস্কৃত।


(৫) দ্ৰাবিড় গোষ্ঠীৰ পৰা উদ্ভৱ হোৱা ৩টা ভাষাৰ নাম লিখা।

উত্তৰ፦ দ্ৰাবিড় গোষ্ঠীৰ পৰা উদ্ভৱ হোৱা ৩টা ভাষাৰ নাম হ'ল তামিল, তেলুগু আৰু কানাড়া।


(৬) ভাৰতৰ প্ৰাচীনতম ধৰ্ম কি?

উত্তৰ፦ ভাৰতৰ প্ৰাচীনতম ধৰ্ম হিন্দু।


(৭) বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তকৰ নাম লিখা।

উত্তৰ፦ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তকৰ নাম হ'ল বুদ্ধদেৱ আৰু জৈন ধৰ্মৰ প্ৰৱৰ্তকৰ নাম হ'ল মহাবীৰ জৈন।


(৮) 'অৰ্থশাস্ত্ৰ'ৰ ৰচক কোন?

উত্তৰ፦ 'অৰ্থশাস্ত্ৰ'ৰ ৰচক কৌটিল্য়।


(৯) মহাকবি কালিদাসৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম লিখা।

উত্তৰ፦ মহাকবি কালিদাসৰ দ্বাৰা ৰচিত দুখন নাটকৰ নাম হ'ল মেঘদূত আৰু ৰঘুবংশম্।


(১০) ভাৰতৰ প্ৰাচীনতম কলা কি?

উত্তৰ፦ ভাৰতৰ প্ৰাচীনতম কলা হ'ল চিত্ৰকলা।


(১১) ভাৰতৰ কোনটো প্ৰাদেশিক ভাষালৈ প্ৰথম 'ৰামায়ণ' অনুবাদ হৈছিল?

উত্তৰ፦  ভাৰতৰ  প্ৰাদেশিক ভাষালৈ প্ৰথম 'ৰামায়ণ' অনুবাদ হৈছিল


(১২) ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি কোনটো যুগক কোৱা হয়?

উত্তৰ፦ ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি গুপ্ত যুগক কোৱা হয়।


(১৩) ভাৰতীয় সংগীতৰ ভাগ কেইটা আৰু কি কি?

উত্তৰ፦ ভাৰতীয় সংগীতৰ ভাগ দুটা। সেইকেইটা হ'ল লোকসংগীত আৰু শাস্ত্ৰীয় সংগীত।


(১৪) চমু টোকা লিখা一

অজন্তা গুহাঃ-     অজন্তা গুহা ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গভীৰ খাড়া গিৰিখাতৰ শিল কাটি খনন কৰা প্ৰায় ৩০ টা গুহা-স্তম্ভ। এইসমূহত পোৱা ছবি আৰু ভাস্কৰ্য সেইসময়ৰ বৌদ্ধ ধৰ্মীয় শিল্পৰ উৎকৃষ্ট নিদৰ্শন। অজন্তাৰ দেৱালৰ চিত্ৰসমূহত বুদ্ধজীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত হৈছে। গুহাসমূহ মহাৰাষ্ট্ৰৰ ঔৰংঙ্গাবাদ জিলাৰ জলগাঁও ৰেলষ্টেশ্যনৰ কাষত থকা, আজিন্তা বা অজন্তা গাঁৱৰ সীমাত অৱস্থিত।       


স্থাপত্য ঃ-    শিল, ইটা আদিৰে স্থায়ীভাৱে নিৰ্মাণ কৰা প্ৰসাদ, স্তম্ভ, মন্দিৰ আদিকে স্থাপত্য় বোলা হয়। ভাৰতীয় মানুহে সিন্ধু সভ্য়তাৰ য়ুগৰ পৰাই ঘৰ সাজি বাস কৰিছিল। সিন্ধু সভ্যতাই হৈছে ভাৰতীয় স্থাপত্য়ৰ আৰম্ভণি কাল। ভাৰতীয় স্থাপত্য়ত গুহা স্থাপত্য়ৰ এক অন্য়তম স্থান আছে। মৌৰ্য যুগত সম্ৰাট অশোকৰ দিনত গুহা স্থাপত্য়ৰ প্ৰথম আৰম্ভ হৈছিল। ভাৰতত অজন্তা, ইলোৰা, বাগ আদি গুহা ভাৰতীয় স্থাপত্য়ৰ উৎকৃষ্ট নিদৰ্শন। তাজমহল, লালকিল্লা, লেপাক্ষী মন্দিৰ, কুতুব মিনাৰ আদি ভাৰতীয় স্থাপত্য়ৰ বিশ্ব প্ৰসিদ্ধ উৎকৃষ্ট নিদৰ্শন। 


অসমৰ চিত্ৰকলাঃ-    অসমত শংকৰদেৱৰ আগৰ পৰাই চিত্ৰকলাৰ চৰ্চা হৈছিল। শংকৰদেৱে নিজেও চিত্ৰ আকিছিল। অসমত পোৱা সাঁচিপতীয়া পুথিবোৰত বিভিন্ন চিত্ৰ পোৱা যায়। এই পুথিবোৰ অসমৰ আপোৰুগীয়া সম্পদ। চিত্ৰত থকা সাঁচিপতীয়া পুথিসমূহৰ ভিতৰত হস্তীবিদ্য়াৰ্ণৱ, শংখচূড় বধ, ধৰ্ম পুৰাণ, গীত-গোৱিন্দ, কাৰ্তন, ভাগৱত আদি উল্লেখযোগ্য়। অসমৰ চিত্ৰকলাত পাছলৈ আধুনিক যুগৰ প্ৰাভাৱ পৰে। 


Mampi Kakati



Post ID : DABP006261