ষষ্ঠ অধ্যায়

ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল


১) ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা ।

উত্তৰঃ ভাৰতবৰ্ষ এখন বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ ǀ এচিয়া মহাদেশৰ অন্তৰ্গত । পৃথিৱীৰ উত্তৰ গোলার্ধত ভাৰতবৰ্ষ এখন উল্লেখযোগ্য দেশ  ǀএই দেশ বৈচিত্র্যৰে ভৰা । ইয়াৰ জলবায়ু, প্রাকৃতিক পৰিৱেশ আৰু আৰ্থ সামাজিক ভিন্নতাৰ বাবে এই বিচিত্ৰতা পৰিলক্ষিত হয়। দেশখনৰ এফালে যেনেকৈ বৰফেৰে আবৃত হিমালয় অঞ্চলৰ অতি শীতল জলবায়ু অনুভূত হয়, তেনেকৈ ৰাজস্থানৰ দৰে শুকান বালিময় মরু অঞ্চলত অতিপাত গৰম জলবায়ু দেখা যায়। অতিবৃষ্টিৰ ফলত কোনো কোনো অঞ্চলত বানপানী হয় যদিও অন্য কোনো কোনো অঞ্চলত আকৌ অনাবৃষ্টিৰ বাৰে পানীৰ নাটনি হয় ।  দেশখনৰ কিছুমান অঞ্চল চিৰসেউজ গছ-গছনিৰে পৰিপূৰ্ণ হোৱাৰ বিপৰীতে পাত নোহোৱা কাঁইটীয়া জোপোহা গছৰ অঞ্চলো দেশখনত দেখা যায়। সু-উচ্চ পর্বতৰ শিখৰৰ পৰা আৰম্ভ কৰি নিম্ন সমভূমি অঞ্চললৈকে জলবায়ু আৰু উদ্ভিদৰ প্ৰভেদ মন কৰিবলগীয়া। পর্বত, পাহাৰ, মালভূমি, সমভূমি, প্লাৱনভূমি আদি বিভিন্ন ভূ-প্রকৃতিৰে ভাৰতৰ ভূখণ্ড বৈচিত্র্যপূর্ণ। এনে প্রাকৃতিক বৈচিত্র্যই দেশখনত সামাজিক আৰু অর্থনৈতিক পার্থক্যৰো সৃষ্টি কৰিছে ।

এই দেশত অতি পিছ পৰা জনজাতীয় সমাজৰ বিপৰীতে কিছুমান বিশেষ ঠাইত আধুনিক নগৰীয়া সমাজ গঢ় লৈ উঠিছে। সমগ্ৰ ভাৰতবৰ্ষত আজি বিভিন্ন ভাষা, সাজ-পোছাক, খাদ্য অভ্যাস আৰু সামাজিক ৰীতি-নীতিৰে বিভিন্ন জনগোষ্ঠী আৰু সমাজ দেখা যায়। এনে বিচিত্রতাই হৈছে ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ প্রধান বৈশিষ্ট্য। কিন্তু  এনে বিভিন্নতা থকা সত্ত্বেও ভাৰতবর্ষ খন  এখন অখণ্ড ৰাষ্ট্র হিচাপে বিশ্বৰ মানচিত্ৰত প্ৰতিষ্ঠিত ।


২) ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পৰ্কীয় বৈশিষ্ট্যখিনি আলোচনা কৰা।

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশ এছিয়াৰ দক্ষিণাংশত ভাৰতবর্ষ অৱস্থিত। ইয়াৰ উত্তৰে সু-উচ্চ হিমালয় পর্বতমালা আৰু চীন দেশ, দক্ষিণে ভাৰত | মহাসাগৰ আৰু শ্রীলংকা, পূবে বঙ্গোপসাগৰ আৰু ম্যানমাৰ আৰু পশ্চিমে আৰব সাগৰ আৰু পাকিস্তান। ভাৰতৰ ভূখণ্ড উত্তৰ-দক্ষিণাকৈ কাশ্মীৰৰ  পৰা কুমাৰিকালৈকে আৰু পূর্ব-পশ্চিমাকৈ অৰুণাচল প্রদেশৰ পূব প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত। 

এই দেশ ৮°৪/২৮/ / উত্তৰৰ পৰা ৩৭˚ ১৭/৫৩// উত্তৰ অক্ষৰেখা আৰু ৬৮° ৭/  ৩৩// পূর্বৰ পৰা ৯৭° ২৪/  ৪৭/ পূব দ্রাঘিমাৰেখাৰ মাজত অৱস্থিত। মন কৰিবলগীয়া যে, ২৩১˚২ উত্তৰ অক্ষৰেখা বা কর্কটক্রান্তি ৰেখা ভাৰতৰ সোঁমাজেদি গৈছে। এই ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰিছে। ইয়াৰে দক্ষিণৰ ভাগটো পূবে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰব সাগৰৰ মাজত অৱস্থিত। 

উত্তৰ-দক্ষিণাকৈ ভাৰতবৰ্ষৰ ভূখণ্ড প্রায় ৩,২১৪ কিল'মিটাৰ আৰু পূর্ব-পশ্চিমাকৈ প্রায় ২, ৯৩৩ কিল'মিটাৰ বিস্তৃত। পূবে বঙ্গোপসাগৰ, পশ্চিমে আৰব সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ-ভাগে প্রায় ৬,১০০ কিল'মিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে। সুদীর্ঘ উপকূল ৰেখাৰ নিচিনাকৈ ভাৰতৰ ভূখণ্ডই ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে স্থলভাগেৰেও সীমাৰেখাৰ সৃষ্টি কৰিছে। পশ্চিমে পাকিস্তান, উত্তৰে চীন, নেপাল আৰু ভুটান, পুবে চীন, দক্ষিণ-পূর্বত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য হৈছে ১৫,২০০ কিল'মিটাৰ ǀ

ভাৰতবৰ্ষখন আকাৰত পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম স্থানত আছে। এই দেশ ব্রিটিছ যুক্তৰাষ্ট্ৰতকৈ ১৩ গুণ আৰু জাপানতকৈ ৪ গুণ ডাঙৰ। ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে ৩২,৮৭,২০০ বর্গ কিল'মিটাৰ। এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ ২.২ শতাংশ আগুৰি আছে ǀ


৩) ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি? চিত্ৰ ৰ সহায়ত বুজাই দিয়া ǀ

উত্তৰঃ ভূ-প্রকৃতিৰ ভিত্তিত ভাৰতক ৪টা  অঞ্চলত ভাগ কৰিব পাৰি ǀ সেই কেইটা হৈছে-

     উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল

      উত্তৰ ভাৰতৰ সমভূমি অঞ্চল

       দাক্ষিণাত্য মালভূমি অঞ্চল

       উপকূল অঞ্চল

               


          

৪) ভাৰতৰ ভূ-প্রকৃতিক অঞ্চলসমূহৰ চমু বর্ণনা দিয়া।

উত্তৰঃ ভাৰতৰ ভূ-প্রকৃতিক অঞ্চলসমূহ হৈছেঃ 

(ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চলঃ  হিমালয় পৃথিৱীৰ সর্বোচ্চ পর্বত। এই পৰ্বৰ্তৰ বহুতো ঠাল-ঠেঙুলি আছে। ভাৰতৰ হিমালয় পার্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নঙ্গ পৰ্বৰ্তৰ পৰা অৰুণাচল প্রদেশৰ পূব সীমা পর্যন্ত পুবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। প্রায় ২,৫০০ কিল'মিটাৰ দীঘল আৰু প্রায় ২৪০ কি.মি.ৰ পৰা ৫০০ কিলমিটাৰ পর্যন্ত বহল এই পার্বত্য । অঞ্চলটোৱে প্রায় ৫,০০,০০০ বর্গ কিল'মিটাৰ মাটিকালি আগুৰি আছে। ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক ।

হিমালয় পর্বতমালা টাৰচিয়েৰি যুগৰ সহজে ক্ষয়প্রাপ্ত হোৱা কোমল শিলাৰে গঠিত। সেয়েহে ইয়াৰ পৰা ওলোৱা নদ-নদীবিলাকে অধিক পৰিমাণৰ গেদ কঢ়িয়াই আনে। হিমালয়ৰ উচ্চ শিখৰবোৰ বৰফেৰে আবৃত হৈ থাকে। এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয় । হিমালয় অঞ্চলত এনেকুৱা অসংখ্য তুষাৰ নৈ দেখা যায়। বেছিভাগ তুষাৰ নৈৰ দৈর্ঘ্য ৩-৫ কিল'মিটাৰৰ ভিতৰত । এই তুষাৰ নৈবোৰেই হৈছে হিমালয় অঞ্চলৰ পৰা ওলোৱা নদ-নদীবিলাকৰ পানীৰ প্রধান উৎস।

পূর্ব-পশ্চিমাকৈ প্রায় সমান্তৰালভাৱে হিমালয় পর্বতমালাক তিনিটা। শাৰীত বিভক্ত কৰিব পাৰি, যেনে- উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় । ইয়াৰে উচ্চ হিমালয় শ্রেণীটো একেবাৰে উত্তৰ অংশত পূর্ব- পশ্চিমাকৈ বিস্তৃত। বৰফেৰে আবৃত এই পর্বতশ্রেণীৰ উচ্চতা গড়ে প্রায় ৬,০০০ মিটাৰ। ই অতি থিয় যদিও উত্তৰলৈ ইয়াৰ ঢাল ক্রমে কমি গৈ। অৱশেষত চীনদেশৰ তিব্বত মালভূমিৰ লগত মিলিত হৈছে। উচ্চ হিমালয়ৰ লগতে লাগি থকা দক্ষিণৰ পর্বতশ্রেণীটোৱেই হৈছে নিম্ন হিমালয়। ইয়াৰ গড় উচ্চতা হৈছে ৪,০০০ মিটাৰ। ই বহলে ৬০-৮০ কিল'মিটাৰ। এই নিম্ন হিমালয় পর্বতশ্রেণীৰ দক্ষিণলৈ লগতে লাগি আছে বহিঃ হিমালয়। এই পর্বতশ্রেণী তুলনামূলকভাৱে চাপৰ আৰু ইয়াৰ গড় উচ্চতা ১,০০০ মিটাৰ। ই দক্ষিণৰফালে ক্রমশঃ চাপৰ হৈ গঙ্গা-ব্রহ্মপুত্র সমভূমিৰ লগত মিলিছে। প্রায় ১৫ কিল'মিটাৰৰ পৰা ৫০ কিল'মিটাৰ পর্যন্ত বহল এই বহিঃ হিমালয় পর্বত শ্ৰেণীয়ে হিমালয়ৰ নামনি অঞ্চলকো সামৰি লৈছে ǀ

(খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চলঃ উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তান সীমালৈকে প্রায় ২,৪০০ কিল'মিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু-গঙ্গা-ব্রহ্মপুত্র সমভূমি বুলি জনা যায়। এই সমভূমি অঞ্চলৰ প্ৰস্থ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্রায় ৭,০০,০০০ বর্গ কিলমিটাৰ আগুৰি আছে।

প্ৰকৃততে পাঁচখন সৰু-বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো। এই পাঁচখন সমভূমি হৈছে পশ্চিম সমভূমি, পঞ্জাৱ হাৰিয়ানা সমভূমি, গঙ্গা সমভূমি, উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্র সমভূমি। পঞ্জাৱ আৰু হাৰিয়ানাৰ খৰাং অঞ্চলক সামৰি লৈ পশ্চিম সমভূমি গঠন হৈছে  (অঞ্চলটোৰ প্ৰধান নৈ কেইখন হৈছে শতদ্রু ,বিপাশা,আৰু ৰাবি নদী) ।  গঙ্গা আৰু যমুনা নদীয়ে সৃষ্টি কৰা উত্তৰ প্রদেশ, বিহাৰ আৰু পশ্চিমবংগৰ সমতলভূমিক লৈ গংগা সমভূমি গঠিত হৈছে। হিমালয়ৰ পৰা নামি অহা নদ-নদীয়ে উত্তৰবঙ্গ সমভূমিৰ সৃষ্টি কৰিছে। সেইদৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ভালেসংখ্যক উপনৈয়ে পলস জমা কৰি অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি গঠন কৰিছে।

(গ) দাক্ষিণাত্য মালভূমি অঞ্চলঃ  উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে আছে দাক্ষিণাত্য মালভূমি। ই আকৃতিত ত্রিভুজ এটাৰ দৰে। এই মালভূমি অঞ্চলটো পুৰণি কঠিন শিলাৰে গঠিত। ইয়াৰ উত্তৰৰ মালরা মালভূমি আৰু বিন্ধ্য পর্বত আৰু উত্তৰ- পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পর্বতে এই সমগ্র মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ ভিতৰত মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত। কিন্তু দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ। এই অংশটো সাতপুৰা, মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পর্যন্ত বিস্তৃত। দক্ষিণৰ এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পর্বতশ্রেণী আৰু পূর্ব সীমাত আছে পূর্বঘাট পর্বতশ্রেণী। দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পর্বতৰ ফালে ক্রমে ওখ আৰু পূর্বঘাট পৰ্বতৰফালে চাপৰ আৰু এঢলীয়া। এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্রায় আটাইবোৰ নদীয়ে পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বংগোপসাগৰত পৰিছে।। এই নদীবিলাকৰ ভিতৰত মহানদী, গোদাবৰী,কৃষ্ণা, পেনাৰ আৰু কাবেৰীয়েই প্রধান। অৱশ্যে বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূব ৰ পৰা পশ্চিমলৈ ঢালখোৱা আৰু এই অঞ্চলৰ দুখন নদী নৰ্মদা আৰু তাপ্তী কাম্বে উপসাগৰত গৈ পৰিছেগৈ ǀ

(ঘ) উপকূল অঞ্চলঃ দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূব আৰু পশ্চিম সীমাত বংগোপসাগৰ আৰু আৰব সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। সাগৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত। ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। ইয়াক পূব আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভগাব পাৰি। পূর্ব উপকূল অঞ্চলটো এফালে বংগোপসাগৰ আৰু আনফালে পূর্বঘাট পর্বতশ্রেণীৰ মাজত অৱস্থিত। ই গংগা নদীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। প্রায় ১,১০০ কিল'মিটাৰ দীঘল এই উপকূল অঞ্চলটো গড়ে ১২০ কিল'মিটাৰ বহল। ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্রধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব-দ্বীপৰ দ্বাৰা গঠিত। সেয়েহে ই পশ্চিম উপকূলতকৈ বেছি বহল আৰু সাৰুৱা। এই উপকূলত চিল্কা, কোলাৰ আৰু পলিকট নামে তিনিটা হ্রদ আছে। পূর্ব উপকূলটোৰ উত্তৰ আৰু দক্ষিণ অংশ দুটা বেলেগ বেলেগ নামেৰে পৰিচিত। গোদাবৰী নদীৰ মোহনাৰ পৰা গংগা নদীৰ মোহনালৈকে ইয়াৰ উত্তৰৰ অংশটো ‘উত্তৰ চৰকাৰ উপকূল’ আৰু গোদাবৰীৰ মোহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত। দক্ষিণৰ অংশটো কৰমণ্ডল উপকূল’ নামে জনাজাত। পশ্চিম উপকূল অঞ্চলটো আৰব সাগৰ আৰু পশ্চিমঘাট পর্বত মাজত অৱস্থিত। ই উত্তৰে কাম্বে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈ বিস্তৃত। এই উপকূল অঞ্চলটো দীঘল কিন্তু ঠেক। ইয়াৰ দৈর্ঘ্য প্রায় ১,৫০০ কিল'মিটাৰ আৰু প্রস্থ ১০ কিল'মিটাৰৰ পৰা ১৫ কিল'মিটাৰৰ ভিতৰত। পূর্ব উপকূলৰ দৰে ইয়াৰ উত্তৰ আৰু দক্ষিণৰ অংশ দুটাৰ নামো বেলেগ বেলেগ। মুম্বাই আৰু মাঙ্গালোৰৰ মাজৰ উত্তৰ অংশটোৰ নাম হৈছে কংকণ উপকূল’ আৰু মাংগালোৰৰ পৰা কুমাৰিকালৈকে দক্ষিণৰ অংশটোৰ নাম হৈছে ‘মালাৱাৰ উপকূল।

ওপৰত উল্লেখ কৰা চাৰিটা প্রধান ভূ-প্রাকৃতিক বিভাগৰ বাহিৰেও ভাৰতীয় দ্বীপসমূহক এটা সুকীয়া ভাগ হিচাপে ধৰিব পাৰি। ভাৰতীয় দ্বীপসমূহ দুটা গোট বা দ্বীপপুঞ্জত বিভক্ত। ইয়াৰে এটাক লাক্ষা দ্বীপপুঞ্জ আৰু আনটোক আন্দামান-নিকোবৰ দ্বীপপুঞ্জ নামেৰে জনা যায়। লাক্ষা দ্বীপপুঞ্জ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী ক্ৰমে কৱাৰাতি আৰু পর্ট ব্লেয়াৰ। সাগৰীয় পৰিৱেশত অৱস্থিত হোৱাৰ বাবে এই দুয়োটা দ্বীপপুঞ্জৰে ভূ- প্রকৃতি, জলবায়ু, উদ্ভিদ, জনজীৱন আৰু আর্থসামাজিক অৱস্থা ভাৰতৰ বাকী ভূ-প্ৰাকৃতিক ভাগকেইটাতকৈ পৃথক ǀ


৫) ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা

উত্তৰঃ ভাৰতবর্ষ এখন বিশাল দেশ। ইয়াৰ ভূ-প্রকৃতিও ভিন ভিন। দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্রধান উপাদন, যেনে— উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আদ্রর্তাৰ তাৰতম্য ঘটে। সেইবাবে এই দেশত নানা প্রকাৰৰ জলবায়ু অনুভূত হয়। প্রধানকৈ দেশখনৰ বিশালতা, বিষুৱৰ পৰা দূৰত্ব (অক্ষাংশ) বিভিন্ন ভূ-প্রকৃতি, উচ্চতাৰ পার্থক্য, সাগৰৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰতেই ইয়াৰ জলবায়ুৰ ভিন্নতা নির্ভৰ কৰে।

অক্ষাংশভেদে ঠাইসমূহৰ উত্তাপৰ তাৰতম্য ঘটাৰ বাবেই জলবায়ুও বেলেগ বেলেগ হয়। ভাৰতৰ প্রায় সোঁমাজেদি যোৱা কর্কটক্রান্তিয়ে দেশখনক উত্তৰ আৰু দক্ষিণ দুটা অংশত ভাগ কৰিছে। ইয়াৰে উত্তৰ অংশটো সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্রীষ্মমণ্ডলত পৰিছে। সেয়েহে সাধাৰণতে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতত গৰম বেছি।

ভাৰতৰ ভূখণ্ড পর্বত-পাহাৰ, মালভূমি, মৰুভূমি, সমভূমি আদি ভূ- প্রকৃতিৰে গঠিত। এনে ভূ-প্রকৃতিয়েই ঠাইবিলাকৰ মাজত উচ্চতাৰ পার্থক্য আনি দিছে। একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পাৰ্থক্যৰ বাবে ঠাইসমূহত উত্তাপ, বায়ুৰ চাপ, বৰষুণ আৰু আদ্রর্তাৰ পৰিমাণ কম-বেছি হয়। ফলত জলবায়ুও বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে, একে অক্ষাংশত অৱস্থিত হলেও উচ্চতাৰ পার্থক্যৰ বাবেই আগ্রা আৰু দার্জিলিঙৰ জলবায়ুৰ মাজত যথেষ্ট প্রভেদ দেখা যায়। আনহাতে, হিমালয় পর্বতমালাই উত্তৰ দিশৰ পৰা অহা চেঁচা বতাহক বাধা দিয়াৰ বাবে উত্তৰ ভাৰতৰ জলবায়ু যিমান শীতল হ'ব লাগিছিল সিমান শীতল নহয়। আকৌ দক্ষিণ ভাৰত যদিও গ্রীষ্মমণ্ডলত পৰিছে তথাপি ইয়াৰ ভূ-প্রকৃতি মালভূমিয়ে নির্ধাৰণ। কৰাৰ কাৰণে জলবায়ু কিছু পৰিমাণে মৃদু।


৬) মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় -বাখ্যা কৰা ǀ

উত্তৰঃ ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্রীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রৱাহিত হয় । দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায় । এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। আৰব সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্রথমে পশ্চিমঘাট পর্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় । এই বায়ুৰে এটা অংশ পশ্চিমঘাট পর্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ- পূর্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্রাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১,২৫০ চেণ্টিমিটাৰ পর্যন্ত বৰষুণ হয়। এই দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। আনহাতে, উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে। উত্তৰৰ হিমালয় পর্বতে এই চেঁচা বতাই অহাত বাধা দিয়াৰ ফলত ভাৰতত প্রচণ্ড শীত অনুভৱ নহয়। ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান। সেয়েহে ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু, এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাপ  আহৰণ কৰে । জলীয় ভাপ  যুক্ত এই বতাহ আহি পূবঘাট পৰ্বতত থেকা খালে ভাৰতৰ পূব উপকূলত বৰষুণ হয় ǀ


৭) কি কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায় ? চিত্র আঁকি উল্লেখ কৰা ǀ

উত্তৰঃ ভাৰতত তলত দিয়া ধৰণৰ উদ্ভিদসমূহ পোৱা যায় ǀ

 1) চিৰসেউজীয়া উদ্ভিদ

 2) মৌচুমীয় উদ্ভিদ

 3) কাইটীয়া মৰু উদ্ভিদ

 4) তৃৰ্ণজাতীয় উদ্ভিদ

 5) ব দ্বীপীয় উদ্ভিদ

 6) পাৰ্বত্য উদ্ভিদ

                       

       

৮) ভাৰতত পোৱা উদ্ভিদৰ প্ৰকাৰবোৰ আলোচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষৰ উদ্ভিদসমূহক সাধাৰণতে ছয় ভাগত ভগাব পাৰি : চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয়, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ আৰু  পার্বত্য উদ্ভিদ।

চিৰসেউজীয়া উদ্ভিদঃ  যি অঞ্চলত বার্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিটাৰতকৈ অধিক আৰু বার্ষিক গড় উত্তাপ ২৫° চেঃ ৰ পৰা ২৭° চেঃ, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়। চিৰ সেউজীয়া বননি সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি। এনে বনে ডাঠ অৰণ্য সৃষ্টি কৰিছে। ইয়াৰ গছবিলাক ৪৫ মিটাৰ পর্যন্ত ওখ হয়। ওখ গছৰ উপৰি, বেত, বাঁহ, টেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো দেখা যায়। এই অৰণ্যত শিশু, চন্দন, ৰবৰ আদি ভালেমান মূল্যৱান গছ পোৱা যায়। পশ্চিমঘাট পর্বৰ্তৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামনিভাগ, উজনি অসম, মণিপুৰ আৰু মিজোৰামৰ পার্বত্য অঞ্চল আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত এনে চিৰসেউজীয়া অৰণ্য দেখা যায়।

মৌচুমীয় উদ্ভিদঃ মৌচুমীয় উদ্ভিদ ভাৰতৰ অধিকাংশ ঠাইত পােৱা যায়। বার্ষিক ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু গড়ে প্রায় ২০ চেঃ  উত্তাপযুক্ত অঞ্চলত এনেবিধ উদ্ভিদ দেখা যায়। মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত এই উদ্ভিদ নিৰ্ভৰশীল। মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপাে কমি যায়। গতিকে মাটি শুকান হৈ পৰে। সেয়েহে শীতকালত সাধাৰণতে এই গছবিলাকৰ পাত সৰি যায়। শাল, চেগুন, চিৰিচ, শিশু, অর্জুন, শিমলু আৰু বিভিন্ন প্রজাতিৰ বাঁহ মৌচুমীয় অৰণ্যৰ প্রধান উদ্ভিদ। এই অৰণ্য অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্রদেশ আৰু হাৰিয়ানাৰ একাংশ, মধ্যপ্রদেশ, তামিলনাড়ু, পশ্চিমঘাট, পূর্বঘাট পর্বতকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ  আন্দামান-নিকোবৰ দ্বীপপুঞ্জতো মৌচুমী উদ্ভিদ দেখা যায় ǀ

ব-দ্বীপীয় উদ্ভিদঃ এইবিধ উদ্ভিদ প্রধানকৈ সমুদ্রৰ তীৰভূমিৰ ব-দ্বীপ অঞ্চলত পোৱা যায়। সাগৰৰ পানীৰ লৱণতা সত্ত্বেও জোৱাৰৰ ফলত জমা হোৱা গেদ আৰু নদীয়ে জমা কৰা পলসুৱা মাটিৰ বাবেই উপকূল অঞ্চলৰ ঠাইবিশেষে এই উদ্ভিদ জন্মে। সাধাৰণতে মেনগ্রভ  বোলা এই উদ্ভিদ প্রধানকৈ কচ্ছ উপসাগৰৰ উপকূল অঞ্চলত, গংগা ব্ৰহ্মপুত্ৰৰ ব-দ্বীপ অর্থাৎ সুন্দৰবনত আৰু মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ ব-দ্বীপ অঞ্চলত। পোৱা যায়। ব-দ্বীপীয় উদ্ভিদৰ ভিতৰত সুন্দৰী, তাল আৰু নাৰিকল আদি গছেই প্রধান।

কাঁইটীয়া মৰু উদ্ভিদঃ  সাধাৰণতে বছৰি ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা মৰুভূমি বা মৰুপ্রায় অঞ্চলত কাঁইটীয়া জোপোহা উদ্ভিদ জন্মে। এনে অঞ্চলত উত্তাপ বেছি আৰু ইয়াৰ মাটিভাগ বালিয়া। ইয়াত উদ্ভিদৰ বাবে প্রয়োজনীয় পানীৰ অভাৱ। এনে অৱস্থাত বৰ্তি থাকিবলৈ উদ্ভিদৰ পাতবোৰ বহল নহৈ গোটা আৰু কাইটীয়া হয়। এই জাতীয় উদ্ভিদ বিশেষকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি আৰু পঞ্জাৱৰ দক্ষিণ-পশ্চিম অঞ্চলত পোৱা যায়। একাচিয়া, বিভিন্ন প্ৰকাৰৰ কেকটাছ, খেজুৰ, বগৰী আদি মৰু অঞ্চলকৰ প্ৰধান উদ্ভিদ।

পাৰ্বত্য উদ্ভিদঃ  ভাৰতবৰ্ষত  পাৰ্বত্য এলেকাবোৰত উচ্চতা অনুসৰি বেলেগ বেলেগ উদ্ভিদ দেখিবলৈ পোৱা যায় ǀ বহিঃ হিমালয়ৰ ছিলিক পর্বতকে ধৰি গড়ে ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পর্বতমালা ডাঠ মৌচুমীয় অৰণেৰে আবৃত। ইয়াত শাল গছকে ধৰি ভালেমান মূল্যবান গছ আছে। এই অঞ্চলত বাঁহজাতীয় উদ্ভিদ বেছিকৈ দেখা যায় ǀ ইয়াৰ ঠিক উত্তৰৰ ১,০০০ মিটাৰৰ পৰা ২,০০০ মিটাৰ উচ্চতাৰ পার্বত্য অঞ্চলত বহল পাতৰ ওক আৰু সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। উত্তৰ-পূৰ্বাঞ্চলৰ পার্বত্য অঞ্চলত অৱশ্যে সৰল গছ বেছিকৈ দেখা যায়। তাৰোপৰি ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত কাশ্মীৰ, হিমাচল প্রদেশ, উত্তৰাঞ্চল, দার্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেবদাৰুকে ধৰি বিভিন্ন প্রজাতিৰ সৰল গছৰ অৰণ্য আছে। ইয়াতকৈ অধিক উচ্চতাৰ পার্বত্য অঞ্চলত কেৱল আল্পীয় উদ্ভিদহে গজে।

তৃণজাতীয় উদ্ভিদঃ  ভাৰতত বিস্তৃত তৃণভূমি পোৱা নাযায়। য’ত বছৰি ৫০ চেণ্টিমিটাৰৰ পৰা ১০০ চেন্টিমিটাৰ বৰযুগ হয় সেই অঞ্চলবিলাকত তৃণজাতীয় উদ্ভিদ দেখা যায়। এনে উদ্ভিদৰ ভিতৰত চাপৰ জোপোহা গছ, ঘাঁহ আৰু কাঁইটীয়া গছ-বনেই প্রধান। এই উদ্ভিদ প্রধানকৈ উত্তৰ ভাৰতৰ পঞ্জাৱ, ৰাজস্থানৰ পূব অংশ, উত্তৰ প্ৰদেশৰ সমতলভাগৰ একাংশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজভাগৰ অন্ধ্রপ্রদেশ, কর্ণাটক আৰু মহাৰাষ্ট্ৰৰ অংশ বিশেষত পোৱা যায়। তাৰোপৰি হিমালয়ৰ নামনিভাগৰ তৰাই অঞ্চলৰ সেমেকা পৰিৱেশতো নল, খাগৰি, ইকৰা আদি বাঁহজাতীয় উদ্ভিদ জন্মে। এই ঘাঁহবোৰ ২-৩ মিটাৰমান ওখ হয়। ইহঁতৰ মাজে মাজে অৱশ্যে খয়েৰ, শিমলু আদি গছো দেখা যায়।


৯) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা ǀ

উত্তৰঃ ভাৰত পৃথিৱীৰ ভিতৰতে দ্বিতীয় বৃহৎ জনবহুল দেশ। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা হৈছে ১,০২,৭০,১৫,২৮৯ জন। এই জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ১৬ % । সময়ৰ লগে লগে ভাৰতৰ জনসংখ্যাৰ পৰিমাণৰ ক্ষেত্ৰত যথেষ্ঠ পৰিবৰ্তন দেখা গৈছে । যোৱা কুৰি শতিকাৰ আৰম্ভণিৰ পৰা চলিত শতিকাৰ আৰম্ভণিলৈকে অর্থাৎ ১৯০১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা বহুগুণে বৃদ্ধি পাইছে । ১৯০১ চনত ভাৰতৰ জনসংখ্যা আছিল ২৩.৮৪ কোটি আৰু এই জনসংখ্যা দ্রুতহাৰত বৃদ্ধি হৈ ২০০১ চনত হ’লগৈ ১০২.৭ কোটি । অৱশ্যে, কেৱল ১৯১১–২১ চনৰ দশকটোৰ ভিতৰত জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে জনসংখ্যা সামান্যভাৱে হ্রাস পাইছিল। জনসংখ্যা হ্রাস- বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্ম-মৃত্যুৰ হাৰ আৰু জনপ্ৰব্ৰজন। সেইদৰে অন্য দেশৰ পৰা ভাৰতলৈ জনপ্ৰব্ৰজন হোৱাৰ ফলতো জনসংখ্যা বৃদ্ধি পায়।  বিশেষকৈ স্বাধীনতাৰ পিছৰ পৰা ভাৰতৰ জনসংখ্যা দ্রুত ঘতিৰে বৃদ্ধি পাইছে। পৃথিৱীৰ উন্নত দেশসমূহৰ তুলনাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি। জনসংখ্যা দ্রুতিগতিৰে বৃদ্ধি পোৱাৰ ফলতেই ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ বুলি খ্যাত হৈছে। 

ভাৰতৰ জনসংখ্যা বৃদ্ধি (১৯০১-২০০১)

বছৰ

জনসংখ্যা (কোটিৰ হিচাপত)

১৯০১

২৩.৮৪

১৯১১

২৫.২১

১৯২১

২৫.১৩

১৯৪১

৩১.৮৬

১৯৫১

৩৬.১১

১৯৬১

৪৩.৯২

১৯৭১

৫৪.৮২

১৯৮১

৬৮.৩৩

১৯৯১

৮৪.৬৩

২০০১

১০২.৭০



১০) জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলো ঠাইতে কিয় সমান নহয়— ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতত ৰাজ্যভেদে জনসংখ্যাৰ বিতৰণ বেলেগ বেলেগ। যিবিলাক ৰাজ্য যাতায়াত, ব্যৱসায়-বাণিজ্য আৰু শিল্প উদ্যোগত আগবঢ়া সেইবিলাকত জনসংখ্যা ঘনত্ব সাধাৰণতে বেছি। উদাহৰণস্বৰূপে - ভাৰতৰ পশ্চিমাংশত অৱস্থিত ৰাজস্থানৰ খৰাং মৰুভূমি অঞ্চল বসবাসৰ অনুপযোগী হোৱা বাবে তাত জনবসতি তেনেই পাতল। সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম। গংগা-ব্রহ্মপুত্র উপত্যকাকে ধৰি দেশৰ আন আন নদী উপত্যকাসমূহত স্বাভাৱিকতে জনসংখ্যা ঘনত্ব বেছি। এই নদী- উপত্যকাসমূহত বিশেষকৈ সাৰুৱা সমতলভূমি সুচল যাতায়াত ব্যৱস্থা আৰু উন্নত অর্থনৈতিক অৱস্থাৰ বাবে জনসাধাৰণে জীৱন ধাৰণৰ প্ৰয়োজনীয়। সা-সুবিধাবোৰ সহজে লাভ কৰিব পাৰিছে।সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম। ১৯৯১ চনৰ লোকপিয়ল মতে দেশখনৰ জনসংখ্যাৰ ২৫.৭ শতাংশ লোক নগৰত আৰু ৭৪.৩ শতাংশ লোক গাওঁত বাস কৰে ǀ ২০০১ চনৰ লোকপিয়ল মতে  ভাৰতৰ উত্তৰ প্ৰদেশ (১৬.৬ কোটি) ভাৰতৰ  সৰ্বাধিক জনবহুল ৰাজ্য হোৱাৰ বিপৰীতে ৬০ হাজাৰ জনসংখ্যাৰে লাক্ষা দ্বীপেই কম জনসংখ্যাৰ ৰাজ্য ǀ


১১) ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিদৰে ভিন ভিন হৈছে আলোচনা কৰা ǀ

উত্তৰঃ ভাৰতবৰ্ষৰ সকলো ঠাইতে জনবসতি সমান নহয়। কোনো অঞ্চলত জনবসতি ঘন অর্থাৎ জনসংখ্যা বেছি আৰু কোনো ঠাইত জনবসতি সেৰেঙা, অর্থাৎ জনসংখ্যা কম।  ২০০১ চনৰ লোকপিয়ল অনুযায়ী গড় হিচাপে ভাৰতবৰ্ষৰ জনসংখ্যা ঘনত্ব হৈছে প্রতি বর্গ কিল'মিটাৰত ৩২৪ জন অর্থাৎ প্রতি বর্গ কি. মি. মাটিকালিত গড়ে ৩২৪ জন লোকে বাস কৰে। দেশৰ জনসংখ্যা সকলো ঠাইতে সমান নহয় বাবে জনসংখ্যা ঘনত্বৰে তাৰতম্য হোৱা দেখা যায়। সাধাৰণতে যিবিলাক অঞ্চলৰ প্রাকৃতিক পৰিৱেশ অনুকূল নহয় অথবা অর্থনৈতিক আৰু যাতায়াত ব্যৱস্থা উন্নত নহয় সেইবিলাক অঞ্চলতে জনবসতি সেৰেঙা হয়। ভাৰতৰ পশ্চিমাংশত অৱস্থিত ৰাজস্থানৰ খৰাং মৰুভূমি অঞ্চল বসবাসৰ অনুপযোগী হোৱা বাবে তাত জনবসতি তেনেই পাতল। সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম। কিন্তু ইয়াৰ বিপৰীতে সাৰুৱা সমতল অঞ্চলত প্ৰধানকৈ সুচল যাতায়াত ব্যৱস্থা আৰু কৃষিকাৰ্যৰ সুবিধাৰ বাবে জনবসতি ঘন। সেয়েহে গংগা-ব্রহ্মপুত্র উপত্যকাকে ধৰি দেশৰ আন আন নদী উপত্যকাসমূহত স্বাভাৱিকতে জনসংখ্যা ঘনত্ব বেছি। এই নদী- উপত্যকাসমূহত বিশেষকৈ সাৰুৱা সমতলভূমি সুচল যাতায়াত ব্যৱস্থা আৰু উন্নত অর্থনৈতিক অৱস্থাৰ বাবে জনসাধাৰণে জীৱন ধাৰণৰ প্ৰয়োজনীয়। সা-সুবিধাবোৰ সহজে লাভ কৰিব পাৰিছে। এনেবোৰ কাৰণতে নদী-উপত্যকাৰ সাৰুৱা, সমভূমি অঞ্চলত অধিক সংখ্যক লোকে বসতি স্থাপন কৰে আৰু তাত ক্ৰমে জনসংখ্যা ঘনত্বও বাঢ়ি যায়।


১২) ভাৰতৰ নগৰীয়া জনসংখ্যাৰ এটি চমু আভাষ দিয়া আৰু লগতে কেইখনমান প্রধান চহৰৰ নগরীয়া জনসংখ্যা বৃদ্ধিৰ তথ্য দাঙি ধৰা।

উত্তৰঃ  যিকোনো দেশ বা ৰাজ্যত নগৰ আৰু চহৰ অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব বিশেষভাৱে বৃদ্ধি পোৱা দেখা যায় আৰু ইয়াৰ কাৰণ সুচল যাতায়াতৰ ব্যৱস্থা, ঔদ্যোগিক উন্নয়ন আৰু নগৰীকৰণকেই বুলিব পাৰি ǀ ভাৰতৰ নগৰীয়া জনসংখ্যা (১৯৯১ চনত) মুঠ জনসংখ্যাৰ ২৫.৭ শতাংশ আছিল। অর্থাৎ দেশখনৰ জনসংখ্যাৰ ২৫.৭ শতাংশ লোকে নগৰত আৰু বাকী ৭৪.৩ শতাংশ লোকে গাঁৱত বাস কৰে। মন কৰিবলগীয়া যে, প্রতি বছৰে ভাৰতত নগৰীয়া লোকৰ সংখ্যা বাঢ়ি যোৱাৰ ফলত নগৰ চহৰৰ সংখ্যাও বাঢ়ি গৈছে। যোৱা ১৯৮১ চনত ভাৰতত নগৰ-চহৰৰ সংখ্যা আছিল ৩,২৪৫ খন আৰু ১৯৯১ চনতএই সংখ্যা বাঢ়ি গৈ ৩,৭৬৮ খন হয়। ইয়াৰ ভিতৰত ১ নিযুত বা ততোধিক জনসংখ্যা থকা বৃহৎ চহৰৰ সংখ্যা হৈছে ২৩ খন। ভাৰতৰ বৃহৎ চহৰসমূহৰ ভিতৰত আকৌ মুম্বাই, কলকতা, দিল্লী আৰু চেন্নাই অতি জনবহুল মহানগৰী। ২ নং তালিকাত জনসংখ্যাৰ হিচাপত দেশৰ প্ৰথম দহখন। 

জনসংখ্যাৰ ভিত্তিত মুম্বাই ভাৰতৰ ভিতৰতে সর্ববৃহৎ চহৰ। মুম্বাইৰ পিছতে ক্রমে কলকাতা, দিল্লী আৰু চেন্নাই চহৰৰ স্থান। আনহাতে ভাৰতৰ ৰাজ্যসমূহৰ নগৰীয়া জনসংখ্যালৈ লক্ষ্য কৰিলে দেখ যায় যে, প্রতিখন ৰাজ্যতে নগৰীয়া জনসংখ্যা বৃদ্ধি পাব ধৰিছে আৰু সেইদৰে নগৰ-চহৰৰ সংখ্যাও বাঢ়ি গৈছে। উদাহৰণ স্বৰূপে, অসমত যোৱা ১৯৮১ চনত নগৰৰ সংখ্যা আছিল ৬২ খন আৰু ১৯৯১ চনত নগৰৰ সংখ্যা হ’লগৈ ৮৭ খন। গুৱাহাটী অসমৰ সর্বপ্রধান মহানগৰী। এই মহানগৰীতে অসমৰ ৰাজধানী অৱস্থিত হোৱাৰ লগতে ই প্রশাসনিক আৰু বাণিজ্যিক কেন্দ্র হিচাপে গুৰুত্ব লাভ কৰিছে। সেয়েহে অসমৰ বিভিন্ন ঠাইৰ উপৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ভালেসংখ্যক লোক আহি এই মহানগৰীত বসবাস কৰিবলৈ লৈছে। লোকপিয়লৰ তথ্য মতে ১৯৯১ চনত গুৱাহাটীৰ জনসংখ্যা আছিল ৫.৮৪ লাখ। উল্লেকযোগ্য যে, অসমৰ মুঠ নগৰীয়া জনসংখ্যাৰ ২৩.৫ শতাংশ লোকে গুৱাহাটী মহানগৰীত বসবাস কৰে ǀ


১৩) ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাৰ বৈশিষ্ট্য আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ প্ৰধান কৃষি অঞ্চলকেইটাক ৭টা ভাগত ভাগ কৰিব পাৰি ǀ সেই কেইটা হৈছে-

(ক) ফলমূল আৰু শাক-পাচলি কৃষি অঞ্চলঃ এই অঞ্চলটো কাশ্মীৰৰ পৰা উত্তৰ-পূর্ব পর্যন্ত বিস্তৃত। ইয়াৰ উত্তৰ পশ্চিম অংশত বাৰ্ষিক বৃষ্টিপাত ৬০ ছে.মি ৰো কম হয় আৰু পূব অংশত ২০০ ছে. মিটাৰ পর্যন্ত হয়। পশ্চিম হিমালয়ৰ পাহাৰীয়া অঞ্চলত। নাতিশীতোষ্ণ ফলমূল (যেনে- আপেল, নৰা বগৰী। , চেৰী, বগৰী, এপ্রিকট আদিৰ খেতি হয়। পূর্ব । হিমালয় অঞ্চলত ফলৰ ভিতৰত প্ৰধানকৈ সুমথিৰা আৰু শাক-পাচলিৰ ভিতৰত আলু, জলকীয়া আৰু ভিন ভিন শাক-পাচলি উৎপন্ন হয়।

(খ) ধান- মৰাপাট-চাহ কৃষি অঞ্চলঃ এই অঞ্চলটোৱে অসম, অৰুণাচল প্রদেশ, ত্ৰিপুৰা, মেঘালয়, পশ্চিম বংগ, উৰিষ্যা, বিহাৰৰ উত্তৰ আৰু পূর্ব অংশ আৰু উত্তৰ প্ৰদেশৰ তৰাই অঞ্চলক সামৰি লৈছে। এই সমগ্র অঞ্চলটোত বিস্তৃর্ণ নিম্ন সমভূমি, নদীৰ ব-দ্বীপ আৰু উপত্যকাসমূহ আছে, য’ত কৃষিৰ উপযোগী পলসুৱা মাটি পোৱা যায়। ইয়াত বৰষুণ প্রায় ১৮০ ছে. মিটাৰৰ পৰা ২৫০ ছে. মিটাৰ পর্যন্ত হয় । মূলতঃ ইয়াত দক্ষিণ- পশ্চিম মৌচুমীৰ ফলত বৰষুণ হয়। পলসুৱা মাটি, প্রচুৰ বৃষ্টিপাত আৰু গ্রীষ্মকালৰ উচ্চ উত্তাপৰ বাবে এই অঞ্চলটোত প্ৰচুৰ ধান উৎপাদন হয় । চাহ খেতিৰ বাবে অসমৰ উজনি ব্রহ্মপুত্র উপত্যকা, ত্রিপুৰা আৰু উত্তৰ বংগ বিখ্যাত। সেইদৰে অসম, গংগা সমভূমি আৰু ব-দ্বীপ অঞ্চল আৰু পূব-উপকূল অঞ্চলত প্ৰধানকৈ মৰাপাটৰ খেতি কৰা হয়। এই সমগ্র কৃষি অঞ্চলটোত প্ৰধানকৈ ধান, মৰাপাট আৰু চাহ উৎপন্ন হয় যদিও ইয়াত সৰিয়হ আৰু মাহজাতীয় শস্যৰ উপৰি নাৰিকল, কঠাল, আনাৰস, আম, সুমথিৰা আদি ফলমূলৰ খেতিও হয়।

(গ) ঘেহু আৰু কুঁহিয়াৰ কৃষি অঞ্চলঃ বিহাৰৰ উত্তৰ অংশ, উত্তৰ প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্রদেশৰ পশ্চিমাঞ্চল, আৰু ৰাজস্থানৰ উত্তৰ পূৰ্বাঞ্চল এই কৃষি অঞ্চলটোৰ অন্তৰ্গত। এই অঞ্চলৰ মাটি পলসুৱা যদিও ঠায়ে ঠায়ে ক’লা আৰু ৰঙা মাটিও পোৱা যায়। মধ্যম পৰিমাণৰ বৰষুণ হয় যদিও এই অঞ্চলৰ শুকান ঠাইবোৰত জলসিঞ্চনৰ সহায়ত কৃষিকার্য কৰা হয়। এই কৃষি অঞ্চলটোৰ প্ৰধান শস্য হৈছে ঘেহু আৰু কুঁহিয়াৰ। অৱশ্যে ইয়াত ধানৰ খেতিও হয়। উত্তৰ প্ৰদেশ, বিহাৰৰ সমভূমি অঞ্চল আৰু গংগাৰ উত্তৰ পাৰত ঘেহু আৰু কুঁহিয়াৰ প্ৰধান শস্য। প্রধানকৈ গংগা-যমুনাৰ দোৱাব অঞ্চল, পঞ্জাবৰ সমভূমি, হাৰিয়না আৰু উত্তৰ ৰাজস্থানত ঘেহুৰ খেতি বহুলভাবে কৰা হয়। ঘেহু আৰু কুঁহিয়াৰৰ উপৰি এই কৃষি অঞ্চলটোত মাকৈ আৰু বিভিন্ন মাহজাতীয় শস্যৰ খেতি কৰা হয় ǀ

(ঘ) মিলেট আৰু তেলগুটি শস্য অঞ্চলঃ  এই কৃষি অঞ্চলটোৱে কৰ্ণাটক মালভূমি, তামিলনাডুৰ কিছু অংশ, অন্ধ্রপ্রদেশৰ দক্ষিণাঞ্চল আৰু কেৰেলাৰ পূব অংশ সামৰি লৈছে। এই অঞ্চলটোত তুলনামূলকভাবে কম সাৰুৱা মাটি আৰু ভগ্ন ভূপ্রকৃতি আছে। তাৰোপৰি ইয়াত বৰষুণৰ পৰিমাণ কম, প্রায় ৭৫ ছে. মিটাৰৰ পৰা ১২৫ ছে. মিটাৰ বৰষুণ হয়। ইয়াত উৎপন্ন হোৱা মিলেটৰ ভিতৰত আছে বজা, ৰাগী আৰু জোৱাৰ। আনহাতে তেল গুটি শস্যৰ ভিতৰত বাদাম, সৰিয়হ আৰু অন্যান্য মাহজাতীয় শস্যই প্রধান। অৱশ্যে এই অঞ্চলত আম আৰু কলৰ খেতিও ব্যাপকভাবে কৰা হয়।

(ঙ) মাকৈ আৰু মোটা দানাযুক্ত শস্য অঞ্চলঃ এই কৃষি অঞ্চলটোৰ ভিতৰত আছে পশ্চিম ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ অৰ্দ্ধ-মৰু আৰু মৰু অঞ্চলবোৰ। এই অঞ্চলৰ পূর্ব অংশত কিছু পলসুৱা মাটি পোৱা যায় যদিও পশ্চিম অংশ বালিময় ।  বৰষুণ ৫০ ছে. মিটাৰৰো কম হয় । জলসিঞ্চনৰ সহায়ত কৃষিকাৰ্য্য কৰা হয়। ইয়াৰ মেৱাৰ মালভূমিত প্রধানকৈ মাকৈৰ খেতি হয় যদিও ঘেহু আৰু ৰাগী শস্যৰ খেতিও কৰা হয়। আনহাতে অঞ্চলটোৰ দক্ষিণ অংশত কপাহ, কুঁহিয়াৰ আৰু লগতে ধানৰ খেতি কৰা হয়। বজৰা সমগ্র অঞ্চলটোতে কম বেছি পৰিমানে উৎপন্ন হয়। 

(চ) কপাহ কৃষি অঞ্চলঃ ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ উত্তৰ-পশ্চিম অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত। ইয়াৰ নদী-উপত্যকা অঞ্চলবোৰ কলা মাটিৰে আবৃত হৈ আৰ প্ৰধান আছে আৰু এই কলা মাটি কপাহ খেতিৰ বাবে অতি উত্তম। এই কৃষি হাৰি অঞ্চলটোৱে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ অঞ্চল বিশেষক সামৰি লৈছে। এই কুঁহিয়াৰ অঞ্চলটো এটা বৃষ্টিছায়া অঞ্চল য'ত বার্ষিক বৃষ্টিপাত ৭৫ ৰ খেতি ছে. মিটাৰৰ পৰা ১০০ ছে. মিটাৰ হয়। এই অঞ্চলটোক কপাহ খেতিৰ অঞ্চল বুলি কোৱা হয় যদিও ইয়াত জোৱাৰ, বা, বুটমাহ, কুঁহিয়াৰ আৰু ঘেহু আদি শস্যৰ খেতিও ঠায়ে ঠায়ে কৰা হয়।

(ছ) মছলাজাতীয় আৰু ৰোপন শস্য অঞ্চলঃ এই কৃষি অঞ্চলটোৱে পূব আৰু পশ্চিম উপকূলীয় সমভূমি, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপক সামৰি লৈছে। অঞ্চলটোত প্ৰচুৰ বৃষ্টিপাত হয়, বার্ষিক গড়ে ২৫০ ছে. মিটাৰৰো অধিক। ইয়াত উৎপন্ন হোৱা মছলাজাতীয় আর ৰোপন শস্যৰ ভিতৰত কফি, ৰবৰ, টপিঅ’কা, জালুক আৰু ইলাচি প্রধান । অঞ্চলটোত ঠায়ে ঠায়ে ধানৰ খেতি কৰা হয় ।


১৪) ভাৰতৰ প্ৰধান শিল্প অঞ্চলকেইটা মানচিত্ৰত চিহ্নিত কৰি প্ৰত্যেকটো অঞ্চলৰে চমু বৰ্ণনা দিয়া ǀ

উত্তৰঃ 

         

(ক) হুগলী শিল্প অঞ্চলঃ এই অঞ্চলটো হুগলী নদীৰ পাৰত গঢ় লৈ উঠিছে। ইয়াত কলকতা আৰু ইয়াৰ সংলগ্ন হাওৰা চহৰ অন্তর্ভুক্ত হৈছে। অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰবোৰ হৈছে– নয়াহাটী, জগতদল, চামনগৰ, ত্রিবেণী, বেলুৰ, লিলুৱাহ, আনদুল ইত্যাদি। এই শিল্প অঞ্চলটো বৃটিছ শাসনৰ সময়ৰ পৰাই গঢ়ি উঠিছে। ইয়াৰ মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগসমূহ অতি পুৰণি। ভাৰত বিভাজনৰ পিছত মৰাপাট উদ্যোগবোৰ কেঁচামালৰ অভাৱৰ সন্মুখীন হয়। লগতে শ্রমিক আন্দোলন, শক্তি যোগানৰ সমস্যা আৰু মূলধনৰ অভাৱৰ ফলত এই শিল্প অঞ্চলটোৰ উন্নতি আশা কৰা মতে হোৱা নাই।

(খ) মুম্বাই-পুণা শিল্প অঞ্চলঃ এই শিল্প অঞ্চলটো বস্ত্র শিল্পক কেন্দ্ৰ কৰি গঠি উঠিছে। বস্ত্র শিল্প প্রধান কেন্দ্রসমূহ, যেনে- মুম্বাই, ভিলে পাৰলে, থানে, ভানদুপ আৰু পুণা এই অঞ্চলত অৱস্থিত। এই অঞ্চলৰ উদ্যোগসমূহ ভাৰত বিভাজনৰ পিছত কেঁচা মাল ‘কপাহৰ অভাৱত পৰে। কিন্তু অঞ্চলটোত পেট্রোলিয়াম থকাৰ বাবে ইয়াত পেট্রোলিয়াম ভিত্তিক ৰাসায়নিক উদ্যোগ, কৃত্রিম সুতা প্রস্তুত কৰা উদ্যোগ আদি গঢ় লৈ উঠিব পাৰিছে। পুণা বর্তমান ৰাসায়নিক আৰু যন্ত্রপাতি নির্মাণকাৰী উদ্যোগৰ প্রধান কেন্দ্র হৈ পৰিছে। মূলধনৰ অভাব আৰু শ্ৰমিকৰ সমস্যা নথকা হেতুকে অঞ্চলটোত ভিন্নমুখী উদ্যোগ গঢ়ি উঠিব পাৰিছে।

(গ) আহমেদাবাদ চুৰাট শিল্প অঞ্চলঃ আহমেদাবাদ-চুৰাট শিল্প অঞ্চলটোৱে দ্রুত বিকাশ লাভ কৰিছে। ইয়াত পেট্রো-কেমিকেল, ৰাসায়নিক সাৰ, কৃত্রিম আঁহজাতীয় বস্তু, অন্যান্য ৰাসায়নিক দ্রব্য আৰু বস্ত্র তৈয়াৰ কৰা উদ্যোগেই প্রধান। আদিতে এই শিল্প অঞ্চলটো বস্ত্ৰ উদ্যোগৰ আলমতে গঢ় লৈ উঠিছিল যদিও পিছলৈ ইয়াত পােৱা প্রাকৃতিক গেছ আৰু তেলৰ বাবে ভালেমান ৰাসায়নিক কল-কাৰখানা স্থাপন কৰা হয়।

(ঘ) মাদুৰাই কইম্বাতোৰ বাংগালোৰ শিল্প অঞ্চলঃ এই অঞ্চলটোও বস্ত্র উদ্যোগৰ বাবে বিখ্যাত। কিন্তু বস্ত্ৰ উদ্যোগসমূহৰ উপৰি চৰকাৰী পৃষ্ঠপোষকতাত গঢ়ি উঠা যন্ত্রপাতি উদ্যোগ, ভাৰতীয় টেলিফোন উদ্যোগ, বিমান উদ্যোগ আদিৰ বাবে অঞ্চলটো শিল্পৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিছে।

(ঙ) চোটানাগপুৰ শিল্প অঞ্চলঃ চোটানাগপুৰ মালভূমি অঞ্চলত পোৱা খনিজ পদার্থসমূহৰ ভিত্তিত এই অঞ্চলত কেতবোৰ উদ্যোগ গঢ়ি উঠিছে ǀ খনিজ পদাৰ্থৰ খনন উদ্যোগ,ধাতু উদ্যোগ, ইঞ্জিনিয়াৰিঙ উদ্যোগ আৰু ৰাসায়নিক উদ্যোগ আদি এই অঞ্চলৰ প্ৰধান উদ্যোগ ǀ


১৫) চমু টোকা লিখা ǀ

(ক) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল  

উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল। এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তান সীমালৈকে প্রায় ২,৪০০ কিল'মিটাৰ বিস্তৃত। ইয়াক প্ৰধানকৈ সিন্ধু-গঙ্গা-ব্রহ্মপুত্র সমভূমি বুলি জনা যায়। এই সমভূমি অঞ্চলৰ প্ৰস্থ ঠাইভেদে বেলেগ বেলেগ হোৱা দেখা যায়। উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্রায় ৭,০০,০০০ বর্গ কিলমিটাৰ আগুৰি আছে।

প্ৰকৃততে পাঁচখন সৰু-বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো। এই পাঁচখন সমভূমি হৈছে পশ্চিম সমভূমি, পঞ্জাৱ হাৰিয়ানা সমভূমি, গঙ্গা সমভূমি, উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্র সমভূমি। পঞ্জাৱ আৰু হাৰিয়ানাৰ খৰাং অঞ্চলক সামৰি লৈ পশ্চিম সমভূমি গঠন হৈছে  (অঞ্চলটোৰ প্ৰধান নৈ কেইখন হৈছে শতদ্রু ,বিপাশা,আৰু ৰাবি নদী) ।  গঙ্গা আৰু যমুনা নদীয়ে সৃষ্টি কৰা উত্তৰ প্রদেশ, বিহাৰ আৰু পশ্চিমবংগৰ সমতলভূমিক লৈ গংগা সমভূমি গঠিত হৈছে। হিমালয়ৰ পৰা নামি অহা নদ-নদীয়ে উত্তৰবঙ্গ সমভূমিৰ সৃষ্টি কৰিছে। সেইদৰে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ভালেসংখ্যক উপনৈয়ে পলস জমা কৰি অসমৰ ব্ৰহ্মপুত্ৰ সমভূমি গঠন কৰিছে।


(খ) ভাৰতীয় অৰ্থনীতিত কৃষিৰ গুৰুত্ব 

ভাৰতবর্ষ এখন কৃষি প্রধান দেশ। এইদেশৰ বিস্তৃত সমভূমি অঞ্চল, সাৰুৱা মাটি আৰু অনুকূল জলবায়ু কৃষিৰ বাবে উপযোগী। সেয়েহে কৃষি ভাৰতীয়সকলৰ প্রধান জীৱিকা হৈ পৰিছে। ভাৰতৰ অর্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। দেশখনৰ দুই-তৃতীয়াংশৰো অধিক লোকে কৃষিকে প্রধান জীৱিকা হিচাপে লৈ জীৱন নির্বাহ কৰি আছে। দেশৰ জাতীয় আয়ৰ ক্ষেত্ৰত কৃষিয়ে উল্লেখযোগ্য অৰিহণা যোগাইছে। কৃষিয়ে দেশৰ বৰ্দ্ধিত জনসংখ্যাৰ বাবে খাদ্য-শস্য যোগান ধৰাৰ উপৰিও উদ্যোগসমূহৰ বাবে কেঁচামালৰো যোগান ধৰি আহিছে। তাৰোপৰি কৃষিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা উদ্যোগসমূহত ভালেসংখ্যক নিবনুৱাই নিয়োগ লাভ কৰিব পাৰিছে। কৃষিজাত সামগ্ৰীসমূহৰ ৰপ্তানিৰ যোগেদিও দেশখনে বিদেশী মুদ্রা অর্জন কৰিবলৈ সক্ষম হৈছে। কৃষিখণ্ডৰ উন্নতিৰ লগে লগে উদ্যোগখণ্ড, পৰিবহন খণ্ড, বাণিজ্য খণ্ড আদি অন্যান্য খণ্ডত উন্নতি হৈছে। সেয়েহে কৃষিক ভাৰতীয় অর্থনীতিৰ মূল ভেটি বুলি ক'ব পাৰি।


(গ) মৌচুমী উদ্ভিদ 

মৌচুমীয় উদ্ভিদ ভাৰতৰ অধিকাংশ ঠাইত পোৱা যায়। বার্ষিক ১০০ চেণ্টিমিটাৰৰ পৰা ২০০ চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু গড়ে প্রায় ২০ চেঃ  উত্তাপযুক্ত অঞ্চলত এনেবিধ উদ্ভিদ দেখা যায়। মৌচুমী ঋতুত হোৱা বৰষুণৰ ওপৰত এই উদ্ভিদ নিৰ্ভৰশীল। মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপো কমি যায়। গতিকে মাটি শুকান হৈ পৰে। সেয়েহে শীতকালত সাধাৰণতে এই গছবিলাকৰ পাত সৰি যায়। শাল, চেগুন, চিৰিচ, শিশু, অর্জুন, শিমলু আৰু বিভিন্ন প্রজাতিৰ বাঁহ মৌচুমীয় অৰণ্যৰ প্রধান উদ্ভিদ। এই অৰণ্য অসম, পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, হিমাচল প্রদেশ আৰু হাৰিয়ানাৰ একাংশ, মধ্যপ্রদেশ, তামিলনাড়ু, পশ্চিমঘাট, পূর্বঘাট পর্বতকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ  আন্দামান-নিকোবৰ দ্বীপপুঞ্জতো মৌচুমী উদ্ভিদ দেখা যায় ǀ


(ঘ) ভাৰতৰ মৌচুমী বতাহ আৰু বৰষুণ

ভাৰতৰ জলবায়ুত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। বছৰৰ ভিন ভিন ঋতুত বিশেষকৈ গ্রীষ্ম আৰু শীতকালত মৌচুমী বতাহ বলে । গ্রীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰু শীতকালত উত্তৰ-পূব মৌচুমী বতাহ প্রৱাহিত হয় । দক্ষিণ-পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰৱাহিত হৈ ভাৰতত সোমায় । এই বতাহ দক্ষিণ-পশ্চিম দিশৰ পৰা অহাৰ বাবে ইয়াক দক্ষিণ-পশ্চিম মৌচুমী বতাহ বোলে। আৰব সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় ভাপ কঢ়িয়াই অনা এই বতাহে প্রথমে পশ্চিমঘাট পর্বতত বাধা পায়। তেতিয়া ই ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ দিয়ে। এইদৰে পশ্চিম উপকূল অঞ্চলৰ কংকন আৰু মালাৱাৰ উপকূলত বছৰি ৩০০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় । এই বায়ুৰে এটা অংশ পশ্চিমঘাট পর্বত পাৰ হৈ বংগোপসাগৰৰ ফালে আগবাঢ়ে। বংগোপসাগৰৰ ওপৰেদি আহোঁতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি ই অসম তথা উত্তৰ- পূর্বাঞ্চলত প্ৰৱেশ কৰে। এই বতাহে মেঘালয় মালভূমিত বাধাপ্রাপ্ত হৈ প্ৰচুৰ বৰষুণ দিয়ে। এনেকৈয়ে মেঘালয়ৰ চেৰাপুঞ্জীত বছৰি প্ৰায় ১,২৫০ চেণ্টিমিটাৰ পর্যন্ত বৰষুণ হয়। এই দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱতে অসম আৰু হিমালয়ৰ নামনি অঞ্চলত যথেষ্ট বৰষুণ হয়। আনহাতে, উত্তৰ-পূব মৌচুমী বতাহ শীতকালত বলে। এই বতাহ মধ্য এছিয়াৰ পৰা উত্তৰ-পূব দিশেৰে ভাৰতলৈ প্ৰৱাহিত হয় বাবে ইয়াক উত্তৰ-পূব মৌচুমী বতাহ বোলে। উত্তৰৰ হিমালয় পর্বতে এই চেঁচা বতাই অহাত বাধা দিয়াৰ ফলত ভাৰতত প্রচণ্ড শীত অনুভৱ নহয়। ইয়াৰে এটা অংশ অৱশ্যে হিমালয় অঞ্চল পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে। স্থলভাগৰ পৰা অহা বাবে এই বতাহ শুকান। সেয়েহে ইয়াৰ ফলত বৰষুণ নহয়। কিন্তু, এই বতাহ বংগোপসাগৰৰ ওপৰেদি অগ্ৰসৰ হওঁতে ই কিছু জলীয় ভাপ  আহৰণ কৰে । জলীয় ভাপ  যুক্ত এই বতাহ আহি পূবঘাট পৰ্বতত থেকা খালে ভাৰতৰ পূব উপকূলত বৰষুণ হয় ǀ


(ঙ) ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ 

জনসংখ্যা হ্রাস- বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্ম-মৃত্যুৰ হাৰ আৰু জনপ্ৰব্ৰজন। জন্ম হাৰ মৃত্যু হাৰতকৈ বেছি হলে জনসংখ্যা বৃদ্ধি পায় ǀ  ব্যক্তিগত পৰ্যায়ত জন্ম নিয়ন্ত্ৰণ , চৰকাৰৰ বিভিন্ন আঁচনি ৰ জৰিয়তে জনসাধাৰণৰ মাজত জনসংখ্যা বিস্ফোৰণৰ সন্দৰ্ভত সজাগতা আনি চেষ্টা কৰা হৈছে যদিও সি বাস্তৱত পৰিস্ফুত হোৱা নাই ǀবিশেষকৈ স্বাধীনতাৰ পিছৰ পৰা ভাৰতৰ জনসংখ্যা দ্রুত গতিৰে বৃদ্ধি পাইছে। সেইদৰে অন্য দেশৰ পৰা ভাৰতলৈ জনপ্ৰব্ৰজন হোৱাৰ ফলত দেশখনৰ জনসংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ ভাৰতৰ ওচৰ চুবুৰীয়া নেপাল,বাংলাদেশ, শ্ৰী লংকা আদি দেশৰ পৰা প্ৰবজনে ভাৰতৰ অৰ্থনীতিটো দূৰগামী প্ৰভাৱ পেলাইছে ǀ পৃথিৱীৰ উন্নত দেশসমূহৰ তুলনাত ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বহুত বেছি। জনসংখ্যা দ্রুতিগতিৰে বৃদ্ধি পোৱাৰ ফলতেই ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ বুলি খ্যাত হৈছে। 


(চ) ভাৰতত জনসংখ্যা বিতৰণৰ অসমতাৰ কাৰণসমূহ 

ভাৰতত ৰাজ্যভেদে জনসংখ্যাৰ বিতৰণ বেলেগ বেলেগ। যিবিলাক ৰাজ্য যাতায়াত, ব্যৱসায়-বাণিজ্য আৰু শিল্প উদ্যোগত আগবঢ়া সেইবিলাকত জনসংখ্যা ঘনত্ব সাধাৰণতে বেছি। উদাহৰণস্বৰূপে - ভাৰতৰ পশ্চিমাংশত অৱস্থিত ৰাজস্থানৰ খৰাং মৰুভূমি অঞ্চল বসবাসৰ অনুপযোগী হোৱা বাবে তাত জনবসতি তেনেই পাতল। সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম। গংগা-ব্রহ্মপুত্র উপত্যকাকে ধৰি দেশৰ আন আন নদী উপত্যকাসমূহত স্বাভাৱিকতে জনসংখ্যা ঘনত্ব বেছি। এই নদী- উপত্যকাসমূহত বিশেষকৈ সাৰুৱা সমতলভূমি সুচল যাতায়াত ব্যৱস্থা আৰু উন্নত অর্থনৈতিক অৱস্থাৰ বাবে জনসাধাৰণে জীৱন ধাৰণৰ প্ৰয়োজনীয়। সা-সুবিধাবোৰ সহজে লাভ কৰিব পাৰিছে।সেইদৰে উত্তৰৰ বৰফাবৃত হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণ ভাৰতৰ পশ্চিমঘাট পর্বৰ্তৰ মধ্য আৰু দক্ষিণাংশত প্রতিকূল প্রাকৃতিক অৱস্থাৰ কাৰণে জনসংখ্যাৰ ঘনত্ব যথেষ্ট কম।


(ছ) লাভা মৃত্তিকা

লাভা অৱক্ষেপনৰ পৰা গঠিত হোৱা মৃত্তিকাক লাভা মৃত্তিকা বোলে ǀ লাভা মৃত্তিকাক সাধাৰণতে ক˚লা মৃত্তিকা নামে জনা যায় ǀ মহাৰাষ্ট, মধ্য প্রদেশৰ পশ্চিমাঞ্চল, গুজৰাট আৰু অন্ধ্রপ্রদেশৰ কাষৰীয়া অঞ্চলৰ লাভা অৱক্ষেপন বিচূর্ণীকৃত হৈ কৃষ্ণ মৃত্তিকা গঠন হৈছে। কলা বোকাময় আৰু এঠাজাতীয় এনে মাটিয়ে জলকণা ধৰি ৰাখিব পাৰে আৰু সেয়েহে খেতিৰ বাবে উপযোগী। বিশেষকৈ এনে মাটিত কপাহ খেতি অতি ভাল হয় বাবে এই মাটিক কপাহ মাটি বোলে।


(জ) হুগলী শিল্প অঞ্চল

এই অঞ্চলটো হুগলী নদীৰ পাৰত গঢ় লৈ উঠিছে। ইয়াত কলকতা আৰু ইয়াৰ সংলগ্ন হাওৰা চহৰ অন্তর্ভুক্ত হৈছে। অঞ্চলটোৰ প্ৰধান উদ্যোগ কেন্দ্ৰবোৰ হৈছে– নয়াহাটী, জগতদল, চামনগৰ, ত্রিবেণী, বেলুৰ, লিলুৱাহ, আনদুল ইত্যাদি। এই শিল্প অঞ্চলটো বৃটিছ শাসনৰ সময়ৰ পৰাই গঢ়ি উঠিছে। ইয়াৰ মৰাপাট আৰু ইঞ্জিনিয়াৰিং উদ্যোগসমূহ অতি পুৰণি। ভাৰত বিভাজনৰ পিছত মৰাপাট উদ্যোগবোৰ কেঁচামালৰ অভাৱৰ সন্মুখীন হয়। লগতে শ্রমিক আন্দোলন, শক্তি যোগানৰ সমস্যা আৰু মূলধনৰ অভাৱৰ ফলত এই শিল্প অঞ্চলটোৰ উন্নতি আশা কৰা মতে হোৱা নাই।


ঝ) উত্তৰ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য

উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পর্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গােটেই বছৰ জুৰি পানীৰ সোঁত থাকে। 

উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি এই তিনিটা গতি স্পষ্টকৈ চকুত পৰে, 

উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু এই নদীবোৰ বহুদূৰ সমতলৰ মাজেদি বৈ যোৱাৰ কাৰণে ইহঁতৰ গতি ধীৰ আৰু সেয়ে নাব্য। 

উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবোৰে সঘনে সুতি সলাই থাকে। সেয়েহে ইহঁতৰ প্লাৱনভূমি বহল।

উত্তৰ ভাৰতৰ নদীবোৰ বিশেষ খৰস্রোতা নহয় যদিও ইহঁতে বেছি গেদ পৰিবহণ কৰে। সেয়ে এই নদীবিলাক জলবিদ্যুৎ উৎপাদনৰ বাবে সুবিধাজনক নহয়। 

উত্তৰ ভাৰতৰ নদী-অৱবাহিকাসমূহ পলসুৱা আৰু সাৰুৱা হোৱাৰ বাবে ঘনবসতিপূর্ণ

উত্তৰ ভাৰতৰ নদীবোৰ নাব্য হোৱাৰ কাৰণে এইবোৰৰ পাৰত বহুতো ডাঙৰ চহৰ-নগৰ গঢ়ি উঠিছে। 

উত্তৰ ভাৰতৰ নদীবিলাকৰ দৈর্ঘ্য বেছি আৰু ইহঁতৰ মোহনাত বিস্তৃত বদ্বীপ অঞ্চলৰ সৃষ্টি হৈছে। 


ঞ) দক্ষিণ ভাৰতৰ নদীবিলাকৰ বৈশিষ্ট্য

দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক খৰালি কালত প্ৰায়েই শুকাই যায়।।

দক্ষিণ ভাৰতৰ নদীবোৰৰ উচ্চগতি, মধ্যগতি আৰু নিম্নগতি স্পষ্টকৈ দেখা নেযায়।

দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্রোতা। সেয়েহে এই নদীবোৰ নাব্য নহয়।

দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল আৰু সেইবোৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলাৰ মাজেৰে নির্দিষ্ট গতিপথেৰে বৈ আছে।দক্ষিণ ভাৰতৰ নদীবোৰে সঘনে পুঁতি নসলায় আৰু ইহঁতৰ প্লাৱনভূমিও ঠেক।

দক্ষিণ ভাৰতৰ নদীবিলাক খৰস্রোতা হোৱাৰ লগতে ইহঁতে কম পৰিমাণে গেদ পৰিবহণ কৰে বাবে জলবিদ্যুৎ উৎপাদনৰ কাৰণে উপযোগী।

দক্ষিণ ভাৰতৰ নদী-অৱবাহিকাসমূহ সিমান সাৰুৱানহয়। সেয়ে তাত জনবসতি সেৰেঙা হোৱা দেখা যায়।

দক্ষিণ ভাৰতৰ নদীবিলাক নাব্য নহয় কাৰণে এইবিলাকৰ পাৰত ডাঙৰ চহৰ নগৰ গঢ়ি উঠা নাই।

দক্ষিণ ভাৰতৰ নদীবিলাক তুলনামূলকভাৱে চুটি আৰু ইহঁতৰ কিছুমানৰ মোহনা অঞ্চলত সৰু সৰু ব-দ্বীপ গঠিত হৈছে।



(ট) ভাৰতীয় দ্বীপসমূহঃ

ভাৰতীয় দ্বীপসমূহ দুটা গোট বা দ্বীপপুঞ্জত বিভক্ত। ইয়াৰে এটাক লাক্ষা দ্বীপপুঞ্জ আৰু আনটোক আন্দামান-নিকোবৰ দ্বীপপুঞ্জ নামেৰে জনা যায়। এই দুয়োটা দ্বীপপুঞ্জই ভাৰতৰ দুটা কেন্দ্রীয় শাসিত অঞ্চল। লাক্ষা দ্বীপপুঞ্জ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী ক্ৰমে কৱাৰাতি আৰু পর্ট ব্লেয়াৰ। লাক্ষা দ্বীপপুঞ্জ মালাৱৰ উপকূলৰ পশ্চিমে আৰব সাগৰত অৱস্থিত। এই দ্বীপপুঞ্জ লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদ্বীপ নামেৰে তিনিটা প্রধান দ্বীপেৰে গঠিত যদিও ই দৰাচলতে ২৫ টা সৰু-বৰ দ্বীপৰ সমষ্টি। এই দ্বীপসমূহৰ সাগৰপৃষ্ঠৰ পৰা গড় উচ্চতা হৈছে ৩-৫ মিটাৰ। কেন্দ্রীয় শাসিত ৰাজ্য হিচাপে লাক্ষা দ্বীপপুঞ্জৰ মাটিকালি ৩২ বর্গ কিল'মিটাৰ। আনহাতে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ কৰমণ্ডল উপকূলৰ পৰা যথেষ্ট দূৰৈত বংগোপসাগৰত অৱস্থিত। আন্দামান অঞ্চলৰ ২০৪ টা আৰু নিকোবৰ অঞ্চলৰ ১১ টা সৰু-বৰ দ্বীপক লৈ মুঠ ২১৫ টা দ্বীপৰ সমষ্টিৰে গঠিত হৈছে আন্দামান-নিকোবৰ দ্বীপপুঞ্জ। এই দ্বীপপুঞ্জটো দীঘলে প্রায় ৫৯০ কিল’মিটাৰ আৰু বহলে প্রায় ৫৮ কিল'মিটাৰ। ইয়াৰ মাটিকালি ৮, ২৪ বর্গকিল'মিটাৰ। সাগৰপৃষ্ঠৰ পৰা দ্বীপসমূহৰ উচ্চতা ৫ মিটাৰৰ বেছি নহয়।। সাগৰীয় পৰিৱেশত অৱস্থিত হোৱাৰ বাবে এই দুয়োটা দ্বীপপুঞ্জৰে ভূ-প্রকৃতি, জলবায়ু, উদ্ভিদ, জনজীৱন আৰু আর্থসামাজিক অৱস্থা আনবিলাক অঞ্চলতকৈ পৃথক ǀ


(ঠ) হিমালয় পার্বত্য অঞ্চলঃ

হিমালয় পৃথিৱীৰ সর্বোচ্চ পর্বত। এই পৰ্বৰ্তৰ বহুতো ঠাল-ঠেঙুলি আছে। ভাৰতৰ হিমালয় পার্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে। ই কাশ্মীৰৰ নঙ্গ পৰ্বৰ্তৰ পৰা অৰুণাচল প্রদেশৰ পূব সীমা পর্যন্ত পুবা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। প্রায় ২,৫০০ কিল'মিটাৰ দীঘল আৰু প্রায় ২৪০ কি.মি.ৰ পৰা ৫০০ কিলমিটাৰ পর্যন্ত বহল এই পার্বত্য । অঞ্চলটোৱে প্রায় ৫,০০,০০০ বর্গ কিল'মিটাৰ মাটিকালি আগুৰি আছে। ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক ।

হিমালয় পর্বতমালা টাৰচিয়েৰি যুগৰ সহজে ক্ষয়প্রাপ্ত হোৱা কোমল শিলাৰে গঠিত। সেয়েহে ইয়াৰ পৰা ওলোৱা নদ-নদীবিলাকে অধিক পৰিমাণৰ গেদ কঢ়িয়াই আনে। হিমালয়ৰ উচ্চ শিখৰবোৰ বৰফেৰে আবৃত হৈ থাকে। এই বৰফৰ পৰা তুষাৰ নৈৰ সৃষ্টি হয় । হিমালয় অঞ্চলত এনেকুৱা অসংখ্য তুষাৰ নৈ দেখা যায়। বেছিভাগ তুষাৰ নৈৰ দৈর্ঘ্য ৩-৫ কিল'মিটাৰৰ ভিতৰত । এই তুষাৰ নৈবোৰেই হৈছে হিমালয় অঞ্চলৰ পৰা ওলোৱা নদ-নদীবিলাকৰ পানীৰ প্রধান উৎস।

পূর্ব-পশ্চিমাকৈ প্রায় সমান্তৰালভাৱে হিমালয় পর্বতমালাক তিনিটা। শাৰীত বিভক্ত কৰিব পাৰি, যেনে- উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় । ইয়াৰে উচ্চ হিমালয় শ্রেণীটো একেবাৰে উত্তৰ অংশত পূর্ব- পশ্চিমাকৈ বিস্তৃত। বৰফেৰে আবৃত এই পর্বতশ্রেণীৰ উচ্চতা গড়ে প্রায় ৬,০০০ মিটাৰ। ই অতি থিয় যদিও উত্তৰলৈ ইয়াৰ ঢাল ক্রমে কমি গৈ। অৱশেষত চীনদেশৰ তিব্বত মালভূমিৰ লগত মিলিত হৈছে। উচ্চ হিমালয়ৰ লগতে লাগি থকা দক্ষিণৰ পর্বতশ্রেণীটোৱেই হৈছে নিম্ন হিমালয়। ইয়াৰ গড় উচ্চতা হৈছে ৪,০০০ মিটাৰ। ই বহলে ৬০-৮০ কিল'মিটাৰ। এই নিম্ন হিমালয় পর্বতশ্রেণীৰ দক্ষিণলৈ লগতে লাগি আছে বহিঃ হিমালয়। এই পর্বতশ্রেণী তুলনামূলকভাৱে চাপৰ আৰু ইয়াৰ গড় উচ্চতা ১,০০০ মিটাৰ। ই দক্ষিণৰফালে ক্রমশঃ চাপৰ হৈ গঙ্গা-ব্রহ্মপুত্র সমভূমিৰ লগত মিলিছে। প্রায় ১৫ কিল'মিটাৰৰ পৰা ৫০ কিল'মিটাৰ পর্যন্ত বহল এই বহিঃ হিমালয় পর্বত শ্ৰেণীয়ে হিমালয়ৰ নামনি অঞ্চলকো সামৰি লৈছে ǀ


ৰঞ্জিত বিকাশ চেতিয়া (তিনিচুকীয়া)



Post ID : DABP006121