গৰিয়া, মৰিয়া আৰু দেশীয়সকল । অধ্যায় ৫ । Chapter 5 |  Class 9 Rapid Reader Assam Question And Answer | HSLC Class 9 Assamese Rapid Reader Notes | SEBA Class IX Assamese Rapid Reader Assam Solution | Assamese Medium Class 9 Assamese Question And Answer | নৱম মান শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ৬

গৰিয়া, মৰিয়া আৰু দেশীয়সকল

    👉Text Books PDF
    👉MCQ Online Exam
    👉Short Question Answer
    👉MCQ Answer

প্ৰশ্নাৱলী


১| বখতিয়াৰ খিলিজিয়ে কেতিয়া অসমত প্ৰৱেশ কৰিছিল ?

উত্তৰঃ বখতিয়াৰ খিলিজিয়ে ১২০৫-০৬ খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল।

২| বখতিয়াৰ খিলিজি কিহৰ বাবে অসম প্ৰৱেশ কৰিছিল ?

উত্তৰঃ  বখতিয়াৰ খিলিজি তিব্বত-চীন জয় কৰাৰ বাবে অসমত প্ৰৱেশ কৰিছিল।

৩। বখতিয়াৰ খিলিজিয়ে কাৰ হাতত পৰাস্ত হৈছিল ? 

উত্তৰঃ বখতিয়াৰ খিলিজিয়ে কামৰূপৰ ৰজা পৃথুৰ হাতত পৰাস্ত হৈছিল।

৪। ইছলাম ধৰ্মলৈ ধর্মান্তৰিত হােৱা প্রথম জনজাতীয় ৰজাজনৰ নাম কি ?

 উত্তৰঃ ইছলাম ধৰ্মলৈ ধর্মান্তৰিত হােৱা প্রথম জনজাতীয় ৰজাজনৰ নাম হ'ল ‘আলি মেচ'।

 ৫ | অসমত কাক গৰিয়া বুলি কোৱা হয় ?

উত্তৰঃ ধর্মান্তৰিত হােৱা খিলঞ্জীয়া লােকসকল আৰম্ভণিতে মূল সমাজখনৰ পৰা বাদ পৰি ৰােৱা সমাজখনৰ অন্তর্ভুক্ত হৈ ইছলাম ধর্ম গ্রহণ কৰিলে । এই লােকসকলেই গৰিয়া বুলি পৰিচিত হ'ল।

৬| আহোম ৰাজত্বকাললৈকে অসমত একাংশ খিলঞ্জীয়া লোক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণ দুটা বৰ্ণনা কৰা।

উত্তৰঃ আহোম ৰাজত্বকাললৈকে অসমত একাংশ খিলঞ্জীয়া লোক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণ দুটা হ'লঃ

ক) ইছলাম ধর্ম প্রচাৰৰ অৰ্থে অসমলৈ অহা পীৰ সকলৰ ধৰ্মৰ বাণী শুনি মােহিত হােৱাত।

খ) বখতিয়াৰ খিলিজিকে ভিতৰ কৰি মােগল সকল লৈকে এই সকলৰ অসম আক্ৰমণৰ উদ্দেশ্যে আহি তাৰে কিছুলােক অসমত যুদ্ধবন্দী হিচাপে থাকি যায় । সেই সকল লােকে অসমৰ হিন্দু ছােৱালী বিয়া কৰােৱাৰ ফলত কিছু হিন্দু লােকে ইছলাম ধর্ম গ্রহণ কৰে। 

আহোম ৰাজত্বকাললৈকে অসমত একাংশ খিলঞ্জীয়া লোক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কাৰণ।


৭| মৰিয়া আৰু দেশী জনগোষ্ঠীৰ বিষয়ে বৰ্ণনা কৰা |

উত্তৰঃ মৰিয়া আৰু দেশী জনগোষ্ঠীৰ বিষয়ে বৰ্ণনা হ'লঃ

মৰিয়া সকলঃ  আহােম ৰাজত্ব কালত কাঁহ-পিতলৰ সৈতে জড়িত ইছলাম ধৰ্মাৱলম্বী লােকসকলক মৰিয়া বুলি জনা যায় । মৰিয়া লােকসকলৰ অৱস্থিতি উজনি অসমৰ কিছু অঞ্চল, নগাঁও জিলা, নামনিৰ গুৱাহাটীৰ উজান বজাৰ আৰু হাজোত পােৱা যায়। দেশীসকল মূলতঃ অবিভক্ত গােৱালপাৰা জিলাৰ বাসিন্দা। অবিভক্ত গােৱালপাৰাৰ কোচ-ৰাজবংশী ভাষা- সংস্কৃতিসম্পন্ন ইছলাম ধৰ্মী খিলঞ্জীয়া লােকসকলক দেশী বা দেশী মুছলমান বুলি জনা যায় ।

 দেশী সকল মূলতঃ কোচ-ৰাজবংশী, মেচ কছাৰী আদি খিলঞ্জীয়া জনগােষ্ঠীৰ পৰা ধর্মান্তৰিত হােৱা লােক ।


৮| চমুটোকা লিখাঃ

(ক) বাঘ হাজৰিকা

(খ) আজান ফকীৰ চাহাব

(গ) ছৈয়দ আব্দুল মালিক

(ঘ) নবাব ছেহিদুৰ ৰহমান

উত্তৰঃ

(ক) বাঘ হাজৰিকাঃ  প্রকৃত নাম ইছমাইল ছিদ্দিকী । বাঘৰ সৈতে যুদ্ধ কৰি পৰাভূত কৰা শক্তিৰ বাবে বাঘ নাম অর্জন কৰিছিল। অদম্য সাহস আৰু কর্মদক্ষতাৰ বাবে আহােম ৰাজত্বকালত হাজৰিকা পদবী লাভ কৰিছিল । শৰাইঘাট ৰণত লাচিত বৰফুকনৰ সহযােগী পালি সেনাপতিৰূপে প্ৰৱল পৰাক্ৰমেৰে মােগলৰ বিৰুদ্ধে যুঁজিছিল ।

(খ) আজান ফকিৰ চাহাব : - যিসকল মুছলমান ধর্মগুৰুৱে পৱিত্ৰ ইছলাম ধৰ্মৰ বাণীসমূহ সহজ-সৰল ভাষাত জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল, তাৰ ভিতৰত আজান ফকিৰ অন্যতম। আজান ফকিৰৰ অন্য নাম শ্বাহ মিলান। আজান ফকিৰ চাহাব সুদূৰ বাগদাদৰ পৰা ইছলাম ধর্ম প্রচাৰ কৰিবলৈ ভ্ৰমি অসমত থাকিবলৈ লৈছিল বুলি কোৱা হয় । কিন্তু তেওঁৰে ৰচিত দুই-এটা জিকিৰত থকা 'ভিখাৰী আজানে কয় আহাে পৰদেশ, ভাটিৰ পৰা আহিল চাহাব দাড়ি পকাঁ, এই বাক্যটোত পৰদেশ আৰু ভাটি শব্দই তেওঁক পশ্চিম অসমৰ কামৰূপ, গােৱালপাৰা আদি ঠাইৰ পৰা অহাও বুজাব পাৰে । আজান পীৰ বা শ্বাহ মিলানৰ নামত প্রচলিত আঠকুৰি জিকিৰ  অসমীয়া ভাষাৰ অমূল্য সম্পদ । জিকিৰসমূহৰ ৰচনা কাল কোনাে কোনােৰ মতে ১৬৩৪ খ্রীষ্টাব্দ আৰু কোনাে কোনােৰ মতে ১৭৩৪ খ্রীষ্টাব্দ । ৰজা গদাধৰ সিংহৰ দিনত ৰূপাই গৰীয়া দা-ধৰা নামৰ এজন (ইছলামধর্মী) বিষয়াৰ চক্রান্তত পৰি ৰজাই তেওঁৰ চকু কঢ়াইছিল যদিও ৰজাই পিছত নিজৰ ভুল উপলব্ধি কৰিব পাৰি তেওঁক সৰাগুৰি চাপৰিত মাটি-বৃত্তি দি স্থায়ীভাৱে থাকিবলৈ দিয়ে । তাতেই তেওঁৰ মৃত্যু হয় । তেওঁ নিতৌ পুৱা-গধূলি মছজিদত আজান দিয়াৰ বাবে মানুহে তেওঁক আজান ফকিৰ বুলি কৈছিল।


(গ) চৈয়দ আব্দুল মালিকঃ ১৯১৯ চনৰ ১৬ মে' তাৰিখে গোলাঘাট জিলাৰ নাহৰণি গাঁৱত চৈয়দ আব্দুল মালিক জন্ম হৈছিল । তেখেতৰ পিতাকৰ নাম ৰহম্মত আলী। চৈয়দ আব্দুল মালিক আছিল স্বনামধন্য সাহিত্যিক আছিল। তেখেত ১৯৩৫ চনত 'বন্ধ কোঠা' নামৰ গল্প প্ৰকাশ পোৱাৰ পাছৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ গল্প, উপন্যাস, নাটক, কবিতা-পুথিৰ আদি লিখিছিল। চৈয়দ আব্দুল মালিকে ১৯৫৪ চনত পৰা ১৯৫৬ চনলৈ লোক সংস্কৃতি বিভাগত অসমীয়া জিকিৰ আৰু জাৰী বিষয়ৰ ওপৰত গৱেষণা কৰিছিল। তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি আছিল। ১৯৫৬-৫৭ চনত ভাৰতৰ হৈ ৰাইটাৰ্ছ কনফাৰেন্সত প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভাৰতবৰ্ষ গণনাট্য সংঘৰ উপ-সভাপতি আছিল ১৯৫২-৫৫ চনলৈ । 'অঘৰী আত্মাৰ কাহিনী' নামৰ উপন্যাসখনৰ বাবে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিল। চৈয়দ আব্দুল মালিক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি পাইছিল। তেওঁ বহুতো বঁটা লাভ কৰিছিল তাৰ ভিতৰত হ'ল অসম উপত্যকা বঁটা, আজান ফকিৰ বঁটা, হাৰ্মনী বঁটা, শংকৰদেৱ বঁটা ফেল'শ্বিপ বঁটা আদি। তেওঁ ভাৰত চৰকাৰ ফালৰ পৰা পদ্মশ্ৰী আৰু পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল । ২০০২ চনৰ ১৯ ডিচেম্বৰৰ দিনাৰ বহু প্ৰতিভাৰ সাহিত্যিক চৈয়দ আব্দুল মালিকে এই পৃথিৱীৰ পৰা ইহলীলা সম্বৰণ কৰে ।

(ঘ) নবাব ছেহিদুৰ ৰহমানঃ সুভাষ চন্দ্র বসুৰ নেতৃত্বত গঠন হােৱা ‘আজাদ হিন্দ ফৌজ'ৰ এগৰাকী অন্যতম নেতা আছিল । ভাৰতৰ স্বাধীনতা যুদ্ধত ‘আজাদ হিন্দ ফৌজ'ৰ এইগৰাকী অসমীয়াই আছিল আজাদ হিন্দ ফৌজৰ প্রথম অসমীয়া শ্বহীদ। দ্বিতীয় মহাযুদ্ধৰ সময়ত মিত্র বাহিনীৰ বােমা বর্ষণত তেওঁৰ ১৯৪৫ চনৰ ৩১ মার্চত মৃত্যু হয় ।


 


Answer by Apurba Kakati 

Update by Krishna Bora (29-4-2022)

Check By: Himashree Bora.